"কুশীনগৰ ইণ্টাৰনেচনেল এয়াৰপ'ৰ্ট বিশ্বজুৰি বৌদ্ধ সমাজৰ শ্ৰদ্ধাৰ প্ৰতি পুষ্পাঞ্জলি"
"ভগৱান বুদ্ধৰে জড়িত স্থানসমূহক বিকশিত কৰিবৰ বাবে, উন্নত কানেক্টিভিটিৰ বাবে, শ্ৰদ্ধালুসকলৰ সুবিধাৰ নিৰ্মাণৰ ওপৰত ভাৰতে বিশেষ মনোযোগ দিছে"
"উৰণ যোজনাৰ জৰিয়তে যোৱা কেইটামান বছৰত ৯০০ৰ অধিক নতুন ৰুটক স্বীকৃতি দিয়া হৈছে, ইয়াৰে ৩৫০ৰো অধিকত বিমান সেৱা আৰম্ভও হৈছে। পঞ্চাশৰো অধিক নতুন এয়াৰপ'ৰ্ট বা যি আগতে সেৱাত নাছিল, সেইবোৰ আৰম্ভ কৰা হৈছে"
"উত্তৰ প্ৰদেশত কুশীনগৰ এয়াৰপ'ৰ্টৰ পূৰ্বেই আঠটা এয়াৰপ'ৰ্ট আৰম্ভ হৈছে; লক্ষ্ণৌ, বাৰাণসী আৰু কুশীনগৰৰ পিছত জেৱৰ ইণ্টাৰনেচনেল এয়াৰপ'ৰ্টৰ ওপৰত কাম চলি আছে। ইয়াৰ উপৰিও অযোধ্যা, আলীগড়, আজমগড়, চিত্ৰকূট, মুৰাদাবাদ আৰু শ্ৰাৱস্তীত এয়াৰপ'ৰ্ট পৰিকল্পনা চলি আছে"
"এয়াৰ ইণ্ডিয়াৰ ওপৰত হোৱা নিৰ্ণয়ে ভাৰতৰ এভিয়েচন ছেক্টৰক নতুন শক্তি দিব"
"সম্প্ৰতি লঞ্চ হোৱা ড্ৰোন নীতিৰ জৰিয়তে কৃষিৰ পৰা স্বাস্থ্য, দুৰ্যোগ ব্যৱস্থাপনাৰ পৰা প্ৰতিৰক্ষালৈকে ক্ষেত্ৰসমূহত জীৱনোপযোগী পৰিৱৰ্তন আহিব"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ উদ্ঘাটন কৰে।

সভাত উপস্থিত লোকসকলক সম্বোধি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বজুৰি বৌদ্ধ সমাজৰ বাবে ভাৰত শ্ৰদ্ধাৰ, আস্থাৰ কেন্দ্ৰ। তেওঁ কয় যে আজি কুশীনগৰ ইণ্টাৰনেচনেল এয়াৰপ'ৰ্টৰ এই সুবিধা, ইয়াৰ শ্ৰদ্ধাত অৰ্পিত পুষ্পাঞ্জলি। প্ৰধানমন্ত্ৰীয়ে কয় যে ভগৱান বুদ্ধৰ জ্ঞানৰ পৰা আৰম্ভ কৰি মহা পৰিনিৰ্বাণলৈকে এই সম্পূৰ্ণ যাত্ৰাৰ সাক্ষী এই ক্ষেত্ৰ আজি পোনপটীয়াকৈ পৃথিৱীৰ সৈতে সংযুক্ত হ'ল।

প্ৰধানমন্ত্ৰীয়ে এই কথা ৰেখাংকিত কৰি কয় যে ভগৱান বুদ্ধৰ সৈতে জড়িত স্থানসমূহক বিকশিত কৰিবৰ বাবে, উন্নত কানেক্টিভিটিৰ বাবে, শ্ৰদ্ধালুসকলৰ সুবিধাৰ নিৰ্মাণৰ ওপৰত ভাৰতে আজি বিশেষ মনোযোগ দিছে। প্ৰধানমন্ত্ৰীয়ে কুশীনগৰত অৱতৰণ কৰিবলগীয়া শ্ৰীলংকাৰ ফ্লাইট আৰু তাৰ প্ৰতিনিধিসকলক আদৰণি জনায়। আজি মহৰ্ষি বাল্মিকীৰ জয়ন্তীত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে সবকা সাথ আৰু সবকা প্ৰয়াসৰ সহযোগত সবকা বিকাশৰ পথত আগুৱাই আছে। তেওঁ কয়, "কুশীনগৰৰ বিকাশ, উত্তৰ প্ৰদেশ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰাথমিকতাত আছে।"

প্ৰধানমন্ত্ৰীয়ে কয় যে পৰ্যটনৰ লাগে যিয়েই স্বৰূপ হওক, লাগে সেয়া আস্থাৰ বাবে বা আৰামৰ বাবে হওক; তাৰ বাবে ৰে'ল, পথ, বিমান পথ, জলপথ, হোটেল, হাস্পতাল, ইণ্টাৰনেট কানেক্টিভিটি, স্বচ্ছতা, ছীৱেৰ উপচাৰ আৰু স্বচ্ছ পৰ্যাৱৰণ সুনিশ্চিত কৰা নৱীকৰণযোগ্য শক্তিৰে যুক্ত সকলো আধুনিক অৱসংৰচনাৰ প্ৰয়োজন। প্ৰধানমন্ত্ৰীয়ে কয়, "এই সকলো পৰস্পৰৰ সৈতে সংযুক্ত আৰু এই সকলোৰে ওপৰত একেলগে কাম কৰা বিশেষ দৰকাৰ। আজিৰ ২১শ শতিকাৰ ভাৰতে এই পথেৰেই আগবাঢ়ি আছে।"

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে উৰণ যোজনাৰ জৰিয়তে যোৱা কেইটামান বছৰত ৯০০ৰো অধিক নতুন ৰুটক স্বীকৃতি দিয়া হৈছে, ইয়াৰে ৩৫০ৰো অধিকত বিমান সেৱা আৰম্ভও হৈছে। পঞ্চাশৰো অধিক নতুন এয়াৰপ'ৰ্ট বা যি আগতে সেৱাত নাছিল, সেইবোৰক আৰম্ভ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশত বিমানন ছেক্টৰৰ বিকাশৰ কথা উল্লেখ কৰি কয় যে ৰাজ্যখনত এয়াৰ কানেক্টিভিটি (বায়ু সংযোগ)ত অহৰহ সংস্কাৰ হৈ আছে। তেওঁ কয় যে উত্তৰ প্ৰদেশত কুশীনগৰ এয়াৰপ'ৰ্টৰ আগতেই আঠটা এয়াৰপ'ৰ্ট আৰম্ভ হৈছে। লক্ষ্ণৌ, বাৰাণসী আৰু কুশীনগৰৰ পিছত জেৱৰ ইণ্টাৰনেচনেল এয়াৰপ'ৰ্টৰ ওপৰত কাম চলি আছে। ইয়াৰ উপৰিও অযোধ্যা, আলীগড়, আজমগড়, চিত্ৰকূট, মুৰাদাবাদ আৰু শ্ৰাৱস্তীত এয়াৰপ'ৰ্ট পৰিকল্পনাত কাম চলি আছে।

এয়াৰ ইণ্ডিয়াৰ ওপৰত সম্প্ৰতি লোৱা সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ এভিয়েচন ছেক্টৰটো প্ৰফেচনেলী চলক, সুবিধা আৰু সুৰক্ষাই প্ৰাথমিকতা পাওক, ইয়াৰ বাবে সম্প্ৰতি এয়াৰ ইণ্ডিয়াৰ সৈতে জড়িত বৃহৎ পদক্ষেপ দেশে গ্ৰহণ কৰিছে। তেওঁ কয়, "এই পদক্ষেপে ভাৰতৰ এভিয়েচন ছেক্টৰক নতুন শক্তি দিব। এনেকুৱাই এটা বৃহৎ ৰিফৰ্ম ডিফেঞ্চ এয়াৰফ'ৰ্চক চিভিল ইউজৰ বাবে খোলাৰ সৈতে জড়িত।" প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সম্প্ৰতি লঞ্চ হোৱা ড্ৰোন নীতিৰ জৰিয়তে কৃষিৰ পৰা স্বাস্থ্য, দুৰ্যোগ ব্যৱস্থাপনাৰ পৰা প্ৰতিৰক্ষালৈকে ক্ষেত্ৰসমূহত জীৱনোপযোগী পৰিৱৰ্তন আহিব।

প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ লঞ্চ কৰা প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ বিষয়ে উল্লেখ কৰি কয়, "ইয়াৰ ফলত গভাৰ্ণেঞ্চত তো সংস্কাৰ আহিবই, বৰং এই কথাও সুনিশ্চিত কৰা হ'ব যে স্থলপথ হওক, ৰে'লপথ হওক, বিমান হওক, এইবোৰে পৰস্পৰে পৰস্পৰক ছাপ'ৰ্ট কৰক, পৰস্পৰে পৰস্পৰৰ ক্ষমতা বঢ়াওক।"

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
In 2019, India launched its first Vande Bharat Express; seven years later came the sleeper version, and Railways now plans 260 Vande sleeper rakes with world-class features

Media Coverage

In 2019, India launched its first Vande Bharat Express; seven years later came the sleeper version, and Railways now plans 260 Vande sleeper rakes with world-class features
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 ছেপ্টেম্বৰ 2026
September 03, 2026

A- Rating to Third-Largest Wind Producer: How Modi’s Policies Are Rewriting India’s Global Rank