ডাবল ইঞ্জিন চৰকাৰে ত্ৰিপুৰাক সলনি কৰিছেঃ প্ৰধানমন্ত্ৰী
ত্ৰিপুৰাই হাইৱে’, আই-ৱে, ৰেলৱে’ আৰু এয়াৰৱে’(হীৰা)ৰ অভূতপূৰ্ব উন্নয়ন দেখিবলৈ পাইছেঃ প্ৰধানমন্ত্ৰী
যোগাযোগ ব্যৱস্থাই কেৱল ভাৰত আৰু বাংলাদেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক শক্তিশালী কৰাই নহয়, বৰং ব্যৱসায়ৰ বাবেও এক শক্তিশালী লিংক তৈয়াৰ কৰেঃ প্ৰধানমন্ত্ৰী
মৈত্ৰী সেতুৱে বাংলাদেশতো অৰ্থনৈতিক সম্ভাৱনাৰ সৃষ্টি কৰিবঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ভাৰত আৰু বাংলাদেশৰ মাজত মৈত্ৰী সেতু উদ্বোধন কৰে। তেওঁ ত্ৰিপুৰাত আন কেইবাটাও আন্তঃগাথনিমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। ত্ৰিপুৰাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তা বজাই শুনোৱা হয়।

 

প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত কয় যে ত্ৰিপুৰাই পূৰ্বৰ চৰকাৰৰ ৩০বছৰ আৰু যোৱা তিনি বছৰৰ ডাবল ইঞ্জিন সন্নিবিষ্ট চৰকাৰৰ মাজত স্পষ্ট পাৰ্থক্য দেখিবলৈ পাইছে। পূৰ্বৰ চৰকাৰৰ দুৰ্নীতি আৰু কমিছন সংস্কৃতিৰ স্থানত এতিয়া উপভোক্তাই চৰকাৰী আঁচনিৰ সুবিধাসমূহ প্ৰত্যক্ষভাৱে নিজৰ বেংক একাউণ্টত লাভ কৰিছে। দৰমহাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হোৱা কৰ্মচাৰীসকলে এতিয়া সপ্তম দৰমহা আয়োগৰ নিয়ম অনুসৰি দৰমহা লাভ কৰি আছে। প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাৰ কৃষকে এমএছপি লাভ কৰিছে।  ত্ৰিপুৰাৰ পৰা ৰপ্তানি হোৱা সামগ্ৰীৰ পৰিমাণ ৫গুণলৈ বৃদ্ধি হৈছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যোৱা ৬বছৰত কেন্দ্ৰীয় চৰকাৰে ত্ৰিপুৰাৰ উন্নয়নৰ বাবে প্ৰয়োজন হোৱা সকলো অভাৱ দূৰ কৰাৰ প্ৰয়াস কৰিছে। ২০০৯ৰ পৰা ২০১৪লৈ ত্ৰিপুৰাই কেন্দ্ৰীয় উন্নয়নমূলক আঁচনিৰ বাবে ৩৫০০ কোটি টকা লাভ কৰিছিল। ইয়াৰ বিপৰীতে ২০১৪ৰ পৰা ২০১৯ৰ সময়ছোৱাত ৰাজ্যখনক কেন্দ্ৰই  ১২০০০ কোটিৰো অধিক ধন আগবঢ়াইছে।

প্ৰধানমন্ত্ৰীয়ে ডাবল ইঞ্জিন চৰকাৰৰ উপযোগিতাসমূহ বিশ্লেষণ কৰে। ডাবল ইঞ্জিন চৰকাৰে ত্ৰিপুৰাৰ ৰেহ-ৰূপ সলনি কৰিছে আৰু ৰাজ্যখনক চৌদিশৰ পৰা সৱল কৰি তুলিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে আন্তঃগাথনিৰ সৈতে জড়িত যোগাযোগ ব্যৱস্থা যোৱা তিনি বছৰত অভূতপূৰ্ব হাৰত উন্নয়ন হৈছে। বিমানবন্দৰ, ৰেলপথ আৰু জলপথৰ উন্নয়নৰ বাবে দ্ৰুতগতিৰে কাম চলি আছে। প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাৰ হাইৱে’, আই-ৱে, ৰেলৱে’ আৰু এয়াৰৱে’(হীৰা)ৰ অভূতপূৰ্ব উন্নয়নৰ প্ৰসংগও উত্থাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে যোগাযোগ ব্যৱস্থাই কেৱল ভাৰত আৰু বাংলাদেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক শক্তিশালী কৰাই নহয়, বৰং ব্যৱসায়ৰ বাবেও এক শক্তিশালী লিংক তৈয়াৰ কৰে। তেওঁ জানিবলৈ দিয়ে যে এই সমগ্ৰ অঞ্চলটোক উত্তৰ-পূব ভাৰত আৰু বাংলাদেশ মাজত এক ব্যৱসায়িক কেন্দ্ৰস্থল হিচাপে গঢ় দিয়া হ’ব। মৈত্ৰী সেতুৱে দক্ষিণ অসম, মিজোৰাম আৰু মণিপুৰৰ সৈতে ত্ৰিপুৰা, বাংলাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিব।

মৈত্ৰী সেতুৱে ভাৰতৰ লগতে বাংলাদেশতো অৰ্থনৈতিক সম্ভাৱনাৰ সৃষ্টি কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। ত্ৰিপুৰা চৰকাৰে তিনি বছৰ সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে আশা ব্যক্ত কৰে যে ৰাজ্য চৰকাৰেখনে অনাগত দিনতো ত্ৰিপুৰাবাসীৰ সেৱা আগবঢ়াই থাকিব পাৰিব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership