প্ৰধানমন্ত্ৰীয়ে প্ৰবাসী ভাৰতীয়সকলৰ বাবে বিশেষ পৰ্যটন ৰেল প্ৰবাসী ভাৰতীয় এক্সপ্ৰেছৰ আৰম্ভণি যাত্ৰাৰ ফ্লেগ-অফ কৰে
ভাৰত আৰু ইয়াৰ প্ৰবাসীসকলৰ মাজত বন্ধনৰ সুদৃঢ়কৰণৰ ক্ষেত্ৰত প্ৰবাসী ভাৰতীয় দিৱস এক অনুষ্ঠানত পৰিণত হৈছেঃ প্ৰধানমন্ত্ৰী
ভৱিষ্যৎ যুদ্ধত নহয়, বুদ্ধত নিহিত হৈ আছেঃ প্ৰধানমন্ত্ৰী
আমি কেৱল গণতন্ত্ৰৰ মাতৃয়েই নহয়; বৰঞ্চ গণতন্ত্ৰ আমাৰ জীৱনৰো এক অবিচ্ছেদ্য অংগঃ প্ৰধানমন্ত্ৰী
একবিংশ শতিকাৰ ভাৰত অবিশ্বাস্য গতি আৰু মাত্ৰাৰে আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
আজি ভাৰতে দৃঢ়তাৰে কেৱল নিজৰ বক্তব্যকে প্ৰদানেই নহয়, বৰঞ্চ গ্ল’বেল চাউথৰ কণ্ঠকো সুদৃঢ় কৰি তুলিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতত বিশ্বৰ দক্ষ প্ৰতিভাৰ চাহিদা পূৰণৰ সম্ভাৱনা আছেঃ প্ৰধানমন্ত্ৰী
আমি সংকটৰ সময়ত প্ৰবাসীসকলক স্থান নিৰ্বিশেষে সহায় কৰাটো আমাৰ দায়িত্ব বুলি ভাবোঁঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ভূৱনেশ্বৰত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰে। বিশ্বৰ ভিন্ন প্ৰান্তৰপৰা ইয়ালৈ অহা সকলো প্ৰতিনিধি আৰু প্ৰবাসী লোকসকলক আদৰণি জনাই শ্ৰী মোদীয়ে সমগ্ৰ বিশ্বতে ভৱিষ্যতে প্ৰবাসী ভাৰতীয়ৰ ভিন্ন অনুষ্ঠানত উদ্বোধনী গীতটো পৰিবেশন কৰা হ’ব বুলি আশা প্ৰকাশ কৰে। তেখেতে গ্ৰেমী বঁটা বিজয়ী শিল্পী ৰিকি কেজ আৰু তেওঁৰ টীমটোক প্ৰশংসাৰে কয় যে প্ৰবাসী ভাৰতীয়ৰ আৱেগ আৰু অনুভৱৰ অনুৰণন ঘটা গীতটি আশ্চৰ্য্যকৰ।

ইয়াত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা ৰিপাব্লিক অৱ ট্ৰিনিদাদ আৰু ট’বাগোৰ ৰাষ্ট্ৰপতি মহামহিম ক্ৰিষ্টিন কাৰ্লা কেংগালুক ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰপতি গৰাকীয়ে তেওঁৰ ভিডিঅ’ বাৰ্তাত উষ্ম আৰু মৰমলগা কথাৰে ভাৰতৰ অগ্ৰগতি সম্পৰ্কেও কৈছে আৰু তেওঁৰ কথাই অনুষ্ঠানত উপস্থিত সকলোকে প্ৰভাৱিত কৰিছে। ভাৰতত এতিয়া স্পন্দনশীল উৎসৱ আৰু সমাৱেশৰ সময়ে বিৰাজ কৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে কেইদিনমানৰ পিছতে প্ৰয়াগৰাজত মহাকুম্ভ আৰম্ভ হ’ব আৰু মকৰ সংক্ৰান্তি, লহৰী, পোংগল আৰু মাঘ বিহুও পালন কৰা হ’ব। তেখেতে লগতে কয় যে এতিয়া সকলোতে এক আনন্দৰ পৰিবেশে বিৰাজ কৰিছে। ১৯১৫ৰ আজিৰ দিনটোতে মহাত্মা গান্ধী জী দীৰ্ঘদিনে বিদেশত কটোৱাৰ অন্তত ভাৰতলৈ উভতি আহিছিল বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ভাৰতত প্ৰবাসীসকলৰ এনে এক বিশেষ সময়ত উপস্থিতিয়ে উৎসৱৰ উদ্দীপনাৰ বৰ্ধন ঘটাইছে। প্ৰবাসী ভাৰতীয় দিৱসৰ (PBD) এই বৰ্ষৰ উদযাপন আন এটা কাৰণত বিশেষ বুলি উল্লেখেৰে তেখেতে কয় যে পিবিডিৰ পোষকতাকাৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবাৰ্ষিকী পালনৰ কেইদিনমানৰ পিছতে এই অনুষ্ঠান অনুষ্ঠিত হৈছে। “ভাৰত আৰু ইয়াৰ প্ৰবাসীসকলৰ মাজত বন্ধনৰ সুদৃঢ়কৰণৰ ক্ষেত্ৰত প্ৰবাসী ভাৰতীয় দিৱস এক অনুষ্ঠানত পৰিণত হৈছে”, তেখেতে আৰু কয়। শ্ৰী মোদীয়ে কয়, আমি একেলগে ভাৰত, ভাৰতীয়তা, আমাৰ সংস্কৃতি আৰু প্ৰগতিক উদযাপনৰ সমান্তৰালকৈ আমাৰ শিপাৰ সৈতে সংযোগ স্থাপন কৰিব পাৰোঁ।

 

“আমি সমবেত হোৱা ওড়িশাৰ এই মহান ভূমিত ভাৰতৰ চহকী ঐতিহ্যৰ প্ৰতিফলন ঘটিছে”, বুলি শ্ৰী মোদীয়ে কয়। তেখেতে লগতে কয় যে আমি ওড়িশাত প্ৰতিটো খোজতে আমাৰ ঐতিহ্যক প্ৰত্যক্ষ কৰিব পাৰোঁ। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে উদয়াগিৰি আৰু খাণ্ডাগিৰিৰ ঐতিহাসিক গুহা বা কোনাৰ্কৰ বিশাল সূৰ্য্য মন্দিৰ বা তামৰালিপ্তি, মাণিকপটনা আৰু পালুৰৰ প্ৰাচীন বন্দৰসমূহ প্ৰত্যক্ষ কৰা মাত্ৰেকে সকলো গৌৰৱেৰে পৰিপূৰ্ণ হৈ পৰিব। শ-শ বছৰৰ আগতে ওড়িশাৰ ব্যৱসায়ী আৰু বণিকসকলে বালি, সুমাত্ৰা আৰু জাভাৰ দৰে ঠাইলৈ দীঘলীয়া সামুদ্ৰিক যাত্ৰা কৰিছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ স্মৃতিত আজিও ওড়িশাত বালি যাত্ৰা উদযাপন কৰা হয়। তেখেতে আৰু কয় যে ওড়িশাৰ এক উল্লেখযোগ্য ঐতিহাসিক স্থান ধৌলি হৈছে শান্তিৰ প্ৰতীক। তেখেতে লগতে উল্লেখ কৰে যে বিশ্বই তৰোৱালৰ শক্তিৰে সাম্ৰাজ্য সম্প্ৰসাৰণ কৰি থকাৰ সময়তে সম্ৰাট অশোকে ইয়াত শান্তিৰ পন্থাৰে অগ্ৰসৰ হৈছিল। শ্ৰী মোদীয়ে কয় যে এই উত্তৰাধিকাৰেৰে ভাৰতে বিশ্ববাসীক ক’ব খোজে যে ভৱিষ্যৎ যুদ্ধত নহয়, বুদ্ধতহে নিহিত হৈ আছে। তেখেতে কয় যে তেখেতে সকলোকে ওড়িশাৰ ভূমিলৈ আদৰণি জনাবলৈ পাই পুলকিত হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰবাসী ভাৰতীয়সকলক সদায়েই ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে গণ্য কৰি অহাৰ কথা উল্লেখ কৰে। সমগ্ৰ বিশ্বত সতীৰ্থ ভাৰতীয়সকলক লগ পাই আৰু কথা-বতৰা পতাৰ আনন্দৰ কথা স্মৰণেৰে তেখেতে কয় যে তেওঁলোকৰপৰা লাভ কৰা মৰম আৰু আশীৰ্বাদ অবিস্মৰণীয় আৰু ইয়াক সদায় মনৰ মাজত লৈ ফুৰে।

প্ৰবাসী ভাৰতীয়সকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ আৰু বিশ্ব মঞ্চত তেখেতক গৌৰৱেৰে মূৰ তুলি কথা ক’বলৈ সুযোগ প্ৰদানৰ বাবে ধন্যবাদ জনাই শ্ৰী মোদীয়ে কয় যে বিগত দশকত তেখেতে অসংখ্য বিশ্ব নেতাক লগ পাইছে। তেওঁলোক সকলোৱে প্ৰবাসী ভাৰতীয়সকলৰ সামাজিক প্ৰমূল্যবোধ আৰু নিজ-নিজ সমাজলৈ আগবঢ়োৱা বৰঙণিৰ বাবে প্ৰশংসা কৰে।

 

“ভাৰত কেৱল গণতন্ত্ৰৰ মাতৃয়েই নহয়; বৰঞ্চ গণতন্ত্ৰ ভাৰতীয় জীৱনৰো এক অবিচ্ছেদ্য অংগ”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে উল্লেখ কৰে যে ভাৰতীয়সকলে স্বাভাৱিকতেই বৈচিত্ৰ্যক আকোৱালি লয় আৰু স্থানীয় নীতি-নিয়ম তথা পৰম্পৰাক সন্মান জনাই তেওঁলোকে যোগদান কৰা সমাজসমূহৰ সৈতে নিৰৱচ্ছিন্নভাৱে একত্ৰিত হয়। শ্ৰী মোদীয়ে কয় যে ভাৰতীয়সকলে তেওঁলোকে আতিথ্য লাভ কৰা দেশৰ সেৱা সততাৰে কৰে, তেনে দেশসমূহৰ বিকাশ আৰু সমৃদ্ধিত অৰিহণা যোগায়, একে সময়তে ভাৰতক সদায় নিজ-নিজ হৃদয়ত ৰাখে। তেখেতে লগতে কয় যে তেওঁলোকে ভাৰতৰ প্ৰতিটো আনন্দ আৰু কৃতিত্ব অতিশয় উৎসাহেৰে উদযাপন কৰে।

একবিংশ শতিকাৰ ভাৰতৰ বিকাশৰ অবিশ্বাস্য গতি আৰু মাত্ৰাৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মাত্ৰ ১০ বছৰৰ ভিতৰতে ভাৰতে ২৫ কোটি লোকক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা মুক্ত কৰি বিশ্বৰ দশম স্থানৰপৰা ৫ম সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। তেখেতে আস্থা প্ৰকাশেৰে কয় যে ভাৰত অতি শীঘ্ৰে ৩য় সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’ব।

ভাৰতৰ সাফল্যৰাজি, যেনেঃ চন্দ্ৰযান অভিযান শিৱ-শক্তি বিন্দুত উপনীত হোৱা আৰু ডিজিটেল ইণ্ডিয়াৰ শক্তিয়ে বিশ্বজুৰি স্বীকৃতি লাভৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ভাৰতৰ প্ৰতিটো খণ্ডই সাফল্যৰ নতুন শিখৰ স্পৰ্শ কৰিছে। নবীকৰণযোগ্য শক্তি, বিমান পৰিবহণ, বৈদ্যুতিক গতিশীলতা, মেট্ৰ' নেটৱৰ্ক আৰু বুলেট ট্ৰেইন প্ৰকল্পই অভিলেখ ৰচনা কৰিছে। তেখেতে কয় যে ভাৰতে এতিয়া "মেড ইন ইণ্ডিয়া" যুদ্ধ বিমান আৰু পৰিবহণ বিমান নিৰ্মাণ কৰি আছে। তেখেতে এনে এক ভৱিষ্যতৰ কল্পনা কৰে য'ত লোক "মেড ইন ইণ্ডিয়া" বিমানত প্ৰবাসী ভাৰতীয় দিৱসৰ অনুষ্ঠানত ভাগ ল’বলৈ ভাৰতলৈ আহিব।

 

ভাৰতৰ কৃতিত্ব আৰু সম্ভাৱনাৰ বাবে ভাৰতৰ ক্ৰমবৰ্ধমান বৈশ্বিক ভূমিকাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আজি ভাৰতে দৃঢ়তাৰে কেৱল নিজৰ বক্তব্যকে প্ৰদানেই নহয়, বৰঞ্চ গ্ল’বেল চাউথৰ কণ্ঠকো সুদৃঢ় কৰি তুলিছে।” তেখেতে আফ্ৰিকান ইউনিয়নক জি-২০ৰ স্থায়ী সদস্য হিচাপে স্থান প্ৰদানৰ অৰ্থে ভাৰতৰ প্ৰস্তাৱক সৰ্বসন্মতিক্ৰমে সমৰ্থনৰ ওপৰত আলোকপাতেৰে ভাৰতৰ “মানৱতা প্ৰথম”ৰ প্ৰতি অংগীকাৰত গুৰুত্ব আৰোপ কৰে।

শ্ৰী মোদীয়ে ভাৰতীয় প্ৰতিভাই বিশ্বজুৰি স্বীকৃতি লাভৰ কথা উল্লেখেৰে পেছাদাৰীসকলে প্ৰধান কোম্পানীসমূহৰ জৰিয়তে বিশ্বৰ বিকাশত অৰিহণা যোগাইছে বুলি কয়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰপৰা প্ৰবাসী ভাৰতীয় সন্মান লাভ কৰাসকলক শুভেচ্ছা জ্ঞাপনেৰে তেখেতে কয় যে ভাৰতে বিশ্বৰ দক্ষতাৰ চাহিদা পৰিপূৰণ কৰিছে। তেখেতে কয় যে বহু দেশে এতিয়া দক্ষ ভাৰতীয় যুৱক-যুৱতীক আদৰণি জনাইছে আৰু ভাৰত চৰকাৰে নিৰন্তৰ স্কিলিং, ৰি-স্কিলিং আৰু আপ-স্কিলিং প্ৰচেষ্টাৰ জৰিয়তে বিদেশলৈ যোৱা ভাৰতীয়সকল যাতে উচ্চ দক্ষতাসম্পন্ন হৈ যায়, সেয়া নিশ্চিত কৰিবলৈ অংগীকাৰবদ্ধ।

 

প্ৰবাসী ভাৰতীয়সকলৰ বাবে সুবিধা আৰু সুচলতাৰ গুৰুত্ব আৰু তেওঁলোকৰ সুৰক্ষা তথা কল্যাণ সাধন শীৰ্ষ অগ্ৰাধিকাৰৰ বিষয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “সংকটৰ সময়ত প্ৰবাসীসকলক সহায় কৰাটো ভাৰতৰ দায়িত্ব, ই ভাৰতৰ বৈদেশিক নীতিৰ এটা মূল নীতিক প্ৰতিফলিত কৰে।” তেখেতে লগতে কয় যে বিগত দশকত বিশ্বজুৰি ভাৰতীয় দূতাবাস আৰু কাৰ্য্যালয়সমূহ সক্ৰিয় হৈ আহিছে।

কনছুলাৰ সুবিধা লাভ কৰিবলৈ দীৰ্ঘ দূৰত্ব যাত্ৰা কৰি বহু দিন অপেক্ষা কৰিবলগীয়া হোৱা লোকসকলৰ পূৰ্বৰ অভিজ্ঞতাৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এই সমস্যাসমূহৰ এতিয়া সমাধান হৈছে, যোৱা দুবছৰত চৈধ্যটা নতুন দূতাবাস আৰু কনছুলেট মুকলি কৰা হৈছে। তেখেতে লগতে কয় যে অ’চিআই কাৰ্ডৰ পৰিসৰ বৃদ্ধিৰে মৰিচাছৰ সপ্তম প্ৰজন্মৰ ভাৰতীয় বংশোদ্ভৱ ব্যক্তি (PIO) আৰু চুৰিনাম, মাৰ্টিনিক তথা গুৱাডেলুপৰ ষষ্ঠ প্ৰজন্মৰ ব্যক্তিসকলক অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বজুৰি প্ৰবাসী ভাৰতীয়সকলৰ উল্লেখযোগ্য ইতিহাসত আলোকপাতেৰে ভিন্ন দেশত তেওঁলোকে লাভ কৰা সাফল্যৰাজিক ভাৰতৰ ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে অভিহিত কৰে। তেখেতে আহ্বান জনায় যে এই আকৰ্ষণীয় আৰু প্ৰেৰণাদায়ক কাহিনীসমূহ আমাৰ সহভাজিত উত্তৰাধিকাৰ আৰু ঐতিহ্যৰ অংশ হিচাপে শ্বেয়াৰ, প্ৰদৰ্শন আৰু সংৰক্ষণ কৰা উচিত। শেহতীয়াকৈ তেখেতে "মন কী বাত"ত আলোচনা কৰা এটি প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। গুজৰাটৰ কেইবাটাও পৰিয়ালে ওমানত বসতি স্থাপন কৰিছিল। শ্ৰী মোদীয়ে তেওঁলোকৰ ২৫০ বছৰীয়া যাত্ৰাক প্ৰেৰণাদায়ক বুলি প্ৰশংসা কৰে আৰু লগতে কয় যে ইয়াৰ সৈতে জড়িত হাজাৰ-হাজাৰ নথি-পত্ৰ ডিজিটেলাইজ কৰাৰ বাবে এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছিল। তেখেতে আৰু কয় যে ইয়াৰ উপৰিও এক "মৌখিক ইতিহাস প্ৰকল্প" হাতত লোৱা হয়, য'ত জ্যেষ্ঠ সদস্যসকলে তেওঁলোকৰ অভিজ্ঞতাসমূহৰ আদান-প্ৰদান কৰে। আজিৰ এই অনুষ্ঠানত এনে বহু পৰিয়াল উপস্থিত থকাত তেখেতে সন্তোষ প্ৰকাশ কৰে।

 

ভিন্ন দেশৰ প্ৰবাসীসকলৰ সৈতে একেধৰণৰ প্ৰচেষ্টা হাতত লোৱাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে শ্ৰী মোদীয়ে "গিৰমিটিয়া" ভাই-ভনীসকলৰ উদাহৰণ দাঙি ধৰে। তেখেতে তেওঁলোক ভাৰতৰ কোন গাঁও-নগৰৰপৰা গৈছে আৰু তেওঁলোকে বসতি স্থাপন কৰা স্থানসমূহ চিনাক্ত কৰিবলৈ এটা তথ্যকোষ যুগুতৰ আহ্বান জনায়। তেখেতে কয় যে তেওঁলোকে কেনেকৈ প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰিছিল, সেয়া ছবি আৰু তথ্যচিত্ৰৰ জৰিয়তে প্ৰদৰ্শন কৰিব পৰা যাব। প্ৰধানমন্ত্ৰীগৰাকীয়ে গিৰমিটিয়া উত্তৰাধিকাৰ সম্পৰ্কে অধ্যয়ন আৰু গৱেষণাৰ গুৰুত্বত আলোকপাতেৰে ইয়াৰ বাবে বিশ্ববিদ্যালয় আসন প্ৰতিষ্ঠাৰ প্ৰস্তাৱ আগবঢ়ায়। তেখেতে নিয়মীয়াকৈ বিশ্ব গিৰমিটিয়া সন্মিলন আয়োজন কৰিবলৈয়ো আহ্বান জনায় আৰু এই সম্ভাৱনাসমূহ অন্বেষণেৰে উক্ত পদক্ষেপসমূহক আগুৱাই নিবলৈ পৰামৰ্শ আগবঢ়ায়।

“আধুনিক ভাৰত উন্নয়ন আৰু ঐতিহ্যৰ মন্ত্ৰৰে আগবাঢ়িছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে কয় যে জি-২০ বৈঠকৰ সময়ত সমগ্ৰ দেশতে অধিবেশন অনুষ্ঠিতকৰণেৰে বিশ্বক ভাৰতৰ বৈচিত্ৰ্যৰ প্ৰত্যক্ষ অভিজ্ঞতা প্ৰদান কৰা হৈছিল। কাশী-তামিল সংগমম, কাশী-তেলেগু সংগমম আৰু সৌৰাষ্ট্ৰ-তামিল সংগমম আদি অনুষ্ঠানৰ কথা তেখেতে গৌৰৱেৰে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আগন্তুক সন্ত তিৰুৱল্লুৱৰ দিৱসত আলোকপাতেৰে তেওঁৰ শিক্ষা প্ৰচাৰৰ বাবে তিৰুৱল্লুৱৰ সংস্কৃতি কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰে। তেখেতে উল্লেখ কৰে যে ছিংগাপুৰত প্ৰথমটো কেন্দ্ৰ আৰম্ভ হৈছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউষ্টন বিশ্ববিদ্যালয়ত তিৰুৱল্লুৱৰ আসন প্ৰতিষ্ঠা কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে এই প্ৰচেষ্টাসমূহৰ লক্ষ্য হৈছে তামিল ভাষা আৰু ঐতিহ্য তথা ভাৰতৰ ঐতিহ্যক বিশ্বৰ প্ৰতিটো কোণলৈ লৈ যোৱা।

 

ভাৰতৰ ঐতিহ্য ক্ষেত্ৰসমূহক সংযোগৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰাজিত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰামায়ণ এক্সপ্ৰেছৰ দৰে বিশেষ ৰেলে ভগৱান ৰাম আৰু সীতা মাতাৰ সৈতে জড়িত স্থানসমূহলৈ যোৱাৰ সুবিধা প্ৰশস্ত কৰিছে। তেখেতে লগতে কয় যে ভাৰত গৌৰৱ ৰেলসমূহেও সমগ্ৰ দেশৰ গুৰুত্বপূৰ্ণ ঐতিহ্য ক্ষেত্ৰসমূহ সংযোগৰ সমান্তৰালকৈ ছেমি-হাই-স্পীড বন্দে ভাৰত ৰেলে ভাৰতৰ প্ৰধান ঐতিহ্য কেন্দ্ৰসমূহক সংযুক্ত কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰ্যটন আৰু বিশ্বাসৰ সৈতে জড়িত সোতৰটা গন্তব্যস্থান ভ্ৰমণ কৰিবলৈ প্ৰায় ১৫০ গৰাকী লোকক পৰিবহণ কৰিবপৰা বিশেষ প্ৰবাসী ভাৰতীয় এক্সপ্ৰেছ ৰেল আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। তেখেতে সকলোকে ওড়িশাৰ অসংখ্য উল্লেখযোগ্য স্থান পৰিদৰ্শন কৰিবলৈ উৎসাহিতকৰণৰ লগতে প্ৰয়াগৰাজৰ আগন্তুক মহাকুম্ভত আলোকপাতেৰে এই বিৰল সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৯৪৭ত ভাৰতৰ স্বাধীনতাত প্ৰবাসী ভাৰতীয়সকলে পালন কৰা উল্লেখযোগ্য ভূমিকাক স্বীকাৰেৰে কয় যে প্ৰবাসীসকলে ভাৰতৰ বিকাশত অৰিহণা যোগাই আছে, ইয়াৰ ফলশ্ৰুতিত ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৰেমিটেন্স গ্ৰহণকাৰী দেশ হিচাপে পৰিগণিত হৈছে। তেখেতে ২০৪৭ৰ ভিতৰত ভাৰতক এখনি উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে প্ৰবাসীসকলৰ বিত্তীয় সেৱা আৰু বিনিয়োগৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত ‘গিফ্ট চিটি’ ব্যৱস্থাৰ গুৰুত্বত আলোকপাতেৰে ভাৰতৰ উন্নয়নৰ দিশত যাত্ৰাক সুদৃঢ়কৰণৰ বাবে ইয়াৰ সুবিধাসমূহৰ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। “প্ৰবাসীসকলৰ প্ৰতিটো প্ৰচেষ্টাই ভাৰতৰ প্ৰগতিত অৰিহণা যোগায়”, শ্ৰী মোদীয়ে কয়। ঐতিহ্য পৰ্যটনৰ সম্ভাৱনাত গুৰুত্ব আৰোপেৰে তেখেতে কয় যে এয়া ভাৰতৰ প্ৰধান মেট্ৰ’ চহৰসমূহতে সীমাবদ্ধ নহয়, বৰঞ্চ ভাৰতৰ ঐতিহ্যক প্ৰদৰ্শন কৰা টায়াৰ-২ আৰু টায়াৰ-৩ চহৰ তথা গাঁওসমূহো ইয়াৰ অন্তৰ্ভুক্ত হৈছে বুলি কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰবাসীসকলক এই ঐতিহ্যৰ সৈতে বিশ্বক সংযোগ কৰিবলৈ আহ্বান জনায়। সৰু-সৰু চহৰ আৰু গাঁওসমূহ ভ্ৰমণেৰে তেওঁলোকৰ অভিজ্ঞতাসমূহ ব্যয় কৰিবলৈ কয়। তেখেতে তেওঁলোকক পৰৱৰ্তী ভাৰত ভ্ৰমণত অন্ততঃ পাঁচজন অ-ভাৰতীয় মূলৰ বন্ধুক লগত আনিবলৈ উৎসাহিতকৰণেৰে দেশখন অন্বেষণ কৰাত সহায় কৰিবলৈ কয়।

 

শ্ৰী মোদীয়ে প্ৰবাসী যুৱক-যুৱতীসকলক ভাৰতক ভালদৰে বুজিবলৈ "ভাৰত ক’ জানিয়ে" কুইজত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেখেতে তেওঁলোকক "ভাৰতত অধ্যয়ন" কাৰ্য্যসূচী আৰু আইচিচিআৰ বৃত্তি আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰবাসীসকলে বসবাস কৰা দেশসমূহত ভাৰতৰ প্ৰকৃত ইতিহাসক প্ৰচাৰৰ গুৰুত্বত আলোকপাত কৰে। তেখেতে উল্লেখ কৰে যে এই দেশসমূহৰ বৰ্তমানৰ প্ৰজন্মই হয়তো ভাৰতৰ সমৃদ্ধি, দীৰ্ঘদিনীয়া বশৱৰ্তিতা, সংগ্ৰামৰ বিষয়ে অৱগত নহয়। তেখেতে প্ৰবাসীসকলক ভাৰতৰ প্ৰকৃত ইতিহাস সম্পৰ্কে বিশ্ববাসীক অৱগত কৰিবলৈ আহ্বান জনায়।

“ভাৰতে এতিয়া বিশ্ববন্ধু হিচাপে স্বীকৃতি লাভ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখেৰে প্ৰবাসীসকলক তেওঁলোকৰ প্ৰচেষ্টা বৃদ্ধিৰে বৈশ্বিক সংযোগক সুদৃঢ় কৰিবলৈ আহ্বান জনায়। তেখেতে নিজ-নিজ দেশত বিশেষকৈ স্থানীয় বাসিন্দাসকলৰ বাবে বঁটা অনুষ্ঠান আয়োজনৰ পৰামৰ্শ আগবঢ়ায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই বঁটাসমূহ সাহিত্য, শিল্প, চলচ্চিত্ৰ, নাট আদি ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকসকলক প্ৰদান কৰিব পৰা যাব। তেখেতে প্ৰবাসীসকলক ভাৰতীয় দূতাবাস আৰু কনছুলেটৰ সহযোগত, কৃতিত্বপ্ৰাপ্তসকলক প্ৰমাণপত্ৰৰে পুৰস্কৃত কৰিবলৈ উৎসাহিত কৰে। ইয়াৰ ফলত স্থানীয় লোকসকলৰ সৈতে ব্যক্তিগত সংযোগ আৰু আৱেগিক বন্ধন বৃদ্ধি পাব বুলি তেখেতে উল্লেখ কৰে।

স্থানীয় ভাৰতীয় সামগ্ৰীসমূহক বিশ্বজনীন কৰি তোলাত প্ৰবাসীসকলে পালন কৰিবপৰা উল্লেখযোগ্য ভূমিকাত গুৰুত্ব আৰোপেৰে শ্ৰী মোদীয়ে তেওঁলোকক "মেড ইন ইণ্ডিয়া" খাদ্যৰ পেকেট, কাপোৰ আৰু আন-আন সামগ্ৰী স্থানীয়ভাৱে বা অনলাইনত ক্ৰয় কৰিবলৈ আহ্বান জনায় আৰু এই সামগ্ৰীসমূহ তেওঁলোকৰ পাকঘৰ, ড্ৰয়িং ৰুমত ৰাখিবলৈ আহ্বান জনায়। তেখেতে কয় যে ইয়াৰদ্বাৰা এখনি উন্নত ভাৰত গঢ়ি তোলা কাৰ্য্য সম্ভৱ হ’ব।

 

ধৰিত্ৰী মাতৃ আৰু মাতৃৰ সৈতে জড়িত আন এক আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ গায়ানা ভ্ৰমণৰ কথা উল্লেখ কৰে, ইয়াত তেখেতে গায়ানাৰ ৰাষ্ট্ৰপতিৰ সৈতে "এক পেড় মা কে নাম" পদক্ষেপত অংশগ্ৰহণ কৰিছিল। তেখেতে উল্লেখ কৰে যে ভাৰতৰ লাখ-লাখ লোকে ইতিমধ্যে এই কাম কৰিবলৈ আৰম্ভ কৰিছে। তেখেতে প্ৰবাসীসকলক তেওঁলোক যি স্থানতেই নাথাকক কিয়, মাতৃৰ নামত এটা গছপুলি ৰোপণ কৰিবলৈ উৎসাহিত কৰে। ভাৰতৰপৰা ঘূৰি যাওঁতে এখনি উন্নত ভাৰত গঢ়াৰ সংকল্প মনৰ মাজত লৈ যাব বুলি তেখেতে বিশ্বাস প্রকাশ কৰে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোৰে ২০২৫ বৰ্ষত সমৃদ্ধি, সুস্বাস্থ্যৰ কামনা কৰে।

এই কাৰ্য্যসূচীত ওড়িশাৰ ৰাজ্যপাল ডঃ হৰি বাবু কাম্ভম্পতি, ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝি, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী এছ. জয়শংকৰ, শ্ৰী অশ্বিনী বৈষ্ণৱ,  শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, শ্ৰী জুৱেল ওৰাম আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী সুশ্ৰী শোভা কৰণ্ডলাজে, শ্ৰী কীৰ্তি বৰ্ধন সিং, শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে প্ৰমুখ্য কৰি বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে।

 

পটভূমি

প্ৰবাসী ভাৰতীয় দিৱস (PBD) সন্মিলন হৈছে ভাৰত চৰকাৰৰ এটি মূল কাৰ্য্যসূচী যিয়ে প্ৰবাসী ভাৰতীয়সকলৰ সৈতে সংযোগ আৰু তেওঁলোকক জড়িতকৰণৰ বাবে এখনি গুৰুত্বপূৰ্ণ মঞ্চ প্ৰশস্ত কৰিছে। ওড়িশা ৰাজ্য চৰকাৰৰ সহযোগত ২০২৫ৰ ৮ - ১০ জানুৱাৰীত ভূৱনেশ্বৰত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলনৰ আয়োজন কৰা হৈছে। এইবাৰৰ পিবিডি সন্মিলনৰ বিষয়বস্তু হৈছে "এখনি বিকশিত ভাৰতলৈ প্ৰবাসীসকলৰ বৰঙণি।" ৫০ খনৰো অধিক ভিন্ন দেশৰপৰা বৃহৎ সংখ্যক প্ৰবাসী ভাৰতীয়ই পিবিডি সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পঞ্জীয়ন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ৰিম’ৰ্টৰে প্ৰবাসী ভাৰতীয়সকলৰ বাবে বিশেষ পৰ্যটন ৰেল প্ৰবাসী ভাৰতীয় এক্সপ্ৰেছৰ উদ্বোধনী যাত্ৰাৰ ফ্লেগ-অফ কৰে। ৰেলখনে দিল্লীৰ নিজামুদ্দিন ৰেলৱে ষ্টেচনৰপৰা যাত্ৰা কৰিব আৰু তিনি সপ্তাহৰ বাবে ভাৰতৰ পৰ্যটন তথা ধৰ্মীয় গুৰুত্বপূৰ্ণ একাধিক গন্তব্যস্থানলৈ যাত্ৰা কৰিব। প্ৰবাসী তীৰ্থ দৰ্শন যোজনাৰ অধীনত প্ৰবাসী ভাৰতীয় এক্সপ্ৰেছে যাত্ৰা কৰিব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
MSMEs’ contribution to GDP rises, exports triple, and NPA levels drop

Media Coverage

MSMEs’ contribution to GDP rises, exports triple, and NPA levels drop
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi addresses BJP karyakartas at felicitation of New Party President
January 20, 2026
Our presidents change, but our ideals do not. The leadership changes, but the direction remains the same: PM Modi at BJP HQ
Nitin Nabin ji has youthful energy and long experience of working in organisation, this will be useful for every party karyakarta, says PM Modi
PM Modi says the party will be in the hands of Nitin Nabin ji, who is part of the generation which has seen India transform, economically and technologically
BJP has focused on social justice and last-mile delivery of welfare schemes, ensuring benefits reach the poorest and most marginalised sections of society: PM
In Thiruvananthapuram, the capital of Kerala, the people snatched power from the Left after 45 years in the mayoral elections and placed their trust in BJP: PM

Prime Minister Narendra Modi today addressed party leaders and karyakartas during the felicitation ceremony of the newly elected BJP President, Nitin Nabin, at the party headquarters in New Delhi. Congratulating Nitin Nabin, the Prime Minister said, “The organisational election process reflects the BJP’s commitment to internal democracy, discipline and a karyakarta-centric culture. I congratulate karyakartas across the country for strengthening this democratic exercise.”

Highlighting the BJP’s leadership legacy, Prime Minister Modi said, “From Dr. Syama Prasad Mookerjee to Atal Bihari Vajpayee, L.K. Advani, Murli Manohar Joshi and other senior leaders, the BJP has grown through experience, service and organisational strength. Three consecutive BJP-NDA governments at the Centre reflect this rich tradition.”

Speaking on the leadership of Nitin Nabin, the PM remarked, “Organisational expansion and karyakarta development are the BJP’s core priorities.” He emphasised that the party follows a worker-first philosophy, adding that Nitin Nabin’s simplicity, organisational experience and youthful energy would further strengthen the party as India enters a crucial phase on the path to a Viksit Bharat.

Referring to the BJP’s ideological foundation, Prime Minister Modi said, “As the Jan Sangh completes 75 years, the BJP stands today as the world’s largest political party. Leadership may change, but the party’s ideals, direction and commitment to the nation remain constant.”

On public trust and electoral growth, the Prime Minister observed that over the past 11 years, the BJP has consistently expanded its footprint across states and institutions. He noted that the party has gained the confidence of citizens from Panchayats to Parliament, reflecting sustained public faith in its governance model. He said, “Over the past 11 years, the BJP has formed governments for the first time on its own in Haryana, Assam, Tripura and Odisha. In West Bengal and Telangana, the BJP has emerged as a strong and influential voice of the people.”

“Over the past one-and-a-half to two years, public trust in the BJP has strengthened further. Whether in Assembly elections or local body polls, the BJP’s strike rate has been unprecedented. During this period, Assembly elections were held in six states, of which the BJP-NDA won four,” he added.

Describing the BJP’s evolution into a party of governance, he said the party today represents stability, good governance and sensitivity. He highlighted that the BJP has focused on social justice and last-mile delivery of welfare schemes, ensuring benefits reach the poorest and most marginalised sections of society.

“Today, the BJP is also a party of governance. After independence, the country has seen different models of governance - the Congress's dynastic politics model, the Left's model, the regional parties' model, the era of unstable governments... but today the country is witnessing the BJP's model of stability, good governance, and development,” he said.

PM Modi asserted, “The people of the country are committed to building a Developed India by 2047. That is why the reform journey we began over the past 11 years has now become a Reform Express. We must accelerate the pace of reforms at the state and city levels wherever BJP-NDA governments are in power.”

Addressing national challenges, Prime Minister Modi said, “Decisive actions on Article 370, Triple Talaq and internal security show our resolve to put national interest first.” He added that combating challenges like infiltration, urban naxalism and dynastic politics remained a priority.

Concluding his address, the Prime Minister said, “The true strength of the BJP lies in its karyakartas, especially at the booth level. Connecting with every citizen, ensuring last-mile delivery of welfare schemes and working collectively for a Viksit Bharat remain our shared responsibility.”