"আম্মা প্ৰেম, কৰুণা, সেৱা আৰু ত্যাগৰ প্ৰতিমূৰ্তি। তেওঁ ভাৰতৰ আধ্যাত্মিক পৰম্পৰাৰ বাহক"
"ভাৰত এনে এখন ৰাষ্ট্ৰ, য'ত চিকিৎসা এবিধ সেৱা, আৰোগ্য এবিধ দান। য'ত আৰোগ্য আধ্যাত্মিকতা দুয়োটা পৰস্পৰে সংযুক্ত"
"আমাৰ ধাৰ্মিক আৰু সামাজিক সংস্থাৰ দ্বাৰা শিক্ষা-চিকিৎসাৰে জড়িত দায়িত্ব পালনৰ এই ব্যৱস্থা এক প্ৰকাৰৰ পুৰণি সময়ৰ পিপিপি মডেলেই। ইয়াক পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বিপ বুলি কয়েই কিন্তু মই ইয়াক 'পৰস্পৰ প্ৰয়াস' হিচাপেও দেখা পাওঁ"
"যেতিয়াই সমাজৰ ধৰ্মগুৰু, আধ্যাত্মিক গুৰু একেলগে আহিল, তেওঁলোকে মানুহক উৰাবাতৰিত মন নিদিবলৈ ক'লে, তেতিয়াই তাৰ তৎক্ষণাত প্ৰভাৱ পৰিল। ভাৰতে তেনেকুৱা ভেকচিন হেজিটেঞ্চিৰ সন্মুখীন হ'বলগা নহ'ল, যেনেকুৱা অন্য দেশত দেখিবলৈ পোৱা গ'ল"
"দাসত্বৰ মানসিকতা যেতিয়াই আমি ত্যাগ কৰো, তেতিয়াই আমাৰ কামৰ দিশো সলনি হৈ যায়"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফৰিদাবাদত অত্যাধুনিক অমৃত হাস্পতালৰ উদ্বোধন কৰে। এই উপলক্ষে হাৰিয়ানাৰ ৰাজ্যপাল শ্ৰী বণ্ডাৰু দত্তাত্ৰেয়, মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল, উপ-মুখ্যমন্ত্ৰী শ্ৰী দুষ্যন্ত চৌটালা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কৃষ্ণ পাল গুৰ্জৰ, শ্ৰী মাতা অমৃতানন্দময়ীও উপস্থিত আছিল।

এই উপলক্ষে নিজৰ ভাষণত, প্ৰধানমন্ত্ৰীয়ে কয় যে কেইদিনমানৰ আগতেই দেশে এক নতুন উদ্যমেৰে স্বাধীনতাৰ অমৃত কালত প্ৰৱেশ কৰিছে। আমাৰ এই অমৃত কালত দেশৰ সামূহিক প্ৰয়াস প্ৰতিষ্ঠিত হৈ আছে, দেশৰ সামূহিক চিন্তা জাগ্ৰত হৈ আছে। তেওঁ সন্তুষ্টি প্ৰকাশ কৰি কয় যে এই অমৃত কালৰ এই প্ৰথম বেলাত দেশে শ্ৰী মাতা অমৃতানন্দময়ীৰ আশীৰ্বাদৰ অমৃতো পাই আছে। তেওঁ কয় যে এই হাস্পতাল আধুনিকতা আৰু আধ্যাত্মিকতাৰ মিশ্ৰণ আৰু প্ৰয়োজনবোধ কৰা ৰোগীৰ বাবে সুলভ আৰু লাভজনক চিকিৎসাৰ মাধ্যম হ'ব। তেওঁ কয়, "আম্মা প্ৰেম, কৰুণা, সেৱা আৰু ত্যাগৰ প্ৰতিমূৰ্তি। তেওঁ ভাৰতৰ আধ্যাত্মিক পৰম্পৰাৰ বাহক।"

ভাৰতৰ সেৱা আৰু চিকিৎসাৰ মহান পৰম্পৰাৰ ওপৰত মনোযোগ দি, প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰত এনে এখন ৰাষ্ট্ৰ, য'ত চিকিৎসা এবিধ সেৱা, আৰোগ্য এবিধ দান। য'ত আৰোগ্য আধ্যাত্মিকতা, দুয়োটা পৰস্পৰে সংযুক্ত। আমাৰ ইয়াত আয়ুৰ্বিজ্ঞান এখন বেদ। আমি আমাৰ মেডিকেল ছাইঞ্চকো আয়ুৰ্বেদৰ নাম দিছো।" তেওঁ সভাক মনত পেলাই দিয়ে যে কেইবা শতিকাজুৰি দাসত্বৰ কঠিন সময়তো ভাৰতে নিজৰ আধ্যাত্মিক আৰু সেৱাৰ ঐতিহ্যক কেতিয়াও লুপ্ত হ'বলৈ নিদিলে।

তেওঁ ৰাষ্ট্ৰৰ সৌভাগ্যৰ বিষয়ে কয় যে পূজ্য আম্মাৰ দৰে সন্তসকলৰ ৰূপত আধ্যাত্মিক শক্তি সদায়েই দেশৰ প্ৰতিটো কোণত ব্যাপ্ত আছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ ধাৰ্মিক আৰু সামাজিক সংস্থাসমূহৰ দ্বাৰা শিক্ষা-চিকিৎসাৰে জড়িত দায়িত্ব পালনৰ এই ব্যৱস্থা এক প্ৰকাৰৰ পুৰণি সময়ৰ পিপিপি মডেলেই। প্ৰধানমন্ত্ৰীয়ে কয়, "ইয়াক পাব্লিক-প্ৰাইভেট পাৰ্টনাৰশ্বিপ বুলি তো কয়েই, কিন্তু মই ইয়াক 'পৰস্পৰ প্ৰয়াস' হিচাপেও দেখা পাওঁ।

প্ৰধানমন্ত্ৰীয়ে ভাৰতত প্ৰস্তুত হোৱা ভেকচিনৰ বিষয়ে অপপ্ৰচাৰৰ ওপৰত মন্তব্য কৰি কয় যে আপোনালোক সকলোৰে হয়তো মনত আছে যে যেতিয়া ভাৰতে নিজৰ ভেকচিন বনাইছিল, তেতিয়া কিছুমান মানুহে কেনেকৈ অপপ্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিল। এই অপপ্ৰচাৰৰ ফলত সমাজত বহুতো উৰাবাতৰি বিয়পিবলৈ ধৰিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে কিন্তু যেতিয়াই সমাজৰ ধৰ্মগুৰু, আধ্যাত্মিক গুৰু একেলগে আহিল, তেওঁলোকে মানুহক উৰাবাতৰিত মন নিদিবলৈ ক'লে, তেতিয়াই তাৰ তৎক্ষণাত প্ৰভাৱ পৰিল। ভাৰতে তেনেকুৱা ভেকচিন হেজিটেঞ্চিৰ সন্মুখীন হ'বলগা নহ'ল, যেনেকুৱা অন্য দেশত দেখিবলৈ পোৱা গ'ল।

লাল কিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক কৰা নিজৰ সম্বোধনৰ বিষয়ে উল্লেখ কৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে এইবাৰ লাল কিল্লাৰ পৰা মই অমৃত কালৰ পঞ্চ-প্ৰাণৰ এটা ভিজন দেশৰ সন্মুখত ৰাখিছো। এই পঞ্চ প্ৰাণৰ এটা হৈছে- দাসত্বৰ মানসিকতা সম্পূৰ্ণ ত্যাগ। তেওঁ কয় যে ইয়াক লৈ এই সময়ত খুওব চৰ্চাও হৈ আছে। প্ৰধানমন্ত্ৰীয়ে কয়, "এই মানসিকতা যেতিয়াই আমি ত্যাগ কৰো, তেতিয়াই আমাৰ কামৰ দিশো সলনি হয়।" তেওঁ লগতে কয় যে এই পৰিৱৰ্তনেই আজি দেশৰ চিকিৎসা প্ৰণালীতো দেখা গৈছে, কিয়নো দেশৰ পৰম্পৰাগত জ্ঞানত বিশ্বাস বাঢ়ি আছে। যোগৰ আজি বিশ্বজনীন স্বীকৃতি আছে আৰু সমগ্ৰ বিশ্বই অহা বছৰ আন্তঃৰাষ্ট্ৰীয় বাজৰা বৰ্ষ পালন কৰিব।

সম্বোধন সমাপ্ত কৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে হাৰিয়ানা আজি দেশৰ সেই অগ্ৰণী ৰাজ্যসমূহৰ মাজত আছে, য'ত ঘৰে ঘৰে পাইপেৰে পানীৰ সুবিধাৰে সংযুক্ত হৈছে। প্ৰধানমন্ত্ৰীয়ে বেটী বচাও, বেটী পঢ়াও অভিযানতো উৎকৃষ্ট যোগদানৰ বাবে হাৰিয়ানাৰ জনসাধাৰণক অভিনন্দন জনায় । তেওঁ কয় যে ফিটনেছ আৰু খেলৰ দৰে বিষয় তো হাৰিয়ানাৰ সংস্কাৰত আছে।

 

 

 

 

 

 

পটভূমি

প্ৰধানমন্ত্ৰীৰ দ্বাৰা ফৰিদাবাদত অমৃত হাস্পতালৰ উদ্বোধন সম্পন্ন হোৱাত ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ (এনচিআৰ)ত অত্যাধুনিক চিকিৎসা সুবিধাৰ উপলব্ধতা বৃদ্ধি পাব। মাতা অমৃতানন্দময়ী মঠৰ দ্বাৰা সঞ্চালিত ছুপাৰ স্পেচিয়েলিটি হস্পিটেল ২৬০০খন বিছনাৰে সজ্জিত। প্ৰায় ৬০০০ কোটি টকাৰ আনুমানিক ব্যয়সাপেক্ষে এই হাস্পতালৰ নিৰ্মাণ কৰি থকা হৈছে। এই হাস্পতালে ফৰিদাবাদ আৰু সমগ্ৰ এনচিআৰ ক্ষেত্ৰৰ জনসাধাৰণক অত্যাধুনিক স্বাস্থ্য সুবিধাৱলী প্ৰদান কৰিব।

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total

Media Coverage

Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 আগষ্ট 2026
August 28, 2026

India’s Growth Story, Grounded: Inclusion, Exports, and Infrastructure Under One Vision of PM Modi