“এয়া সঁচাকৈয়ে এক অভূতপূৰ্ব শক্তি আৰু অনুভূতি সৃষ্টিকাৰী সঠিক ৰূপৰ এক মহাকুম্ভ”
“ষ্টাৰ্ট-আপ মহাকুম্ভলৈ অহা সকলো ভাৰতীয়ই ভৱিষ্যতৰ ইউনিকৰ্ণ আৰু ডেকাকৰ্ণক প্ৰত্যক্ষ কৰিব”
“ষ্টাৰ্ট-আপ এক সামাজিক সংস্কৃতিত পৰিণত হৈছে আৰু এনে এটা সামাজিক সংস্কৃতিক কোনেও ৰোধিব নোৱাৰে”
“দেশৰ ৪৫ শতাংশৰো অধিক ষ্টাৰ্ট-আপৰ নেতৃত্ব মহিলাসকলে গ্ৰহণ কৰিছে”
“মই বিশ্বাস কৰোঁ যে বৈশ্বিক প্ৰয়োগৰ বাবে ভাৰতীয় সমাধান বিশ্বৰ বহু ৰাষ্ট্ৰৰ বাবে সহায়ক হৈ উঠিব”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ষ্টাৰ্ট-আপ মহাকুম্ভ উদ্বোধন কৰে। তেখেতে এই উপলক্ষে আয়োজিত প্ৰদৰ্শনীখনো প্ৰত্যক্ষ কৰে।

ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ষ্টাৰ্ট-আপ মহাকুম্ভৰ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে ২০৪৭ৰ ভিতৰত এখনি বিকশিত ভাৰতৰ বাবে কামৰ ৰোডমেপত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত কেইটামান দশকত তথ্য-প্ৰযুক্তি আৰু চফ্টৱেৰ খণ্ডত ভাৰতে নিজৰ নাম উজলাই তোলাৰ ওপৰত আলোকপাত কৰে তথা উদ্ভাৱন আৰু ষ্টাৰ্ট-আপ সংস্কৃতিৰ উদীয়মান ধাৰাসমূহৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ষ্টাৰ্ট-আপ জগতৰ লোকসকলৰ উপস্থিতিয়ে আজিৰ এই অনুষ্ঠানৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰিছে। দেশৰ ষ্টাৰ্ট-আপৰ সফলতাৰ ওপৰত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইসমূহক সফল কৰি তোলা প্ৰতিভাৰ উপাদানটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। তেখেতে বিনিয়োগকাৰী, ইনকিউবেটৰ, শিক্ষাবিদ, গৱেষক, উদ্যোগৰ সদস্য তথা বৰ্তমান আৰু ভৱিষ্যতৰ উদ্যোগীসকলৰ উপস্থিতি স্বীকাৰেৰে কয়, “এয়া সঁচাকৈয়ে এক অভূতপূৰ্ব শক্তি আৰু অনুভূতি সৃষ্টিকাৰী সঠিক ৰূপৰ এক মহাকুম্ভ।” প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ৰীড়া আৰু প্ৰদৰ্শনীৰ ষ্টলসমূহ ভ্ৰমণৰ সময়তো অনুভূত একে অনুভৱৰ কথা উল্লেখেৰে ইয়াত নিজ-নিজ উদ্ভাৱনসমূহ অতি গৌৰৱেৰে প্ৰদৰ্শন কৰা হৈছে বুলি কয়। “ষ্টাৰ্ট-আপ মহাকুম্ভলৈ অহা সকলো ভাৰতীয়ই ভৱিষ্যতৰ ইউনিকৰ্ণ আৰু ডেকাকৰ্ণক প্ৰত্যক্ষ কৰিব”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে সঠিক নীতিৰ বাবে দেশত ষ্টাৰ্ট-আপ ইক’চিষ্টেমৰ বৰ্ধনত সন্তুষ্টি প্ৰকাশ কৰে। সমাজত ষ্টাৰ্টআপৰ ধাৰণাটোৰ প্ৰতি প্ৰাৰম্ভিক অনিচ্ছা আৰু উদাসীনতাৰ কথা তেখেতে উল্লেখ কৰে। ষ্টাৰ্ট-আপ ইণ্ডিয়াৰ অধীনত কিছু সময়ৰ ভিতৰতে উদ্ভাৱনীমূলক ধাৰণাসমূহে এখনি মঞ্চ বিচাৰি পাইছে বুলিও তেখেতে কয়। তেখেতে পুঁজিৰ উৎসৰ সৈতে ধাৰণাসমূহ সংযোগৰ জৰিয়তে এটা ইক’চিষ্টেমৰ বিকাশ সাধনৰ ওপৰত মন্তব্য কৰে আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহত ইনকিউবেটৰ যিয়ে টায়াৰ ২ আৰু টায়াৰ ৩ চহৰৰ যুৱক-যুৱতীসকলক সুবিধা প্ৰদান কৰে, সেই সম্পৰ্কে কয়। “ষ্টাৰ্ট-আপ এক সামাজিক সংস্কৃতিত পৰিণত হৈছে আৰু এনে এটা সামাজিক সংস্কৃতিক কোনেও ৰোধিব নোৱাৰে”, তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ষ্টাৰ্ট-আপ বিপ্লৱৰ নেতৃত্ব ক্ষুদ্ৰ চহৰসমূহে গ্ৰহণ কৰিছে আৰু সেয়াও কৃষি, বস্ত্ৰশিল্প, চিকিৎসা, পৰিবহণ, মহাকাশ, যোগ আৰু আয়ুৰ্বেদকে ধৰি বহুতো খণ্ডত দৃশ্যমান হৈছে। মহাকাশ ষ্টাৰ্ট-আপৰ বিষয়ে বিশদভাৱে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মহাকাশ শ্বাটলৰ উৎক্ষেপণকে ধৰি মহাকাশ খণ্ডৰ ৫০ ৰো অধিক ক্ষেত্ৰত ভাৰতীয় ষ্টাৰ্ট-আপে কাম কৰি আছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে ষ্টাৰ্ট-আপ সন্দৰ্ভত পৰিৱৰ্তিত মানসিকতা সন্দৰ্ভত মন্তব্য কৰে। তেখেতে কয় যে ষ্টাৰ্ট-আপে ব্যৱসায় আৰম্ভ কৰিবলৈ বহু ধনৰ প্ৰয়োজন বুলি থকা মনোভাৱক সলনি কৰিছে। চাকৰি বিচৰাতকৈ চাকৰি প্ৰদানকাৰী হোৱাৰ পথ বাছি লোৱাৰ বাবে দেশৰ যুৱক-যুৱতীসকলক প্ৰশংসা কৰে।

“ভাৰত হৈছে তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্ট-আপ ইক’চিষ্টেম, য’ত ১.২৫ লাখ ষ্টাৰ্ট-আপ আছে। ইয়াৰ সৈতে ১২ লাখ যুৱক-যুৱতী জড়িত হৈ আছে”, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্যোগীসকলক শীঘ্ৰে পেটেন্ট দাখিলৰ ক্ষেত্ৰত সজাগ হ’বলৈ কয়। জিইএম পৰ্টেলে ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ষ্টাৰ্ট-আপক ২০ হাজাৰ কোটিৰো অধিক টকা প্ৰদান কৰিছে। তেখেতে যুৱক-যুৱতীসকলক নতুন-নতুন ক্ষেত্ৰত প্ৰৱেশৰ বাবে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে নীতি মঞ্চত আৰম্ভ কৰা ষ্টাৰ্ট-আপসমূহ আজি নতুন শিখৰত উপনীত হৈছে।

ডিজিটেল ইণ্ডিয়াই ষ্টাৰ্ট-আপসমূহক প্ৰদান কৰা প্ৰেৰণা সম্পৰ্কে আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এয়া এক বৃহৎ প্ৰেৰণা আৰু কলেজসমূহে ইয়াক কেছ ষ্টাডি হিচাপে গ্ৰহণ কৰিবলৈ তেখেতে পৰামৰ্শ দিয়ে। তেখেতে দেশত ডিজিটেল সেৱা সম্প্ৰসাৰণৰ বাবে উদ্ভাৱনীমূলক সামগ্ৰী আৰু সেৱাৰ বিকাশৰ নেতৃত্ব দিয়া ফিন-টেক ষ্টাৰ্ট-আপসমূহৰ বাবে ইউপিআই সমৰ্থনৰ স্তম্ভ হিচাপে পৰিগণিত হোৱাৰ কথা উল্লেখ কৰে। জি-২০ সন্মিলনৰ সময়ত ভাৰত মণ্ডপমত স্থাপন কৰা এটা বুথত উদ্যোগ আৰু বিশ্বৰ নেতাসকলৰ আহ-যাহৰ কথা তেখেতে স্মৰণ কৰে, য’ত ইউপিআইৰ কাম-কাজৰ বিষয়ে বুজাই দিয়া হৈছিল আৰু ট্ৰাইল ৰাণৰ প্ৰস্তাৱ দিয়া হৈছিল। ইয়াৰ ফলত আৰ্থিক অন্তৰ্ভুক্তি শক্তিশালী হোৱাৰ লগতে গ্ৰাম্য আৰু নগৰৰ বিভাজন হ্ৰাস পোৱা তথা প্ৰযুক্তিৰ সৰ্বজনীনতাও বৃদ্ধি পাইছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আনন্দ প্ৰকাশেৰে কয় যে দেশৰ ৪৫ শতাংশৰো অধিক ষ্টাৰ্ট-আপৰ নেতত্বত মহিলাসকল আছে। শিক্ষা, কৃষি বা স্বাস্থ্য নিৰ্বিশেষে তেওঁলোকে এই ভূমিকা পালন কৰিছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কেৱল এখনি বিকশিত ভাৰতৰ বাবেই নহয়, বৰঞ্চ মানৱতাৰ বাবে উদ্ভাৱনৰ সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেখেতে ষ্টাৰ্টআপ-২০ৰ অধীনত গ্ল’বেল ষ্টাৰ্ট-আপৰ বাবে এক মঞ্চ প্ৰদানৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰে, যিয়ে ষ্টাৰ্ট-আপক বিকাশৰ ইঞ্জিন হিচাপে গণ্য কৰে। এআইৰ ক্ষেত্ৰতো ভাৰতৰ উৰ্ধ্বমুখী যাত্ৰাৰ কথাও তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এআই উদ্যোগৰ আগমনৰ লগে-লগে যুৱ উদ্ভাৱক আৰু বিশ্ব বিনিয়োগকাৰী উভয়ৰে বাবে সৃষ্টি হোৱা অসংখ্য সুযোগৰ ওপৰত আলোকপাতেৰে ৰাষ্ট্ৰীয় কোৱান্টাম অভিযান, ভাৰত এআই মিছন আৰু অৰ্ধপৰিবাহী অভিযানৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে কিছুদিন পূৰ্বে আমেৰিকাৰ চেনেটত প্ৰদান কৰা ভাষণৰ সময়ত এআইৰ বিষয়ে আলোচনাৰ কথা স্মৰণেৰে ভাৰত এই খণ্ডত আগশাৰীৰ হৈ থাকিব বুলি আশ্বাস দিয়ে। “মই বিশ্বাস কৰোঁ যে বৈশ্বিক প্ৰয়োগৰ বাবে ভাৰতীয় সমাধান বিশ্বৰ বহু ৰাষ্ট্ৰৰ বাবে সহায় হৈ উঠিব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় যুৱক-যুৱতীসকলৰ হেকাথন আদিৰ জৰিয়তে শিক্ষা গ্ৰহণৰ বৈশ্বিক ইচ্ছাক স্বীকাৰ কৰে। ভাৰতীয় পৰিস্থিতিত পৰীক্ষা কৰা সমাধানসমূহৰ বৈশ্বিক গ্ৰহণযোগ্যতা আছে বুলিও তেখেতে কয়। তেখেতে ৰাষ্ট্ৰীয় গৱেষণা ন্যাস আৰু চানৰাইজ খণ্ডৰ ক্ষেত্ৰসমূহত ভৱিষ্যতৰ প্ৰয়োজনীয়তাসমূহৰ বাবে গৱেষণা আৰু পৰিকল্পনাৰ বাবে ১ লাখ কোটি টকাৰ পুঁজিৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ষ্টাৰ্ট-আপসমূহক ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহক ষ্টাৰ্টআপ খণ্ডত আগবাঢ়ি আহিবলৈ সহায় আগবঢ়াবলৈ আহ্বান জনাবলৈ কয়। তেখেতে তেওঁলোকক ইনকিউবেচন চেন্টাৰ, স্কুল-কলেজ পৰিদৰ্শনেৰে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে চিন্তাৰ আদান-প্ৰদান কৰিবলৈ কয়। তেখেতে কয় যে শাসন ব্যৱস্থাত একাধিক ভাল সমাধান গ্ৰহণ কৰা হৈছিল আৰু চৰকাৰত সমাধান বিচাৰিবলৈ হেকাথন সংস্কৃতি প্ৰতিষ্ঠা হৈছিল। তেখেতে ব্যৱসায়ী আৰু এমএছএমই সকলকো অনুসৰণ কৰিবলৈ কয়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতক একাদশ স্থানৰপৰা বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলাত ভাৰতৰ যুৱক-যুৱতীসকলৰ অৱদানৰ ওপৰত আলোকপাতেৰে তৃতীয় কাৰ্য্যকালত ভাৰতক তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ নিশ্চয়তা পূৰণৰ ক্ষেত্ৰত ষ্টাৰ্টআপসমূহে ল’বলগীয়া ভূমিকা সম্পৰ্কেও ব্যক্ত কৰে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যুৱক-যুৱতীসকলৰ সৈতে মত-বিনিময় কৰিলে তেখেত এক নতুন শক্তিৰে ভৰি পৰে। এইবুলি কৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে যুৱক-যুৱতীসকলক শুভেচ্ছা জনায়।

 

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী শ্ৰী পীয়ূষ গোয়েল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী অনুপ্ৰিয়া পেটেল আৰু শ্ৰী সোম প্ৰকাশকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট লোকসকল উপস্থিত থাকে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity

Media Coverage

From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting fundamental causes of progress
April 28, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today highlighting that effort, self-control, skill, vigilance, patience, memory, and initiating any task with thoughtful consideration are the fundamental causes of progress.

The Prime Minister remarked that hard work performed with patience and dedication can yield remarkable success, further pointing out that it also infuses the nation's prosperity and strength with fresh vigor.

The Prime Minister wrote on X:

"संयम और समर्पण के साथ किया गया परिश्रम अद्भुत सफलता दे सकता है। इससे राष्ट्र की समृद्धि और सामर्थ्य को भी एक नई ऊर्जा मिलती है।

उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः।

समीक्ष्य च समारम्भो विद्धिमूलं भवस्य तु॥"

Effort, self-control, skill, vigilance, patience, memory and initiating any task with thoughtful consideration, these are all the fundamental causes of progress.