প্ৰধানমন্ত্ৰীয়ে ভেকছিন প্ৰস্তুতকৰ্তাসকলৰ প্ৰচেষ্টাৰাজিক প্ৰশংসা কৰে যাৰ ফলত ভাৰতে ১০০ কোটি টিকাকৰণৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে
দেশখনে যোৱা ডেৰ বছৰত শিকা উত্তম পন্থাসমূহক আনুষ্ঠানিক ৰূপ দিয়াৰ প্ৰয়োজনীয়তা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ আহ্বান
ভেকছিন প্ৰস্তুতকৰ্তাসকলে প্ৰধানমন্ত্ৰীৰ দৃষ্টি আৰু গতিশীল নেতৃত্বক প্ৰশংসা কৰে; চৰকাৰ ও উদ্যোগৰ মাজত পূৰ্বে কেতিয়াও নেদেখা সহযোগিতাৰ শলাগ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোক কল্যাণ মাৰ্গত ঘৰুৱা ভেকছিন প্ৰস্তুতকৰ্তাসকলৰ সৈতে মত-বিনিময় কৰে।

প্ৰধানমন্ত্ৰীয়ে ভেকছিন প্ৰস্তুতকৰ্তাসকলৰ প্ৰচেষ্টাৰাজিক প্ৰশংসা কৰে, যাৰ ফলত দেশখনে ১০০ কোটি টিকাকৰণৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে আৰু কয় যে তেওঁলোকে ভাৰতৰ সফলতাৰ কাহিনীত এটি বৃহৎ ভূমিকা পালন কৰিছে। তেখেতে মহামাৰীটোৰ সময়ছোৱাত তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ আগবঢ়াই কয় যে দেশখনে যোৱা ডেৰ বছৰত শিকা উত্তম পন্থাসমূহক আনুষ্ঠানিক ৰূপ দিয়াটো আৱশ্যকীয় আৰু কয় যে বৈশ্বিক মানদণ্ডৰ সৈতে সংগতি ৰাখি ই হৈছে আমাৰ পন্থাৰাজিক সংশোধনৰ এক সুযোগ। তেখেতে কয় যে টিকাকৰণ অভিযানটোৰ সফলতাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বখনে ভাৰতলৈ চাই আছে। তেখেতে তদুপৰি কয় যে ভেকছিন প্ৰস্তুতকৰ্তাসকলে ভৱিষ্যতৰ প্ৰত্যাহ্বানৰাজিৰ সন্মুখীন হ'বলৈ সাজু হোৱাৰ অৰ্থে নিৰন্তৰভাৱে একেলগে কাম কৰা উচিত।

ঘৰুৱা ভেকছিন প্ৰস্তুতকৰ্তাসকলে ভেকছিনসমূহৰ বিকাশ সাধনৰ দিশত নিৰন্তৰ তত্বাৱধান আৰু সহায়তা আগবঢ়োৱাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টি আৰু গতিশীল নেতৃত্বক প্ৰশংসা কৰে। তেওঁলোকে তদুপৰি চৰকাৰ আৰু উদ্যোগৰ মাজত পূৰ্বে কেতিয়াও নেদেখা সহযোগিতাক প্ৰশংসা কৰে আৰু এই সমগ্ৰ প্ৰচেষ্টাত নিয়ামক সংস্কাৰ, সৰলীকৃত প্ৰক্ৰিয়া, সময়োচিত অনুমোদন আৰু চৰকাৰখনৰ আগন্তুক আৰু সহায়ক মনোভাৱক প্ৰশংসা কৰে। তেওঁলোকে উল্লেখ কৰে যে দেশখনে পুৰণি নিয়মসমূহ অনুসৰণ কৰি থকাহেঁতেন, যথেষ্ট পলম হ'লহেঁতেন আৰু আমি এতিয়ালৈকে উপনীত হোৱা টিকাকৰণৰ পৰ্য্যায়ত উপনীত হ'ব নোৱাৰিলোহেঁতেন।

আদৰ পুনাৱালাই চৰকাৰখনে সাধন কৰা নিয়ামক সংস্কাৰৰাজিক প্ৰশংসা কৰে। চাইৰাছ পুনাৱালাই মহামাৰীটোৰ গোটেই সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বক প্ৰশংসা কৰে। ডাঃ কৃষ্ণ এলাই ক’ভাক্সিন গ্ৰহণৰ বাবে আৰু ইয়াৰ বিকাশ সাধনৰ সময়ছোৱাত আগবঢ়োৱা নিৰন্তৰ সহায়তা আৰু অনুপ্ৰেৰণাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ডিএনএ আধাৰিত ভেকছিন সন্দৰ্ভত ব্যক্ত কৰাৰ বাবে পংকজ পেটেলে প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। মহিমা দতলাই প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিক প্ৰশংসা কৰে যিয়ে দেশখনক টিকাকৰণৰ ক্ষেত্ৰত মাইলৰ খুঁটিত উপনীত হোৱাত সহায় কৰিছে। ডাঃ সঞ্জয় সিঙে ভেকছিনৰ বিকাশ সাধনৰ ক্ষেত্ৰত উদ্ভাৱন আৰু বেকৱাৰ্ড সংহতকৰণৰ গুৰুত্ব সন্দৰ্ভত কয়। সতীশ ৰেড্ডীয়ে এই সমগ্ৰ প্ৰচেষ্টাত চৰকাৰ আৰু উদ্যোগৰ মাজৰ সহযোগিতাক প্ৰশংসা কৰে। ডাঃ ৰাজেশ জৈনে সমগ্ৰ মহামাৰীটোত চৰকাৰখনে অব্যাহত ৰখা নিৰন্তৰ যোগাযোগক প্ৰশংসা কৰে।

এই মত-বিনিময়ত চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ চাইৰাছ পুনাৱালা ও আদৰ পুনাৱালা; ভাৰত বাঅ’টেক ইণ্টাৰনেশ্যনেল লিমিটেডৰ ডাঃ কৃষ্ণ এলা ও সুচিত্ৰা এলা; জিদাছ কেডিলাৰ পংকজ পেটেল ও ডাঃ শ্বেৰভিল পেটেল; বাঅ’ল’জিকেল ই. লিমিটেডৰ মহিমা দতলা ও নৰেন্দৰ মাণ্টেলা; জেনোভা বাঅ’ফাৰ্মাচিউটিকেলচ লিমিটেডৰ ডাঃ সঞ্জয় সিং ও সতীশ ৰমনলাল মেহতা; বাৰ্তালাপৰ সময়ত ডাঃ ৰেড্ডী’জ লেবৰ সতীশ ৰেড্ডী ও দীপক চাপ্ৰা আৰু পেনেচিয়া বাঅ’টেক লিমিটেডৰ ডাঃ ৰাজেশ জৈন ও হৰ্ষিত জৈন উপস্থিত থাকে। এই মত-বিনিময়ত তদুপৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী, স্বাস্থ্য দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী আৰু ৰসায়ন ও সাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Infra spend up six-fold since 2014, crosses Rs 12 lakh crore: PM Modi

Media Coverage

Infra spend up six-fold since 2014, crosses Rs 12 lakh crore: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 এপ্ৰিল 2026
April 15, 2026

From Temples to Turbines: PM Modi’s Blueprint for a Culturally Rooted, Economically Explosive Viksit Bharat