দেশবাসীৰ নামত ৰায়পুৰত নিৰ্মাণ কৰা নেচনেল ইনষ্টিটিউট অৱ বায়’টিক ষ্ট্ৰেছ মেনেজমেণ্টৰ নৱনিৰ্মিত চৌহদ উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে
কৃষি বিশ্ববিদ্যালয়সমূহক সেউজ কেম্পাছ বঁটা প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে
“যেতিয়াই কৃষক আৰু কৃষি ব্যৱস্থাই এক সুৰক্ষা লাভ কৰিব, তেতিয়াই তেওঁলোকৰ বিকাশ দ্ৰুত হ’ব”
“যেতিয়াই বিজ্ঞান, চৰকাৰ আৰু সমাজে একেলগে কাম কৰিব, ফলাফল সুন্দৰ হ’ব৷ সেইদৰে কৃষক আৰু বিজ্ঞানীসকলৰ সমন্বয়ে দেশে শক্তিশালী ৰূপত নতুন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পাৰে”
“শস্যভিত্তিক উপাৰ্জন ব্যৱস্থাৰ বিপৰীতে মুল্যসংযোজন আৰু অন্যান্য কৃষি ব্যৱস্থাৰ প্ৰতি উৎসাহ যোগোৱাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে”
“আমাৰ পুৰণি কৃষি পৰম্পৰাৰ সৈতে ভৱিষ্যতৰ ব্যৱস্থাৰ সমাযোজন কৰাটো সমানেই গুৰুত্বপূৰ্ণ”

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে আজি বিশেষ গুনসম্পন্ন ৩৫বিধ শস্য দেশবাসীৰ নামত উৎসৰ্গা কৰে৷ একেটা অনুষ্ঠানতে প্রধানমন্ত্রীয়ে ৰায়পুৰৰ নেচনেল ইনষ্টিটিউট অৱ বায়’টিক ষ্ট্ৰেছ মেনেজমেণ্টৰ নৱনির্মিত ভৱন দেশবাসীৰ নামত উৎসৰ্গা কৰে৷ অনুষ্ঠানত প্রধানমন্ত্রীয়ে কৃষি বিশ্ববিদ্যালয়সমূহ সেউজ চৌহদ বঁটাও বিতৰণ কৰে। ভিডিঅ’ কনফাৰেন্সযোগে তেওঁ কৃষকসকলৰ সৈতে ্ত বিনিময় অনুষ্ঠানত অংশ লোৱাৰ লগতে ভাষণো আগবঢ়ায়৷

অনুষ্ঠানত জম্মু আৰু কাশ্মীৰৰ গেণ্ডাৰবলৰ শ্রীমতী জাইতুন বেগমৰ সৈতে কথা পতাৰ সময়ত প্রধানমন্ত্রীয়ে তেওঁৰ উদ্ভাৱনী কৃষি পদ্ধতিৰ বিষয়ে জানিব বিচাৰে আৰু কিদৰে তেওঁ অন্যান্য কৃষকসকলক প্রশিক্ষণ দিছে আৰু উপত্যকাটোৰ কন্যাসকলৰ শিক্ষাৰ বাবে কাম কৰে, তাক লৈও আলোচনা কৰে। প্রধানমন্ত্রীয়ে উল্লেখ কৰে যে ক্ৰীড়াৰ ক্ষেত্ৰত জম্মু আৰু কাশ্মীৰৰ কন্যাসকলে ভাল সফলতা লাভ কৰিছে৷ তেওঁ লগতে কয় যে ক্ষুদ্র ভূমি থকা কৃষকসকলক চৰকাৰে অগ্রাধিকাৰ দিছে আৰু তেওঁলোকে যাতে পোণপটীয়াকৈ সকলো সুবিধা লাভ কৰে, তাৰ বাবে পদক্ষেপ হাতত লোৱা হৈছে।

উত্তৰ প্রদেশৰ বুলন্দ চহৰৰ এগৰাকী কৃষক তথা বীজ উৎপাদক শ্রী কুলৱন্ত সিঙৰ সৈতে হোৱা বাৰ্তালাপত প্রধানমন্ত্রীয়ে কিদৰে তেওঁ এই বৈচিত্র্যময় বীজ উৎপাদনত সক্ষম হৈছে, সেই বিষয়ে জানিব বিচাৰে৷ প্রধানমন্ত্রীয়ে লগতে কিদৰে তেওঁ কুসাত কৃষি প্রতিষ্ঠানৰ বিজ্ঞানীসকলৰ সৈতে মত বিনিময়ৰ জৰিয়তে উপকৃত হৈছে আৰু এই ধৰণৰ প্রতিষ্ঠানৰ সৈতে যোগাযোগৰ বিষয়ে কৃষকসকলৰ মাজত কি মানসিকতা আছে, সেই বিষয়েও জানিব বিচাৰে। কৃষকসকলৰ শস্য প্রক্রিয়াজাতকৰণ আৰু মূল্য সংযোজনৰ বাবে প্রধানমন্ত্রীয়ে উচ্চ প্রশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকসকলে যাতে শস্যৰ ভাল দাম পায়, তাৰ বাবে চৰকাৰে একাধিক প্ৰচেষ্টা হাতত লৈছে। শস্য বজাৰত পোৱা, উন্নতমানৰ বীজ, ভূমি স্বাস্থ্য কার্ড ইত্যাদি ক্ষেত্রত চৰকাৰ পদক্ষেপ গ্রহণ কৰিছে।

প্রধানমন্ত্রীয়ে গোৱাৰ বার্দেজৰ শ্রীমতী দর্শনা পেডনকাৰৰ সৈতে কথা পাতি তেওঁ কিদৰে বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰাৰ সমান্তৰালভাৱে পশুপালনৰ কাম চলাই গৈছে, সেই বিষয়ে জানিব বিচাৰে৷ কৃষকসকলৰ নাৰিকলৰ মূল্য সংযোজনৰ বিষয় সম্পর্কেও জানিব বিচাৰে প্রধানমন্ত্রীয়ে। এগৰাকী মহিলা কৃষকে উদ্যোক্তা হিচাপে আগবাঢ়ি অহাৰ বাবে প্রধানমন্ত্রীয়ে তেওঁক উৎসাহ যোগায়।

প্রধানমন্ত্রীয়ে মণিপুৰৰ শ্রী থৈবা সিঙৰ সৈতে কথা পাতি  তেওঁ কিদৰে সশস্ত্র বাহিনীত দিন কটোৱাৰ পাছত কৃষি-কাৰ্য আৰম্ভ কৰিছে, সেই বিষয়ে জানিব বিচাৰে। প্রধানমন্ত্রীয়ে তেওঁলোক প্রশংসা কৰে। তেওঁৰ কৃষি, মীনপালন আৰু অন্যান্য সংশ্লিষ্ট ক্ষেত্রত কৃষকসকলৰ বৈচিত্র্যময় কাম-কাজৰ বিষয়ে প্রধানমন্ত্রীয়ে আগ্রহ প্রকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে ‘জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞান’ৰ উদাহৰণ দাঙি ধৰি শ্রী সিঙৰ ভূয়সী প্রশংসা কৰে।

উত্তৰাখণ্ডৰ উধম সিং নগৰৰ শ্রী সুৰেশ ৰানাৰ সৈতে আলোচনাত প্রধানমন্ত্রীয়ে কিদৰে তেওঁ ভুট্টা খেতি আৰম্ভ কৰিছিল, সেই বিষয়ে আৰম্ভ কৰিছিল৷ উত্তৰাখণ্ডৰ কৃষকসকলে কৃষক উৎপাদন সংগঠন (এফপিও)সমূহকো দক্ষতাৰে ব্যৱহাৰ কৰিছে৷ ইয়াৰ বাবে প্রধানমন্ত্রীয়ে তেওঁলোকৰ প্রশংসা কৰে। তেওঁ কয় যে যেতিয়া কৃষকসকলে সন্মিলিতভাৱে কাম কৰে, তেতিয়া তেওঁলোকে অধিক লাভবান হয়। চৰকাৰে কৃষকসকলৰ বাবে সম্পদ আৰু আন্তঃগাঁথনি সহজলভ্য কৰি তোলাৰ বাবে সাজু থকা বুলিও কয়৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্রধানমন্ত্রীয়ে বিগত ৬-৭ বছৰত কৃষি সম্পৰ্কীয় সমস্যাৰ সমাধানত বিজ্ঞান আৰু প্রযুক্তিবিদ্যাক অগ্রাধিকাৰৰ ভিত্তিতে ব্যৱহাৰৰ প্রসংগ উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে “আমি আৰু অধিক গুণগত মানসম্পন্ন, বিশেষকৈ পৰিৱর্তিত আৰু অনুকূল পৰিস্থিতিৰ সৈতে খাপ খোৱা বীজ উৎপাদনৰ ওপৰ জোৰ দিছো”৷

প্রধানমন্ত্রীয়ে ক’ৰোনা মহামাৰীৰ মাজতো বিগত বৰ্ষত বিভিন্ন ৰাজ্যত কাকতী ফৰিঙৰ আক্ৰমণৰ কথা উল্লেখ কৰে। তেওঁ কয় যে বহু চেষ্টাৰ পাছত এই আক্ৰমণৰ মোকাবিলা কৰা হৈছে। কৃষকসকল ক্ষয়ক্ষতিৰ পৰিমাণ পাৰ্যমানে হ্ৰাস কৰা হৈছে। প্রধানমন্ত্রীয়ে কয় যে যেতিয়া কৃষক আৰু কৃষিকাৰ্যৰ বিষয়ত নিৰাপত্তা সুনিশ্চিত হয়, তেতিয়া বিকাশ দ্রুতগতিত হয়। তেওঁ জনায় যে মাটিৰ সুৰক্ষাৰ বাবে ১১কোটি ভূমি স্বাস্থ্য কার্ড বিতৰণ কৰা হৈছে৷ প্রধানমন্ত্রীয়ে চৰকাৰৰ কৃষক অনুকূল উদ্যোগসমূহৰ তালিকা দাঙি ধৰে৷ তেওঁ কয় যে কৃষকসকলৰ কৃষিকাৰ্যত পর্যাপ্ত পানীৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে প্রায় ১০০টা অসম্পূৰ্ণ জলসিঞ্চন প্রকল্পৰ কাম সম্পূর্ণ কৰা হৈছে৷ কৃষকসকলে যাতে অধিক শস্য পাব পাৰে, তাৰ বাবে তেওঁলোকক শস্যক ৰোগমুক্ত কৰাৰ বাবে নতুন উন্নত মানৰ বীজ যোগান ধৰা হৈছে৷ তেওঁ লগতে কয় যে কৃষকসকলৰ শস্যৰ ন্যূনতম মজুৰি বৃদ্ধি কৰা হৈছে৷ তদুপৰি, শস্যৰ ক্রয় প্রক্রিয়াতো উন্নতিসাধন কৰা হৈছে৷ ইয়াৰ জৰিয়তে অধিক সংখ্যক কৃষক উপকৃত হৈছে। ৰবি শস্যৰ বতৰত ৩০লাখ মেট্রিক টনৰো অধিক গম ক্ৰয় কৰা হৈছে৷ ইয়াৰ জৰিয়তে কৃষকসকলে ৮৫হাজাৰ কোটি টকাতকৈও অধিক ধন লাভ কৰিছে৷ মহামাৰীৰ সময়ত গম ক্রয় কেন্দ্রসমূহৰ সংখ্যা তিনিগুণ বৃদ্ধি কৰা হৈছে৷

প্রধানমন্ত্রীয়ে কয় যে কৃষকসকলক প্রযুক্তিৰ সৈতে যুক্ত কৰি তেওঁলোকৰ বেংকৰ পৰা ঋণ লাভৰ প্রক্রিয়া আৰু অধিক সহজ কৰা হৈছে৷ আজি কৃষকসকলে আৰু অধিক ভাল পদ্ধতিত জলবায়ু সংক্রান্তীয় তথ্য লাভ কৰিছে। বৰ্তমান ২ কোটিতকৈও অধিক কৃষকক কিষাণ ক্রেডিট কার্ড প্ৰদান কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে জলবায়ু পৰিৱর্তনৰ কাৰণে নতুন ধৰণৰ কীট পতংগ, নতুন ৰোগ, মহামাৰীয়ে দেখা দিছে। ইয়াৰ ফলত মানুহ আৰু পোহনীয়া পশুৰ স্বাস্থ্য বিভিন্ন সমস্যাৰ সন্মুখীণ হৈছে আৰু শস্যৰো ক্ষতি হৈছে৷ এই বিষয়সমূহৰ ওপৰ বিশেষ লক্ষ্য ৰাখি গৱেষণাৰ প্রয়োজন হৈছে। তেওঁ কয় যে যেতিয়া বিজ্ঞান, চৰকাৰ আৰু সমাজে একেলগে কাম কৰিব, তেতিয়া তাৰ সুফলো লাভ কৰিব৷ কৃষক আৰু বিজ্ঞানীসকলৰ এই ধৰণৰ যৌথ প্রয়াসে নতুন সমস্যা মোকাবিলা কৰাত দেশক আৰু অধিক শক্তিশালী কৰি তুলিব বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷

প্রধানমন্ত্রীয়ে কয় যে কৃষকসকলক শস্য-ভিত্তিক আয় ব্যৱস্থাপনাৰ বাহিৰলৈ অনাৰ লগতে আৰু তাৰ মূল্য সংযোজন আৰু অন্যান্য কৃষিকাৰ্যৰ বাবে উৎসাহিত কৰাৰ প্রয়াস হাতত লোৱা হৈছে৷ তেওঁ বিজ্ঞান আৰু গৱেষণাৰ মাধ্যমে সমস্যা সমাধান কৰে আৰু কণী ধানকে ধৰি অন্যান্য শস্যৰ উৎপাদন বৃদ্ধিৰ প্রয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এইবোৰ স্থানীয় চাহিদা অনুসৰি দেশৰ বিভিন্ন স্থানত খেতি কৰা হয়। অহা বছৰটোক ৰাষ্ট্রসংঘ ‘কণী ধানৰ বছৰ’ হিচাপে ঘোষণা কৰিবলৈ ওলাইছে। সেয়েহে এই ক্ষেত্রত দেশবাসীক ৰাষ্ট্রসংঘৰ সা-সুবিধাৰ সদ্ব্যৱহাৰ কৰাৰ বাবে প্রস্তুত থকা বুলি কয়৷

প্রধানমন্ত্রীয়ে কয় যে প্রাচীন কৃষি ঐতিহ্যক লগত লৈয়ে ভৱিষ্যতৰ দিশত অগ্রসৰ হোৱাটো সমানে গুৰুত্বপূর্ণ। তেওঁ কয় যে আধুনিক প্রযুক্তিৰ তথা নতুন কৃষি সৰঞ্জাম ভৱিষ্যতে কৃষি খণ্ডৰ মূল চাবিকাঠি। প্রধানমন্ত্রীয়ে কয়, “আধুনিক কৃষি যন্ত্রপাতি আৰু সৰঞ্জাম ব্যৱহাৰৰ সুফল আজি আমি প্ৰত্যক্ষ কৰিছো৷”

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's first privately developed orbital rocket Vikram-1 set for maiden launch on July 18

Media Coverage

India's first privately developed orbital rocket Vikram-1 set for maiden launch on July 18
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the Amir of Qatar
July 16, 2026
PM conveys heartfelt condolences on the passing of the Father Amir of Qatar
PM recalls the Father Amir’s visionary leadership and his contribution to strengthening India-Qatar relations
The two leaders reaffirm their resolve to carry forward the Father Amir’s legacy

Prime Minister Shri Narendra Modi had a telephone conversation today with the Amir of the State of Qatar, H.H. Sheikh Tamim bin Hamad Al Thani.

Prime Minister conveyed his heartfelt condolences on the passing of H.H. Sheikh Hamad bin Khalifa Al Thani, the Father Amir of Qatar.

Recalling the Father Amir’s significant contributions as the chief architect of modern Qatar, Prime Minister paid tribute to his visionary leadership, and recalled his pivotal role in strengthening India-Qatar relations over the years as well as his deep affection for India and the Indian community in Qatar.

The Amir of Qatar thanked Prime Minister for his call and conveyed his appreciation for the words of support in this difficult hour.

The two leaders reaffirmed their resolve to carry forward the Father Amir’s legacy and further strengthen the India-Qatar Strategic Partnership and people-to-people ties.

They agreed to remain in close touch.