“ক্ৰীড়াত পৰাজয় নাথাকে, কেৱল জয় বা শিক্ষা থাকে”
“আপোনালোকৰ সফলতাই সমগ্ৰ দেশখনক অনুপ্ৰাণিত কৰে আৰু লগতে নাগৰিকসকলৰ মাজত গৌৰৱৰ অনুভূতিও জগাই তোলে”
“আজিকালি ক্ৰীড়াকো পেছা হিচাপে গ্ৰহণ কৰা হৈছে”
“এজন দিব্যাঙ্গৰ ক্ৰীড়া জয় কেৱল ক্ৰীড়াত প্ৰেৰণাৰ বিষয় নহয় বৰঞ্চ জীৱনতেই প্ৰেৰণাৰ বিষয়”
“পূৰ্বৰ পন্থা আছিল ‘চৰকাৰৰ বাবে খেলুৱৈ’ এতিয়া ই ‘ক্ৰিড়াবিদৰ বাবে চৰকাৰ"
“আজি চৰকাৰৰ পন্থা খেলুৱৈকেন্দ্ৰিক”
“পটেনচিয়েল প্লাছ প্লেটফৰ্ম প্ৰদৰ্শনৰ সমান। সম্ভাৱনাই প্ৰয়োজনীয় মঞ্চ বিচাৰি পালে প্ৰদৰ্শনে উদ্গনি পায়”
“প্ৰতিখন প্ৰতিযোগিতাত আপোনালোকৰ অংশগ্ৰহণ মানৱীয় সপোনৰ জয়”

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ মেজৰ ধ্যান চান্দ নেচনেল ষ্টেডিয়ামত ভাৰতৰ এছিয়ান পেৰা গেমছৰ দলটোৰ সৈতে মত বিনিময় কৰে আৰু সম্বোধন কৰে। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছ ২০২২ত অংশগ্ৰহণ কৰা ক্ৰীড়াবিদসকলক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যতৰ প্ৰতিযোগিতাসমূহৰ বাবে তেওঁলোকক প্ৰেৰণা যোগোৱাৰ প্ৰয়াস কৰে।

 

পেৰা এথলীটসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকক লগ পাই তেওঁলোকৰ অভিজ্ঞতা ভাগ-বতৰা কৰিবলৈ তেওঁ সদায় আগ্ৰহী। “আপোনালোক যেতিয়াই ইয়ালৈ আহে তেতিয়াই নতুন আশা আৰু নৱীকৃত উৎসাহ লৈ আহে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ জোৰ দি কয় যে তেওঁ ইয়াত মাত্ৰ এটা কামৰ বাবে আহিছে আৰু সেয়া হ’ল পেৰা এথলীটসকলক তেওঁলোকৰ সফলতাৰ বাবে অভিনন্দন জনোৱা। তেওঁ উল্লেখ কৰে যে তেওঁ পেৰা এছিয়ান গেমছৰ পৰিঘটনাসমূহ অতি নিবিড়ভাৱে অনুসৰণ কৰাই নহয়, ইয়াৰ মাজেৰে জীৱন যাপনো কৰি আছে। তেওঁলোকৰ অৱদানৰ প্ৰশংসা কৰাৰ লগতে তেওঁলোকৰ প্ৰশিক্ষক আৰু তেওঁলোকৰ পৰিয়ালকো অভিনন্দন জনায়। শ্ৰী মোদীয়ে দেশৰ ১৪০ কোটি নাগৰিকৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

 

ক্ৰীড়াৰ অত্যন্ত প্ৰতিযোগিতামূলক প্ৰকৃতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলে ইজনে সিজনৰ লগত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সময়ত নিজৰ ভিতৰতে হোৱা আভ্যন্তৰীণ প্ৰতিযোগিতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ খেলুৱৈসকলৰ উচ্চতম পৰ্যায়ৰ অনুশীলন আৰু নিষ্ঠাক স্বীকাৰ কৰে। “ইয়াত উপস্থিত থকা আপোনালোক সকলোৱে, কিছুমান বিজয়ী হৈ উভতি আহিল, কিছুমান জ্ঞানী হৈ, কিন্তু কোনোৱেই পৰাজিত হৈ উভতি অহা নাই”, প্ৰধানমন্ত্ৰীয়ে কয়। ক্ৰীড়াৰ লগত জড়িত শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “ক্ৰীড়াত কোনো লোকচান নহয়, কেৱল জয় বা শিক্ষা থাকে।” ১৪০ কোটি নাগৰিকৰ মাজৰ পৰা নিৰ্বাচিত হোৱাটো পেৰা এথলীটসকলৰ বাবে এক বৃহৎ কৃতিত্ব বুলিও তেওঁ উল্লেখ কৰে। “আপোনালোকৰ সফলতাই সমগ্ৰ দেশখনক অনুপ্ৰাণিত কৰে আৰু লগতে নাগৰিকসকলৰ মাজত গৌৰৱৰ অনুভূতিও জগাই তোলে”, মুঠ পদক সংখ্যা ১১১ৰ ক্ষেত্ৰত অভিলেখ ভংগকাৰী সফলতাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলৰ অভিলেখ ভংগকাৰী প্ৰদৰ্শনৰ সৈতে সম্পৰ্ক স্থাপন কৰি গুজৰাটৰ পৰা লোকসভালৈ অভিলেখ সৃষ্টিকাৰী নিৰ্বাচনী প্ৰদৰ্শনৰ বাবে তেওঁক অটল বিহাৰী বাজপেয়ীয়ে অভিনন্দন জনোৱাৰ সময়ত হোৱা অনুভৱৰ কথা স্মৰণ কৰে। “এই ১১১টা পদক কেৱল সংখ্যাই নহয় ১৪০ কোটিৰ সপোন”, তেওঁ লগতে কয়। তেওঁ জনোৱা মতে, ২০১৪ চনত লাভ কৰা পদকৰ সংখ্যাৰ তিনিগুণ হোৱাৰ বিপৰীতে সোণৰ পদকৰ সংখ্যা দহগুণ বেছি আৰু পদকৰ সংখ্যাত ১৫ নম্বৰ স্থানৰ পৰা শীৰ্ষ ৫ স্থানলৈ আগবাঢ়িছে ভাৰত।

প্ৰধানমন্ত্ৰীয়ে বিগত কেইমাহমানৰ ভিতৰত ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতৰ শেহতীয়া কৃতিত্বৰ ওপৰত আলোকপাত কৰি কয়, “পেৰা এছিয়ান গেমছত আপোনালোকৰ সফলতা হৈছে কেকৰ ওপৰত আইচিং।” তেওঁ আগষ্ট মাহত বুডাপেষ্টত অনুষ্ঠিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক, এছিয়ান গেমছত বেডমিণ্টন পুৰুষ দলৰ প্ৰথমটো সোণৰ পদক, টেবুল টেনিছত মহিলা যুটিৰ প্ৰথম পদক, পুৰুষ বেডমিণ্টন দলৰ থমাছ কাপত জয়, এছিয়ান গেমছত ২৮টা সোণকে ধৰি ১০৭টা পদকৰ অভিলেখৰ কথা, আৰু এছিয়ান পেৰা গেমছত আটাইতকৈ সফল পদক লাভ কৰাৰ কথা উল্লেখ কৰে।

পেৰা গেমছৰ বিশেষ প্ৰকৃতিক স্বীকৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় যে দিব্যাঙ্গৰ ক্ৰীড়া জয় কেৱল ক্ৰীড়াত প্ৰেৰণাৰ বিষয় নহয় বৰঞ্চ জীৱনতেই প্ৰেৰণাৰ বিষয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আপোনালোকৰ প্ৰদৰ্শনে যিকোনো ব্যক্তিক যিমানেই হতাশাৰ কবলত নাথাকক কিয় পুনৰ শক্তিশালী কৰিব পাৰে।” প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়া সমাজ হিচাপে ভাৰতৰ অগ্ৰগতি আৰু ইয়াৰ ক্ৰীড়া সংস্কৃতিৰ ওপৰত আলোকপাত কৰে। "আমি ২০৩০ চনৰ যুৱ অলিম্পিক আৰু ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰাৰ চেষ্টা কৰি আছোঁ," তেওঁ কয়।

 

ক্ৰীড়াত কোনো চৰ্টকাট নাই বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে খেলুৱৈসকলে নিজৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰে যদিও অলপ সহায়ৰ ফলত বহুগুণী প্ৰভাৱ পৰে। তেওঁ পৰিয়াল, সমাজ, প্ৰতিষ্ঠান আৰু অন্যান্য সহায়ক পৰিৱেশ তন্ত্ৰৰ সামূহিক সহায়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ পৰিয়ালসমূহত ক্ৰীড়াৰ প্ৰতি দৃষ্টিভংগী সলনি কৰাৰ কথা উল্লেখ কৰে।

“পূৰ্বৰ সময়ৰ দৰে নহয়, সমাজে ক্ৰীড়াক পেছা হিচাপে স্বীকৃতি দিবলৈ আৰম্ভ কৰিছে”, প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ বৰ্তমানৰ চৰকাৰৰ ‘চৰকাৰৰ বাবে খেলুৱৈ’ৰ পৰা ‘ক্ৰীড়াবিদৰ বাবে চৰকাৰ’লৈ দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰি খেলুৱৈৰ সফলতাৰ প্ৰতি চৰকাৰৰ সংবেদনশীলতাক কৃতিত্ব দিয়ে। “যেতিয়া চৰকাৰে খেলুৱৈসকলৰ সপোন আৰু সংগ্ৰামক স্বীকৃতি দিয়ে, তেতিয়া ইয়াৰ প্ৰভাৱ ইয়াৰ নীতি, দৃষ্টিভংগী আৰু চিন্তাধাৰাত প্ৰত্যক্ষ কৰিব পাৰি”, প্ৰধানমন্ত্ৰী মোদীয়ে জোৰ দি কয়। পূৰ্বৰ চৰকাৰসমূহে খেলুৱৈসকলক নীতি, আন্তঃগাঁথনি, প্ৰশিক্ষকৰ সুবিধা আৰু আৰ্থিক সাহায্য প্ৰদান কৰিব নোৱৰাত দুখ প্ৰকাশ কৰি কয় যে সফলতা লাভৰ ক্ষেত্ৰত ই এক বৃহৎ বাধা হৈ পৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ৯ বছৰত দেশখন পুৰণি ব্যৱস্থা আৰু দৃষ্টিভংগীৰ পৰা ওলাই আহিছে। তেওঁ উল্লেখ কৰে যে আজি বিভিন্ন খেলুৱৈৰ বাবে ৪-৫ কোটি টকা ব্যয় কৰা হৈছে। “আজি চৰকাৰৰ পন্থা খেলুৱৈকেন্দ্ৰিক”, প্ৰধানমন্ত্ৰীয়ে বাধা আঁতৰাই তেওঁলোকৰ বাবে নতুন সুযোগ সৃষ্টি কৰা বুলি কয়। “পটেনচিয়েল প্লাছ প্লেটফৰ্ম প্ৰদৰ্শনৰ সমান। সম্ভাৱনাই প্ৰয়োজনীয় মঞ্চ বিচাৰি পালে প্ৰদৰ্শনে উদ্গনি পায়”, বুলি মন্তব্য কৰি তেওঁ খেলো ইণ্ডিয়া আঁচনিৰ কথা উল্লেখ কৰে যিয়ে খেলুৱৈসকলক তৃণমূল পৰ্যায়ত চিনাক্ত কৰি আৰু তেওঁলোকৰ প্ৰতিভাক লালন-পালন কৰি সফলতালৈ ঠেলি দিছে। তেওঁ টপছ ইনিচিয়েটিভ (TOPS initiative) আৰু এটা অক্ষমতা ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ (Disability Sports Training Centre)ৰ কথাও উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে জটিলতাৰ মুখত খেলুৱৈসকলৰ প্ৰতিৰোধেই দেশখনৰ প্ৰতি তেওঁলোকৰ সৰ্বোচ্চ অৱদান। তেওঁ কয় যে আপোনালোকে অতিক্ৰম কৰিব নোৱৰা বাধাসমূহ অতিক্ৰম কৰিছে। এই প্ৰেৰণাই সকলোতে স্বীকৃতি লাভ কৰিছে, প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পেৰা এথলীটৰ প্ৰশংসাৰ কথা উল্লেখ কৰে। সমাজৰ প্ৰতিটো শ্ৰেণীয়ে পেৰা-এথলীটৰ পৰা প্ৰেৰণা লাভ কৰিছে। "প্ৰতিখন প্ৰতিযোগিতাত আপোনালোকৰ অংশগ্ৰহণ হৈছে মানৱীয় সপোনৰ জয়। এয়া আপোনালোকৰ আটাইতকৈ ডাঙৰ উত্তৰাধিকাৰ। আৰু সেইবাবেই মোৰ বিশ্বাস যে আপোনালোকে এনেদৰে কঠোৰ পৰিশ্ৰম কৰি দেশক গৌৰৱান্বিত কৰি থাকিব। আমাৰ চৰকাৰ আপোনালোকৰ লগত আছে, দেশ আপোনালোকৰ লগত আছে”, প্ৰধানমন্ত্ৰীয়ে কয়।

সংকল্পৰ শক্তিৰ কথা পুনৰবাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সামৰণি মাৰে। তেওঁ কয় যে এটা জাতি হিচাপে আমি কোনো মাইলৰ খুঁটিত ৰৈ আমাৰ লাভৰ ওপৰত জিৰণি নলওঁ৷ “আমি শীৰ্ষ ৫খন অৰ্থনীতিৰ ভিতৰত উপনীত হ’লোঁ, মই জোৰ দি কওঁ যে এই দশকৰ ভিতৰত আমি শীৰ্ষ ৩খন অৰ্থনীতিৰ ভিতৰত থাকিম আৰু ২০৪৭ চনত এই দেশখন বিকশিত ভাৰত হ’ব”, তেওঁ কয়।

 

কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া পৰিক্ৰমা মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ, ভাৰতৰ পেৰালিম্পিক কমিটিৰ সভানেত্ৰী শ্ৰীমতী দীপা মালিক, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডা আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিসিথ প্ৰমানিক এই উপলক্ষে উপস্থিত থাকে।

পৃষ্ঠভূমি

২০২২ চনৰ এছিয়ান পেৰা গেমছত ২৯টা সোণৰ পদককে ধৰি ভাৰতে মুঠ ১১১টা পদক লাভ কৰে। ২০২২ চনৰ এছিয়ান পেৰা গেমছত মুঠ পদকৰ সংখ্যা পূৰ্বৰ শ্ৰেষ্ঠ প্ৰদৰ্শন (২০১৮ চনত)তকৈ ৫৪% বৃদ্ধিৰ সাক্ষী হয়, আৰু ২০১৮ চনত জয়ী হোৱাতকৈ প্ৰায় দুগুণ, ২৯টা সোণৰ পদক লাভ কৰে।

 

এই কাৰ্যসূচীত খেলুৱৈ, তেওঁলোকৰ প্ৰশিক্ষক, পেৰালিম্পিক কমিটি অৱ ইণ্ডিয়া এণ্ড ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনৰ বিষয়া, নেশ্যনেল স্প’ৰ্টছ ফেডাৰেচনৰ প্ৰতিনিধি, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ বিষয়াসকল উপস্থিত থাকে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
World Bank president Ajay Banga backs jobs push, cites India model

Media Coverage

World Bank president Ajay Banga backs jobs push, cites India model
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting the importance of calmness and wise thinking
April 10, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today highlighting the importance of staying calm and thinking wisely during difficult situations.

The Prime Minister remarked that the youth of the country accomplish whatever they resolve to achieve. Shri Modi observed that it is the strength of our youth power that is propelling the nation forward on the path of rapid development.

The Prime Minister wrote on X:

"देश के युवा जो ठान लेते हैं, उसे करके दिखाते हैं। यह हमारी युवाशक्ति का ही सामर्थ्य है कि हमारा राष्ट्र आज तेज गति से विकास के पथ पर अग्रसर है।

व्यसने वाऽर्थकृच्छ्रे वा भये वा जीवनान्तके।
विमृशन् वै स्वया बुद्ध्या धृतिमान् नावसीदति॥"

In times of trouble, financial crisis, or danger to life, a person who stays calm and thinks wisely does not break down. In difficult situations, calm and thoughtful decisions protect him from sorrow and loss.