প্ৰধানমন্ত্ৰীয়ে সামূহিক মধ্যস্থতা প্ৰশিক্ষণ মডিউলৰ শুভাৰম্ভ কৰে
সামাজিক বা আৰ্থিক পটভূমি নিৰ্বিশেষে ন্যায় সকলোৰে বাবে সুলভ, সময়মতে প্ৰদান আৰু প্ৰতিজন ব্যক্তিকে স্পৰ্শ কৰা মাত্ৰেকে ই সঁচাকৈয়ে সামাজিক ন্যায়ৰ ভেটি হৈ পৰেঃ প্ৰধানমন্ত্ৰী
ইজ অৱ ডুয়িং বিজনেছ আৰু ইজ অৱ লিভিং সঁচাকৈয়ে তেতিয়াহে সম্ভৱ যেতিয়া ইজ অৱ জাষ্টিছো নিশ্চিত হয়; শেহতীয়া বছৰ কেইটাত ইজ অৱ জাষ্টিছৰ বৰ্ধনৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু আমি এই দিশত পৰৱৰ্তী প্ৰচেষ্টা গ্ৰহণ কাৰ্য্যক ত্বৰান্বিত কৰিমঃ প্ৰধানমন্ত্ৰী
মধ্যস্থতা সদায় আমাৰ সভ্যতাৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে; নতুন মধ্যস্থতা আইনখনে এই পৰম্পৰাক আগুৱাই নিছে, ইয়াক আধুনিক ৰূপ প্ৰদান কৰিছেঃ প্ৰধানমন্ত্ৰী
আজি প্ৰযুক্তিয়ে অন্তৰ্ভুক্তি আৰু সবলীকৰণৰ এক শক্তিশালী মাধ্যম হিচাপে আত্মপ্ৰকাশ কৰিছে; ন্যায় প্ৰদানৰ ক্ষেত্ৰত ইক'ৰ্ট প্ৰকল্প এনে ৰূপান্তৰৰ এক উল্লেখযোগ্য উদাহৰণ হিচাপে পৰিগণিত হৈছেঃ প্ৰধানমন্ত্ৰী
জনসাধাৰণে নিজৰ ভাষাত আইন সম্পৰ্কে বুজি পোৱা মাত্ৰেকে ভালদৰে মানি চলা হয় আৰু মামলা-মোকৰ্দমা হ্ৰাস পায়; স্থানীয় ভাষাত ৰায়দান আৰু আইনী নথি-পত্ৰৰ উপলব্ধতাও সমানেই প্ৰয়োজনীয়ঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ উচ্চতম ন্যায়ালয়ত “আইনী সাহায্য প্ৰদান ব্যৱস্থাক সুদৃঢ়কৰণ” শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থকা সকলোৰে মাজত থাকিবলৈ পোৱাটো সঁচাকৈয়ে এক বিশেষ অভিজ্ঞতা। তেওঁ মন্তব্য কৰে যে আইনী সাহায্য প্ৰদান ব্যৱস্থা আৰু আইনী সেৱা দিৱসৰ সৈতে জড়িত কাৰ্য্যসূচীক শক্তিশালী কৰিলে ভাৰতৰ ন্যায়িক ব্যৱস্থাক নতুন শক্তি প্ৰদান কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে ২০ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনৰ বাবে সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে উপস্থিত বিশিষ্ট ব্যক্তি, ন্যায়পালিকাৰ সদস্য, আইনী সেৱা কৰ্তৃপক্ষৰ প্ৰতিনিধিসকলকো সম্ভাষণ জনায়।

“সামাজিক বা আৰ্থিক পটভূমি নিৰ্বিশেষে ন্যায় সকলোৰে বাবে সুলভ, সময়মতে প্ৰদান আৰু প্ৰতিজন ব্যক্তিকে স্পৰ্শ কৰা মাত্ৰেকে ই সঁচাকৈয়ে সামাজিক ন্যায়ৰ ভেটি হৈ পৰে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ কয় যে এনে সুলভতা নিশ্চিত কৰাত আইনী সাহায্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা তালুক পৰ্যায়লৈকে আইনী সেৱা কৰ্তৃপক্ষই ন্যায়পালিকা আৰু সাধাৰণ নাগৰিকৰ মাজত সেতু হিচাপে কাম কৰে। শ্ৰী মোদীয়ে সন্তুষ্টি প্ৰকাশেৰে কয় যে লোক আদালত আৰু প্ৰি-লিটিগেচন নিষ্পত্তিৰ জৰিয়তে লাখ-লাখ বিবাদ দ্ৰুতভাৱে, সৌহাৰ্দ্যপূৰ্ণভাৱে আৰু কম খৰচত সমাধান কৰা হৈছে। তেওঁ উল্লেখ কৰে যে ভাৰত চৰকাৰে আৰম্ভ কৰা আইনী সাহায্য প্ৰতিৰক্ষা অধিবক্তা ব্যৱস্থাৰ অধীনত মাত্ৰ তিনি বছৰত প্ৰায় ৮ লাখ অপৰাধমূলক গোচৰৰ সমাধান কৰা হৈছে। এই প্ৰচেষ্টাসমূহে সমগ্ৰ দেশতে দৰিদ্ৰ, নিপীড়িত, বঞ্চিত, প্ৰান্তীয় লোকসকলৰ ন্যায়ৰ সুবিধা নিশ্চিত কৰিছে বুলি তেওঁ মন্তব্য কৰে।

 

বিগত ১১ বছৰত চৰকাৰে ধাৰাবাহিকভাৱে ইজ অৱ ডুয়িং বিজনেছ আৰু ইজ অৱ লিভিঙৰ বৰ্ধনৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ব্যৱসায়ৰ বাবে ৪০ হাজাৰৰো অধিক অপ্ৰয়োজনীয় অনুপালন আঁতৰোৱা হৈছে। জন বিশ্বাস আইনৰ জৰিয়তে ৩,৪০০ ৰো অধিক আইনী বিধানক অপৰাধমুক্ত কৰা হৈছে আৰু ১,৫০০ ৰো অধিক অচল আইন বাতিল কৰা হৈছে। তেওঁ মন্তব্য কৰে যে দীৰ্ঘদিনীয়া আইনসমূহৰ ঠাইত এতিয়া ভাৰতীয় ন্যায় সংহিতা প্ৰৱৰ্তন কৰা হৈছে।

“ইজ অৱ ডুয়িং বিজনেছ আৰু ইজ অৱ লিভিং সঁচাকৈয়ে তেতিয়াহে সম্ভৱ যেতিয়া ইজ অৱ জাষ্টিছো নিশ্চিত হয়; শেহতীয়া বছৰ কেইটাত ইজ অৱ জাষ্টিছৰ বৰ্ধনৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু আমি এই দিশত পৰৱৰ্তী প্ৰচেষ্টা গ্ৰহণ কাৰ্য্যক ত্বৰান্বিত কৰিম”, প্ৰধানমন্ত্ৰীয়ে কয়।

এই বছৰ ৰাষ্ট্ৰীয় আইনী সেৱা কৰ্তৃপক্ষৰ (NALSA) ৩০ বছৰ সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত তিনিটা দশকত ই ন্যায়পালিকাক দেশৰ অভাৱগ্ৰস্ত নাগৰিকৰ সৈতে সংযোগ কৰাৰ বাবে কাম কৰি আহিছে। তেওঁ কয় যে আইনী সেৱা কৰ্তৃপক্ষৰ কাষ চাপি অহাসকলৰ প্ৰায়ে সম্পদ, প্ৰতিনিধিত্ব আৰু কেতিয়াবা আশাৰ অভাৱো হয়। তেওঁলোকক আশা আৰু সহায় আগবঢ়োৱাটোৱেই হৈছে ইয়াৰ নামত নিহিত হৈ থকা “সেৱা” শব্দটোৰ প্ৰকৃত অৰ্থ। শ্ৰী মোদীয়ে কয় যে ইয়াৰ প্ৰতিজন সদস্যই ধৈৰ্য্য আৰু পেছাদাৰীতাৰে সেৱা আগবঢ়াই যাব।

ইয়াৰ সামূহিক মধ্যস্থতা প্ৰশিক্ষণ মডিউলৰ শুভাৰম্ভ কৰাৰ কথা ঘোষণা কৰি শ্ৰী মোদীয়ে কয় যে ই আলোচনা আৰু সহমতৰ জৰিয়তে বিবাদ নিষ্পত্তিৰ প্ৰাচীন ভাৰতীয় পৰম্পৰাক পুনৰুজ্জীৱিত কৰিব। গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰি গাঁৱৰ বয়োজ্যেষ্ঠসকললৈকে মধ্যস্থতা সদায় ভাৰতীয় সভ্যতাৰ অংগ হৈ আহিছে। তেওঁ মন্তব্য কৰে যে নতুন মধ্যস্থতা আইনখনে এই পৰম্পৰাক আধুনিক ৰূপত আগুৱাই লৈ গৈছে। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশেৰে কয় যে এই প্ৰশিক্ষণ মডিউলে সামূহিক মধ্যস্থতাৰ বাবে সম্পদ যুগুত কৰাত সহায় কৰিব যিয়ে বিবাদ নিষ্পত্তি, সমন্বয় অক্ষুণ্ণ ৰখা আৰু মামলা হ্ৰাস কৰাত সহায় কৰিব।

 

শ্ৰী মোদীয়ে কয় যে প্ৰযুক্তি নিঃসন্দেহে এক বিঘ্নিতকাৰী শক্তি। কিন্তু ই জনপক্ষীয় মনোযোগ কঢ়িয়াই লৈ ফুৰা মাত্ৰেকে গণতন্ত্ৰীকৰণৰ এক শক্তিশালী আহিলা হৈ পৰে। তেওঁ কয় যে ইউপিআই-এ ডিজিটেল পেমেন্টত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছে, আনকি সৰু-সৰু বিক্ৰেতাসকলকো ডিজিটেল অৰ্থনীতিৰ অংশ হ’বলৈ সক্ষম কৰিছে। তেওঁ উল্লেখ কৰে যে গাঁওসমূহক লাখ-লাখ কিলোমিটাৰ অপটিকেল ফাইবাৰেৰে সংযুক্ত কৰা হৈছে আৰু মাত্ৰ কেইসপ্তাহমানৰ আগতে গ্ৰামাঞ্চলত একেলগে প্ৰায় এক লাখ ম’বাইল টাৱাৰ মুকলি কৰা হৈছিল। তেওঁ মন্তব্য কৰে যে প্ৰযুক্তিয়ে এতিয়া অন্তৰ্ভুক্তি আৰু সবলীকৰণৰ মাধ্যম হিচাপে কাম কৰি আছে। প্রধানমন্ত্রীয়ে ই-ক’র্ট প্রকল্পক প্রযুক্তিয়ে ন্যায়িক প্রক্রিয়াক কেনেদৰে আধুনিকীকৰণ আৰু মানৱীয় কৰি তুলিব পাৰে তাৰ এক উল্লেখযোগ্য উদাহৰণ হিচাপে অভিহিত কৰে। ই-ফাইলিঙৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰনিক চমন সেৱালৈকে, ভাৰ্চুৱেল শুনানিৰ পৰা আৰম্ভ কৰি ভিডিঅ’ কনফাৰেন্সিংলৈকে তেওঁ কয় যে প্ৰযুক্তিয়ে সকলো সৰল কৰি তুলিছে আৰু ন্যায়ৰ সুবিধা সহজ কৰি তুলিছে। তেওঁ জনোৱা মতে ইক’ৰ্ট প্ৰকল্পৰ তৃতীয় পৰ্যায়ৰ বাজেট ৭,০০০ কোটি টকাৰো অধিক বৃদ্ধি কৰা হৈছে, যিয়ে এই পদক্ষেপৰ প্ৰতি চৰকাৰৰ দৃঢ় দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে।

আইনী সজাগতাৰ গুৰুত্বৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এজন দৰিদ্ৰ ব্যক্তিয়ে যেতিয়ালৈকে নিজৰ অধিকাৰৰ বিষয়ে সচেতন নহয়, আইন বুজি নাপায়, ব্যৱস্থাটোৰ জটিলতাৰ প্ৰতি থকা ভয়ক অতিক্ৰম নকৰে, তেতিয়ালৈকে ন্যায়ৰ সুবিধা লাভ কৰিব নোৱাৰে। তেওঁ দৃঢ়তাৰে কয় যে দুৰ্বল গোট, মহিলা আৰু বৃদ্ধসকলৰ মাজত আইনী সজাগতা বৃদ্ধিত অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে। এই দিশত আইনী প্ৰতিষ্ঠান আৰু ন্যায়পালিকাৰ নিৰন্তৰ প্ৰচেষ্টাক স্বীকাৰ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ আস্থা প্ৰকাশেৰে কয় যে যুৱক-যুৱতী, বিশেষকৈ আইনৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱৰ্তনশীল ভূমিকা পালন কৰিব পাৰে। শ্ৰী মোদীয়ে আইনৰ ছাত্ৰ-ছাত্ৰীসকলক দৰিদ্ৰ আৰু গ্ৰামীণ সমাজৰ সৈতে জড়িত হৈ তেওঁলোকৰ আইনী অধিকাৰ আৰু প্ৰক্ৰিয়াৰ বিষয়ে বুজাবলৈ উৎসাহিত কৰে। তেওঁ লগতে কয় যে আত্মসহায়ক গোট, সমবায়, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু অন্যান্য শক্তিশালী তৃণমূল নেটৱৰ্কৰ সৈতে কাম কৰি আইনী জ্ঞানক প্ৰতিঘৰ গৃহস্থীৰ দুৱাৰদলিলৈ প্ৰেৰণ কৰাটো সম্ভৱ।

 

প্ৰধানমন্ত্ৰীয়ে আইনী সাহায্যৰ আন এটা গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোকপাত কৰি কয় যে ন্যায় বোধগম্য ভাষাত প্ৰদান কৰিব লাগিব। তেওঁ কয় যে আইন প্ৰণয়নৰ সময়ত এই নীতি বিবেচনা কৰিব লাগিব। যেতিয়া মানুহে নিজৰ ভাষাত আইনখন বুজি পায়, তেতিয়া ইয়াৰ ফলত আইনখন ভালদৰে মানি চলা হয় আৰু মামলা-মোকৰ্দমা হ্ৰাস পায়। তেওঁ ৰায় আৰু আইনী নথি-পত্ৰ স্থানীয় ভাষাত উপলব্ধ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে উচ্চতম ন্যায়ালয়ে ৮০ হাজাৰৰো অধিক ৰায়দান ১৮ টা ভাৰতীয় ভাষালৈ অনুবাদ কৰাৰ পদক্ষেপক প্ৰশংসা কৰে। উচ্চ ন্যায়ালয় আৰু জিলা আদালততো এই প্ৰচেষ্টা অব্যাহত থাকিব বুলি তেওঁ সম্পূৰ্ণ আস্থা প্ৰকাশ কৰে।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে আইনী বৃত্তি, ন্যায়িক সেৱা আৰু ন্যায় প্ৰদান ব্যৱস্থাৰ সকলো অংশীদাৰকে আহ্বান জনাই কয় যে যেতিয়া ৰাষ্ট্ৰই নিজকে উন্নত দেশ হিচাপে গণ্য কৰিব, তেতিয়া ভাৰতৰ ন্যায় প্ৰদানৰ ভৱিষ্যতৰ কল্পনা কৰাটো আৱশ্যকীয়। তেওঁ সামূহিকভাৱে সেই দিশত আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় আইনী সেৱা কৰ্তৃপক্ষ, সমগ্ৰ আইনী সমাজ আৰু ন্যায় প্ৰদানৰ সৈতে জড়িত সকলোকে অভিনন্দন জনাই এই অনুষ্ঠানৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

 

এই কাৰ্য্যসূচীত ভাৰতৰ মুখ্য ন্যায়াধীশ শ্ৰী বি.আৰ. গাৱাই, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱালকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পটভূমি

ৰাষ্ট্ৰীয় আইনী সেৱা কৰ্তৃপক্ষই (NALSA) দুদিনীয়া কাৰ্য্যসূচীৰে “আইনী সাহায্য প্ৰদান ব্যৱস্থাক সুদৃঢ়কৰণ” শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে। ইয়াত আইনী সেৱাৰ কাঠামোৰ মূল দিশ যেনেঃ আইনী সাহায্য প্ৰতিৰক্ষা অধিবক্তা ব্যৱস্থা, পেনেল উকীল, পেৰা-লিগেল স্বেচ্ছাসেৱক, স্থায়ী লোক আদালত আৰু আইনী সেৱা প্ৰতিষ্ঠানৰ বিত্তীয় ব্যৱস্থাপনা আদি বিষয়ত আলোচনা কৰা হ’ব।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Chronic therapies power 11% growth in Indian pharma market in May

Media Coverage

Chronic therapies power 11% growth in Indian pharma market in May
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Shri Narendra Modi speaks with the Amir of Kuwait
June 09, 2026
The two leaders exchange views on the situation in West Asia.
Prime Minister reaffirms India’s strong condemnation of attacks on Kuwait’s sovereignty and territorial integrity.
Prime Minister reiterates call for de-escalation, dialogue and diplomacy.
Prime Minister thanks His Highness the Amir for his personal attention to the well-being and safety of the Indian community in Kuwait.

Prime Minister Shri Narendra Modi held a telephone conversation today with the Amir of the State of Kuwait, His Highness Sheikh Meshal Al-Ahmad Al-Jaber Al Sabah.

The two leaders exchanged views on the evolving security situation in West Asia.

Prime Minister expressed deep concern over the escalation of tensions and reaffirmed India’s strong condemnation of attacks on Kuwait’s sovereignty and territorial integrity.

Prime Minister reiterated the call for de-escalation, dialogue and diplomacy for earliest restoration of peace and stability.

Prime Minister thanked His Highness the Amir for his personal attention to the continued well-being and the safety of the large Indian community in Kuwait.