এআই প্ৰযুক্তিৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ লক্ষ্যৰ দিশত মুখ্য কাৰ্যবাহী বিষয়াসকলে শক্তিশালী সমৰ্থন আগবঢ়াইছে
ভাৰতক বিশ্বমঞ্চত এআইৰ ক্ষেত্ৰত আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা মুখ্য কাৰ্যবাহী বিষয়া সকলে স্বীকাৰ কৰে
প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ, নিৰপেক্ষ আৰু সুৰক্ষিত এআই পৰিৱেশতন্ত্ৰৰ দিশত কাম কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত আলোকপাত কৰে
প্ৰধানমন্ত্ৰীয়ে কয় যে এআইৰ নৈতিক ব্যৱহাৰৰ ক্ষেত্ৰত কোনো আপোচ কৰিব নালাগে
ইউ পি আইৰ জৰিয়তে ভাৰতে নিজৰ কাৰিকৰী দক্ষতা প্ৰদৰ্শন কৰিছে আৰু একে সফলতাই এআইৰ ক্ষেত্ৰতো লাভ কৰা উচিত: প্ৰধানমন্ত্ৰী
আমাৰ প্ৰযুক্তিয়ে প্ৰভাৱ সৃষ্টি কৰাৰ লগতে বিশ্বক অনুপ্ৰাণিত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে
মূল খণ্ডসমূহত থলুৱা প্ৰযুক্তিৰ ব্যৱহাৰৰ আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোক কল্যাণ মাৰ্গত থকা তেওঁৰ বাসগৃহত কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) ক্ষেত্ৰখনত কৰ্মৰত মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰে।

ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত  হ’বলগীয়া ইণ্ডিয়াএআই ইমপেক্ট ছামিটৰ সৈতে সংগতি ৰাখি এই মত-বিনিময় অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানৰ লক্ষ্য আছিল কৌশলগত সহযোগিতাক লাভাৱান্বিত কৰা, এআই উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰা  আৰু ভাৰতৰ এআই মিছনৰ লক্ষ্যসমূহক ত্বৰান্বিত কৰা। এই মত-বিনিময়ৰ সময়ত মুখ্য কাৰ্যবাহী বিষয়াসকলে এআই প্ৰযুক্তিৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ লক্ষ্যৰ দিশত পূৰ্ণ  সমৰ্থন প্ৰকাশ কৰে। ভাৰতক এআইৰ ক্ষেত্ৰত আগশাৰীৰ দেশৰ ৰূপত বিশ্বৰ মঞ্চত স্থান দিবলৈ চৰকাৰে যি প্ৰচেষ্টাচলাইছে আৰু সম্পদ আগবঢ়াইছে সেই কথা মুখ্য কাৰ্যবাহী বিষয়াসকলে স্বীকাৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে সকলো ক্ষেত্ৰতে নতুন প্ৰযুক্তিক আঁকোৱালি লোৱা আৰু ইয়াক ব্যৱহাৰ কৰি ৰাষ্ট্ৰীয় বৃদ্ধিত অৰিহণা যোগোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে মূল খণ্ডসমূহত থলুৱা প্ৰযুক্তিৰ ব্যৱহাৰৰ আহ্বান জনায়।

আগন্তুক এআই ইমপেক্ট ছামিটৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে সকলো ব্যক্তি আৰু কোম্পানীয়ে শীৰ্ষ সন্মিলনৰ সহায় লৈ নতুন সুযোগ বিচাৰি উলিয়াব লাগে আৰু বৃদ্ধিৰ পথত অগ্ৰসৰ হ'ব লাগে। তেওঁ লগতে কয় যে ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই)ৰ জৰিয়তে ভাৰতে নিজৰ কাৰিকৰী দক্ষতা প্ৰদৰ্শন কৰিছে আৰু এআইৰ ক্ষেত্ৰতো একেই হোৱা উচিত।

প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ভাৰতৰ পৰিসৰ, বৈচিত্ৰ্য আৰু গণতন্ত্ৰৰ এক অনন্য প্ৰভাৱ আছে, যাৰ বাবে বিশ্বই ভাৰতৰ ডিজিটেল আন্তঃগাঁথনিক বিশ্বাস কৰে। ‘এআই ফৰ অল’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে কয় যে আমি আমাৰ প্ৰযুক্তিৰে প্ৰভাৱ সৃষ্টি কৰাৰ লগতে বিশ্বক অনুপ্ৰাণিত কৰাৰ প্ৰয়োজনীয়তা আছে। তেওঁ মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকলক ভাৰতক বিশ্বৰ সকলো  এআই প্ৰচেষ্টাৰ বাবে উৰ্বৰ গন্তব্যস্থান হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে তথ্য সুৰক্ষা আৰু প্ৰযুক্তিৰ গণতান্ত্ৰিককৰণৰ গুৰুত্বৰ বিষয়তো  গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে আমি এনে এআই পৰিৱেশতন্ত্ৰৰ দিশত কাম কৰা উচিত যিটো স্বচ্ছ, নিৰপেক্ষ আৰু সুৰক্ষিত হয়। তেওঁ লগতে কয় যে এআইৰ নৈতিক ব্যৱহাৰৰ ক্ষেত্ৰত কোনো আপোচ কৰিব নালাগে বুলি কয়। তেওঁ  লগতে এআইৰ দক্ষতা আৰু প্ৰতিভা বিকাশৰ বিষয়ত  গুৰুত্ব আৰোপ কৰাৰ  প্ৰয়োজনীয়তাৰ কথাও  উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ এআই পৰিৱেশতন্ত্ৰত দেশখনৰ  চৰিত্ৰ আৰু মূল্যবোধ প্ৰতিফলিত হ’ব লাগে বুলি কয় ।

উচ্চ পৰ্যায়ৰ বৈঠকখনত উইপ্ৰ’, টিচিএছ, এইচচিএল টেক, জোহ’ কৰ্প’ৰেশ্যন, এলটিআই মাইণ্ডট্ৰি, জিঅ’ প্লেটফৰ্মছ লিমিটেড, আদানিকনেক্স, এনএক্সট্ৰা ডাটা আৰু নেটৱেব টেকন’লজিকে ধৰি এআই কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ লগতে আইআইটি হায়দৰাবাদ, আইআইটি মাদ্ৰাজ আৰু আইআইটি বম্বেৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ আৰু কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স তথা  তথ্য প্ৰযুক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী জিতিন প্ৰসাদেও  এই মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
HPV vaccination drive crosses 8 mn doses as India targets cervical cancer

Media Coverage

HPV vaccination drive crosses 8 mn doses as India targets cervical cancer
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 ছেপ্টেম্বৰ 2026
September 11, 2026

Seva Pakhwada to Superpower Status: Why Citizens Are Hailing PM Modi’s Relentless Push