ভাৰত ‘চুবুৰীয়া প্ৰথম’ নীতিৰ প্ৰতি অংগীকাৰবদ্ধঃ প্ৰধানমন্ত্ৰী
চুবুৰীয়া দেশৰ সংকটৰ বেলিকা ভাৰত হৈছে প্ৰথম সঁহাৰিদাতাঃ প্রধানমন্ত্রী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি শ্ৰীলংকাৰ কলম্বোত ১৯৯৬ৰ শ্ৰীলংকাৰ ক্ৰিকেট টীমৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত ক্ৰিকেটাৰসকলে সন্মানীয় প্ৰধানমন্ত্ৰীক লগ পাই সন্তোষ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক লগ পাই আনন্দিত হোৱাৰ লগতে কয় যে ভাৰতৰ জনসাধাৰণৰ দলটোৰ প্ৰভাৱশালী প্ৰদৰ্শনৰ কথা, বিশেষকৈ চিৰস্থায়ী ছাপ বহনকাৰী স্মৰণীয় জয়ৰ কথা এতিয়াও মনত আছে। তেখেতে লগতে কয় যে তেওঁলোকৰ এই কৃতিত্বৰ কথা ৰাষ্ট্ৰখনৰ মাজত আজিও চৰ্চিত হৈ আছে।

শ্ৰী মোদীয়ে ২০১০ত আহমেদাবাদত অনুষ্ঠিত এখন মেচত অংশগ্ৰহণৰ কথা স্মৰণ কৰে। ইয়াত তেখেতে শ্ৰীলংকাৰ এজন ক্ৰিকেটাৰক আম্পায়াৰ হিচাপে দায়িত্ব পালন কৰা দেখিছিল। ১৯৮৩ত ভাৰতৰ বিশ্বকাপ জয় আৰু ১৯৯৬ত শ্ৰীলংকাৰ দলৰ বিশ্বকাপ জয়ৰ পৰিৱৰ্তনশীল প্ৰভাৱত আলোকপাতেৰে এই মাইলৰ খুঁটিবোৰে ক্ৰিকেট জগতখনক কেনেদৰে নতুন ৰূপ দিছিল, তাত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে টি-২০ ক্ৰিকেটৰ বিৱৰ্তন ১৯৯৬ৰ মেচসমূহত তেতিয়াৰ শ্ৰীলংকাৰ ক্ৰিকেট দলে প্ৰদৰ্শন কৰা অভিনৱ ক্ৰীড়া শৈলীৰ পৰাই অনুসন্ধান কৰিব পাৰি। তেওঁলোকৰ বৰ্তমানৰ প্ৰচেষ্টা সম্পৰ্কে জানিবলৈ আগ্ৰহ প্ৰকাশেৰে প্ৰধানমন্ত্ৰীয়ে তেওঁলোক এতিয়াও ক্ৰিকেট আৰু প্ৰশিক্ষকৰ ভূমিকাত জড়িত নেকি বুলি সোধে।

 

১৯৯৬ৰ বোমা বিস্ফোৰণৰ পিছতো ভাৰতে শ্ৰীলংকাত অংশগ্ৰহণৰ সিদ্ধান্তৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে শ্ৰীলংকাৰ খেলুৱৈসকলে তেওঁলোকৰ কঠিন সময়ত ভাৰতৰ সংহতিৰ প্ৰতি প্ৰদৰ্শন কৰা প্ৰশংসাত আলোকপাত কৰে। তেখেতে ভাৰতে প্ৰদৰ্শন কৰা ক্ৰীড়া শৈলীৰ ওপৰত মন্তব্য প্ৰদানেৰে ১৯৯৬ত শ্ৰীলংকাক কঁপাই তোলা বোমা বিস্ফোৰণকে প্ৰমুখ্য কৰি প্ৰতিকূলতাৰ মাজতো ভাৰতে কেনেকৈ জয়লাভ কৰিলে তাত গুৰুত্ব আৰোপ কৰে। ২০১৯ৰ গীৰ্জাৰ বোমা বিস্ফোৰণৰ পিছত শ্ৰীলংকা ভ্ৰমণৰ কথা উল্লেখ কৰে, যাৰ ফলত তেখেত এনে ভ্ৰমণ কৰা প্ৰথমজন বিশ্ব নেতা হিচাপে পৰিগণিত হৈছিল। তেখেতে লগতে কয় যে ভাৰতীয় ক্ৰিকেট দলটোৱেও ২০১৯ত ভ্ৰমণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ অটল মনোভাৱ আৰু আনন্দ তথা দুখ উভয় পৰিস্থিতিতে শ্ৰীলংকাৰ কাষত থিয় হোৱাৰ অংগীকাৰত গুৰুত্ব আৰোপ কৰে, যিয়ে ৰাষ্ট্ৰখনৰ চিৰস্থায়ী প্ৰমূল্যবোধক প্ৰতিফলিত কৰে।

বৰ্তমান শ্ৰীলংকাৰ পুৰুষ ক্ৰিকেট দলৰ প্ৰশিক্ষক শ্ৰী সনাথ জয়সূৰিয়াই শেহতীয়া আৰ্থিক সংকটৰ সময়ত শ্ৰীলংকাৰ প্ৰতি ভাৰতৰ অটল সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়। তেওঁ আৰু প্ৰধানমন্ত্ৰীক ভাৰতে শ্ৰীলংকাৰ জাফনাত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত কৰিব পৰাকৈ ক্ৰিকেট খেলপথাৰ স্থাপনত সহায়ৰ অনুৰোধ জনায়, যিয়ে উচ্চাকাংক্ষী ক্ৰিকেটাৰ আৰু শ্ৰীলংকাৰ উত্তৰ-পূব অঞ্চলৰ জনসাধাৰণক সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে শ্ৰী জয়সূৰিয়াৰ কথালৈ সঁহাৰি জনাই কয়, “ভাৰত ‘চুবুৰীয়া প্ৰথম’ নীতিৰ প্ৰতি অংগীকাৰবদ্ধ”। শেহতীয়াকৈ ম্যানমাৰত সংঘটিত হোৱা ভূমিকম্পৰ উদাহৰণ দাঙি ধৰি তেখেতে চুবুৰীয়া দেশসমূহৰ সংকটৰ বেলিকা ভাৰতৰ ক্ষীপ্ৰ সঁহাৰিত আলোকপাতেৰে কয় যে ইয়াত ভাৰতে প্ৰথম সঁহাৰিদাতা হিচাপে কাম কৰিছিল। তেখেতে ভাৰতৰ চুবুৰীয়া আৰু বন্ধুত্বপূৰ্ণ দেশসমূহৰ মংগলৰ বাবে অগ্ৰাধিকাৰ প্ৰদানৰ ক্ষেত্ৰত ৰাষ্ট্ৰ হিচাপে ভাৰতৰ দায়িত্ববোধ সম্পৰ্কে কয়। শ্ৰী মোদীয়ে শ্ৰীলংকাৰ অৰ্থনৈতিক সংকটৰ সময়ত ভাৰতে শ্ৰীলংকাৰ প্ৰতি আগবঢ়োৱা ধাৰাবাহিক সমৰ্থনৰ ওপৰতো আলোকপাতেৰে কয় যে ভাৰতে শ্ৰীলংকাক প্ৰত্যাহ্বান অতিক্ৰমত সহায় কৰা কাৰ্য্যক দায়িত্ব হিচাপে গ্ৰহণ কৰিছিল। তেওঁ কেইবাটাও নতুন প্ৰকল্প ঘোষণাৰ কথা উল্লেখেৰে শ্ৰী জয়সূৰিয়াৰ জাফনাৰ প্ৰতি থকা চিন্তাৰ শলাগ লয়, তাত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ আয়োজনৰ গুৰুত্ব সম্পৰ্কে কয়। তেখেতে এই পৰামৰ্শৰ প্ৰতি লক্ষ্য ৰাখিব আৰু ইয়াৰ সম্ভাৱনীয়তা অন্বেষণ কৰিব বুলি কয়।

প্ৰধানমন্ত্ৰীয়ে সকলোৰে সৈতে পুনৰ সংযোগ স্থাপন, পুৰণি স্মৃতি পুনৰ সজীৱ, চিনাকি মুখ দেখাৰ সুযোগ লাভৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। সামৰণিত তেখেতে শ্ৰীলংকাৰ সৈতে ভাৰতৰ চিৰস্থায়ী সম্পৰ্কৰ কথা দোহাৰে আৰু শ্ৰীলংকাৰ ক্ৰিকেট সমাজে গ্ৰহণ কৰা যিকোনো পদক্ষেপলৈ তেখেতৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি কয়।

“கிரிக்கெட் மூலமான பிணைப்பு!

1996 உலகக் கிண்ணத்தை வெற்றிகொண்ட அன்றைய இலங்கை கிரிக்கட் அணியின் வீரர்களுடன் கலந்துரையாடியமையையிட்டு பெருமகிழ்வடைகின்றேன். இந்த அணியினர் எண்ணற்ற விளையாட்டு இரசிகர்களது மனதைக் கவர்ந்திருந்தனர்!”

 

Click here to read full text speech

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Takes A 'Jhooth Ki Goonj' Swipe At Rahul Gandhi On GDP Numbers: 'Those Mired In Despair...'

Media Coverage

PM Modi Takes A 'Jhooth Ki Goonj' Swipe At Rahul Gandhi On GDP Numbers: 'Those Mired In Despair...'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting the virtues of instilling fearlessness and saving lives
September 02, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the virtues of instilling fearlessness and saving lives.

The Prime Minister wrote on X;

"अभयस्यैव यो दाता तस्यैव सुमहत्फलम् ।

न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥"

Whoever takes away people's fear receives great blessings, and in all three worlds, there is no greater gift than saving a life.