৫৮০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক বৈজ্ঞানিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে
হোমি ভাবা কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ, বিশাখাপট্টনম আৰু মহিলা আৰু শিশু কৰ্কট চিকিৎসালয় ভৱন, নৱী মুম্বাই ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে
নেচনেল হেড্ৰন বীম থেৰাপী ফেচিলিটি এণ্ড ৰেডিঅ'লজিকেল ৰিচাৰ্চ ইউনিট, নৱী মুম্বাই ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে
ফিছন মলিবডেনাম-৯৯, মুম্বাই উৎপাদন সুবিধা আৰু ৰেয়াৰ আৰ্থ পাৰ্মানেণ্ট মেগনেণ্ট প্ৰকল্প, বিশাখাপট্টনম ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে
জাটনিৰ হোমি ভাবা কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন আৰু মুম্বাইৰ টাটা মেম'ৰিয়েল হস্পিটেলৰ প্লেটিনাম জুবিলি ব্লকৰ আধাৰশিলা স্থাপন কৰে
লেজাৰ ইণ্টাৰফেৰোমিটাৰ গ্ৰেভিটেশ্যনেল-ৱেভ অবজাৰ্ভেটৰী ইণ্ডিয়াৰ(এলআইজিঅ’-ইণ্ডিয়া) আধাৰশিলা স্থাপন কৰে
২৫ তম ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত স্মাৰক ডাক টিকট আৰু মুদ্ৰা মুকলি কৰে
অনুষ্ঠানটোত তেওঁ এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰে।
" প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে প্ৰতিজন নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতে প্ৰযুক্তিক দেশৰ প্ৰগতিৰ এক সঁজুলি হিচাপে গণ্য কৰে, নিজৰ আধিপত্য জাহিৰ কৰাৰ উপায় হিচাপে নহয়"।
প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতৰ টিংকাৰ-প্ৰিনিউৰসকল শীঘ্ৰেই বিশ্বৰ আগশাৰীৰ উদ্যোগী হ'ব"।
প্ৰধানমন্ত্ৰীয়ে এই উদ্দেশ্যৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়ায়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৩ উপলক্ষে আয়োজিত অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে ১১ তাৰিখৰ পৰা ১৪ মে'লৈ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ ২৫ তম বৰ্ষ উদযাপনৰ শুভাৰম্ভ কৰা হয়। এই গৌৰৱপূৰ্ণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৫৮০০ কোটি টকাৰ অধিক মূল্যৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত উন্নতি সম্পৰ্কীয় একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। ই দেশৰ বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰাৰ প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ।

 

যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ'ব তাৰ ভিতৰত আছে লেজাৰ ইণ্টাৰফেৰোমিটাৰ গ্ৰেভিটেশ্যনেল ৱেভ অবজাৰ্ভেটৰী-ইণ্ডিয়া(এলআইজিঅ’-ইণ্ডিয়া), হিংগোলি; হোমি ভাবা কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ, জাটনি, উৰিষ্যা; আৰু মুম্বাইৰ টাটা মেম'ৰিয়েল হস্পিটেলৰ প্লেটিনাম জয়ন্তী খণ্ড।

 

ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গিত হ'বলগীয়া প্ৰকল্পবোৰৰ ভিতৰত আছে ফিচন মলিবডেনাম-৯৯ উৎপাদন সুবিধা, মুম্বাই; ৰেয়াৰ আৰ্থ পাৰ্মানেণ্ট মেগনেণ্ট প্ৰকল্প, বিশাখাপট্টনম; নেচনেল হেড্ৰন বীম থেৰাপী ফেচিলিটি, নৱী মুম্বাই; ৰেডিঅ'লজিকেল ৰিচাৰ্চ ইউনিট, নৱী মুম্বাই; হোমি ভাবা কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ, বিশাখাপট্টনম; আৰু মহিলা আৰু শিশু কৰ্কট চিকিৎসালয় ভৱন, নৱী মুম্বাই।

 

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ শেহতীয়া বৈজ্ঞানিক আৰু প্ৰযুক্তিগত উন্নতি প্ৰদৰ্শন কৰা এক্সপো উদ্বোধন কৰে আৰু পৰিদৰ্শন কৰে। অনুষ্ঠানটোত তেওঁ এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰে।

 

অনুষ্ঠানত উপস্থিত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ১১ মে'ৰ দিনটো ভাৰতৰ ইতিহাসৰ অন্যতম গৌৰৱপূৰ্ণ দিন। তেওঁ কয় যে আজিৰ দিনটোতে ভাৰতৰ বিজ্ঞানীসকলে পোখৰাণত অসাধাৰণ কৃতিত্ব অৰ্জন কৰিছিল যিয়ে সমগ্ৰ দেশক গৌৰৱান্বিত কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয়, "সেই দিনটোৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ যিদিনা অটলজীয়ে ভাৰতে পাৰমাণৱিক পৰীক্ষাত সফল হোৱাৰ কথা ঘোষণা কৰিছিল"। তেওঁ কয় যে পোখৰাণ পাৰমাণৱিক পৰীক্ষাই ভাৰতক কেৱল ইয়াৰ বৈজ্ঞানিক সামৰ্থ্য প্ৰমাণ কৰাতেই সহায় কৰা নাই, ই বিশ্বব্যাপী ভাৰতৰ মৰ্যাদা বৃদ্ধি কৰাত সহায় কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয়, অটলজীৰ ভাষাত, "আমি কেতিয়াও আমাৰ যাত্ৰাত থমকি যোৱা নাই আৰু আমাৰ যাত্ৰাপথত সন্মুখীন হোৱা কোনো প্ৰত্যাহ্বানৰ ওচৰত হাৰ মনা নাই।" প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে প্ৰতিজন নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰে। 

 

আজি উদ্বোধন কৰা ভৱিষ্যতৰ প্ৰকল্পসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মুম্বাইৰ ৰাষ্ট্ৰীয় হেড্ৰন বীম থেৰাপী সুবিধা আৰু ৰেডিঅ'লজিকেল ৰিচাৰ্ছ ইউনিট, বিশাখাপট্টনমৰ ৰেয়াৰ আৰ্থ পাৰ্মানেণ্ট মেগনেণ্ট প্ৰকল্প তথা বিভিন্ন কৰ্কট গৱেষণা চিকিৎসালয়ৰ কথা উল্লেখ কৰে আৰু কয় যে ই পাৰমাণৱিক প্ৰযুক্তিৰ সহায়ত দেশৰ প্ৰগতিত প্ৰোৎসাহ যোগাব। এলআইজিঅ’-ইণ্ডিয়াৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এলআইজিঅ’ক একবিংশ শতিকাৰ এক গুৰুত্বপূৰ্ণ বিজ্ঞান আৰু প্ৰযুক্তিগত পদক্ষেপ বুলি অভিহিত কৰে। এই পৰ্যৱেক্ষণালয়ে শিক্ষাৰ্থী আৰু বিজ্ঞানীসকলক গৱেষণাৰ নতুন সুযোগ প্ৰদান কৰিব, তেওঁ কয়।

 

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে আজি অমৃত কালৰ প্ৰাৰম্ভিক কালত ২০৪৭ চনৰ লক্ষ্যসমূহ আমাৰ সন্মুখত স্পষ্ট হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে বিকাশ, উদ্ভাৱন আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বাবে এক সামগ্ৰিক পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, "আমি দেশক বিকশিত আৰু আত্মনিৰ্ভৰ কৰিব লাগিব"। তেওঁ প্ৰতিটো পদক্ষেপতে প্ৰযুক্তিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, ভাৰতে এই ক্ষেত্ৰত এক সামগ্ৰিক আৰু ৩৬০ ডিগ্ৰী দৃষ্টিভংগীৰে আগবাঢ়িছে। প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতে প্ৰযুক্তিক দেশৰ প্ৰগতিৰ এক সঁজুলি হিচাপে গণ্য কৰে, নিজৰ আধিপত্য জাহিৰ কৰাৰ উপায় হিচাপে নহয়"।

 

আজিৰ অনুষ্ঠানৰ বিষয়বস্তু 'স্কুল টু ষ্টাৰ্টআপ-উদ্ভাৱনৰ বাবে যুৱ মনক প্ৰজ্বলিত কৰা' বিষয়বস্তুৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ ভৱিষ্যত আজিৰ যুৱপ্ৰজন্ম আৰু শিশুসকলে নিৰ্ণয় কৰিব। তেওঁ কয় যে আজি শিশু আৰু যুৱপ্ৰজন্মৰ আবেগ, শক্তি আৰু সামৰ্থ্য হৈছে ভাৰতৰ বৃহৎ শক্তি। ডঃ এ পি জে আব্দুল কালামৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে জ্ঞানৰ লগতে জ্ঞানৰ গুৰুত্বৰ কথা উল্লেখ কৰি কয় যে যিহেতু ভাৰত এখন জ্ঞানৱান সমাজ হিচাপে বিকশিত হৈ আছে, ই সমান শক্তিৰে পদক্ষেপ গ্ৰহণ কৰি আছে। তেওঁ যুৱ মনক প্ৰজ্বলিত কৰি তুলিবলৈ যোৱা ৯ বছৰত দেশত সৃষ্টি হোৱা শক্তিশালী ভেটিৰ বিষয়ে বৰ্ণনা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ৭০০খন জিলাৰ ১০ হাজাৰতকৈও অধিক অটল টিংকাৰিং পৰীক্ষাগাৰ উদ্ভাৱন নাৰ্চাৰীত পৰিণত হৈছে। ইয়াতকৈয়ো অধিক গুৰুত্বপূৰ্ণ কথা হৈছে, এই পৰীক্ষাগাৰৰ ৬০শতাংশ চৰকাৰী আৰু গ্ৰাম্য বিদ্যালয়ত আছে। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে ৭৫ লাখতকৈও অধিক শিক্ষাৰ্থীয়ে অটল টিংকাৰিং পৰীক্ষাগাৰত ১২ লাখতকৈও অধিক উদ্ভাৱন প্ৰকল্পত কষ্টসাধ্যভাৱে কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া হৈছে যুৱ বিজ্ঞানীসকলে বিদ্যালয়ৰ পৰা ওলাই আহি দেশৰ দূৰৱৰ্তী কোণত উপস্থিত হোৱাৰ লক্ষণ আৰু তেওঁলোকক সহযোগ কৰা, তেওঁলোকৰ প্ৰতিভা প্ৰতিপালন কৰা আৰু তেওঁলোকৰ ধাৰণা ৰূপায়ণত সহায় কৰাটো সকলোৰে কৰ্তব্য বুলি গুৰুত্ব আৰোপ কৰে। তেওঁ অটল উদ্ভাৱন কেন্দ্ৰসমূহত (এআইচি) প্ৰস্তুত কৰা শ শ ষ্টাৰ্টআপৰ কথা উল্লেখ কৰি কয় যে ই 'নতুন ভাৰত'ৰ নতুন পৰীক্ষাগাৰ হিচাপে উদীয়মান হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতৰ টিংকাৰ-প্ৰিনিউৰসকল শীঘ্ৰেই বিশ্বৰ আগশাৰীৰ উদ্যোগী হ'ব"।

 

 

কঠোৰ পৰিশ্ৰমৰ গুৰুত্ব সন্দৰ্ভত মহৰ্ষি পতঞ্জলিৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ পিছত লোৱা পদক্ষেপৰ ফলত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন ঘটিছে। "ষ্টাৰ্টআপ ইণ্ডিয়া কেম্পেইন, ডিজিটেল ইণ্ডিয়া আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ভাৰতক এই ক্ষেত্ৰত নতুন শিখৰত উপনীত হোৱাত সহায় কৰে"। শ্ৰী মোদীয়ে কয় যে বিজ্ঞান কিতাপৰ পৰা ওলাই আহিছে আৰু পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে পেটেন্টলৈ পৰিণত হৈছে। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে, "পেটেন্টৰ সংখ্যা ১০ বছৰ আগৰ প্ৰতি বছৰে ৪০০০ৰ পৰা আজি ৩০,০০০তকৈও অধিকলৈ বৃদ্ধি পাইছে। একে সময়তে ডিজাইনৰ পঞ্জীয়ন ১০,০০০ ৰ পৰা ১৫,০০০লৈ বৃদ্ধি হৈছে। ট্ৰেডমাৰ্কৰ সংখ্যা ৭০,০০০তকৈ কমৰ পৰা বৃদ্ধি হৈ ২,৫০,০০০ তকৈও অধিক হৈছে"। শ্ৰী মোদীয়ে কয়, "আজিৰ ভাৰতে প্ৰযুক্তিৰ নেতৃত্ব দিয়াৰ বাবে প্ৰয়োজনীয় প্ৰতিটো দিশত আগবাঢ়িছে"। তেওঁ কয় যে দেশত প্ৰযুক্তিগত উদ্দীপনা কেন্দ্ৰৰ সংখ্যা ২০১৪ চনৰ প্ৰায় ১৫০ৰ পৰা আজি ৬৫০তকৈও অধিক হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ভাৰতৰ গোলকীয় উদ্ভাৱন সূচকৰ স্থান ৮১ ৰ পৰা ৪০লৈ হৈছে য'ত দেশৰ যুৱপ্ৰজন্মই তেওঁলোকৰ নিজা ডিজিটেল উদ্যোগ আৰু ষ্টাৰ্টআপ স্থাপন কৰিছে। ২০১৪ চনৰ সৈতে তুলনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত ষ্টাৰ্টআপৰ সংখ্যা আজি প্ৰায় ১০০ৰ পৰা ১ লাখলৈ বৃদ্ধি পাইছে আৰু ই ভাৰতক বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰলৈ পৰিণত কৰিছে। ভাৰতৰ সামৰ্থ্য আৰু প্ৰতিভাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই বিকাশ এনে এক সময়ত হৈছে যি সময়ত বিশ্বই অৰ্থনৈতিক অনিশ্চয়তাৰ সৈতে মোকাবিলা কৰি আছে।বৰ্তমানৰ সময়খিনি নীতি নিৰ্মাতা, বৈজ্ঞানিক সম্প্ৰদায়, সমগ্ৰ দেশ আৰু ব্যক্তিগত খণ্ডত বিয়পি থকা গৱেষণা পৰীক্ষাগাৰসমূহৰ বাবে অত্যন্ত মূল্যৱান বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে বিদ্যালয়ৰ পৰা শিক্ষাৰ্থীসকলে ষ্টাৰ্টআপ যাত্ৰা কৰিব যদিও অংশীদাৰসকলেহে তেওঁলোকক সকলো সময়তে পথ প্ৰদৰ্শন আৰু উৎসাহিত কৰিব লাগিব। প্ৰধানমন্ত্ৰীয়ে এই উদ্দেশ্যৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়ায়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া আমি প্ৰযুক্তিৰ সামাজিক প্ৰেক্ষাপটৰ কথা মনত ৰাখি আগবাঢ়ি যাওঁ, তেতিয়া প্ৰযুক্তি সশক্তিকৰণৰ এক শক্তিশালী সঁজুলি হৈ পৰে। ই ভাৰসাম্যহীনতা দূৰ কৰা আৰু সামাজিক ন্যায়ক প্ৰোত্সাহিত কৰাৰ এক সঁজুলি হৈ পৰে। প্ৰধানমন্ত্ৰীয়ে সেই সময়ৰ কথা স্মৰণ কৰে যেতিয়া প্ৰযুক্তি সাধাৰণ নাগৰিকে ঢুকি পোৱাৰ বাহিৰত আছিল আৰু ডেবিট, ক্ৰেডিট কাৰ্ডৰ দৰে বস্তুবোৰ আভিজাত্যৰ প্ৰতীক আছিল। কিন্তু আজি ইউপিআই ইয়াৰ সৰলতাৰ বাবে এক নতুন উপায় হৈ পৰিছে। আজি ভাৰত সৰ্বাধিক ডাটা ব্যৱহাৰ কৰা দেশবোৰৰ ভিতৰত আছে। গ্ৰাম্য ব্যৱহাৰকাৰীৰ সংখ্যাই নগৰীয়া ব্যৱহাৰকাৰীৰ সংখ্যা অতিক্ৰম কৰিছে। জেএএম ট্ৰিনিটি, জিইএম পৰ্টেল, কোউইন পৰ্টেল, ই-এনএএম-এ প্ৰযুক্তিক অন্তৰ্ভুক্তিৰ এক এজেণ্ট কৰি তুলিছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তিৰ সঠিক ব্যৱহাৰে সমাজক নতুন শক্তি প্ৰদান কৰে। আজি চৰকাৰে জীৱনৰ প্ৰতিটো স্তৰৰ বাবে সেৱা প্ৰদানৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰি আছে। অনলাইন জন্ম প্ৰমাণপত্ৰ, ই-পাঠশালা আৰু দীক্ষা ই-লাৰ্ণিং প্লেটফৰ্ম, বৃত্তি পৰ্টেল, চাকৰিৰ সময়ছোৱাত সাৰ্বজনীন প্ৰৱেশাধিকাৰ নম্বৰ, চিকিৎসাৰ বাবে ই-সঞ্জীৱিনী আৰু বৃদ্ধসকলৰ বাবে লাইফ চাৰ্টিফিকেটৰ দৰে ব্যৱস্থাই প্ৰতিটো পদক্ষেপতে নাগৰিকসকলক সহায় কৰি আহিছে, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ সামাজিক ন্যায় নিশ্চিত কৰা আৰু জীৱনধাৰণৰ সহজতা বৃদ্ধিৰ উদাহৰণস্বৰূপে সহজ পাছপোৰ্ট, ডিজি যাত্ৰা আৰু ডিজি লকাৰৰ পদক্ষেপৰ বিষয়েও মন্তব্য কৰে।

 

প্ৰযুক্তিজগতত দ্ৰুত গতিত হোৱা পৰিৱৰ্তনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিশ্বাস প্ৰকাশ কৰে যে ভাৰতৰ যুৱপ্ৰজন্মই এই গতিৰ সৈতে মিলা-মিছা কৰি দেশক নেতৃত্ব দিব আৰু ইয়াক অতিক্ৰম কৰিব। তেওঁ নতুন গেম চেঞ্জাৰ হিচাপে উদ্ভৱ হোৱা এআই সঁজুলি, স্বাস্থ্য খণ্ডত সীমাহীন সম্ভাৱনা আৰু ড্ৰোন প্ৰযুক্তি আৰু থেৰাপিউটিক্স খণ্ডত নতুন উদ্ভাৱনৰ কথা উল্লেখ কৰি কয় যে ভাৰতে এনে বৈপ্লৱিক প্ৰযুক্তিৰ ক্ষেত্ৰত আগভাগ ল'ব লাগিব। ভাৰতৰ এক আত্মনিৰ্ভৰশীল প্ৰতিৰক্ষা খণ্ডৰ লক্ষ্যৰ কথা ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা উৎকৰ্ষতাৰ বাবে উদ্ভাৱন বা আইডিইএক্সৰ কথা উল্লেখ কৰাৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৩৫০ কোটি টকাৰ অধিক মূল্যৰ আইডিইএক্সৰ পৰা ১৪টা উদ্ভাৱন ক্ৰয় কৰাত আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে আই-ক্ৰিয়েট আৰু ডিআৰডিঅ'ৰ যুৱ বিজ্ঞানী পৰীক্ষাগাৰৰ দৰে পদক্ষেপৰ কথা উল্লেখ কৰি কয় যে এই প্ৰচেষ্টাসমূহক এক নতুন দিশ প্ৰদান কৰা হৈছে। মহাকাশ খণ্ডত নতুন সংস্কাৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত এক বৈশ্বিক গেম চেঞ্জাৰ হিচাপে উদীয়মান হৈছে। তেওঁ এছএছএলভি আৰু পিএছএলভি কক্ষীয় মঞ্চৰ দৰে প্ৰযুক্তিৰ ওপৰত আলোকপাত কৰে। শ্ৰী মোদীয়ে মহাকাশ খণ্ডত যুৱপ্ৰজন্ম আৰু ষ্টাৰ্টআপৰ বাবে নতুন সুযোগ প্ৰদান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু লগতে কোডিং, গেমিং আৰু প্ৰ'গ্ৰামিংৰ ক্ষেত্ৰত আগভাগ লোৱাৰ কথাও ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীয়ে পিএলআই আঁচনিৰ দৰে নীতি-পৰ্যায়ৰ পদক্ষেপৰ ওপৰতো আলোকপাত কৰে যি সময়ত ভাৰতে অৰ্ধপৰিবাহীৰ দৰে নতুন ক্ষেত্ৰত নিজৰ স্থিতি বৃদ্ধি কৰি আছে।

 

উদ্ভাৱন আৰু নিৰাপত্তাৰ ক্ষেত্ৰত হেকাথনৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে নিৰন্তৰভাৱে হেকাথন সংস্কৃতিক প্ৰোত্সাহিত কৰি আহিছে য'ত শিক্ষাৰ্থীসকলে নতুন প্ৰত্যাহ্বান গ্ৰহণ কৰে। তেওঁ ইয়াৰ বাবে সহায় আগবঢ়োৱা আৰু এক পৰিকাঠামো সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ পৰামৰ্শ দিয়ে যে অটল টিংকাৰিং লেবৰ পৰা ওলাই অহা যুৱক-যুৱতীসকলৰ বাবে এক প্ৰতিষ্ঠানিক ব্যৱস্থা সৃষ্টি কৰিব লাগে। প্ৰধানমন্ত্ৰীয়ে কয়, "আমি এইদৰে বিভিন্ন ক্ষেত্ৰত দেশৰ ১০০ টা পৰীক্ষাগাৰ চিনাক্ত কৰিব পাৰোঁ নেকি, যিসমূহ যুৱপ্ৰজন্মৰ দ্বাৰা পৰিচালিত কৰা উচিত?"। পৰিষ্কাৰ শক্তি আৰু প্ৰাকৃতিক কৃষিৰ বিশেষ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে গৱেষণা আৰু প্ৰযুক্তিৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাষণৰ অন্তত প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে ৰাষ্ট্ৰীয় প্ৰযুক্তি সপ্তাহে এই সম্ভাৱনাসমূহ সাকাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

 

অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেন্সন  বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী জীতেন্দ্ৰ সিঙে উপস্থিত আছিল।

পৃষ্ঠভূমি

মহাৰাষ্ট্ৰৰ হিংগোলীত বিকশিত হ'বলগীয়া এলআইজিঅ’-ইণ্ডিয়া হ'ব বিশ্বৰ মুষ্টিমেয় লেজাৰ ইণ্টাৰফেৰোমিটাৰ গ্ৰেভিটেশ্যনেল ৱেভ অবজাৰ্ভেটৰীসমূহৰ ভিতৰত এটা। ই হৈছে ৪কিলোমিটাৰ বাহুদৈৰ্ঘ্যৰ এক অত্যন্ত সংবেদনশীল ইণ্টাৰফেৰোমিটাৰ যি কৃষ্ণগহ্বৰ, আৰু নিউট্ৰন তৰাৰ দৰে বৃহৎ জ্যোতিৰ্বিজ্ঞানী বস্তুৰ একত্ৰীকৰণৰ সময়ত উৎপন্ন হোৱা মহাকৰ্ষণীয় তৰংগবোৰ অনুভৱ কৰিবলৈ সক্ষম। এলআইজিঅ’-ইণ্ডিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনৰ হানফৰ্ডত আৰু লুইজিয়ানাৰ লিভিংষ্টনত চলি থকা দুটা পৰ্যৱেক্ষণালয়ৰ সৈতে একত্ৰিতভাৱে কাম কৰিব।

 

ৰেয়াৰ আৰ্থ পাৰ্মানেণ্ট মেগনেণ্ট মুখ্যতঃ উন্নত দেশত উৎপন্ন হয়। বিশাখাপট্টনমৰ ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰৰ চৌহদত ৰেয়াৰ আৰ্থ পাৰ্মানেণ্ট মেগনেণ্ট উৎপাদনৰ সুবিধা বিকশিত কৰা হৈছে। এই সুবিধা থলুৱা প্ৰযুক্তিৰ ওপৰত আধাৰিত কৰি আৰু থলুৱা সম্পদৰ পৰা আহৰণ কৰা থলুৱা ৰেয়াৰ আৰ্থ সামগ্ৰী ব্যৱহাৰ কৰি স্থাপন কৰা হৈছে। এই সুবিধাৰ সৈতে, ভাৰতে ৰেয়াৰ আৰ্থ পাৰ্মানেণ্ট মেগনেণ্ট উৎপাদন কৰাৰ ক্ষমতা থকা এক নিৰ্বাচিত ৰাষ্ট্ৰগোটত চামিল হৈ পৰিব।

 

টাটা মেম'ৰিয়েল চেণ্টাৰ, নৱী মুম্বাইৰ নেচনেল হেড্ৰন বীম থেৰাপী ফেচিলিটি হৈছে এক অত্যাধুনিক সুবিধা যিয়ে চাৰিওফালৰ স্বাভাৱিক গাঁথনিবোৰত নিম্নতম পালিৰ সৈতে টিউমাৰলৈ বিকিৰণৰ অতি সঠিক বিতৰণ কৰাৰ কাম কৰে। কোষকলাক লক্ষ্য কৰিবলৈ পালিৰ সঠিক বিতৰণে বিকিৰণ চিকিৎসাৰ আগতীয়া আৰু বিলম্বিত পাৰ্শ্বক্ৰিয়া হ্ৰাস কৰে।

 

ফিছন মলিবডেনাম-৯৯ উৎপাদন সুবিধা ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰৰ ট্ৰম্বে চৌহদত অৱস্থিত। মলিবডেনাম-৯৯ হৈছে টেকনেটিয়াম-৯৯ এম-ৰ মূল, যাক কৰ্কট ৰোগ, হৃদৰোগ আদি আগতীয়াকৈ চিনাক্ত কৰাৰ বাবে ৮৫% তকৈও অধিক ইমেজিং প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়। এই সুবিধাৰ জৰিয়তে প্ৰতি বছৰে প্ৰায় ৯ৰ পৰা ১০ লাখ ৰোগীৰ স্কেনিং কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

 

কেইবাখনো কৰ্কট চিকিৎসালয় আৰু সুবিধাৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গাৰ ফলত দেশৰ বিভিন্ন অঞ্চলত বিশ্বমানৰ কৰ্কট ৰোগৰ চিকিৎসাৰ ব্যৱস্থা বিকেন্দ্ৰীকৰণ আৰু বৃদ্ধি হ’ব।

 

অটল উদ্ভাৱন অভিযান আৰু অন্যান্য উপাদানসমূহ

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৩ উপলক্ষে আয়োজিত কাৰ্যসূচী আৰু সমাৰোহত অটল উদ্ভাৱন মিছনৰ (এআইএম) ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। এই বছৰৰ ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি, এআইএম পেভিলিয়নে একাধিক অভিনৱ প্ৰকল্প প্ৰদৰ্শন কৰিব আৰু দৰ্শনাৰ্থীসকলক লাইভ টিংকাৰিং সত্ৰ চাবলৈ, টিংকাৰিং কাৰ্যকলাপত চামিল হ'বলৈ আৰু ষ্টাৰ্টআপৰ অসামান্য উদ্ভাৱন আৰু সামগ্ৰী প্ৰত্যক্ষ কৰাৰ সুযোগ প্ৰদান কৰিব। এআৰ/ভিআৰ, প্ৰতিৰক্ষা প্ৰযুক্তি, ডিজিযাত্ৰা, টেক্সটাইল, আৰু জীৱন বিজ্ঞান আদিৰ দৰে একাধিক ব্যস্ততা ক্ষেত্ৰৰ সৈতে।

 

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ ভাৰতত হোৱা বৈজ্ঞানিক আৰু প্ৰযুক্তিগত উন্নতি প্ৰদৰ্শন কৰবলগীয়া এক্সপো উদ্বোধন কৰে। তেওঁ অনুষ্ঠানটোত এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰিব।

 

১৯৯৯ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীয়ে ভাৰতৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত উন্নতিৰ বাবে কাম কৰা ভাৰতীয় বিজ্ঞানী, অভিযন্তা আৰু প্ৰযুক্তিবিদসকলৰ প্ৰতি সন্মান জনোৱাৰ অৰ্থে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উদযাপন আৰম্ভ কৰিছিল আৰু ১৯৯৮ চনৰ মে’ মাহত পোখৰাণ পৰীক্ষাৰ সফল পৰিচালনা সুনিশ্চিত কৰিছিল। তেতিয়াৰ পৰা, প্ৰতি বছৰে ১১ মে'ত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হয়। প্ৰতি বছৰে এটা নতুন আৰু বেলেগ বিষয়বস্তুৰে এই দিৱস উদযাপন কৰা হয়। এই বছৰৰ বিষয়বস্তু হৈছে 'স্কুল টু ষ্টাৰ্টআপছ- ইগনাইটিং ইয়ং মাইণ্ডছ টু ইনোভেট'।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security

Media Coverage

India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Father Amir of State of Qatar HH Sheikh Hamad bin Khalifa Al Thani
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of the Father Amir of the State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani.

The Prime Minister described him as a visionary leader who led Qatar to great levels of development and prosperity. Shri Modi also remembered him as a true friend whom he had the honour of meeting during his visit to Qatar in February 2024.

The Prime Minister conveyed his sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani, the entire royal family and the people of Qatar.

The Prime Minister wrote on X;

“We deeply mourn the passing of Father Amir of State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani. A visionary leader who led Qatar to great levels of development and prosperity, we remember him also as a true friend whom I had the honour of meeting during my last visit to Qatar in February 2024. I convey my sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani and the entire royal family and people of Qatar. May the departed soul rest in eternal peace.

@TamimBinHamad”