The human face of 'Khaki' uniform has been engraved in the public memory due to the good work done by police especially during this COVID-19 pandemic: PM
Women officers can be more helpful in making the youth understand the outcome of joining the terror groups and stop them from doing so: PM
Never lose the respect for the 'Khaki' uniform: PM Modi to IPS Probationers

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চৰ্দাৰ বল্লভ ভাই পেটেল নেশ্যনেল পুলিচ একাডেমীত অনুষ্ঠিত দীক্ষান্ত পেৰেড সমাৰোহত ভিডিঅ’ কনফাৰেন্সযোগে অংশগ্ৰহণ কৰি আইপিএছ প্ৰবেশ্যনাৰী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে।

অনুষ্ঠানত উপস্থিত থাকি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ এই একাডেমীৰ পৰা উত্তীৰ্ণ হৈ ওলাই যোৱা যুৱ আইপিএছ বিষয়াসকলৰ সৈতে নিয়মিতভাৱে আলোচনাত মিলিত হয়, কিন্তু এইবছৰ ক’ৰোনা মহামাৰীৰ বাবে তেওঁলোকক স্বচক্ষে সাক্ষাৎ কৰিব নোৱাৰিলে। তেওঁ লগতে কয়, “কিন্তু নিশ্চিতভাৱে মই মোৰ কাৰ্যকালৰ মাজতেই আপোনালোক সকলোকে ক’ৰবাত নহয় ক’ৰবাত সাক্ষাৎ কৰিম।”

সফলতাৰে প্ৰশিক্ষণ সমাপ্ত কৰা আইপিএছ প্ৰবেশ্যনাৰী বিষয়াসকলক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে সকলো প্ৰবেশ্যনাৰী বিষয়াই তেওঁলোকৰ এই খাকী পোছাকযোৰত ক্ষমতাৰ বাহক বুলি জ্ঞান কৰাতকৈ ইয়াক লৈ গৰ্বিত হোৱা উচিত। তেওঁ কয়, “আপোনাৰ খাকী পোছাকযোৰৰ প্ৰতি কেতিয়াও শ্ৰদ্ধা নেহেৰুৱাব। এই ক’ভিড-১৯ মহামাৰীৰ জৰুৰীকালীন সময়ছোৱাত দেশৰ আৰক্ষী বাহিনীয়ে কৰা ভাল কামৰ বাবে আৰক্ষীৰ এই খাকী পোছাকযোৰৰ মাজত থকা মানৱীয়তাৰ সুন্দৰ পৰিচয় মানুহৰ মনৰ মাজত সোমাই গৈছে।”

আইপিএছ প্ৰবেশ্যনাৰী বিষয়াসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “এই পৰ্যন্ত এক সুৰক্ষিত পৰিৱেশৰ মাজত আপোনালোক প্ৰশিক্ষাৰ্থী হৈ আছিল। কিন্তু এই একাডেমীখনৰ বাহিৰলৈ ওলোৱা মাত্ৰকে সমগ্ৰ পৰিৱেশ মুহুৰ্ত্ততে সলনি হৈ পৰিব। আপোনাৰ প্ৰতি থকা মানুহৰ মনোকভাৱ, ধাৰণা সকলো সলনি হৈ পৰিব। আপোনাৰ ব্যক্তিত্বও সলনি হ’ব। গতিকে অতি সচেতন হওঁক, প্ৰথম ‘ইম্প্ৰেশ্যনেই শেষ ইম্প্ৰেশ্যন। আপুনি য’লৈকে স্থানান্তৰ হ’ব তলৈকে আপোনাৰ এই প্ৰতিচ্ছবি ভাৱমূৰ্তিয়ে আপোনাক অনুসৰণ কৰিব।”

প্ৰধানমন্ত্ৰীয়ে এই প্ৰবেশ্যনাৰী বিষয়াসকলক প্ৰহেলিকাৰ মাজৰ পৰা লক্ষ্যভেদ কৰাৰ দক্ষতা আহৰণ কৰাৰ আহ্বান জনায়। তেওঁ তেওঁলোকক কাণ বন্ধ নকৰি যিবোৰ কথা শুনিছে সেইবোৰ চেকি চেকি আত্মজ কৰাৰ আহ্বানো জনায়। তেওঁ কয়, “কাণ বন্ধ নকৰিব, তাৰ পৰিৱৰ্তে তাত মনৰ এখন চেকনি ৰাখক। কেৱল তেতিয়াহে আপোনাৰ মগজুলৈ সঠিক কথা প্ৰবাহিত হ’ব। আৰু সিয়েই আপোনাক সহায় কৰিব, কথাৰ আৱৰ্জনাবোৰ আঁতৰাই ৰাখক আৰু হৃদয়খন পৰিস্কাৰ কৰি ৰাখক।”

প্ৰবেশ্যনাৰী বিষয়াসকলক য’লৈকে স্থানান্তৰিত হয় প্ৰতিটো ষ্টেশ্যনকেই, প্ৰতিটো সামগ্ৰীকেই নিজৰ বুলি গণ্য কৰাৰ এক অভ্যাস গঢ় দিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ লগতে সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি উদাৰতা প্ৰদৰ্শন কৰিবলৈও আহ্বান জনায় বিষয়াসকলক। তেওঁ আৰু কয়, ভয় ভাবুকিৰে মানুহক নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে উদাৰমনা হৈ ৰাইজৰ মাজলৈ গৈ তেওঁলোকৰ মনজয় কৰিব পৰাটো বেছি দীৰ্ঘস্থায়ী।

প্ৰধানমন্ত্ৰী স্পসংশাৰে কয় যে ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত আৰক্ষীৰ মানৱীয়তাৰ দিশটো যথেষ্ট প্ৰৌজ্বল হৈ উদ্ভাসিত হৈছে।

প্ৰধানমন্ত্ৰীয়ে লগতে এটা অপৰাধৰ তদন্ত সফলকাম হোৱাৰ ক্ষেত্ৰত কনিষ্টবল পৰ্যায়তে বুদ্ধিমত্তাৰ প্ৰয়োগ যথেষ্ট গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। তেওঁ এই বিষয়াসকলক আহ্বান জনায় যে যথাসম্ভৱ সৰ্বোত্তম প্ৰযুক্তিৰ ব্যৱহাৰ কৰক, পিছে কেতিয়াও গ্ৰাউণ্ড স্তৰৰ চোৰাংচোৱাৰ তথ্যৰ গুৰুত্ব যেন কেতিয়াও নাপাহৰে। তেওঁ লগতে কয় যে তথ্য, বৃহৎ তথ্যভাণ্ডাৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ কতো অভাৱ নাই। ছ’চিয়েল মিডিয়াত উপলব্ধ তথ্যসমূহক এক গুৰুত্বপূৰ্ণ সম্পদ বুলি অভিহিত কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত কেইটামান বছৰত দেশৰ আপদকালত NDRF আৰু SDRF এ যিদৰে দেশবাসীৰ সেৱা কৰিছে, ইয়েই আৰক্ষী সেৱালৈ এক অনবদ্য স্বীকৃতি আনি দিছে। তেওঁ বিষয়াসকলক তেওঁলোকৰ নিজ নিজ স্থানত NDRF গোট গঠন কৰি প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ৰাইজক সহায়ৰ বাবে তৎপৰ হৈ থকাৰো আহ্বান জনায়। তেওঁলোকৰ প্ৰশিক্ষণক কেতিয়াও হেয় জ্ঞান নকৰিবলৈ কয় প্ৰধানমন্ত্ৰীয়ে। প্ৰশিক্ষণ যে এক শাস্তিমূলক মোতায়েন, সেয়া মনৰ পৰা উলিয়াই দিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয়, “আপোনালোকৰ পেছাটো এনে এক পেছা, য’ত সদায়েই অপ্ৰত্যাশিত বিষয়ে চৌপাশ আৱৰি থাকে। আৰু প্ৰতিমুহুৰ্ত্ততে আপুনি সজাগ হৈ থাকিব লাগে, সাজু হৈ থাকিব লাগে। যথেষ্ট চাঁপ থাকিব পাৰে কোনো কোনো সময়ত, গতিকে এনেবোৰ সময়ত আপোনাৰ আপোনজনৰ সৈতে কথা-বতৰা পাতি থাকিব। সময় উলিয়াই আপোনাৰ শিক্ষক বা যাৰ পৰামৰ্শই আপোনাক উপকৃত কৰে তেনেবোৰ লোকক সাক্ষাৎ কৰিব।”

আৰক্ষীৰ ক্ষেত্ৰত ফিটনেছৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰশিক্ষণৰ সময়ত আহৰণ কৰা ফিটনেছ অব্যাহত ৰখাৰ বাবেও আহ্বান তেওঁৰ। আপুনি যেতিয়া ফিট হৈ থাকিব সুস্থ হৈ থাকিব, তেতিয়া আপোনাৰ চৌপাশে থকা লোকসকলো ফিট হৈ থাকিব, আপোনাক তেওঁলোকৰ অনুপ্ৰেৰণা হিচাপে গ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰীয়ে লগতে নিম্নোল্লিখিত গীতাৰ শ্লোকটো সদায়েই মনত ৰাখিবলৈও আহ্বান জনায় এই প্ৰবেশ্যনাৰী বিষয়াসকলক।

“यत्, यत् आचरति, श्रेष्ठः,

तत्, तत्, एव, इतरः, जनः,

सः, यत्, प्रमाणम्, कुरुते, लोकः,

तत्, अनुवर्तते।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha

Media Coverage

Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses delight as Sarnath is inscribed on the UNESCO World Heritage List
July 25, 2026

Prime Minister Shri Narendra Modi today expressed that it is a proud moment for every Indian, sharing his delight that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

He noted that Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

Shri Modi highlighted that this recognition celebrates India’s profound civilisational and spiritual heritage. The Prime Minister observed that it will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

In a post on X, the Prime Minister shared:

 "A proud moment for every Indian!

Delighted that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

This recognition celebrates India’s profound civilisational and spiritual heritage. It will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

@UNESCO"