We need to follow a new mantra - all those who have come in contact with an infected person should be traced and tested within 72 hours: PM
80% of active cases are from 10 states, if the virus is defeated here, the entire country will emerge victorious: PM
The target of bringing down the fatality rate below 1% can be achieved soon: PM
It has emerged from the discussion that there is an urgent need to ramp up testing in Bihar, Gujarat, UP, West Bengal, and Telangana: PM
Containment, contact tracing, and surveillance are the most effective weapons in this battle: PM
PM recounts the experience of Home Minister in preparing a roadmap for successfully tackling the pandemic together with Delhi and nearby states

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১০ খন ৰাজ্য যথা অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিল নাডু, পশ্চিম বংগ, মহাৰাষ্ট্ৰ, পঞ্জাৱ, বিহাৰ, গুজৰাট, তেলেংগানা আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু প্ৰতিনিধিসকলৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সাম্প্ৰতিক পৰিস্থিতি আৰু ক’ভিড-১৯ ক অতিক্ৰম কৰিবলৈ যুগুত কৰা পৰিকল্পনা সন্দৰ্ভত আলোচনাৰ অৰ্থে বৈঠকত ভাগ লয়। কৰ্ণাটকক ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰে।

টীম ইণ্ডিয়াৰদ্বাৰা টীমৱৰ্ক

প্ৰধানমন্ত্ৰীয়ে কয় যে সকলোৱে প্ৰদৰ্শন কৰা সৰ্বাধিক সহযোগিতা আৰু টীম ইণ্ডিয়াই প্ৰদৰ্শন কৰা টীমৱৰ্ক অসাধাৰণ। তেওঁ চিকিৎসালয় আৰু স্বাস্থ্যসেৱা কৰ্মীসকলে মুখামুখি হোৱা প্ৰত্যাহ্বান আৰু হেঁচা সন্দৰ্ভত ব্যক্ত কৰে। তেওঁ উল্লেখ কৰে যে সক্ৰিয় ঘটনাৰ প্ৰায় ৮০% শতাংশ অংশগ্ৰহণকাৰী ১০ খন ৰাজ্যৰ আৰু যদি এই দহখন ৰাজ্যত ভাইৰাছটো পৰাস্ত হয়, তেতিয়া সমগ্ৰ দেশখনেই ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজখনত বিজয় সাব্যস্ত কৰিব।

টেষ্টিং বৃদ্ধি, মৃত্যুৰ হাৰ হ্ৰাস

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দৈনিক টেষ্টৰ সংখ্যাই প্ৰায় ৭ লাখ স্পৰ্শ কৰিছে আৰু ই একেৰাহে বৃদ্ধি পাই আছে, ই আৰম্ভণিতে চিনাক্তকৰণ আৰু কন্টেইনমেন্টত সহায়ক হৈ পৰিছে। দেশখনৰ মৃত্যুৰ হাৰৰ গড় বিশ্বৰ ভিতৰত সৰ্বনিম্ন আৰু ই একেৰাহে হ্ৰাস হৈ গৈ আছে। সক্ৰিয় ঘটনাৰ হাৰ হ্ৰাস পোৱাৰ বিপৰীতে আৰোগ্য লাভৰ হাৰ বৃদ্ধি পাইছে, তেওঁ কয়। তেওঁ উল্লেখ কৰে যে এই অগ্ৰগতিসমূহে জনসাধাৰণৰ বিশ্বাস বৃদ্ধি কৰিছে, আৰু কয় যে মৃত্যুৰ হাৰ ১% তকৈ কম কৰাৰ নিৰ্ধাৰিত লক্ষ্যত শীঘ্ৰেই সফলতা লাভ কৰা যাব।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আলোচনাৰপৰা যিটো বুজি পোৱা গ’ল সেই অনুসৰি, বিহাৰ, গুজৰাট, উত্তৰ প্ৰদেশ, পশ্চিম বংগ আৰু তেলেংগানাত শীঘ্ৰেই টেষ্টিং বৃদ্ধি কৰাৰ আৱশ্যকতা আছে। তেওঁ কয় যে এই যুদ্ধখনত কন্টেইনমেন্ট, কনটেক্ট ট্ৰেচিং আৰু ছাৰ্ভিলেঞ্চ হৈছে অতিশয় ফলপ্ৰসূ অস্ত্ৰ। জনসাধাৰণ এই ক্ষেত্ৰত সজাগ হৈছে আৰু এই প্ৰচেষ্টাত সহায় আগবঢ়াইছে, ইয়াৰ ফলশ্ৰুতিত, অতিশয় ফলপ্ৰসূতাৰে হ’ম কোৱাৰেন্টাইন ব্যৱহাৰ কৰি সফলতা লাভ কৰিছে। তেওঁ আৰোগ্য সেতু এপ ব্যৱহাৰৰ উপযোগিতাৰ কথা উল্লেখ কৰে আৰু কয় যে বিশেষজ্ঞসকলৰ মতে, যদি আমি প্ৰথম ৭২ ঘন্টাৰ ভিতৰত আক্ৰান্তসকলক চিনাক্ত কৰিবলৈ সক্ষম হওঁ, তেতিয়া ভাইৰাছটোৰ সংক্ৰমণ সীমিত কৰিব পৰা যাব। তেওঁ আক্ৰান্ত লোক এজনৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলক ৭২ ঘন্টাৰ ভিতৰত চিনাক্ত আৰু টেষ্ট কৰাত গুৰুত্ব আৰোপ কৰে। ইয়াক এটা মন্ত্ৰ হিচাপে অনুসৰণ কৰাটো উচিত, যি হাত ধোৱা, দুই গজ দূৰত্ব বজাই ৰখা, মাস্ক আদি পৰিধান কৰাৰ দৰেই প্ৰয়োজনীয়, তেওঁ কয়।

দিল্লী আৰু সমীপৱৰ্তী ৰাজ্যসমূহত ৰণকৌশল

প্ৰধানমন্ত্ৰীয়ে এই মহামাৰীটো অতিক্ৰম কৰিবলৈ দিল্লী আৰু কাষৰীয়া ৰাজ্যসমূহৰে ৰূপৰেখা প্ৰস্তুত কৰাত গৃহমন্ত্ৰীৰ অভিজ্ঞতা বৰ্ণনা কৰে। তেওঁ কয় যে এই কৌশলৰ মূল স্তম্ভ হৈছে কন্টেইনমেন্ট জ’নসমূহক পৃথকীকৰণ আৰু স্ক্ৰীনিঙত গুৰুত্ব আৰোপ, বিশেষতঃ আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা থকা লোকসকলৰ ক্ষেত্ৰত। এই পদক্ষেপসমূহৰ ফলাফলসমূহ সকলোৱে দেখিছে, তেওঁ কয়, তেওঁ লগতে কয় যে চিকিৎসালয়সমূহৰ সু ব্যৱস্থাপনা আৰু আইচিইউ বেড বৃদ্ধিৰ দৰে পদক্ষেপো অতিশয় সহায়ক হৈ উঠিল।

মুখ্যমন্ত্ৰীসকলে কয়

মুখ্যমন্ত্ৰীসকলে তেওঁলোকৰ সংশ্লিষ্ট ৰাজ্যৰ গ্ৰাউণ্ড পৰিস্থিতি সন্দৰ্ভত মতামত আগবঢ়ায়। মহামাৰীটোক প্ৰতিহত কৰিবলৈ সফল ব্যৱস্থাপনা গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীজনৰ নেতৃত্বক তেওঁলোকে শলাগে আৰু তেওঁৰ নিৰৱচ্ছিন্ন তত্ত্বাৱধান আৰু সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে ইতিমধ্যে সম্পন্ন হোৱা টেষ্ট, টেষ্টিং বৃদ্ধি কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপ, টেলি-মেডিচিনৰ ব্যৱহাৰ আৰু স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধিৰ অৰ্থে গ্ৰহণ কৰা প্ৰচেষ্টা সন্দৰ্ভত কয়। তেওঁলোকে সৰ্বোত্তম-নিৰীক্ষণৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ক সহায়-সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰে, লগতে দেশখনত এটা সংহত চিকিৎসা আন্তঃগাঁথনি স্থাপন কৰিবলৈ পৰামৰ্শও আগবঢ়ায়।

ডব্লিউএইচঅ’ৰ শলাগ

প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাইৰাছটোৰ বিৰুদ্ধে এই যুঁজখনত সম্ভাৱ্য সকলোবোৰ প্ৰচেষ্টা চৰকাৰখনে গ্ৰহণ কৰা বুলি উল্লেখ কৰাত, ইয়াৰ শলাগ লৈছে বিশ্ব স্বাস্থ্য সংস্থাই।

দেশখনৰ ক’ভিড ঘটনাৰ এক সামগ্ৰিক অৱলোকন আগবঢ়াই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ সচিবে, অৱশ্যে কিছুমান ৰাজ্যৰ ঘটনাৰ বৃদ্ধিৰ হাৰ গড় হাৰতকৈ অধিক আৰু সেয়ে ৰাজ্যসমূহক টেষ্টিং কেপাচিটিৰ অনুকূল ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হয়। তেওঁ সঠিক মৃত্যুৰ সংখ্যা অৱগত কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে আৰু লগতে স্থানীয় লোকৰ সহায়ত কন্টেইনমেন্ট জ’নসমূহৰ পৰিসীমা নিৰীক্ষণ সন্দৰ্ভতো কয়।

এই বৈঠকত কেন্দ্ৰীয় বিত্তমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু গৃহ পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰীয়ো উপস্থিত থাকে।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s digital economy enters mature phase as video dominates: Nielsen

Media Coverage

India’s digital economy enters mature phase as video dominates: Nielsen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves increase in the Judge strength of the Supreme Court of India by Four to 37 from 33
May 05, 2026

The Union Cabinet chaired by the Prime Minister Shri Narendra Modi today has approved the proposal for introducing The Supreme Court (Number of Judges) Amendment Bill, 2026 in Parliament to amend The Supreme Court (Number of Judges) Act, 1956 for increasing the number of Judges of the Supreme Court of India by 4 from the present 33 to 37 (excluding the Chief Justice of India).

Point-wise details:

Supreme Court (Number of Judges) Amendment Bill, 2026 provides for increasing the number of Judges of the Supreme Court by 04 i.e. from 33 to 37 (excluding the Chief Justice of India).

Major Impact:

The increase in the number of Judges will allow Supreme Court to function more efficiently and effectively ensuring speedy justice.

Expenditure:

The expenditure on salary of Judges and supporting staff and other facilities will be met from the Consolidated Fund of India.

Background:

Article 124 (1) in Constitution of India inter-alia provided “There shall be a Supreme Court of India consisting of a Chief Justice of India and, until Parliament by law prescribes a larger number, of not more than seven other Judges…”.

An act to increase the Judge strength of the Supreme Court of India was enacted in 1956 vide The Supreme Court (Number of Judges) Act 1956. Section 2 of the Act provided for the maximum number of Judges (excluding the Chief Justice of India) to be 10.

The Judge strength of the Supreme Court of India was increased to 13 by The Supreme Court (Number of Judges) Amendment Act, 1960, and to 17 by The Supreme Court (Number of Judges) Amendment Act, 1977. The working strength of the Supreme Court of India was, however, restricted to 15 Judges by the Cabinet, excluding the Chief Justice of India, till the end of 1979, when the restriction was withdrawn at the request of the Chief Justice of India.

The Supreme Court (Number of Judges) Amendment Act, 1986 further augmented the Judge strength of the Supreme Court of India, excluding the Chief Justice of India, from 17 to 25. Subsequently, The Supreme Court (Number of Judges) Amendment Act, 2008 further augmented the Judge strength of the Supreme Court of India from 25 to 30.

The Judge strength of the Supreme Court of India was last increased from 30 to 33 (excluding the Chief Justice of India) by further amending the original act vide The Supreme Court (Number of Judges) Amendment Act, 2019.