"দাসত্বৰ সময়ছোৱাত স্বামী বিবেকানন্দই নতুন শক্তি আৰু উৎসাহেৰে দেশখন উদ্বেলিত কৰি তুলিছিল"
"ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিস্থাৰ পৱিত্ৰ উপলক্ষত দেশৰ সকলো মন্দিৰৰ চৌহদ পৰিষ্কাৰণৰ অভিযান চলাওক"
"দক্ষতাৰ এক নতুন শক্তিৰ ৰূপত ভাৰতলৈ দৃষ্টি নিক্ষেপ কৰিছে বিশ্বই"
"আজিৰ যুৱক-যুৱতীসকলৰ বাবে ইতিহাস ৰচাৰ, ইতিহাসত তেওঁলোকৰ নাম পঞ্জীয়ন কৰাৰ সুযোগ আহিছে"
"আজি দেশৰ মনোভাৱ আৰু শৈলী যৌৱনদীপ্ত হৈছে"
এই কাৰ্যক্ৰমত ‘ৰিদমিক জিমনাষ্টিক’, ‘মালখাম্ব’, ‘যোগসান’ আৰু ‘ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ’ৰ শীৰ্ষগীত অন্তৰ্ভুক্ত আছিল।
তেওঁ ভাৰতৰ নাৰী শক্তিৰ প্ৰতীক ‘ৰাজমাতা’ জিজাবাইৰ জন্ম জয়ন্তীৰ প্ৰসংগও উল্লেখ কৰে আৰু এই উপলক্ষে মহাৰাষ্ট্ৰত উপস্থিত থাকিবলৈ পোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।
তেওঁ কয় যে ফ্ৰান্স, জাৰ্মানী, ইউকে, অষ্ট্ৰেলিয়া, ইটালী, অষ্ট্ৰিয়া আদি দেশৰ সৈতে চৰকাৰে স্থাপন কৰা গতিশীলতা চুক্তিয়ে দেশখনৰ যুৱপ্ৰজন্মক যথেষ্ট লাভান্বিত কৰিছে।
"অমৃত কালৰ আগমন ভাৰতৰ বাবে গৌৰৱেৰে পৰিপূৰ্ণ" বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে ভাৰতক 'বিকশিত ভাৰত' হিচাপে গঢ়ি তুলিবলৈ এই ‘অমৃত কাল’ত দেশখনক আগুৱাই নিয়াৰ বাবে যুৱপ্ৰজন্মক আহ্বান জনায়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ নাছিকত ‘২৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ’ৰ শুভাৰম্ভ ঘোষণা কৰে। শ্ৰী মোদীয়ে স্বামী বিবেকানন্দ আৰু ‘ৰাজমাতা’ জিজাবাইৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে। তেওঁ যুৱক-যুৱতীসকলৰ এক সমদলযাত্ৰা আৰু 'বিকশিত ভাৰত @ ২০৪৭ - যুৱ কে লিয়ে, যুৱ কে দ্বাৰা' বিষয়বস্তু সম্বলিত এক সাংস্কৃতিক কাৰ্যসূচীও প্ৰত্যক্ষ কৰে। এই কাৰ্যক্ৰমত ‘ৰিদমিক জিমনাষ্টিক’, ‘মালখাম্ব’, ‘যোগসান’ আৰু ‘ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ’ৰ শীৰ্ষগীত অন্তৰ্ভুক্ত আছিল।

সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰতৰ যুৱ শক্তিক উদ্দেশি এই উত্সৱ অনুষ্ঠিত হোৱাৰ লগতে দাসত্বৰ সময়ছোৱাত নতুন শক্তি আৰু উৎসাহেৰে দেশক উদ্বেলিত কৰি তোলা স্বামী বিবেকানন্দৰ মহান ব্যক্তিত্বৰ প্ৰতি সমৰ্পিত হৈছে। স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে উদযাপন কৰা ‘ৰাষ্ট্ৰীয় যুৱ দিৱস’ত শ্ৰী মোদীয়ে যুৱপ্ৰজন্মলৈ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ ভাৰতৰ নাৰী শক্তিৰ প্ৰতীক ‘ৰাজমাতা’ জিজাবাইৰ জন্ম জয়ন্তীৰ প্ৰসংগও উল্লেখ কৰে আৰু এই উপলক্ষে মহাৰাষ্ট্ৰত উপস্থিত থাকিবলৈ পোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মহাৰাষ্ট্ৰৰ ভূমিয়ে ইমান সংখ্যক মহান ব্যক্তিত্বৰ জন্ম দিয়াটো কেতিয়াও কাকতালীয় ঘটনা হ’ব নোৱাৰে, ই নিশ্চিত ভাবেই সৎ আৰু সাহসী মাটিৰহে প্ৰভাৱ। প্ৰধানমন্ত্ৰীয়ে কয় যে এই ভূমিয়ে ‘ৰাজমাতা’ জিজাবাইৰ দৰে মহান ব্যক্তিত্বৰ জৰিয়তে ‘ছত্ৰপতি’ শিৱাজীৰ উথ্থান ঘটায়, দেৱী অহিল্যাবাই হোলকাৰ আৰু ৰামবাই আম্বেদকাৰৰ দৰে মহান মহিলা নেত্ৰীৰ উপৰি লোকমান্য তিলক, বীৰ সাভাৰকাৰ, অনন্ত কাঁহেৰে, দাদাচাহেব পটনিছ আৰু চাপেকাৰ বন্ধুৰ দৰে মহান ব্যক্তিসকলৰ জন্ম দিয়ে। "ভগৱান শ্ৰী ৰামে নাছিকৰ ‘পঞ্চৱতী’ত বহু দিন অতিবাহিত কৰিছিল," বুলি প্ৰধানমন্ত্ৰীয়ে  এইসকল মহান আত্মাৰ ভূমিৰ প্ৰতি প্ৰণিপাত জনায়। চলিত বৰ্ষৰ ২২ জানুৱাৰীৰ পূৰ্বে ভাৰতত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিযান চলাবলৈ আৰু উপাসনাস্থলীসমূহ পৰিষ্কাৰ কৰাৰ আহ্বান জনোৱাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে নাছিকৰ ‘শ্ৰী কালাৰাম মন্দিৰ’ত দৰ্শন আৰু পূজা সম্পন্ন কৰাৰ কথা উল্লেখ কৰে। তেওঁ দেশৰ সকলো মন্দিৰ, প্ৰাংগণ তথা তীৰ্থকেন্দ্ৰসমূহত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভিযান চলোৱা আৰু অচিৰেই উদ্বোধন হ'বলগীয়া ‘শ্ৰী ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান’ৰ পূৰ্বে এই কামত অৰিহণা যোগোৱাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে।

যুৱশক্তিক সৰ্বোপৰি বুলি গ্ৰহণ কৰাৰ পৰম্পৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰী অৰবিন্দ আৰু স্বামী বিবেকানন্দৰ উদ্ধৃতি দি ‘বিশ্বৰ শীৰ্ষ ৫টা অৰ্থনীতি’ত ভাৰতৰ প্ৰৱেশৰ বাবে যুৱ শক্তিক কৃতিত্ব প্ৰদান কৰে। তেওঁ লগতে ভাৰতক ‘শীৰ্ষ ৩টা ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰ’ৰ ভিতৰত অৱতীৰ্ণ কৰা, ‘পেটেন্ট’ৰ অভিলেখ সংখ্যা আৰু এক মুখ্য উৎপাদন কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা কথাই দেশৰ যুৱপ্ৰজন্মৰ শক্তিকে অভিব্যক্ত কৰিছে বুলি উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে জোৰ দি কয় যে 'অমৃত কাল'ৰ বৰ্তমানৰ মুহূৰ্তটো ভাৰতৰ যুৱসকলৰ বাবে এক অনন্য মুহূৰ্ত। এম বিশ্বেশ্বৰায়া, মেজৰ ধ্যান চান্দ, ভগত সিং, চন্দ্ৰশেখৰ আজাদ, বটুকেশ্বৰ দত্ত, মহাত্মা ফুলে, সাবিত্ৰী বাই ফুলেৰ দৰে ব্যক্তিত্বৰ যুগান্তকাৰী অৱদানৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে 'অমৃত কাল'ৰ সময়ত যুৱসকলক তেওঁলোকেও যে একে ধৰণৰ দায়িত্ব পালন কৰিব লাগিব সেই কথা সোঁৱৰাই দিয়ে। তেওঁ তেওঁলোকক দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। এই অনন্য সুযোগৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে কয়, "মই আপোনালোকক ভাৰতৰ ইতিহাসৰ আটাইতকৈ ভাগ্যৱান প্ৰজন্ম বুলি বিবেচনা কৰিছোঁ। মই জানো যে ভাৰতৰ যুৱপ্ৰজন্মই এই লক্ষ্যত অৱতীৰ্ণ হ’ব পাৰিব"। প্ৰধানমন্ত্ৰীয়ে ‘মাই-ভাৰত পৰ্টেল’ৰ সৈতে যুৱপ্ৰজন্মৰ সম্পৰ্ক যি গতিৰে প্ৰগাঢ় হ’ব ধৰিছে সেয়া দেখি তেওঁ সন্তুষ্টি লাভ কৰিছে বুলি উল্লেখ কৰে। ৭৫ দিনতকৈয়ো কম সময়ৰ ভিতৰত ১.১০ কোটি যুৱকে ‘পৰ্টেল’টোত পঞ্জীয়ন কৰিছে বুলিও তেওঁ তথ্য সদৰী কৰে।

বৰ্তমানৰ চৰকাৰে সুযোগৰ সাগৰ প্ৰদান কৰিছে আৰু ভাৰতৰ যুৱপ্ৰজন্মৰ বাবে সকলো বাধা নিঃশেষ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে শিক্ষা, নিযুক্তি, উদ্যোগ, উদীয়মান খণ্ড, ষ্টাৰ্টআপ, দক্ষতা আৰু ক্ৰীড়া ক্ষেত্ৰত এক আধুনিক আৰু গতিশীল পৰিস্থিতিতন্ত্ৰৰ বিকাশ ঘটাৰ কথা উল্লেখ কৰে। তেওঁ নতুন শৈক্ষিক নীতি ৰূপায়ণ, আধুনিক দক্ষতা পৰিৱেশতন্ত্ৰৰ বিকাশ, শিল্পী আৰু হস্তশিল্প খণ্ডৰ বাবে ‘প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা’ ৰূপায়ণ, ‘প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা’ৰ সৈতে কোটি কোটি যুৱক-যুৱতীক উৎসাহিত কৰা আৰু দেশত নতুন ‘আইআইটি’ আৰু ‘এনআইটি’ স্থাপনৰ কথা উল্লেখ কৰে। "বিশ্বই এক নতুন দক্ষ শক্তি হিচাপে ভাৰতৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিছে", শ্ৰী মোদীয়ে বিশ্বৰ আগত তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰিব বিচৰা যুৱক-যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ কথা উল্লেখ কৰি মন্তব্য কৰে। তেওঁ কয় যে ফ্ৰান্স, জাৰ্মানী, ইউকে, অষ্ট্ৰেলিয়া, ইটালী, অষ্ট্ৰিয়া আদি দেশৰ সৈতে চৰকাৰে স্থাপন কৰা গতিশীলতা চুক্তিয়ে দেশখনৰ যুৱপ্ৰজন্মক যথেষ্ট লাভান্বিত কৰিছে।  

 

প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে, "আজি যুৱসকলৰ বাবে সুযোগৰ এক নতুন দিগন্ত মুকলি কৰা হৈছে আৰু চৰকাৰে ইয়াৰ বাবে সম্পূৰ্ণ শক্তিৰে কাম কৰি আছে।" তেওঁ ‘ড্ৰোন’, ‘এনিমেশ্যন’, ‘গে’মিং’, ‘কামিং’, ‘ভিজুৱেল এফেক্ট’, পাৰমাণৱিক, মহাকাশ আৰু ‘মেপিং’ খণ্ডৰ দৰে ক্ষেত্ৰত সৃষ্টি হোৱা সক্ষম পৰিৱেশৰ কথা উল্লেখ কৰে। বৰ্তমান চৰকাৰৰ অধীনত দ্ৰুত অগ্ৰগতিত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ঘাইপথ, আধুনিক ৰে'ল, বিশ্বমানৰ বিমানবন্দৰ, টীকাকৰণ প্ৰমাণপত্ৰৰ দৰে ‘ডিজিটেল সেৱা’ আৰু ‘সুলভ তথ্য’ৰ বিকাশে দেশৰ যুৱপ্ৰজন্মৰ বাবে নতুন পথ মুকলি কৰি দিছে।

"আজি দেশৰ মনোভাৱ আৰু শৈলী যৌৱনদীপ্ত হৈছে," বুলি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ যুৱপ্ৰজন্ম কোনো ক্ষেত্ৰতে পিছ পৰি নাথাকে, বৰঞ্চ আগবাঢ়িহে যায়। সেয়েহে, ‘চন্দ্ৰযান-৩’ আৰু ‘আদিত্য এল-১’ অভিযানৰে সফলতাৰ উদাহৰণ দাঙি ধৰা ভাৰত আজি প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত এক নেতৃত্ব প্ৰদানকাৰী দেশ হৈ উঠিছে বুলি অভিমত প্ৰকাশ কৰে মোদীয়ে। তেওঁ স্বাধীনতা দিৱসৰ সময়ত ‘আনুষ্ঠানিক টোপধ্বনি’ৰ বাবে ব্যৱহৃত 'মে’ড ইন ইণ্ডিয়া' ‘আইএনএছ বিক্ৰান্ত’ আৰু ‘তেজস যুঁজাৰু বিমান’ৰ কথাও উল্লেখ কৰে। অন্যান্য প্ৰসংগৰ উপৰিও শ্ৰী মোদীয়ে সৰু দোকানসমূহৰ পৰা আটাইতকৈ ডাঙৰ ‘শ্বপিং মল’সমূহলৈকে সকলোতে ‘ইউপিআই’ বা ‘ডিজিটেল পৰিশোধ’ৰ ব্যাপক ব্যৱহাৰৰ কথা উল্লেখ কৰে। "অমৃত কালৰ আগমন ভাৰতৰ বাবে গৌৰৱেৰে পৰিপূৰ্ণ" বুলি উল্লেখ কৰি  শ্ৰী মোদীয়ে ভাৰতক 'বিকশিত ভাৰত' হিচাপে গঢ়ি তুলিবলৈ এই ‘অমৃত কাল’ত দেশখনক আগুৱাই নিয়াৰ বাবে যুৱপ্ৰজন্মক আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মক কয় যে এইসময়ত তেওঁলোকৰ সপোনক নতুন ডেউকা প্ৰদান কৰাৰ সময় সমাগত হৈছে। "এতিয়া আমি কেৱল প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰিলেই নহ’ব। আমি নিজৰ বাবে নতুন প্ৰত্যাহ্বানো স্থাপন কৰিব লাগিব" বুলি প্ৰধানমন্ত্ৰীয়ে ‘৫ ট্ৰিলিয়ন ডলাৰ’ৰ অৰ্থনীতি, ‘তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি’ হিচাপে পৰিগণিত হোৱা, জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাৰ বাবে কাম কৰা আৰু প্ৰাকৃতিক কৃষিৰ প্ৰসাৰ-প্ৰচাৰৰ কামৰ দায়িত্ব গ্ৰহণৰ প্ৰসংগৰে এক নতুন লক্ষ্য তালিকা দাঙি ধৰে।

যুৱ প্ৰজন্মৰ ওপৰত তেওঁৰ বিশ্বাসৰ ভিত্তি ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "এই সময়ছোৱাত দেশত এটা যুৱ প্ৰজন্ম গঢ়ি তোলা হৈছে, যি দাসত্বৰ চাপ আৰু প্ৰভাৱৰ পৰা সম্পূৰ্ণৰূপে মুক্ত। এই প্ৰজন্মৰ যুৱক-যুৱতীসকলে আত্মবিশ্বাসেৰে ক’বলৈ লৈছে– উন্নয়নৰ লগতে ঐতিহ্য" ৰক্ষাৰ কথা। তেওঁ কয় যে বিশ্বই যোগ আৰু আয়ুৰ্বেদৰ প্ৰমূল্যক স্বীকৃতি দিছে আৰু ভাৰতীয় যুৱক-যুৱতীসকল যোগ আৰু আয়ুৰ্বেদৰ ‘ব্ৰেণ্ড এম্বেছেডৰ’ হৈ উঠিছে।

যুৱক-যুৱতীসকলক তেওঁলোকৰ ককাদেউতা-আইতাহঁতক বজ্ৰা ৰুটি, ‘কোডো-কুটকী’, ‘ৰাগি’-‘জোৱাৰ’ আদি খোৱাৰ কথা সুধিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দাসত্বৰ মানসিকতাইহে এই খাদ্যদ্ৰব্যসমূহক দৰিদ্ৰতাৰ সৈতে জড়িত কৰি ভাৰতীয়সকলৰ পাকঘৰৰ পৰা বাহিৰ কৰি পঠিয়াইছিল। তেওঁ উল্লেখ কৰে যে বৰ্তমানৰ চৰকাৰে ‘বাজ্ৰা’ আৰু ‘মোটা শস্য’ক ‘ছুপাৰফুড’ হিচাপে এক নতুন পৰিচয় প্ৰদান কৰিছে, যাৰ ফলত ভাৰতীয় পৰিয়ালসমূহত শ্ৰী অন্ন হিচাপে এনে খাদ্যদ্ৰব্যৰ প্ৰত্যাৱৰ্তন ঘটিছে। "এতিয়া আপোনালোক এই খাদ্যশস্যবোৰৰ ‘ব্ৰেণ্ড এম্বেছেডৰ’ হ'ব লাগিব। খাদ্যশস্যৰ সৈতে আপোনালোকৰ স্বাস্থ্যৰ উন্নতি হ'ব আৰু দেশৰ ক্ষুদ্ৰ কৃষকসকলো লাভান্বিত হ'ব" বুলি লগতে মন্তব্য কৰে  শ্ৰী মোদীয়ে।

 

প্ৰধানমন্ত্ৰীয়ে যুৱপ্ৰজন্মক ৰাজনীতিৰ মাধ্যমেৰে দেশৰ সেৱা কৰিবলৈ আহ্বান জনায়। তেওঁ বিশ্বৰ নেতৃবৃন্দই আজিকালি ভাৰতক লৈ আশা পোষণ কৰিবলৈ লোৱাৰ কথা উল্লেখ কৰে। "এই আশা, এই আকাংক্ষাৰ এটা কাৰণ আছে – ভাৰত হৈছে গণতন্ত্ৰৰ মাতৃ। গণতন্ত্ৰত যুৱপ্ৰজন্মৰ অংশগ্ৰহণ যিমানেই বেছি হ'ব, সিমানেই ৰাষ্ট্ৰৰ ভৱিষ্যতো উন্নত হ'ব।" তেওঁ পৰামৰ্শ দি কয় যে তেওঁলোকৰ অংশগ্ৰহণে ৰাজবংশৰ ৰাজনীতিক সাৰ-শূণ্য কৰিব। তেওঁ তেওঁলোকক ভোটদানৰ জৰিয়তে তেওঁলোকৰ মতামত প্ৰকাশ কৰিবলৈও আহ্বান জনায়। প্ৰথমবাৰৰ বাবে ভোট দিবলৈ ওলোৱা সকলক তেওঁ কয়, "প্ৰথমবাৰৰ বাবে ভোট দিবলৈ ওলোৱাসকলে আমাৰ গণতন্ত্ৰলৈ নতুন শক্তি আৰু সামৰ্থ্যৰ জোৱাৰ আনিব পাৰে।"

 

"অমৃত কালৰ আগন্তুক ২৫টা বছৰ আপোনালোকৰ বাবে কৰ্তব্যৰ সময়", প্ৰধানমন্ত্ৰীয়ে উপদেশ দিয়ে, "যেতিয়া আপোনালোকে আপোনালোকৰ কৰ্তব্যক সৰ্বোপৰি বুলি গ্ৰহণ কৰিব, সমাজৰতো উন্নতি হ'বই লগতে দেশৰো উন্নতি হ'ব।" লালকিল্লাৰ পৰা কৰা অনুৰোধৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে যুৱপৰজন্মক স্থানীয় সামগ্ৰীৰ ব্যৱহাৰৰ প্ৰচাৰ, কেৱল ‘মে’ড ইন ইণ্ডিয়া’ সামগ্ৰী ব্যৱহাৰ, যিকোনো ধৰণৰ ‘ড্ৰাগছ আৰু নিচাসক্তি’ৰ পৰা আঁতৰি থাকিবলৈ, মাতৃ, ভগ্নী আৰু কন্যাৰ নামত আপত্তিজনক শব্দ ব্যৱহাৰ কৰাৰ বিৰুদ্ধে মাত মাতিবলৈ আৰু এনে ধৰণৰ দুষ্টতাৰ অন্ত পেলাবলৈ আহ্বান জনায়।

 

ভাষণৰ সামৰণি মাৰিবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ যুৱপ্ৰজন্মই সম্পূৰ্ণ ভক্তি আৰু সামৰ্থ্যৰে প্ৰতিটো দায়িত্ব পালন কৰিব। "এক শক্তিশালী, সক্ষম আৰু দক্ষ ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ আমি জ্বলোৱা চাকিগছি এক অমৰ জ্যোতি হৈ উঠিব আৰু এই অমৰ যুগত বিশ্বক আলোকিত কৰিব" বুলি বিশ্বাস ব্যক্ত

 

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ শ্বিন্দে, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফড়নৱিশ আৰু কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশিথ প্ৰমাণিক অন্যান্য সকলৰ মাজত উপস্থিত আছিল।

 

ভূমি

 

যুৱসকলক দেশৰ উন্নয়নযাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গঢ়ি তোলাটো প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ প্ৰয়াস হৈ আহিছে। এই প্ৰয়াসৰ আন এক প্ৰচেষ্টা হিচাপেই প্ৰধানমন্ত্ৰীয়ে নাছিকত ‘২৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ’ (এনওৱাইএফ) উদ্বোধন কৰে।

 

‘ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ’ প্ৰতি বছৰে ১২ৰ পৰা ১৬ জানুৱাৰীলৈ আয়োজিত কৰা হয়। ১২ জানুৱাৰী হৈছে স্বামী বিবেকানন্দৰ জন্ম দিৱস। এই বছৰ উৎসৱৰ আয়োজক ৰাজ্য হৈছে মহাৰাষ্ট্ৰ। এই বছৰৰ মহোৎসৱৰ বিষয়বস্তু হৈছে ‘বিকশিত ভাৰত@ ২০৪৭: যুৱা কে লীয়ে, যুৱা কে দ্বাৰা’ ।

‘এনওৱাইএফ’-য়ে এখন মঞ্চ গঢ়ি তুলিব বিচাৰিছে য'ত ভাৰতৰ বিভিন্ন অঞ্চলৰ যুৱক-যুৱতীসকলে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনাৰে তেওঁলোকৰ অভিজ্ঞতাসমূহ সহভাগ কৰিব পাৰে আৰু এক ঐক্যবদ্ধ ৰাষ্ট্ৰৰ ভেটি শক্তিশালী কৰিব পাৰে। সমগ্ৰ দেশৰ পৰা প্ৰায় ৭৫০০ যুৱ প্ৰতিনিধিয়ে নাছিকৰ ‘এনওৱাইএফ’ত অংশগ্ৰহণ কৰিছে। সাংস্কৃতিক প্ৰদৰ্শন, থলুৱা ক্ৰীড়া, বক্তৃতা  আৰু বিষয়ভিত্তিক উপস্থাপন, যুৱ শিল্পী শিবিৰ, পোষ্টাৰ নিৰ্মাণ, কাহিনী লিখন, যুৱ সন্মিলন, খাদ্য মহোৎসৱ আদিকে ধৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

 

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
World Bank lifts India FY27 growth view to 6.6%, sees strong recovery

Media Coverage

World Bank lifts India FY27 growth view to 6.6%, sees strong recovery
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM shares a Sanskrit Subhashitam highlighting that Nari Shakti is the cornerstone of nation-building and the true embodiment of power
June 12, 2026

Prime Minister Shri Narendra Modi today stated that over the last 12 years, the Government has worked to further women-led development, which is visible across sectors. He noted that from financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science, and governance, women are playing a prominent role across diverse fields.

Shri Modi emphasized that the efforts of the Government are rooted in dignity, opportunity, and empowerment, pointing out that they have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

The Prime Minister expressed particular happiness in seeing India’s Nari Shakti make a mark in sectors like science, space, and innovation. He highlighted that their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming the development landscape across the nation.

Shri Modi shared that the Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

Sharing a Sanskrit Subhashitam, the Prime Minister stated that India's Nari Shakti is the cornerstone of nation-building. He observed that today, our mothers, sisters, and daughters are increasing the pride of Maa Bharati with their amazing talent and skills in every field.

In a series of posts on X, the Prime Minister shared:

"Over the last 12 years, the NDA Government has worked to further women-led development. And, this is visible across sectors.
From financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science and governance, women are playing a prominent role across diverse sectors.

The efforts of the NDA Government are rooted in dignity, opportunity and empowerment. They have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

#12YearsOfNariShakti “

“ I am particularly happy to see India’s Nari Shakti make a mark in sectors like science, space and innovation. Their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming development landscape across the nation. Our Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

#12YearsOfNariShakti “ 

“ भारत की नारीशक्ति राष्ट्र निर्माण की आधारशिला है। हमारी माताएं, बहनें और बेटियां आज हर क्षेत्र में अपनी अद्भुत प्रतिभा और कौशल से मां भारती का गौरव बढ़ा रही हैं।

नारी त्रैलोक्यजननी
नारी त्रैलोक्यरूपिणी।
नारी त्रिभुवनाधारा
नारी शक्तिस्वरूपिणी॥

#12YearsOfNariShakti"

Woman is the mother of the three worlds. She is the very expression of all the three realms. She is the foundation of the entire universe, and she is the true embodiment of power.