আজি উদ্বোধন হোৱা দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰ হৈছে বিশ্বমানৰ আন্তঃগাঁথনি প্ৰকল্প, যিয়ে সংযোগ গভীৰ কৰিব, অৰ্থনীতি তথা পৰ্যটনক উন্নীত কৰিব: প্ৰধানমন্ত্ৰী
গঠনৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে উত্তৰাখণ্ডই এতিয়া ২৬ বছৰত ভৰি দিছে; আজি দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে উদ্বোধনৰ লগে লগে আৰু এটা ডাঙৰ মাইলৰ খুঁটি সংযোজন কৰা হৈছে: প্ৰধানমন্ত্ৰী
ডেৰাডুন-দিল্লী অৰ্থনৈতিক কৰিডৰে সমগ্ৰ অঞ্চলটোক ৰূপান্তৰিত কৰিব: প্ৰধানমন্ত্ৰী
কৰিডৰটোৱে সময় ৰাহি কৰিব, যাত্ৰা সস্তা আৰু দ্ৰুত হ’ব, মানুহে পেট্ৰ’ল আৰু ডিজেলৰ বাবে কম খৰচ কৰিব আৰু ভাড়া তথা সামগ্ৰী পৰিবহনৰ খৰচ কমি যাব;ইয়াৰ দ্বাৰা কৰ্মসংস্থাপনৰো সুবিধা হ’ব: প্ৰধানমন্ত্ৰী
আমাৰ পাহাৰ, এই বনাঞ্চল, দেৱভূমিৰ এই ঐতিহ্য, এইবোৰ অতি পবিত্ৰ ; এনে ঠাইবোৰ পৰিষ্কাৰ কৰি ৰখাটো আমাৰ কৰ্তব্য: প্ৰধানমন্ত্ৰী
এই অঞ্চলবোৰত প্লাষ্টিকৰ বটল, জাবৰৰ দমে দেৱভূমিৰ পবিত্ৰতাক আঘাত কৰে ; দেৱভূমিৰ এই স্থানসমূহ, আমাৰ তীৰ্থস্থানসমূহ, পৰিষ্কাৰ আৰু সুন্দৰ কৰি ৰখাটো অতি প্ৰয়োজনীয়: প্ৰধানমন্ত্ৰী

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ড আৰু বিস্তৃত ৱঅঞ্চলৰ উন্নয়নৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰ উদ্বোধন কৰে। ডেৰাডুনত অনুষ্ঠিত অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে বৈশাখী, ব’হাগ বিহু আৰু পুথাণ্ডু উপলক্ষ্যে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰি এই উদ্বোধনী অনুষ্ঠানটোৰ সৈতে সমগ্ৰ ভাৰতবৰ্ষত চলি থকা উৎসৱমুখৰ উদযাপনৰ মিল থকা বুলি উল্লেখ কৰে।

দেৱভূমিৰ পবিত্ৰ ভূমিলৈ প্ৰণাম জনাই প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যমুনোত্ৰী, গংগোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথক সামৰি লোৱা চাৰ ধাম যাত্ৰা আগন্তুক দিনত আৰম্ভ হ’ব, যিটো মুহূৰ্তৰ বাবে  সমগ্ৰ দেশৰ লাখ লাখ লোকে গভীৰ ভক্তিৰে অপেক্ষা কৰি আছে। লগতে পঞ্চ বদ্ৰী, পঞ্চ কেদাৰ, পঞ্চ প্ৰয়াগ আৰু অঞ্চলটোৰ পূজনীয় দেৱতাসকলৰ লগতে মা সংকটলা আৰু মা দত কালি, যিবোৰ  মন্দিৰ তেওঁ এই অনুষ্ঠানৰ পূৰ্বে দৰ্শন কৰে আৰু  প্ৰাৰ্থনা জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মা দত কালিৰ আশীৰ্বাদে এই পৰিসৰৰ প্ৰকল্প সম্পূৰ্ণ কৰাত এক বৃহৎ শক্তিৰ সৃষ্টি কৰিছে।

 

অনুষ্ঠানতে  ড০ বি.আৰ. আম্বেদকাৰৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ হৈ বাবা চাহেবক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দৰিদ্ৰ আৰু সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ  লোকৰ ন্যায়ৰ প্ৰতি আম্বেদকাৰৰ আজীৱন দায়বদ্ধতাৰ বিষয়ত  আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে বিগত দশকত চৰকাৰৰ নীতিয়ে ৩৭০ নং অনুচ্ছেদ বাতিলৰ পৰা কেইবা ডজনো  জিলাত মাওবাদ আৰু নক্সালবাদ নিৰ্মূল কৰালৈকে সাংবিধানিক মূল্যবোধক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে উত্তৰাখণ্ডই  এক ইউনিফৰ্ম চিভিল কোডৰ সাংবিধানিক আকাংক্ষাক আগুৱাই লৈ গৈ  সমগ্ৰ দেশক  পথ দেখুৱাইছে।

২৬  বছৰত ভৰি দিয়া ৰাজ্য হিচাপে উত্তৰাখণ্ডৰ যাত্ৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই শতিকাৰ তৃতীয় দশক উত্তৰাখণ্ডৰ দশক হ’ব বুলি পূৰ্বৰ ঘোষণাৰ কথা স্মৰণ কৰে। তেওঁ উল্লেখ কৰে যে বৰ্তমান চৰকাৰৰ নীতি আৰু জনসাধাৰণৰ কঠোৰ পৰিশ্ৰমৰ ফলত নতুন  ৰাজ্যখনে নিজৰ উন্নয়নত নতুন মাত্ৰা সংযোজন কৰি আহিছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে এই এক্সপ্ৰেছৱেই উত্তৰাখণ্ডৰ বৃদ্ধিত  গতি প্ৰদান কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এখন দেশৰ ভৱিষ্যত ইয়াৰ পথ, ঘাইপথ, এক্সপ্ৰেছৱে, বিমানপথ, ৰে'লপথ আৰু জলপথত লিখা থাকে। দেশৰ আন্তঃগাঁথনি উন্নয়নৰ অভূতপূৰ্ব গতিৰ বিষয়ত আলোকপাত কৰি তেওঁ আঙুলিয়াই দিয়ে যে ২০১৪ চনৰ আগতে আন্তঃগাঁথনিৰ ব্যয় বছৰি ২ লাখ কোটি টকাতকৈও কম আছিল যদিও এতিয়া ই ছগুণতকৈ অধিক বৃদ্ধি পাই বছৰি ১২ লাখ কোটি টকাৰ ওপৰত হৈছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে বৰ্তমান কেৱল উত্তৰাখণ্ডতে ২.২৫ লাখ কোটি টকাতকৈ অধিক মূল্যৰ আন্তঃগাঁথনিৰ প্ৰকল্প চলি আছে।

দিল্লী-পশ্চিম উত্তৰ প্ৰদেশ- উত্তৰাখণ্ড অঞ্চলৰ শেহতীয়া পৰিঘটনাসমূহ গণনা কৰি প্ৰধানমন্ত্ৰীয়ে দিল্লী মেট্ৰ’ৰ সম্প্ৰসাৰণ, মীৰুটত মেট্ৰ’ সেৱা আৰম্ভ, দিল্লী-মীৰুট নমো ভাৰত ৰে’লৰ উদ্বোধন, নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু এম আৰ অ’ৰ সুবিধা আৰম্ভ হোৱা আদি কথাবোৰ   কম সময়ৰ ভিতৰতে হোৱা বুলি  উল্লেখ কৰে। "কল্পনা কৰকচোন সমগ্ৰ দেশতে আন্তঃগাঁথনি কিমান পৰিসৰত নিৰ্মাণ কৰা হৈছে , এই এটা সৰু অঞ্চলত যি হৈ আছে সেয়া তাৰ আভাসহে  মাত্ৰ," শ্ৰী মোদীয়ে মন্তব্য কৰে।

দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰৰ পৰিৱৰ্তনশীল লাভৰ বিষয়ে বিতংভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোত প্ৰকল্পটোৰ বহুমাত্ৰিক প্ৰভাৱৰ বিষয়ত  আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে এক্সপ্ৰেছৱেই যাতায়তৰ সময় আৰু খৰচ বহু পৰিমাণে হ্ৰাস কৰিব, যাৰ ফলত ইন্ধনৰ যথেষ্ট ৰাহি হ’ব আৰু সামগ্ৰী পৰিবহনৰ খৰচ কম হ’ব।

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কৃষক আৰু পশুপালকসকলো লাভাৱান্বিত  হ’ব । কাৰণ তেওঁলোকৰ উৎপাদিত সামগ্ৰী অধিক গতিৰে  বৃহৎ বজাৰত উপনীত হ’ব। তেওঁ পৰ্যবেক্ষণ কৰে যে গাজিয়াবাদ, বাঘপাট, বৰাউত, ছামলী আৰু চাহাৰণপুৰৰ মাজেৰে যোৱা কৰিড’ৰটোৱে উত্তৰ প্ৰদেশৰ এই চহৰসমূহকো পুনৰুজ্জীৱিত কৰিবলৈ সাজু হৈছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে এইটো কেৱল এটা পথ নহয়, ই সমগ্ৰ অঞ্চলটোত বাণিজ্য, উদ্যোগ, গুদাম, আৰু লজিষ্টিকছৰ বাবে নতুন পথ মুকলি কৰিছে।

নতুন এক্সপ্ৰেছৱেৰ পৰ্যটন সম্ভাৱনাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ডেৰাডুন, হৰিদ্বাৰ, ঋষিকেশ, মছৌৰী আৰু চাৰ ধাম চাৰ্কিট সকলো অধিক সুলভ হ’ব। তেওঁ লগতে কয় যে উত্তৰাখণ্ড ক্ৰমান্বয়ে শীতকালীন পৰ্যটন, শীতকালীন ক্ৰীড়া আৰু গন্তব্য বিবাহৰ বাবে প্ৰধান গন্তব্যস্থানত পৰিণত হৈছে। উত্তৰাখণ্ডৰ অৰ্থনীতিৰ বাবে বছৰজুৰি পৰ্যটনৰ গুৰুত্ব লক্ষ্য কৰি তেওঁ কয় যে শীতকালীন তীৰ্থযাত্ৰাত আদি কৈলাশ আৰু ওম পৰ্বত ভ্ৰমণকাৰীৰ সংখ্যাত উল্লেখযোগ্য উত্থান ঘটিছে , ২০২৫ চনত কেইবাশৰ পৰা ৩৬,০০০ৰো অধিকলৈ বৃদ্ধি পাইছে, আনহাতে শীতকালীন চাৰ ধাম যাত্ৰাত অংশগ্ৰহণকাৰীৰ সংখ্যা ২০২৪ চনত ৮০,০০০ৰ পৰা ২০২৫ চনত  ১.৫ লাখৰো অধিকলৈ বৃদ্ধি পাইছে । "যেতিয়া পৰ্যটন বৃদ্ধি পায়, সকলোৱে লাভাৱান্বিত  হয়, হোটেল, ধাবা, টেক্সি, হোম ষ্টে, সমগ্ৰ স্থানীয় অৰ্থনীতিয়ে গতি  লাভ কৰে," শ্ৰী মোদীয়ে মন্তব্য কৰে।

প্ৰকৃতি আৰু সংস্কৃতিৰ সৈতে প্ৰগতিৰ ভাৰসাম্য ৰক্ষাৰ চৰকাৰৰ দায়বদ্ধতাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে এক্সপ্ৰেছৱেৰ অংশ হিচাপে প্ৰায় ১২ কিলোমিটাৰ উচ্চতাত বন্যপ্ৰাণী কৰিডৰ নিৰ্মাণৰ বিষয়ত আলোকপাত কৰে, ইয়াক  হাতীকে ধৰি আন জীৱ-জন্তুৱে যাতে কোনো ধৰণৰ ব্যাঘাতৰ সন্মুখীন নহয় তাৰ বাবে আৰ্হি প্ৰস্তুত  কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে দেৱভূমিৰ পাহাৰ-বনাঞ্চল ভ্ৰমণ কৰা পৰ্যটক আৰু তীৰ্থযাত্ৰীসকলকো এই পবিত্ৰ স্থানসমূহ পৰিষ্কাৰ আৰু প্লাষ্টিকৰ আৱৰ্জনামুক্ত কৰি ৰাখিবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে  কয় যে আমাৰ প্ৰচেষ্টা এই যে আন্তঃগাঁথনিয়ে মানুহক সেৱা আগবঢ়ায় যদিও এই অঞ্চলসমূহৰ বন্যপ্ৰাণী আৰু প্ৰাকৃতিক ঐতিহ্যকো সুৰক্ষিত কৰিব লাগিব।

 

অহা বছৰ হৰিদ্বাৰত অনুষ্ঠিত হ’বলগীয়া কুম্ভমেলাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সকলো অংশীদাৰক আহ্বান জনায় যে এই অনুষ্ঠানটো  ঐশ্বৰিক আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন হোৱাটো নিশ্চিত কৰক। ভাৰতৰ সাংস্কৃতিক চেতনাৰ জীৱন্ত নিদৰ্শন নন্দা দেৱী ৰজ্জত যাত্ৰাৰ বিষয়েও তেওঁ কয় , য'ত দেৱী নন্দাক কন্যা হিচাপে শ্ৰদ্ধা কৰা হয় আৰু পূৰ্ণ সন্মানেৰে বিদায় দিয়া হয়, মহিলাসকলৰ উল্লেখযোগ্য অংশগ্ৰহণে ইয়াক বিশেষভাৱে অৰ্থপূৰ্ণ কৰি তুলিছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ৰজ্জত যাত্ৰা কেৱল বিশ্বাসৰ যাত্ৰা নহয়, ই আমাৰ জীৱন্ত সাংস্কৃতিক ঐতিহ্যৰ প্ৰমাণ।

মহিলা সৱলীকৰণৰ বিষয়টোত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মহিলাসকলৰ সুৰক্ষা আৰু ৰাজনৈতিক অংশগ্ৰহণৰ প্ৰতি চৰকাৰ দৃঢ়ভাৱে দায়বদ্ধ হৈ আছে। তেওঁ স্মৰণ কৰে যে চাৰি দশক ধৰি অপেক্ষাৰ অন্তত সংসদে লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ নিশ্চয়তা প্ৰদান কৰি নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত কৰিছিল।

 

এই কথা আগুৱাই নিয়াৰ বাবে ১৬ এপ্ৰিলৰ পৰা সংসদত এক বিশেষ আলোচনাৰ দিন ধাৰ্য কৰা হৈছে বুলি তেওঁ ঘোষণা কৰে। দেৱভূমিৰ মাটিৰ পৰাই তেওঁ  সকলো ৰাজনৈতিক দলক   ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পৰা আইনখন কাৰ্যকৰী হোৱাটো নিশ্চিত কৰিবলৈ সংশোধনীক সমৰ্থন  জনাবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এয়া এই দেশৰ প্ৰতিগৰাকী ভগ্নী-কন্যাৰ ইচ্ছা  আৰু আমি ইয়াক সৰ্বসন্মতিক্ৰমে পূৰণ কৰিব লাগিব। গড়ী ছাউনীৰ ঐতিহাসিক স্থানৰ পৰা উত্তৰাখণ্ডৰ গৌৰৱময় সামৰিক পৰম্পৰাক শ্ৰদ্ধা  জনাই প্ৰধানমন্ত্ৰীয়ে ১৯৬২ চনৰ যুদ্ধত ৰাইফলমেন যশৱন্ত সিং ৰাৱটৰ দৰে শ্বহীদৰ বীৰত্বক স্মৰণ কৰে।

তেওঁ প্ৰাক্তন সেনাবাহিনীৰ লোকৰ বাবে কেইবাটাও কল্যাণমূলক ব্যৱস্থাৰ ৰূপৰেখা দাঙি ধৰে, য’ত ৱান ৰেংক ৱান পেঞ্চনৰ অধীনত প্ৰায় ১.২৫ লাখ কোটি টকাৰ ধন প্ৰদান, প্ৰবীণ সৈনিকৰ স্বাস্থ্য আঁচনিৰ বাজেট ৩৬ শতাংশ বৃদ্ধি, ৭০ বছৰৰ ওপৰৰ প্ৰাক্তন সেনাবাহিনীৰ বাবে ঔষধ ঘৰতে প্ৰদানৰ ব্যৱস্থা, সৈনিকৰ সন্তানৰ শিক্ষাৰ অনুদান দুগুণ কৰা আৰু কন্যাৰ বিবাহ সাহায্য  ৫০,০০০ টকাৰ পৰা ১ লাখ টকালৈ বৃদ্ধি কৰা আদি আছে । শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে সশস্ত্ৰ বাহিনীক শক্তিশালী কৰা আৰু আমাৰ সৈনিকৰ পৰিয়ালক সন্মান জনোৱাটো এই চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয় ।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয় যে  এখন বিকশিত ভাৰতৰ দৃষ্টিভংগীয়ে প্ৰগতি, প্ৰকৃতি আৰু সংস্কৃতিক সমানে সামৰি ল’ব লাগিব। তেওঁ দিল্লী, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ডৰ লগতে সমগ্ৰ দেশবাসীলৈ এক্সপ্ৰেছ ৱে’ উদ্বোধনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে, “প্ৰতিটো মাত্ৰাত দেশপ্ৰেম, ভক্তি আৰু উন্নয়নৰ সংমিশ্ৰণ ঘটাই আমি এনেদৰেই প্ৰকৃততে এখন  উন্নত ভাৰত গঢ়িম।”

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI

Media Coverage

India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 মে’ 2026
May 30, 2026

Viksit Bharat in Motion: How PM Modi is Building a Self-Reliant Global India”