It is imperative for development that our administrative processes are transparent, responsible, accountable and answerable to the people: PM
Fighting corruption must be our collective responsibility: PM Modi
Corruption hurts development and disrupts social balance: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দুৰ্নীতি বিৰোধী আৰু সতৰ্কতাৰ আধাৰত আয়োজিত এক  ৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধন কৰে। এই সন্মিলনৰ মুখ্য থীম হৈছে, “সতৰ্ক ভাৰত, সমৃদ্ধ ভাৰত”। কেন্দ্ৰীয় তদন্ত ব্যুৰ’ৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত সতৰ্কতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। জনসাধাৰণৰ অংশগ্ৰহণৰ মাজেৰেই জনজীৱনৰ ইতিবাচক প্ৰভাৱ আৰু সংহতিৰ ক্ষেত্ৰত ভাৰতৰ অঙ্গীকাৰক এই অনুষ্ঠান তুলি ধৰা হৈছে।

সন্মিলনl বক্তব্য ৰাখি প্ৰধানমন্ত্ৰীয়ে কয়, ঐক্যবদ্ধ ভাৰত আৰু দেশৰ প্ৰশাসনিক ব্য়ৱস্থা গঢ়ি তোলাৰ অন্যতম কাৰিকৰ চৰ্দাৰ বল্লভ ভাই পেটেল। দেশৰ প্ৰথম গৃহমন্ত্ৰী হিচাপে তেওঁ দেশৰ মানুহৰ বাবে এনে কিছু ব্যৱস্থা গঢ়ি তোলাৰ উদ্যোগ গ্ৰহণ কৰিছিল, য’ত সংহতিৰ ওপৰত ভিত্তি কৰি নীতিবোৰ প্ৰস্তুত কৰা হৈছিল। শ্ৰী মোদীয়ে ক্ষোভ প্ৰকাশ কৰি কয়, দশক দশক ধৰি এনে এক পৰিস্থিতি চলিছিল, য’ত কোটি কোটি টকাৰ দুৰ্নীতি হৈছে, ভুৱা কোম্পানী গঢ়ি উঠিছে, কৰ ফাঁকি দিয়া হৈছে আৰু কৰ সংক্ৰান্তীয় অনৈতিকতাৰ মুখোমুখি হ’বলগীয়া হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয়, ২০১৪ চনত দেশে যেতিয়া বৃহৎ পৰিৱৰ্তন অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু নতুন দিশেৰে আগবঢ়াৰ উদ্যোগ গ্ৰহণ কৰিছিল, তেতিয়া প্ৰচলিত পৰিৱেশত পৰিৱৰ্তন অনাটো এক বৃহৎ প্ৰত্যাহ্বান হৈ উঠিছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ সত্ত্বেও ক’লা টকাৰ বিৰুদ্ধে কমিটি গঠন কৰা হোৱা নাছিল। এই চৰকাৰে ক্ষমতালৈ অহাৰ ঠিক পিছতে কমিটি গঠন কৰা হয়। যাৰ মাজতে দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ দায়বদ্ধতা প্ৰতিফলিত হৈছে। ২০১৪ চনৰ পৰা বেংকিং, স্বাস্থ্য, শিক্ষা, শ্ৰম, কৃষি ইত্যাদি বিভিন্ন ক্ষেত্ৰত দেশে বিভিন্ন সংস্কাৰ দেখিছে। তেওঁ কয়, এই সংস্কাৰবোৰৰ ওপৰত ভিত্তি কৰিয়েই আত্মনিৰ্ভৰ ভাৰত অভিযান সফল কৰাৰ বাবে দেশে পূৰ্ণ শক্তিৰে আগুৱাই আহিছে। ভাৰতে, বিশ্বৰ প্ৰথমশ্ৰেণীৰ দেশবোৰৰ ভিতৰত অন্যতম হোৱাৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে, সেই স্বপ্নেৰ কথাই তেওঁ তেওঁৰ বক্তব্যত তুলি ধৰিছে।

প্ৰধানমন্ত্ৰীয়ে গুৰুত্বসহকাৰে কয়, স্বচ্ছ আৰু দায়বদ্ধ প্ৰশাসনিক ব্যৱস্থাই জনসাধাৰণৰ সমূখত উত্তৰ দিবলৈ বাধ্য। এই ধাৰণাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ’ল যিকোনো ধৰণৰ দুৰ্নীতি। তেওঁ কয়, এফালে যিদৰে দেশৰ উন্নতি দুৰ্নীতিৰ কাৰণে বাধাগ্ৰস্থ হয়, আনফালে সামাজিক ভাৰসাম্যও ধ্বংস কৰে আৰু প্ৰচলিত ব্যবস্থাৰ ওপৰ মানুহৰ বিশ্বাস হেৰায়। আৰু সেয়ে দুৰ্নীতিৰ বিৰুদ্ধে যুদ্ধ চলোৱাৰ দায়িত্বটো কেৱল এটা সংস্থা বা প্ৰতিষ্ঠানৰ ওপৰত বৰ্তি নাথাকে। এয়া যৌথ উদ্যোগৰ ফলত হোৱা প্ৰয়োজন। তেওঁ লগতে কয়, এককভাৱে দুৰ্নীতিৰ মোকাবিলা কৰিব নোৱাৰি।

শ্ৰী মোদীয়ে কয়, যেতিয়া দেশক লৈ প্ৰশ্ন উঠে, তেতিয়া সতৰ্কতাৰ প্ৰভাৱ অত্যন্ত ব্যাপক হৈ উঠে। দুৰ্নীতি, অৰ্থনৈতিক অপৰাধ, ড্ৰাগছ চক্ৰ, সন্ত্ৰাসবাদ, সন্ত্ৰাসবাদী সংগঠনক সহায় কৰা দেখা গৈছে, এই আটাইবোৰ পৰস্পৰে পৰস্পৰৰ সৈতে জড়িত।

তেওঁ কয়, আমি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ গ’লে নিৰ্দিষ্ট পদ্ধতিত সেইবোৰ তদন্ত কৰা, যথাযথ ৰক্ষণা-বেক্ষন দিয়া, দক্ষতা বৃদ্ধি আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত সৰ্বাঙ্গীনভাৱে এক উদ্যোগ গ্ৰহণ কৰিব লাগে। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয়, এই সময়ত সকলো সংস্থাই একত্ৰিত সহযোগিতাৰ মানসিকতাৰে কাম কৰিব লাগিব।

সতৰ্ক ভাৰত, সমৃদ্ধ ভাৰত গঢ়ি তোলাৰ বাবে এই সন্মিলনে, নতুন পথ দেখুৱাব বুলি তেওঁ আশা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে এই প্ৰসঙ্গত ২০১৬ চনত সতৰ্কতা সচেতনতা কাৰ্যসূচীত তেওঁ কি কৈচিল, সেই কথা পুনৰ স্মৰণ কৰে। শ্ৰী মোদীয়ে কয়, আমাৰ দেশত দুৰ্নীতিৰ কোনো স্থান নাই। দেশে দৰিদ্ৰতাৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে। দশক দশক ধৰি দৰিদ্ৰ মানুহবোৰে তেওঁলোকে তেওঁলোকৰ প্ৰাপ্য লাভ কৰা নাই। কিন্তু এতিয়া প্ৰত্যক্ষভাৱে বেংকৰ মাধ্যমেৰে ধন হস্তান্তৰৰ ফলত দৰিদ্ৰ লোকসকলে তেওঁলোকৰ প্ৰাপ্য প্ৰত্যক্ষভাৱে লাভ কৰিছে। এই ব্যৱস্থাৰ ফলত ১.৭ লাখ কোটি টকা ভুল লোকৰ হাতলৈ যোৱাটো বন্ধ হৈছে।

প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে, বিভিন্ন প্ৰতিষ্ঠানৰ ওপৰত মানুহৰ আস্থা এইবাৰ পুনৰ উভতি আহিব।

তেওঁ জোৰ দি কয়, চৰকাৰে বিশেষ কোনো ক্ষেত্ৰতে হস্তক্ষেপ নকৰিব, এইবাৰ চৰকাৰৰ অনুপস্থিতিও অনুভৱ কৰা নাযাব। প্ৰয়োজন সাপেক্ষে চৰকাৰৰ ভুমিকা নিৰ্দিষ্ট সীমাৰ মাজতে থাকিব। জনসাধাৰণে যেন এই কথা মনত নাৰাখে। এনে নালাগিব যে, চৰকাৰে অহেতুক তেওঁলোকৰ কামকাজত হস্তক্ষেপ কৰিছে।

শ্ৰী মোদীয়ে কয়, বিগত কেবা বছৰ ধৰি ১৫০০-ৰো অধিক আইন বাতিল কৰা হৈছে। অনেক নীতি সৰল কৰা হৈছে। পেন্সন, বৃত্তি, পাছপোৰ্ট, নতুন উদ্যোগ ইত্যাদি ক্ষেত্ৰত অনলাইনৰ মাধ্যমেৰে আবেদন কৰা হৈছে। ইয়াৰ ফলত সাধাৰণ জনসাধাৰণৰ হাৰাশাস্তি কমিছে।

 

প্ৰধানমন্ত্ৰীয়ে কয়, প্ৰক্ষালনাদ্ধি পাকস্য

                                    দুৰাৎ স্পৰ্শনম বৰম।

অৰ্থাৎ পিছত পৰিস্কাৰ কৰাৰ বদলি আগতেই কোনো সামগ্ৰী  বা ব্যৱস্থা অপৰিচ্ছন্ন কৰি তোলাৰ  প্ৰয়োজন নাই।  যি পৰিস্থিতিৰ বাবে দুৰ্নীতি বৃদ্ধি পায়, তেওঁ সেইবোৰক আঁতৰোৱাৰ আহ্বান জনায়। তেওঁ কৌটিল্যৰ কথা উল্লেখ কৰি কয়

“न भक्षयन्ति ये
त्वर्थान् न्यायतो वर्धयन्ति च ।
नित्याधिकाराः कार्यास्ते राज्ञः प्रियहिते रताः ॥”

ইয়াৰ অৰ্থ হৈছে, যিয়ে চৰকাৰী ধন অপচয় হ’বলৈ নিদিয়ে, কিন্তু জনসাধাৰণৰ ভালৰ বাবে সেয়া ব্য়য় কৰিবলৈ উৎসাহী হয়, দেশৰ স্বাৰ্থত সেইবোৰৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত কৰা উচিত।

তেওঁ কয়, পূৰ্বে বদলি কৰা আৰু নতুন পদত অধিষ্ঠিত কৰাৰ ক্ষেত্ৰত এক অনৈতিক ব্যৱস্থা আছিল। এতিয়া চৰকাৰে, বহু সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ মাজেৰে দেখা গৈছে, পৰিস্থিতিৰ পৰিৱৰ্তন হৈছে আৰু উচ্চপদত নিয়োগৰ ক্ষেত্ৰত ছুপাৰিছ কৰাৰ স্থানেই নাই। চৰকাৰে গ্ৰুপ – বি আৰু গ্ৰুপ – চি পদৰ বাবে সাক্ষাৎকাৰৰ ব্যৱস্থা আঁতৰাইছে। বেংকবোৰত উচ্চপদস্থ কৰ্মচাৰী নিয়োগৰ ক্ষেত্ৰত বেংক ব’ৰ্ড ব্যুৰ’ গঠন কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে জনাইছে, দেশত সতৰ্ক ব্যৱস্থাক মজবুত কৰাৰ বাবে নতুন নতুন আইন অনা হৈছে। এই প্ৰসঙ্গত তেওঁ জনায়, ক’লা ধন, বেনামী সম্পত্তি, পলাতক আৰ্থিক অপৰাধ বিৰোধী আইনবোৰ আৰু শক্তিশালী কৰাৰ বাবে চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে। তেওঁ কয়, চৰকাৰে, উন্নত প্ৰযুক্তি, ক্ষমতা বৃদ্ধি, অত্যাধুনিক পৰিকাঠামো আৰু সতৰ্কতাৰ সৈতে জড়িত বিভিন্ন সৰঞ্জাম সংশ্লিষ্ট দপ্তৰবোৰক দিয়াৰ বিষয়ে উদ্যোগ গ্ৰহণ কৰিছে, যাতে সেই সংস্থাবোৰে আৰু দক্ষতাৰে কাম কৰি ভাল ফলাফল নিশ্চিত কৰে।

সন্মিলনত দুৰ্নীতি বিৰোধী, সতৰ্কতামূলক সংস্থা, আৰ্থিক অপৰাধ তদন্তকাৰী সংস্থা, বিভিন্ন ৰাজ্যৰ আৰু কেন্দ্ৰশাসিত অঞ্চলৰ চিআইডিৰ প্ৰধানসকলৰ উপৰিও মুখ্য ভিজিলেন্স অফিচাৰ, চিবিআইৰ  উচ্চপদস্থ বিষয়াইয়ো অংশগ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানত বিভিন্ন ৰাজ্যৰ আৰু কেন্দ্ৰশাসিত অঞ্চলৰ মুখ্যসচিব আৰু আৰক্ষী বিষয়াসকলেও অংশগ্ৰহণ কৰে।

Click here to read PM's speech 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Pharma exports to UK may rise up to 10% in FY27 as CETA takes effect

Media Coverage

Pharma exports to UK may rise up to 10% in FY27 as CETA takes effect
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the Amir of Qatar
July 16, 2026
PM conveys heartfelt condolences on the passing of the Father Amir of Qatar
PM recalls the Father Amir’s visionary leadership and his contribution to strengthening India-Qatar relations
The two leaders reaffirm their resolve to carry forward the Father Amir’s legacy

Prime Minister Shri Narendra Modi had a telephone conversation today with the Amir of the State of Qatar, H.H. Sheikh Tamim bin Hamad Al Thani.

Prime Minister conveyed his heartfelt condolences on the passing of H.H. Sheikh Hamad bin Khalifa Al Thani, the Father Amir of Qatar.

Recalling the Father Amir’s significant contributions as the chief architect of modern Qatar, Prime Minister paid tribute to his visionary leadership, and recalled his pivotal role in strengthening India-Qatar relations over the years as well as his deep affection for India and the Indian community in Qatar.

The Amir of Qatar thanked Prime Minister for his call and conveyed his appreciation for the words of support in this difficult hour.

The two leaders reaffirmed their resolve to carry forward the Father Amir’s legacy and further strengthen the India-Qatar Strategic Partnership and people-to-people ties.

They agreed to remain in close touch.