বিশিষ্ট তামিল কবিৰ ১০০তম পূণ্য তিথিত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ কলা বিভাগত তামিল শিক্ষাৰ বাবে সন্মানীয় ‘সুব্রহ্মনিয়া ভাৰতী চেয়াৰ’ স্থাপনৰ কথা ঘোষণা কৰিছে প্রধানমন্ত্রীয়ে
চর্দাৰ চাহেবৰ ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ৰ দর্শন মহাকবি ভাৰতীৰ তামিল ৰচনাত সুস্পষ্টভাৱে প্রস্ফুটিত
আজি সমগ্র বিশ্বই উপলব্ধি কৰিছে যে মানবিক মূল্যবোধৰ মাধ্যমত ৯/১১ৰ দৰে বিপর্যয়ৰ স্থায়ী সমাধান সম্ভৱ : প্রধানমন্ত্রী
মহামাৰীৰ প্রভাৱ ভাৰতীয় অর্থনীতিত পৰিলেও আমাৰ অর্থ ব্যৱস্থাৰ পুনৰুদ্ধাৰ ক্ষতিৰ তুলনাত দ্রুত : প্রধানমন্ত্রী
বৃহৎ অর্থনীতিধৰ দেশসমূহে যি সময়ত সংৰক্ষণমূলক মানসিকতা লৈছে, ভাৰতে সেই সময়ত সংস্কাৰৰ পথত আগুৱাইছে : প্রধানমন্ত্রী

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত চর্দাৰধাম ভৱন লোকার্পণ কৰে আৰু চর্দাৰধাম দ্বিতীয় পর্বত কন্যা ছাত্রী নিবাসৰ ভূমি পুজাত অংশ গ্ৰহণ কৰে। এই উপলক্ষে গুজৰাটৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রী উপস্থিত আছিল।

 

প্রধানমন্ত্রীয়ে আনন্দ প্রকাশ কৰি কয়, গণেশ উৎসবৰ সময়ত চর্দাৰধাম ভৱনৰো সূচনা হৈছে। তেওঁ সকলোকে গণেশ চতুর্থী, গণেশ উৎসৱ, ঋষি পঞ্চমী আৰু কাশামাবনি দিৱস উপলক্ষে শুভেচ্ছা জনায়। মানবতাৰ সেৱাত নিজকে উৎসর্গ কৰাৰ বাবে প্রধানমন্ত্রীয়ে চর্দাৰধাম ট্রাষ্টৰ সৈতে যুক্ত সদস্য সংগঠনসমূহৰ ভূমিকাৰ প্রশংসা কৰে। এই ধৰণৰ সদস্য সংগঠনসমূহে পতিদাৰ সমাজৰ যুৱ সম্প্রদায়ৰ সমান্তৰালকৈ দৰিদ্র মানুহ আৰু মহিলাসকলৰ ক্ষমতায়নত গুৰুত্ব দি আহিছে বুলিও তেওঁ উল্লেখ কৰে।

 

অনুষ্ঠানত প্রধানমন্ত্রীয়ে কয়, আজি সূচনা হোৱা ছাত্রী নিবাসটোৱে আৰু বেছি বালিকাক শিক্ষাৰ মজিয়ালৈ লৈ অহাত সহায় কৰিব। তেওঁ কয়, অত্যাধুনিক চর্দাৰধাম ভৱনত ছাত্রী নিবাসৰ লগতে আধুনিক গ্রন্থাগাৰ আছে, যি পাঠকসকলক ক্ষমতায়নত সহায় কৰিব। এই ভৱনতে গঢ়ি উঠা শিল্পোদ্যোগ বিকাশ কেন্দ্রটোৱে গুজৰাটৰ সুদৃঢ় বাণিজ্যিক পৰিচিতিক অধিক সমৃদ্ধ কৰিব। আনকি, চিভিল ছার্ভিচ চেণ্টাৰটোৱে সেই সমস্ত আগ্রহী যুৱক-যুৱতীক চিভিল, প্রতিৰক্ষা আৰু বিচাৰ বিভাগীয় ক্ষেত্রত কর্মজীৱন গঢ়ি তুলিবলৈ সহায় কৰিব। তেওঁ কয়, চর্দাৰধাম কেৱল দেশৰ ভৱিষ্যৎ নির্মাণত এটা প্রতিষ্ঠান হৈ নুঠে, বৰং চর্দাৰ চাহেবৰ আদর্শসমূহক চিৰন্তন ৰাখিবলৈ অহা প্রজন্মক উদ্বুদ্ধ কৰিব।

শ্রী মোদীয়ে কয়, আজি ১১ ছেপ্টেম্বৰ বিশ্বৰ ইতিহাসত এটা স্মৰণীয় দিন। আজিৰ দিনতেই মানবতাৰ ওপৰত আঘাত হনা হৈছিল। কিন্তু এই দিনটোৱে সমগ্র বিশ্বক বহু কথাই শিকাইছে। এক শতাব্দীৰ বেছি সময় পূর্বে ১৮৯৩ৰ ১১ ছেপ্টেম্বৰত ছিকাগোত বিশ্ব ধর্মসভা অনুষ্ঠিত হৈছিল। এই ঘটনাৰ কথা স্মৰণ কৰি প্রধানমন্ত্রীয়ে কয়, স্বামী বিবেকানন্দই ছিকাগোত বিশ্ব ধর্মসভাত থিয় হৈ বিশ্বমঞ্চত ভাৰতৰ মানবিক মূল্যবোধবিলাক তুলি ধৰিছিলে। আজি সমগ্র বিশ্বই এইটো উপলব্ধি কৰিছে যে কেৱল মানবিক মূল্যবোধৰ মাধ্যমত ৯/১১ৰ দৰে বিপর্যয়ৰ স্থায়ী সমাধান সম্ভৱ।

 

প্রধানমন্ত্রীয়ে লগতে কয়, আজি ১১ ছেপ্টেম্বৰত আৰু এটা গুৰুত্বপূর্ণ দিন। ভাৰতৰ অন্যতম বিদ্বান, দার্শনিক তথা স্বাধীনতা সংগ্রামী সুব্রহ্মনিয়া ভাৰতীৰ ১০০তম মৃত্যু বার্ষিকী। মহাকবি ভাৰতীৰ তামিল লেখাত চর্দাৰ চাহেবৰ ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ৰ দর্শন যথার্থভাৱে প্রস্ফুটিত হৈছে। শ্রী মোদীয়ে কয়, স্বামী বিবেকানন্দৰ পৰা প্রেৰণা লৈ আৰু শ্রী অৰবিন্দৰ দ্বাৰা প্রভাবিত হৈ কাশীত থকাৰ সময়ত মহাকবি ভাৰতীয়ে তেওঁৰ চিন্তাধাৰাত এক নতুন দিশ পাইছিল। প্রধানমন্ত্রীয়ে মহান এই কবিৰ সম্মানত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত সন্মানীয় ‘সুব্রহ্মনিয়া ভাৰতী চেয়াৰ’ স্থাপনৰ কথা ঘোষণা কৰে। বিশ্ববিদ্যালয়ৰ কলা বিভাগত এই সন্মানীয় চেয়াৰ গঢ়ি তোলা হ'ব। শ্রী মোদীয়ে কয়, সুব্রহ্মনিয়া ভাৰতীয়ে সর্বদাই মানবতা আৰু ভাৰতৰ একতাৰ ওপৰত গুৰুত্ব দিছিল। সেয়ে তেওঁৰ আদর্শৰাজি ভাৰতীয় চিন্তাভাবনা আৰু দর্শনৰ অবিচ্ছেদ্য অঙ্গ।

 

প্রধানমন্ত্রীয়ে কয়, গুজৰাট অতীতৰ পৰা এতিয়ালৈকে সমবেত প্রয়াসৰ এক উজ্জ্বল কেন্দ্র। তেওঁ কয়, গান্ধীজীয়ে ইয়াৰ পৰাই ডাণ্ডী যাত্রাৰ সূচনা কৰিছিল যি আজিও স্বাধীনতা সংগ্রামত দেশৰ সমবেত প্রয়াসৰ প্রতীক। একেদৰেই, চর্দাৰ পেটেলৰ নেতৃত্বত খেদা আন্দোলনত কৃষক, যুৱ সম্প্রদায় আৰু দৰিদ্র মানুহৰ একতাই ব্রিটিছ চৰকাৰক আত্মসমর্পণ কৰিবলৈ বাধ্য কৰিছিল। শ্রী মোদীয়ে কয়, এই প্রেৰণা, এই প্রাণশক্তি এতিয়াও আমাৰ সন্মুখত সমানে অটুট আছে। ইয়াৰ উজ্জ্বল নিদর্শন হ'ল গুজৰাটৰ মাটিত চর্দাৰ চাহেবৰ গগনচুম্বী মূর্তি ‘ষ্টেচু অফ ইউনিটি’।

প্রধানমন্ত্রীয়ে কয়, পিছপৰি থকা সমাজৰ সেই সকলো মানুহক বিকাশৰ মূলসুঁতিলৈ লৈ অহাৰ লক্ষ্যত নিৰন্তৰ প্রয়াস চলোৱা হৈছে। তেওঁ কয়, আজি এফালে দলিত আৰু সামাজিকভাবে পিছপৰা শ্রেণীৰ মানুহৰ অধিকাৰ আৰু ক্ষমতায়নৰ লক্ষ্যত কাম হৈছে, আনফালে আর্থিক দিশৰ পৰা পিছপৰা শ্রেণীৰ বাবে ১০ শতাংশ সংৰক্ষণৰ সুবিধা চালু হৈছে। চৰকাৰৰ এই প্রয়াসে সমাজত নতুন আস্থাৰ সঞ্চাৰ কৰিছে বুলিও প্রধানমন্ত্রীয়ে অভিমত প্রকাশ কৰে।

 

শ্রী মোদীয়ে কয়, জাতীয় শিক্ষানীতিয়ে ভবিষ্যৎ বজাৰৰ বাবে দেশৰ যুৱ সম্প্রদায়ক প্রয়োজনীয় দক্ষতা দি প্রস্তুত কৰি তুলিব। এই প্রেক্ষিতত ‘স্কিল ইণ্ডিয়া মিছন’য়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। এই কর্মসূচিত লক্ষ লক্ষ যুৱক-যুৱতীয়ে বিভিন্ন ধৰণৰ দক্ষতা অর্জনৰ সুযোগ পাইছে আৰু আজি তেওঁলোক স্বনির্ভৰ হৈ উঠিছে। নেচনেল এপ্রেন্টিছশ্বিপ প্রোমোচন বা জাতীয় শিক্ষানবিশি উৎসাহ কর্মসূচীত ছাত্র-ছাত্রীসকলে দক্ষতাৰ মান আৰু ক্ষুৰধাৰ কৰাৰ সমান্তৰালকৈ, আৰু বেছি উপার্জনৰ সুযোগ পাইছে। শ্রী মোদীয়ে লগতে কয়, গুজৰাটত বহু বছৰৰ নিৰন্তৰ প্রয়াসৰ ফলত আজি স্কুল এৰাৰ সংখ্যা ১ শতাংশৰ তললৈ নামি আহিছে। লগতে, লক্ষ লক্ষ যুৱক-যুৱতীক বিভিন্ন কর্মসূচীৰ মাধ্যমত নতুন ভবিষ্যতৰ দিশ দেখুউৱা হৈছে। তেওঁ কয়, আজি গুজৰাটৰ যুৱ সম্প্রদায়ে মেধা ষ্টাৰ্ট-আপ ইন্ডিয়াৰ দৰে কর্মসূচীৰ মাধ্যমত এক নতুন সুযোগ পাইছে।

 

প্রধানমন্ত্রীয়ে পতিদাৰ সমাজৰ প্রশংসা কৰি কয়, তেওঁলোক যলৈকে গৈছে ব্যবসায়িক ক্ষেত্রত নতুন পৰিচিতি গঢ়ি তুলিছে। পতিদাৰ সমাজৰ এই দক্ষতাই কেবল গুজৰাট বা ভাৰততেই নহয়, সমগ্ৰ বিশ্বজুৰি স্বীকৃতি পাইছে। তেওঁ লগতে জনায় পতিদাৰ সমাজৰ আৰু এটা উল্লেখযোগ্য বৈশিষ্ট্য হ'ল, তেওঁলোক বিশ্বৰ যি প্রান্ততেই নাথাকক কিয়, ভাৰতৰ প্রতি তেওঁলোকৰ টান এতিয়াও অটুট।

 

প্রধানমন্ত্রীয়ে কয়, ভাৰতত মহামাৰীৰ প্রভাব পৰিলেও অর্থ ব্যৱস্থাত পুনৰুদ্ধাৰৰ গতি ক্ষতিৰ তুলনাত বেছি। বিশ্বৰ বৃহৎ অর্থনীতিধৰ দেশসমূহে যি সময়ত সংৰক্ষণমূলক মানসিকতা লৈছে, ভাৰতে সেই সময়ত সংস্কাৰৰ পথত আগুৱাইছে। বিশ্ব সৰবৰাহ শৃঙ্খল যি সময়ত ব্যাহত হৈছে, সেই সময়ত দেশত উৎপাদন সংযুক্ত উৎসাহভাতা কর্মসূচী (পিএলআই) আৰম্ভ হৈছে। বিদেশী লগ্নি আকর্ষণ কৰিবলৈকে এই সিদ্ধান্ত বুলি শ্রী মোদীয়ে জনায়। প্রধানমন্ত্রীয়ে কয়, বস্ত্রক্ষেত্রৰ বাবে সম্প্রতি উৎপাদন সংযুক্ত উৎসাহভাতা কর্মসূচী আৰম্ভ হৈছে। ইয়াৰ ফলত ছুৰাটৰ দৰে চহৰ উপকৃত হ'ব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's strong growth outlook intact despite global volatility: Govt

Media Coverage

India's strong growth outlook intact despite global volatility: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tributes to former Prime Minister Chandra Shekhar on his birth anniversary
April 17, 2026

The Prime Minister, Shri Narendra Modi has paid tributes to former Prime Minister, Shri Chandra Shekhar on his birth anniversary.

The Prime Minister noted that this year marks the beginning of Chandra Shekhar Ji’s 100th birth anniversary and said it is an occasion to reiterate the commitment to realising his vision for a prosperous and just India.

Recalling his legacy, the Prime Minister said that Chandra Shekhar Ji is remembered as a mass leader blessed with courage, conviction and a deep commitment to democratic values. He highlighted that firmly rooted in the soil of India and sensitive to the aspirations of ordinary citizens, Chandra Shekhar Ji brought simplicity and clarity to public life.

The Prime Minister also recalled the instances when he had the opportunity to meet Chandra Shekhar Ji and exchange perspectives for the development of the nation.

The Prime Minister called upon the youth of India to read more about the thoughts and efforts of Chandra Shekhar Ji towards India’s progress.

In a X post, Shri Modi said;

“Tributes to former Prime Minister Chandra Shekhar Ji on his birth anniversary. This year marks the start of his 100th birth anniversary and is a time to reiterate our commitment to realising his vision for a prosperous and just India. Chandra Shekhar Ji is remembered as a mass leader blessed with courage, conviction and a deep commitment to democratic values. Firmly rooted in the soil of India and sensitive to the aspirations of ordinary citizens, he brought simplicity and clarity to public life. I recall the instances when I had the opportunity to meet him and exchange perspectives for the development of our nation. I call upon the youth of India to read more about his thoughts and efforts towards India’s progress.”