আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নমামি গংগা অভিযানৰ অধীনত উত্তৰাখণ্ডত ৬ টা বৃহৎ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰে।

শ্ৰী মোদীয়ে তদুপৰি হৰিদ্বাৰত গংগা নদী সন্দৰ্ভত প্ৰথমটো সংগ্ৰহালয় গংগা অৱলোকন উদ্বোধন কৰে। তেখেতে “ৰ’ৱিং ডাউন দ্য গংগা” শীৰ্ষক এখনি গ্ৰন্থ আৰু জল জীৱন অভিযানৰ নতুন প্ৰতীক উন্মোচন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি এই কাৰ্যসূচীত ‘মাগদৰ্শিকা ফৰ গ্ৰাম পঞ্চায়ত এণ্ড পানী সমিতি আণ্ডাৰ জল জীৱন মিশ্যন’ (গাঁও পঞ্চায়ত আৰু পানী সমিতিসমূহৰ অৰ্থে নীতি-নিৰ্দেশনা) মুকলি কৰে।

এই কাৰ্যসূচীত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, জল জীৱন অভিযানটোৰ লক্ষ্য হৈছে দেশখনৰ প্ৰতিঘৰ গ্ৰাম্য গৃহস্থীলৈ পাইপড-ৱাটাৰ সংযোগ আগবঢ়োৱা। শ্ৰী মোদীয়ে কয় যে অভিযানৰ নতুন প্ৰতীকটোৱে প্ৰতি টোপাল পানী সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তাৰ প্ৰতি জনসাধাৰণক উৎসাহ যোগাই থাকিব।

মাগদৰ্শিকাৰ প্ৰসংগত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী ব্যৱস্থাটোৰ লগতে গাওঁ পঞ্চায়ত, গ্ৰামাঞ্চলত বসবাস কৰা লোক সকলৰ কাৰণেও এয়া সমানেই গুৰুত্বপূৰ্ণ।

“ৰ’ৱিং ডাউন দ্য গংগা” শীৰ্ষক গ্ৰন্থখনি সন্দৰ্ভত ব্যক্ত কৰি তেওঁ কয়, এই গ্ৰন্থখনিয়ে কিদৰে আমাৰ সংস্কৃতি, বিশ্বাস আৰু ঐতিহ্যৰ উজ্জ্বল প্ৰতীক হৈ গংগা নৈখন প্ৰৱাহিত হৈ আছে, তাৰ সৱিশেষ ব্যাখ্যা আগবঢ়াইছে।

গংগা নৈখনিক পৰিস্কাৰ কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ কথা সদৰী কৰি শ্ৰী মোদীয়ে কয় যে ই উত্তৰাখণ্ডৰপৰা পশ্চিম বংগলৈকে দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় ৫০ শতাংশ লোকৰ জীৱন-যাত্ৰাত এটা বিশেষ ভূমিকা পালন কৰি আহিছে।

তেখেতে নমামী গংগা অভিযানক সৰ্ববৃহৎ সংহত নদী সংৰক্ষণ অভিযান হিচাপে আখ্যা দি ইয়াৰ লক্ষ্য মাথোন গংগা নৈক পৰিস্কাৰ কৰি তোলাই নহয়, বৰঞ্চ নৈখনৰ বিস্তৃত ৰক্ষণাবেক্ষণত গুৰুত্ব আৰোপ কৰা হৈছে বুলি কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এই নতুন ভাৱনা আৰু প্ৰচেষ্টাই গংগা নদীক পুনৰ জীৱন প্ৰদান কৰিব। যদি পুৰণা পদ্ধতি প্ৰয়োগ কৰা হ’লহেঁতেন, আজিও পৰিস্থিতি সমানেই বেয়া হৈ থাকিলহেঁতেন। পুৰণি পদ্ধতিত ৰাজহুৱা অংশগ্ৰহণ আৰু দূৰদৃষ্টিৰ অভাৱ ঘটিলহেঁতেন।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, চৰকাৰখনৰ উদ্দেশ্যত সফলতা অৰ্জন কৰিবলৈ চাৰিটা বিশেষ ব্যৱস্থাৰে ই আগবাঢ়িছে।

প্ৰথমে- গংগালৈ লেতেৰা পানী বৈ যোৱাত বাধা প্ৰদান কৰিবলৈ চেৱেজ ট্ৰিটমেন্ট প্লান্ট (STP)ৰ এটা নেটৱৰ্কৰ পাৰিতকৰণ।

দ্বিতীয়তে, পৰৱৰ্তী ১০-১৫ বছৰত সৃষ্টি হ’বলগীয়া চাহিদাৰ কথা মনত ৰাখি এই এছটিপিসমূহ নিৰ্মাণ।

তৃতীয়তে – গংগা নৈৰ সমীপৱৰ্তী প্ৰায় এহাজাৰ বৃহৎ চহৰ/মহানগৰ আৰু পাঁচ হাজাৰখন গাঁৱক মুকলিত মলত্যাগ মুক্ত (ODF) কৰি তোলা।

আৰু চতুৰ্থতে – গংগা নদীৰ উপনৈসমূহৰ প্ৰদূষণ নোহোৱা কৰিবলৈ সৰ্বত্ৰ প্ৰচেষ্টা গ্ৰহণ।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে নমামী গংগাৰ অধীনত, ৩০,০০০ কোটি টকাৰো অধিক প্ৰকল্পৰ ৰূপায়ণ হৈ আছে বা সম্পূৰ্ণ হৈ উঠিছে। তেখেতে কয় যে এই প্ৰকল্পসমূহৰ ফলশ্ৰুতিতে যোৱা ৬ বছৰত উত্তৰাখণ্ডৰ চেৱেজ ট্ৰিটমেন্ট ক্ষমতা ৪ গুণ বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা ব্যৱস্থাৰ কথা উল্লেখ কৰি কয় যে উত্তৰাখণ্ডৰপৰা ১৩০ নলা গংগা নৈ বোঁৱাই নিয়া হৈছে। তেখেতে বিশেষভাৱে উল্লেখ কৰে যে চন্দ্ৰেশ্বৰ নগৰৰ নলা হৃষীকেশৰ মুনি কী ৰেটিত দৰ্শনকাৰীসকলৰ বাবে চকুলো হৈ উঠিছিল। তেখেতে নলাটো ৰূদ্ধ কৰাৰ বাবে আৰু মুনি কী ৰেটিত এটা চাৰি মহলীয়া এছটিপি নিৰ্মাণৰ শলাগ লয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰয়াগৰাজ কুম্ভত তীৰ্থযাত্ৰীসকলে লাভ কৰা অভিজ্ঞতাৰ ওপৰিও, হৰিদ্বাৰ কুম্ভৰ দৰ্শনাৰ্থীসকলেও উত্তৰাখণ্ডত গংগা নৈৰ স্বচ্ছ আৰু বিশুদ্ধ স্থিতিৰ অভিজ্ঞতা আহৰণ কৰিবলৈ সক্ষম হৈছে। শ্ৰী নৰেন্দ্ৰ মোদীয়ে গংগাৰ শ-শ ঘাটৰ সৌন্দৰ্য্যবৰ্ধন আৰু হৰিদ্বাৰত এটা আধুনিক ৰিভাৰফ্ৰন্টৰ উন্নয়ন সাধনৰ কথা সদৰী কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, তীৰ্থযাত্ৰীসকলৰ বাবে গংগা অৱলোকন সংগ্ৰহালয়টি বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিব আৰু ই গংগা সম্পৰ্কীয় ঐতিহ্য বুজি উঠাত সহায়ক হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে গংগাৰ পৰিস্কৰণৰ ওপৰিও, নমামী গংগাই সমগ্ৰ গঙ্গেয় বেল্টৰ অৰ্থনীতি আৰু পৰিবেশৰ ওপৰত লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেখেতে কয়, চৰকাৰখনে জৈৱিক কৃষি আৰু আয়ুৰ্বেদীয় কৃষিৰ প্ৰোৎসাহনৰ অৰ্থে বিস্তৃত পৰিকল্পনা যুগুত কৰি উলিয়াইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পই এই বৰ্ষৰ ১৫ আগষ্টত ঘোষণা কৰা মিশ্যন ডলফিনকো শক্তিশালী কৰি তুলিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, পানীৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয়ত কামৰ বিভাজনৰ পৰিপ্ৰেক্ষিতত – ভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ অৰ্থে, স্পষ্ট নীতি-নিৰ্দেশনা ও সমন্বয়ৰ অভাৱ ঘটে। যাৰ ফলস্বৰূপে, জলসিঞ্চন আৰু খোৱা পানী সম্পৰ্কীয় সমস্যা অব্যাহত থাকে। খেদ প্ৰকাশ কৰি তেখেতে কয় যে স্বাধীনতাৰ বহু বছৰৰ পাছতো, দেশখনৰ ১৫ কোটিৰো অধিক গৃহস্থীয়ে পাইপেৰে খোৱা পানী লাভ কৰিবলৈ সক্ষম নহ’ল।

শ্ৰী মোদীয়ে কয়, সমন্বয় সাধন আৰু এই প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিবলৈ সুবিধাৰ অৰ্থে জল শক্তি মন্ত্ৰালয় গঠন কৰা হয়। তেখেতে কয়, এই মন্ত্ৰালয়টোৱে এতিয়া দেশখনৰ প্ৰতিঘৰ গৃহস্থীলৈ পাইপেৰে খোৱা পানী যোগান নিশ্চিত কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।

আজি, জল জীৱন অভিযানৰ অধীনত প্ৰতিদিনে প্ৰায় ১ লাখ গৃহস্থীক পাইপেৰে পানী যোগানৰ সংযোগ প্ৰদান কৰি থকা হৈছে। তেখেতে কয়, মাত্ৰ ১ বছৰতে দেশখনৰ ২ কোটি পৰিয়াললৈ খোৱা পানীৰ সংযোগ আগবঢ়োৱা হৈছে।

ক’ৰোনাৰ সময়ছোৱাত যোৱা ৪-৫ মাহত ৫০ হাজাৰৰো অধিক পৰিয়াললৈ খোৱা পানীৰ সংযোগ আগবঢ়াবলৈ সক্ষম হোৱাৰ বাবে তেখেতে উত্তৰাখণ্ড চৰকাৰক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, পূৰ্ববৰ্তী কাৰ্যক্ৰমসমূহতকৈ পৃথক, জল জীৱন অভিযানে তলৰ পৰা ওপৰলৈকে প্ৰচেষ্টা গ্ৰহণ কৰিছে, য’ত গাঁওসমূহৰ ব্যৱহাৰকাৰী আৰু পানী সমিতিসমূহ সমগ্ৰ প্ৰকল্পটোৰ ৰূপায়ণৰপৰা পৰিচালনা আৰু অভিযানলৈকে জড়িত হৈ পৰিছে। তেখেতে কয়, এই অভিযানৰ জৰিয়তে পানী সমিতিসমূহত অতি কমেও ৫০% মহিলা সদস্য থকাটো নিশ্চিত কৰা হৈছে। তেখেতে কয়, আজি উন্মোচন কৰা মাৰ্গদৰ্শিকা নীতি-নিৰ্দেশনাই সঠিক সিদ্ধান্ত গ্ৰহণত পানী সমিতি আৰু গাঁও পঞ্চায়তসমূহক পৰামৰ্শ আগবঢ়াব।

প্ৰধানমন্ত্ৰীয়ে কয়, দেশখনৰ সকলো বিদ্যালয় আৰু অংগনৱাড়ীলৈ খোৱা পানীৰ সংযোগ নিশ্চিত কৰিবলৈ এই বৰ্ষৰ ২ অক্টোবৰত জল জীৱন অভিযানৰ অধীনত বিশেষ ১০০-দিনীয়া অভিযান ঘোষণা কৰা হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, চৰকাখনে শেহতীয়াভাৱে কৃষক, ঔদ্যোগিক শ্ৰমিক আৰু স্বাস্থ্য খণ্ডটোৰ বাবে গুৰু সংস্কাৰ সাধন কৰিছে।

শ্ৰী মোদীয়ে সমালোচনা কৰি কয় যে এই সংস্কাৰক বিৰোধিতা কৰাসকলে মাত্ৰ বিৰোধিতাৰ নামত বিৰোধিতা কৰিছে। তেখেতে কয়, যিয়ে দেশখন দশক-দশক ধৰি শাসন কৰিছিল তেওঁলোকে দেসখনৰ শ্ৰমিক, যুৱ সমাজ, কৃষক আৰু মহিলাসকলৰ সৱলীকৰণৰ কথা কেতিয়াও নাভাবিলে।

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে দেশখনৰ যিকোনো লোককে আৰু যিকোনো স্থানতে কৃষকে তেওঁলোকৰ উৎপাদিত পণ্য লাভজনক মূল্যত বিক্ৰী কৰাটো বিচৰা নাছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে জন ধন বেংক একাউন্ট, ডিজিটেল ইণ্ডিয়া অভিযান, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দৰে চৰকাৰখনৰ বহু ব্যৱস্থাই বৃহৎ সংখ্যক লোকক লাভান্বিত কৰা সত্বেও বিৰোধীয়ে ইয়াৰ বিৰোধিতা কৰি আহিছে বুলি উল্লেখ কৰে।

তেখেতে কয়, একেখিনি লোকেই বায়ু সেনাৰ আধুনিকীকৰণ আৰু ইয়াত আধুনিক ফাইটাৰ প্লেনৰ ব্যৱস্থাৰ বিৰোধিতা কৰিছিল। একেখিনি লোকেই চৰকাৰখনৰ ওৱান ৰেংক, ওৱান পেঞ্চন পলিচীৰো বিৰোধিতা কৰিছিল, যাৰ অধীনত চৰকাৰখনে ইতিমধ্যে সশস্ত্ৰ বাহিনীৰ পেঞ্চনাৰসকললৈ ১১,০০০ কোটি টকাৰ বকেয়া পৰিশোধ কৰিছে।

এইসকল লোকেই চাৰ্জিকেল ষ্ট্ৰাইকক সমালোচনা কৰিছিল আৰু চাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ দিবলৈ জোৱানসকলক কৈছিল। শ্ৰী মোদীয়ে কয়, ইয়াৰ জৰিয়তে তেওঁলোকৰ অভিপ্ৰায়ৰ কথা সকলোৱে গম পালে।

এইসকলৰ বিৰোধিতা আৰু প্ৰতিবাদ সময় আগবঢ়াৰ লগে-লগে অপ্ৰাসংগিক হৈ পৰিব বুলি শ্ৰী মোদীয়ে লগতে কয়।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership