“চৰকাৰ, সমাজ আৰু সন্ত সমাজ সকলোৱে মিলি কাশীৰ সজীৱতাৰ বাবে কাম কৰি আছে”
“স্বৰ্বেদ মহামন্দিৰ ভাৰতৰ সামাজিক আৰু আধ্যাত্মিক শক্তিৰ আধুনিক প্ৰতীক”
“ভাৰতৰ স্থাপত্য, বিজ্ঞান, যোগে আধ্যাত্মিক নিৰ্মাণক কেন্দ্ৰ কৰি অকল্পনীয় শিখৰত উপনীত হৈছে”
“সময়ৰ চকা আজি পুনৰ ঘূৰিছে আৰু ভাৰতে নিজৰ ঐতিহ্যক লৈ গৌৰৱ কৰি দাসত্বৰ মানসিকতাৰ পৰা মুক্তিৰ ঘোষণা কৰিছে”
“এতিয়া বেনাৰসৰ অৰ্থ হ’ল-উন্নয়ন, আধুনিক সা-সুবিধাৰ লগতে বিশ্বাস আৰু স্বচ্ছতা আৰু ৰূপান্তৰ”
নটা সংকল্প আগুৱাই লৈ যাওক

উত্তৰ প্ৰদেশৰ বাৰাণসীৰ উমৰাহাত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বৰ্বেদ মহামন্দিৰ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে মহৰ্ষি সদাফল দেৱজী মহাৰাজৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মন্দিৰ চৌহদত পৰিক্ৰমা কৰে।

এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি তেওঁৰ কাশী ভ্ৰমণৰ দ্বিতীয় দিন আৰু কাশীত কটোৱা প্ৰতিটো মুহূৰ্ত অভূতপূৰ্ব অভিজ্ঞতাৰে ভৰি আছে। দুবছৰ পূৰ্বে অখিল ভাৰতীয় বিহংগম যোগ সংস্থাৰ বাৰ্ষিক উদযাপনৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ শতবাৰ্ষিকী উদযাপনৰ অংশ হোৱাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে বিহংগম যোগ সাধনে এশ বছৰৰ অবিস্মৰণীয় যাত্ৰা সম্পন্ন কৰিছে। তেওঁ বিগত শতিকাত জ্ঞান আৰু যোগৰ প্ৰতি মহৰ্ষি সদাফল দেৱজীৰ অৱদানৰ ওপৰত আলোকপাত কৰি কয় যে ইয়াৰ ঐশ্বৰিক পোহৰে বিশ্বৰ লাখ লাখ মানুহৰ জীৱন সলনি কৰিছে। এই শুভ ক্ষণত প্ৰধানমন্ত্ৰীয়ে ২৫ হাজাৰ কুণ্ডিয়া স্বৰ্বেদ জ্ঞান মহাযজ্ঞৰ আয়োজন লক্ষ্য কৰে। মহাযজ্ঞলৈ আগবঢ়োৱা প্ৰতিটো প্ৰসাদে বিকশিত ভাৰতৰ সংকল্প শক্তিশালী কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। তেওঁ মহৰ্ষি সদাফল দেৱজীৰ আগত মূৰ দোৱাই লগতে তেওঁৰ দৃষ্টিভংগী আগবঢ়াই দিয়া সকলো সাধুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

 

কাশীৰ ৰূপান্তৰত চৰকাৰ, সমাজ আৰু সন্ত সমাজৰ সামূহিক প্ৰচেষ্টাক প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে স্বৰ্বেদ মহামন্দিৰক এই সামূহিক মনোভাৱৰ প্ৰতিমূৰ্তি বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই মন্দিৰটো ভব্যতাৰ মনোমোহা নিদৰ্শন। “স্বৰ্বেদ মহামন্দিৰ ভাৰতৰ সামাজিক আৰু আধ্যাত্মিক শক্তিৰ আধুনিক প্ৰতীক”, তেওঁ লগতে কয়। মন্দিৰৰ সৌন্দৰ্য্য আৰু আধ্যাত্মিক সমৃদ্ধিৰ বৰ্ণনা কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াক ‘যোগ আৰু জ্ঞান তীৰ্থ’ বুলিও অভিহিত কৰে।

ভাৰতৰ অৰ্থনৈতিক সামগ্ৰী আৰু আধ্যাত্মিক গৌৰৱৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে কেতিয়াও বস্তুগত প্ৰগতি ভৌগোলিক সম্প্ৰসাৰণ বা শোষণৰ মাধ্যম হ’বলৈ নিদিলে। “আমি আধ্যাত্মিক আৰু মানৱীয় প্ৰতীকৰ জৰিয়তে ভৌতিক প্ৰগতিৰ দিশত অগ্ৰসৰ হ’লো”, তেওঁ কয়। তেওঁ ভাইব্ৰেণ্ট কাশী, কোনাৰ্ক মন্দিৰ, সাৰনাথ, গয়া স্তুপ, নালন্দা আৰু তক্ষশিলা আদি বিশ্ববিদ্যালয়ৰ উদাহৰণ দাঙি ধৰে৷ “এই আধ্যাত্মিক নিৰ্মাণসমূহক কেন্দ্ৰ কৰি ভাৰতৰ স্থাপত্যই কল্পনাতীত উচ্চতাত উপনীত হৈছিল”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়৷

 

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বিশ্বাসৰ প্ৰতীকবোৰেই বিদেশী আক্ৰমণকাৰীয়ে লক্ষ্য কৰি লোৱা বুলি উল্লেখ কৰে আৰু স্বাধীনতাৰ পিছত সেইবোৰক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়োজনীয়তা পুনৰ দোঁহাৰে৷ নিজৰ ঐতিহ্যক লৈ গৌৰৱ নকৰাৰ আঁৰৰ চিন্তা প্ৰক্ৰিয়াক লৈ আক্ষেপ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ পিছত দশক দশক ধৰি অৱহেলিত হৈ থকা সোমনাথ মন্দিৰৰ আদৰ্শ দেখুৱাই এনে প্ৰতীক পুনৰুজ্জীৱিত হোৱাৰ ফলত দেশৰ ঐক্য শক্তিশালী হ’লহেঁতেন। ইয়াৰ ফলত শ্ৰী মোদীয়ে কয় যে দেশখন হীনমন্যতাৰ অনুভূতিৰ মাজলৈ পিছলি পৰিল। “আজি পুনৰ সময়ৰ চকা ঘূৰিছে আৰু ভাৰতে নিজৰ ঐতিহ্যক লৈ গৌৰৱ কৰি দাসত্বৰ মানসিকতাৰ পৰা মুক্তিৰ ঘোষণা কৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। সোমনাথত আৰম্ভ হোৱা কাম এতিয়া পূৰ্ণাংগ অভিযানলৈ পৰিণত হোৱা বুলি উল্লেখ কৰি কাশী বিশ্বনাথ মন্দিৰ, মহাকাল মহালোক, কেদাৰনাথ ধাম আৰু বুদ্ধ চাৰ্কিটৰ উদাহৰণ দাঙি ধৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাম চাৰ্কিট আৰু অতি সোনকালে অযোধ্যাত উদ্বোধন হ’বলগীয়া ৰাম মন্দিৰৰ ওপৰত চলি থকা কামৰ কথাও উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে সামগ্ৰিক বিকাশ সম্ভৱপৰ হয় যেতিয়া এখন দেশে নিজৰ সামাজিক বাস্তৱতা আৰু সাংস্কৃতিক পৰিচয়ক সন্নিৱিষ্ট কৰে। “সেইবাবেই আজি আমাৰ ‘তীৰ্থ’ৰ সজীৱতা বৃদ্ধি কৰিছো আৰু ভাৰতে আধুনিক আন্তঃগাঁথনি সৃষ্টিৰ নতুন অভিলেখ সৃষ্টি কৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। এই কথাটো বুজাবলৈ তেওঁ কাশীৰ উদাহৰণ দাঙি ধৰে৷ বিগত সপ্তাহত দুবছৰ সম্পূৰ্ণ হোৱা নতুন কাশী বিশ্বনাথ ধাম চৌহলে মহানগৰীৰ অৰ্থনীতি আৰু চাকৰিৰ ক্ষেত্ৰত নতুন গতি প্ৰদান কৰিছে। “এতিয়া বাৰাণসীৰ অৰ্থ হ’ল-উন্নয়ন, আধুনিক সুবিধাৰ লগতে বিশ্বাস আৰু স্বচ্ছতা আৰু ৰূপান্তৰ”, উন্নত সংযোগৰ সবিশেষ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ ৪-৬ লেনিং পথ, ৰিং ৰোড, ৰে’ল ষ্টেচন উন্নীতকৰণ, নতুন ৰে’ল, সমৰ্পিত মালবাহী কৰিডৰ, গংগা ঘাট, গংগা ক্ৰুজ, আধুনিক চিকিৎসালয়, নতুন আৰু আধুনিক দুগ্ধ উদ্যোগ, গংগাৰ কাষত প্ৰাকৃতিক খেতি, যুৱক-যুৱতীসকলৰ বাবে প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সংস্কাৰ আৰু সাংসদ ৰোজগাৰ মেলাৰ জৰিয়তে চাকৰি প্ৰদানৰ কথা উল্লেখ কৰে।

 

আধ্যাত্মিক যাত্ৰাক অধিক সুলভ কৰি তোলাত আধুনিক উন্নয়নৰ ভূমিকাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে বাৰাণসী চহৰৰ বাহিৰত অৱস্থিত স্বৰ্বেদ মন্দিৰৰ সৈতে উৎকৃষ্ট সংযোগৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ই বেনাৰসলৈ অহা ভক্তসকলৰ বাবে এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব, যাৰ ফলত চাৰিওফালৰ গাঁওসমূহত ব্যৱসায় আৰু কৰ্মসংস্থাপনৰ পথ মুকলি হ’ব।

“বিহংগম যোগ সংস্থাটো আধ্যাত্মিক কল্যাণৰ প্ৰতি যিমানেই উৎসৰ্গিত সিমানেই সমাজ সেৱাৰ প্ৰতিও উৎসৰ্গিত”, প্ৰধানমন্ত্ৰীয়ে কয় যে মহৰ্ষি সদাফল দেৱজী আছিল এজন যোগভক্ত সন্তৰ লগতে স্বাধীনতাৰ বাবে যুঁজ দিয়া এজন স্বাধীনতা সংগ্ৰামী। তেওঁ আজাদী কা অমৃত কালত নিজৰ সংকল্পসমূহ আগুৱাই নিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে ৯টা সংকল্প উত্থাপন কৰি সেইবোৰ মানি চলিবলৈ আহ্বান জনায়। প্ৰথমতে, প্ৰধানমন্ত্ৰীয়ে পানী ৰাহি কৰা আৰু পানী সংৰক্ষণৰ সজাগতা সৃষ্টিৰ কথা উল্লেখ কৰে, দ্বিতীয়তে, ডিজিটেল লেনদেনৰ বিষয়ে সজাগতা সৃষ্টি কৰা, তৃতীয়তে-গাঁও, স্থানীয় আৰু চহৰত স্বচ্ছতাৰ প্ৰচেষ্টা বৃদ্ধি কৰা, চতুৰ্থতে—থলুৱা মেড ইন ইণ্ডিয়া সামগ্ৰীৰ প্ৰচাৰ আৰু ব্যৱহাৰৰ কথা, পঞ্চম, ভাৰত ভ্ৰমণ আৰু অন্বেষণ; ষষ্ঠ, কৃষকৰ মাজত প্ৰাকৃতিক কৃষিৰ বিষয়ে সজাগতা বৃদ্ধি; সপ্তম– আপোনালোকৰ দৈনন্দিন জীৱনত বাজৰা বা শ্ৰীঅন্নক আঁকোৱালি লোৱা, অষ্টম– ক্ৰীড়া, ফিটনেছ বা যোগাসনক জীৱনৰ অবিচ্ছেদ্য অংগ কৰি তোলা আৰু নৱম তথা শেষত অন্ততঃ এটা দৰিদ্ৰ পৰিয়ালক সহায় কৰা ভাৰতত দৰিদ্ৰতাৰ অন্ত পেলোৱা।

 

কালি সন্ধিয়া আৰু পিছত আজি প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণৰ সাক্ষী হোৱা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰতিজন ধৰ্মগুৰুক এই যাত্ৰা সন্দৰ্ভত সজাগতা বিয়পাবলৈ আহ্বান জনায়। “এয়া আমাৰ ব্যক্তিগত সংকল্প হ’ব লাগে”, বুলি কৈ প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে।

এই উপলক্ষে সভাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ নাথ পাণ্ডে, সদগুৰু আচাৰ্য শ্ৰী স্বতন্ত্ৰদেও জি মহাৰাজ আৰু সন্ত প্ৰৱৰ শ্ৰী বিদ্যানদেও জি মহাৰাজ উপস্থিত থাকে।

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
In 2019, India launched its first Vande Bharat Express; seven years later came the sleeper version, and Railways now plans 260 Vande sleeper rakes with world-class features

Media Coverage

In 2019, India launched its first Vande Bharat Express; seven years later came the sleeper version, and Railways now plans 260 Vande sleeper rakes with world-class features
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 ছেপ্টেম্বৰ 2026
September 03, 2026

A- Rating to Third-Largest Wind Producer: How Modi’s Policies Are Rewriting India’s Global Rank