প্ৰধানমন্ত্ৰীয়ে আজি মালয়েছিয়াত প্ৰৱাসী ভাৰতীয়সকলৰ নিৰ্বাচিত নেতৃত্বৰে মত বিনিময় কৰে। এই গণ্য-মান্য ব্যক্তিসকলৰ ভিতৰত আছিল মন্ত্ৰী, চিনেটৰ, সংসদৰ সদস্য আৰু আজাদ হিন্দ ফৌজ (ভাৰতীয় ৰাষ্ট্ৰীয় সেনা- আই এন এ)ৰ প্ৰবীণ সৈনিক। এই উপলক্ষে উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল ডিজিটেল মন্ত্ৰী টুয়ান গোবিন্দ সিং দেও, মানৱ সম্পদ মন্ত্ৰী দাতো’ শ্ৰী ৰমন ৰামকৃষ্ণন, প্ৰধানমন্ত্ৰী বিভাগৰ উপমন্ত্ৰী টুয়ান এম কুলাছেগৰণ, ৰাষ্ট্ৰীয় ঐক্যৰ উপ-মন্ত্ৰী টুয়ান আৰ ইউনেশ্বৰন আদি।

 

প্ৰধানমন্ত্ৰীয়ে মালয়েছিয়াৰ প্ৰগতি আৰু উন্নয়ন তথা ভাৰত-মালয়েছিয়াৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত ভাৰতীয় প্ৰব্ৰজনকাৰীৰ উল্লেখযোগ্য অৱদানৰ ওপৰত আলোকপাত কৰে। ভাৰতীয় মূলৰ নেতাসকলে দুয়োখন দেশৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্ব গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ নেতৃত্ব আৰু ভাৰত-মালয়েছিয়াৰ সম্পৰ্ক আগুৱাই নিয়াৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লয়। তদুপৰি ভাৰতক ৰূপান্তৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী আৰু পদক্ষেপৰ প্ৰশংসা কৰে।

 

ভাৰতীয় মূলৰ নেতাসকলে মালয়েছিয়াত ভাৰতীয় সম্প্ৰদায়ৰ কল্যাণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বাবেও প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়, য’ত আছে : (i) মালয়েছিয়াত ভাৰতৰ প্ৰথমটো দূতাবাস মুকলি কৰাৰ সিদ্ধান্ত; (ii) ইউনিভাৰ্চিটি মালয়ত থিৰুভাল্লুভাৰ কেন্দ্ৰ স্থাপনৰ ঘোষণা; (iii) থিৰুভাল্লুভাৰ বৃত্তি প্ৰতিষ্ঠান; (iv) মালয়েছিয়াত বাস কৰা ষষ্ঠ প্ৰজন্মৰ ভাৰতীয় মূলৰ লোকসকললৈ অ’চিআই কাৰ্ডৰ সম্প্ৰসাৰণ; আৰু (v) মালয়েছিয়াৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে ভাৰতীয় বৃত্তি ন্যাস পুঁজি (আই এছ টি এফ) ৩০ লাখ মালয়েছিয়া ৰিংগিট (আৰ এম)ৰে পুনৰ অন্তৰ্ভুক্তিৰ ব্যৱস্থা কৰা।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে আজাদ হিন্দ ফৌজ (ভাৰতীয় ৰাষ্ট্ৰীয় সেনা- আই এন এ)ৰ ল’ৰা শাখাৰ প্ৰবীণ সদস্য দাতো’ জেয়াৰাজ ৰাজা ৰাও আৰু নেতাজী কল্যাণ ন্যাসৰ অধ্যক্ষ শ্ৰী ৰাধাকৃষ্ণনৰ সৈতেও সাক্ষাৎ কৰে। তেওঁ আই এন এ আৰু ইয়াৰ প্ৰবীণ সৈনিকসকলৰ অবিস্মৰণীয় সাহস আৰু ত্যাগৰ বাবে গভীৰ প্ৰশংসা কৰে। নেতাজীৰ শক্তিশালী আৰু আধুনিক ভাৰত গঢ়াৰ দৃষ্টিভংগীৰ প্ৰতি ভাৰত চৰকাৰৰ দায়বদ্ধতাও তেওঁ পুনৰবাৰ উল্লেখ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI to remain free for consumers, says Payments Council of India

Media Coverage

UPI to remain free for consumers, says Payments Council of India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 07 আগষ্ট 2026
August 07, 2026

Viksit Bharat Accelerating: 4x Data Centres, Record EV Sales, Ethanol Validation & Northeast Connectivity Under PM Modi’s Watch