অনা হিন্দীভাষী শিক্ষাৰ্থীৰ সৈতে কৰা কথোপকথনত প্ৰধানমন্ত্ৰীয়ে ব্যৱহাৰ কৰিলে তেওঁলোকৰ নিজা ভাষাৰ শব্দ
প্ৰতিষেধকৰ পঞ্জীয়ণ কৰাৰ সময়ত পৰিয়ালৰ অন্যান্য সকলক সহায় কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে

সকলোকে আচৰিত কৰি ‘চিবিএছই’-ৰ শিক্ষাৰ্থীসকলৰে চলি থকা এক কথোপকথন কাৰ্যক্ৰমত অংশ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শিক্ষা মন্ত্ৰালয়ে আয়োজন কৰা এই কাৰ্যক্ৰমত শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলেও অংশগ্ৰহণ কৰিছিল।

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকল সংযোজিত হৈছিল ‘ভাৰ্চুৱেল’ মাধ্যমেৰে। কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে ঘনিষ্ঠতা বঢ়োৱাৰ উদ্দেশ্যেই অনা-হিন্দীভাষী শিক্ষাৰ্থীসকলৰে তেওঁলোকৰ নিজা নিজা ভাষাৰ শব্দ ব্যৱহাৰ কৰি বাৰ্তালাপ কৰাৰ প্ৰয়াস কৰে।

প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা ইতিবাচক মনোভাৱ আৰু ব্যৱহাৰিকতাৰ ভূয়সী প্ৰশংসা কৰাৰ উপৰি অভিমত প্ৰকাশ কৰি কয় যে ‘আমাৰ শিক্ষাৰ্থীসকলে সকলো ধৰণৰ জটিলতা আৰু প্ৰত্যাহ্বানক চম্ভালি লৈ এইবোৰক তেওঁলোকৰ শক্তিলৈ ৰূপান্তৰিত কৰাত সফল হৈছে আৰু এয়াই আমাৰ দেশৰো সামৰ্থ্যৰ আধাৰ’। তেওঁ বাৰ্তালাপৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা আত্মবিশ্বাসৰো প্ৰশংসা কৰে।

‘অভিজ্ঞতাৰে আহৰণ কৰা জ্ঞান নিতান্তই গুৰুত্বপূৰ্ণ আৰু ই তোমালোকৰ জীৱনক খোজে প্ৰতি সহায় কৰি যাব’ বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰসংগক্ৰমে তেওঁ সংঘবদ্ধ ভাবে কাম কৰি পোৱা উদ্যমৰ উদাহৰণ দাঙি ধৰি ‘এই উদ্যম স্কুল আৰু কলেজত আমি শিকিব পাৰো’ বুলিও উল্লেখ কৰে। ইফালে, ক’ৰোনাৰ সংকটৰ সময়ত এই কথাকে ‘আমি অন্য এক নতুন ধৰণে শিকিব পাৰিছো আৰু সংঘবদ্ধতাৰ উদ্যম কথা দেশে পুনৰবাৰ উপলব্ধি কৰিব পাৰিছে’ বুলিও তেওঁ মন্তব্য কৰে।

অহা ৫ জুনত উদযাপিত হ’ব লগা ‘বিশ্ব পৰিৱেশ দিৱস’ৰ দিনা ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ সংৰক্ষণৰ বাবে কিবা নহয় কিবা এটা কৰা বাবে আৰু ২১জুনৰ ‘যোগ-দিৱস’ত যোগাভ্যাস কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়। আনহাতে, প্ৰতিষেধকৰ বাবে কৰিব লগা পঞ্জীয়ণৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক পৰিয়ালৰ আন সদস্য তথা প্ৰতিৱেশীসকললৈ সহায়ৰ হাত আগবঢ়োৱাৰো গোঁহাৰী জনায় প্ৰধানমন্ত্ৰীয়ে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth