ক’ভিড-১৯ৰ প্ৰতিষেধক বিকশিত কৰা অভিযানৰে জড়িত থকা তিনিটা গোটৰে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে এক বাৰ্তালাপ অনুষ্ঠানত মিলিত হয়। ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে অনুষ্ঠিত বাৰ্তালাপত অংশগ্ৰহণ কৰা গোট তিনিটা হ’ল ‘জেন্নোৱা বায়’ফাৰ্মাচিউটিকেল লিমিটেড, পুনে’, ‘বায়’ল’জিকেল ই লিমিটেড, হাইদৰাবাদ’ আৰু ‘ড০ ৰেড্ডী’জ লেবৰেটৰী লিমিটেড, হাইদৰাবাদ’।

ক’ভিড-১৯ চম্ভালিব পৰাকৈ প্ৰতিষেধক বিকশিত কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰখাৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰতিষ্ঠানকেইটাৰ বিজ্ঞানীসকলৰ শলাগ লয়। আজিৰ বাৰ্তালাপত বিভিন্ন মঞ্চৰ প্ৰতিষেধক প্ৰস্তুত সম্পৰ্কীয় সম্ভাৱনীয়তা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়।

আলোচনাকালত প্ৰধানমন্ত্ৰীয়ে ইয়াৰ বাবে প্ৰয়োজনীয় নিয়ামক প্ৰক্ৰিয়া সন্দৰ্ভত পৰামৰ্শ প্ৰদান কৰিবলৈও প্ৰতিষ্ঠানসমূহক আহ্বান জনায়। তেওঁ সৰ্ব সাধাৰণ ৰাইজে সহজে বুজিব পৰাকৈ সৰল ভাষাৰে প্ৰতিষেধকৰ বিষয়ে আৰু ইয়াৰ আনুষংগিক প্ৰসংগসমূহৰ তথ্য-পাতি অৱগত কৰোৱাৰ ব্যৱস্থা কৰিবলৈ অতিৰিক্ত ভাবে প্ৰয়াস কৰাৰ বাবেও সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহক পৰামৰ্শ আগবঢ়ায়। প্ৰতিষেধকৰ বিতৰণ, পৰিবহণ আৰু অন্যান্য যাৱতীয় বিষয়সমূহৰ সন্দৰ্ভতো আলোচনা কৰা হয়।

প্ৰতিষেধকৰ প্ৰস্তুতিৰে জড়িত কেউটা প্ৰতিষ্ঠানে ব্যৱহাৰিক পৰীক্ষণৰ বিভিন্ন পৰ্যায়ত থকা প্ৰতিষেধকৰ বিষয়ে প্ৰধানমন্ত্ৰীক বিস্তৃত তথ্য প্ৰকাশ কৰাৰ লগতে আগন্তুক বৰ্ষৰ প্ৰথম ভাগতে সুফল লাভ কৰিব পৰা যাব বুলি অভিমত প্ৰকাশ কৰে।

প্ৰতিষেধকৰ বিকাশক-উত্পাদকসকলৰে জড়িত সকলো বিভাগকে সহযোগিতাৰে কাম কৰি দেশৰ লগতে পৃথিৱীৰ সমগ্ৰ মানৱ জাতিক সেৱা আগবঢ়াব পৰাকৈ প্ৰতিষেধক উত্পাদনত অৰিহণা আগবঢ়াবলৈ পৰামৰ্শ আগবঢ়ায় প্ৰধানমন্ত্ৰীয়ে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future