সিদ্ধাৰ্থ নগৰ, এটা, হৰদোই, প্ৰতাপগঢ়, ফতেহপুৰ, দেৱৰিয়া, গাজীপুৰ, মিৰ্জাপুৰ আৰু জৌনপুৰে নতুন মেডিকেল কলেজ পালে
"উত্তৰ প্ৰদেশৰ ডবল ইঞ্জিনৰ চৰকাৰ বহু কৰ্মযোগীৰ কেইবাদশকৰ তপস্যাৰ ফল"
"মাধৱ প্ৰসাদ ত্ৰিপাঠীৰ নামে ইয়াৰ মেডিকেল কলেজৰ পৰা পঢ়ি ওলোৱা যুৱ ডাক্তৰসকলক জনসেৱাৰ নিৰন্তৰ প্ৰেৰণাও দি থাকিব"
"যি পূৰ্বাঞ্চলক মূৰৰ জ্বৰৰ বাবে হোৱা বেদনাদায়ক মৃত্যুৰ বাবে বদনাম কৰা হৈছিল, সেই পূৰ্বাঞ্চলেই পূৰ্ব ভাৰতক স্বাস্থ্যৰ নতুন পোহৰ দিয়াৰ পথত"
"চৰকাৰ যেতিয়া সংবেদনশীল হয়, দুখীয়াৰ দুখ বুজিবলৈ মনত কৰুণাৰ ভাব থাকে, তেতিয়া এনেকৈয়ে কাম হয়"
"ইমান বেছি মেডিকেল কলেজৰ লোকাৰ্পণ ৰাজ্যত অভূতপূৰ্ব; এনেকুৱা আগতে নহৈছিল আৰু এতিয়া এনেকুৱা কিয় হৈ আছে, ইয়াৰ এটাই কাৰণ- ৰাজনৈতিক ইচ্ছাশক্তি আৰু ৰাজনৈতিক প্ৰাথমিকতা"
"উত্তৰ প্ৰদেশত ২০১৭লৈকে চৰকাৰী মেডিকেল কলেজত মেডিকেলৰ মাত্ৰ ১৯০০ ছিট আছিল। ডবল ইঞ্জিন চৰকাৰে যোৱা চাৰি বছৰতে ১৯০০ ছিটৰ পৰা অধিক মেডিকেল ছিটৰ বৃদ্ধি কৰিছে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশত সিদ্ধাৰ্থ নগৰৰ মাধৱ প্ৰসাদ ত্ৰিপাঠী মেডিকেল কলেজসহ প্ৰদেশৰ নখন মেডিকেল কলেজৰ উদ্ঘাটন কৰে। এই নখন মেডিকেল কলেজ সিদ্ধাৰ্থ নগৰ, এটা, হৰদোই, প্ৰতাপগঢ়, ফটেহপুৰ, দেৱৰীয়া, গাজীপুৰ, মিৰ্জাপুৰ আৰু জৌনপুৰ জিলাত আছে। এই উপলক্ষে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী উপস্থিত আছিল।

কাৰ্যক্ৰমত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰ চৰকাৰ আৰু উত্তৰ প্ৰদেশৰ চৰকাৰ বহু কৰ্মযোগীৰ কেইবাদশকৰ তপস্যাৰ ফল। তেওঁ কয় যে সিদ্ধাৰ্থ নগৰে স্বৰ্গীয় মাধৱ প্ৰসাদ ত্ৰিপাঠী জীৰ ৰূপত এজন এনেকুৱা সমৰ্পিত জনপ্ৰতিনিধি দেশক দিলে, যাৰ নিৰলস প্ৰচেষ্টা আজি ৰাষ্ট্ৰৰ কামত আহিছে। তেওঁ কয় যে সিদ্ধাৰ্থ নগৰৰ নতুন মেডিকেল কলেজৰ নাম মাধৱ বাবুৰ নামত ৰখাটো তেওঁৰ সেৱা ভাবৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি। প্ৰধানমন্ত্ৰীয়ে কয় যে মাধৱ বাবুৰ নামে ইয়াৰ পৰা পঢ়ি ওলোৱা যুৱ ডাক্তৰসকলক জনসেৱাৰ নিৰন্তৰ প্ৰেৰণাও দিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে নখন নতুন মেডিকেল কলেজৰ নিৰ্মাণেৰে, প্ৰায় আঢ়ৈ হাজাৰ নতুন বিছনা প্ৰস্তুত হ'ল, পাঁচ হাজাৰতকৈ অধিক ডাক্তৰ আৰু পেৰামেডিকছৰ বাবে নিয়োগৰ নতুন সুযোগ সৃষ্টি হৈছে। তেওঁ কয়, "ইয়াৰ লগতে প্ৰতি বছৰে বহুত যুৱক-যুৱতীৰ বাবে মেডিকেল পঢ়াৰ নতুন পথ মুকলি হ'ল।"

প্ৰধানমন্ত্ৰীয়ে কয় যে মূৰৰ জ্বৰৰ ফলত হোৱা বেদনাদায়ক মৃত্যুৰ বাবে বিগত চৰকাৰসমূহে পূৰ্বাঞ্চলৰ ছবি বেয়া কৰি পেলাইছিল। তেওঁ কয় যে আজি সেই পূৰ্বাঞ্চলেই, সেই উত্তৰ প্ৰদেশক, পূৰ্ব ভাৰতক স্বাস্থ্যৰ নতুন পোহৰ দিয়াৰ পথত।

প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে যেতিয়া উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ জী সংসদ সদস্য আছিল, তেতিয়া তেওঁ সংসদত উত্তৰ প্ৰদেশৰ দুৰ্গত চিকিৎসা ব্যৱস্থাৰ ব্যথা শুনাইছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি উত্তৰ প্ৰদেশেৰ মানুহে দেখি আছে যে যেতিয়া যোগী জীক জনতা-জনাৰ্দনৰ সেৱাৰ সুযোগ দিলে, তেতিয়া কেনেকৈ তেওঁ মূৰৰ জ্বৰক বৃদ্ধি পোৱাত বাধা দিলে আৰু এই অঞ্চলৰ হাজাৰ হাজাৰ শিশুৰ জীৱন ৰক্ষা কৰিলে। তেওঁ কয়, "চৰকাৰ যেতিয়া সংবেদনশীল হয়, দুখীয়াৰ দুখ বুজিবলৈ মনত কৰুণাৰ ভাব থাকে, তেতিয়া এনেকৈয়ে কাম হয়।"

 প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ প্ৰদেশৰ ইতিহাসত কেতিয়াও একেলগে ইমান মেডিকেল কলেজৰ লোকাৰ্পণ হোৱা নাই। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয়, "আগতে এনেকুৱা নহৈছিল আৰু এতিয়া এনেকুৱা কিয় হৈ আছে। ইয়াৰ এটাই কাৰণ- ৰাজনৈতিক ইচ্ছাশক্তি আৰু ৰাজনৈতিক প্ৰাথমিকতা।" প্ৰধানমন্ত্ৰীয়ে কয় যে সাত বছৰৰ আগতে যি চৰকাৰ দিল্লীত আছিল আৰু সাত বছৰৰ আগতে যি ইয়াত উত্তৰ প্ৰদেশৰ চৰকাৰ আছিল, তেওঁলোকে কেৱল ভোটৰ বাবে কাম কৰিছিল, তেতিয়া কৰবাত ডিস্পেন্সেৰীৰ, কৰবাত সৰুসুৰা হাস্পতালৰ ঘোষণা কৰি বহি গৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে বছৰ বছৰ ধৰি হয় ভবন নিৰ্মাণ নহৈছিল আৰু যদিও নিৰ্মাণ হৈছিল, তেন্তে মেচিন নাছিল। দুয়োটা যদি হৈছিল, তেতিয়া ডাক্তৰ আৰু অন্য ষ্টাফ নাছিল। তেওঁ কয় যে ওপৰৰ পৰা দুখীয়াৰ হাজাৰ কোটি টকা লুণ্ঠন কৰা ভ্ৰষ্টাচাৰৰ চক্ৰ চৌবিশ ঘণ্টাই চলি আছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ৰ আগতে আমাৰ দেশত মেডিকেল ছিট ৯০ হাজাৰৰ কম আছিল। যোৱা সাত বছৰত দেশত মেডিকেলৰ ৬০ হাজাৰ নতুন ছিট সংযুক্ত হ'ল। তেওঁ কয় যে ইয়াত উত্তৰ প্ৰদেশতো ২০১৭লৈকে মেডিকেলৰ ছিট ৯০ হাজাৰতকৈও কম আছিল, ইয়াৰ বিপৰীতে ডবল ইঞ্জিনৰ চৰকাৰে যোৱা চাৰি বছৰতে ১৯০০ ছিটতকৈও অধিক মেডিকেল ছিটৰ বৃদ্ধি কৰিলে।

 

 

 

 

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha

Media Coverage

Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses delight as Sarnath is inscribed on the UNESCO World Heritage List
July 25, 2026

Prime Minister Shri Narendra Modi today expressed that it is a proud moment for every Indian, sharing his delight that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

He noted that Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

Shri Modi highlighted that this recognition celebrates India’s profound civilisational and spiritual heritage. The Prime Minister observed that it will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

In a post on X, the Prime Minister shared:

 "A proud moment for every Indian!

Delighted that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

This recognition celebrates India’s profound civilisational and spiritual heritage. It will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

@UNESCO"