Today, Indian Railways is cleaner than ever. The broad gauge rail network has been made safer than ever before by unmanned gates: PM Modi
Opposition parties spreading fake news that MSP will be withdrawn: PM Modi on new farm bill
I assure the farmers that the MSP will continue in future the way it is happening today. Government will continue purchasing their produces: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে যাত্ৰীসকলৰ সুবিধাৰ্থে বিহাৰত নতুন ৰে’ল লাইন আৰু বৈদ্যুতিকৰণ প্ৰকল্প মুকলি কৰাৰ দেশবাসীক উদ্দেশ্যি ঐতিহাসিক কুশী ৰে’ল মহাসেতু উচৰ্গা কৰে৷

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিহাৰত ৰে’ল সংযোগৰ ক্ষেত্ৰত নতুন ইতিহাসৰ ৰচনা হৈছে৷ তেওঁ কয় যে ৩০০০ কোটি টকাৰ প্ৰকল্প যেনে কুশী মহাসেতু আৰু কিউল দলঙৰ মুকলি, বৈদ্যুতিকীকৰণ প্ৰকল্প, ৰে’লৱেত মেক ইন ইণ্ডিয়াৰ প্ৰচাৰ আৰু আজি মুকলি কৰা প্ৰকল্পসমূহত বুজনসংখ্যক চাকৰিৰ সৃষ্টি হোৱাৰ থল আছে৷ এই প্ৰকল্পসমূহে কেৱল বিহাৰৰ ৰে’ল নেটৱৰ্কক শক্তিশালী কৰাই নহয় বৰঞ্চ পশ্চিম বংগ আৰু পূব ভাৰতৰ ৰে’ল সংযোগকো শক্তিশালী কৰিব৷

প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ জনসাধাৰণক এই নতুন আৰু আধুনিক সুবিধাৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷ তেওঁ কয় যে চাৰি বছৰ পূৰ্বে পাটনা আৰু মুংগেৰত জনসাধাৰণৰ সুবিধাৰ্থে দুখন মহাসেতুৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল৷ এতিয়া এই দুয়োখন ৰে’ল দলং মুকলিৰ জৰিয়তে উত্তৰ আৰু দক্ষিণ বিহাৰৰ মাজত ভ্ৰমণ সৰল হৈ উঠিব  আৰু ইয়াৰ দ্বাৰা উত্তৰ বিহাৰত উন্নয়নৰ নতুন পথো মুকলি হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰায় আশী বছৰ পূৰ্বে বিভিন্ন ভূমিকম্পত মিথিলা আৰু কুশী অঞ্চল পৃথক হৈছিল যদিও আশ্বৰ্যজনকভাৱে ক’ৰোনাৰ দৰে মহামাৰীয়ে দুয়োখন স্থানক পুনৰ একত্ৰিত কৰিলে৷ তেওঁ কয় যে সৌপাল-আসনপুৰ-কুপাহা ৰে’লপথ ৰাষ্ট্ৰবাসীলৈ উচৰ্গা কৰা হৈছে আৰু এয়া সম্ভৱ হৈছে প্ৰব্ৰজিত শ্ৰমিকসকলৰ নেৰা-নেপেৰা প্ৰয়াসৰ দ্বাৰা৷ তেওঁ কয় যে ২০০৩ চনত শ্ৰী অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী আৰু নীতিশ কুমাৰ ৰে’লমন্ত্ৰী হৈ থাকোতে মিথিলা আৰু কুশী অঞ্চলৰ লোকৰ সমস্যা হ্ৰাস কৰাৰ বাবে নতুন কুশী ৰে’ল লাইন বহুওৱা হৈছিল৷ তেওঁ কয় যে বৰ্তমানৰ চৰকাৰৰ সময়ত কামৰ গতি দ্ৰুত হৈছে আৰু আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি সৌপাল-আসনপুৰ-কুপাহা ৰে’ল পথৰ কাম সম্পূৰ্ণ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এই নতুন ৰে’ল সেৱাৰ দ্বাৰা সৌপাল, আৰাৰিয়া আৰু ছাহাৰছা জিলাৰ লোকসকল অধিক উপকৃত হ’ব৷ তাৰোপৰি ই উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক বিকল্প পথো হৈ উঠিব৷ তেওঁ কয় যে মহাসেতুৰ জৰিয়তে ৩০০ কিলোমিটাৰৰ পথ ২২ কিলোমিটাৰলৈ হ্ৰাস হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কুশী মহাসেতুৰ দৰে আন এক নতুন ৰে’লপথ কিউল নদীত স্থাপন কৰা হৈছে য’ত প্ৰতি ঘণ্টাত ১২৫ কিলোমিটাৰ বেগত বৈদ্যুতিক ইণ্টাৰল’কিং সুবিধাযুক্ত ৰে’লেৰে যাত্ৰা কৰিব পৰা হ’ব৷ তেওঁ কয় যে বৈদ্যুতিক ইণ্টাৰল’কিঙে  হাওড়া-দিল্লীৰ পৰা প্ৰধান লাইনত ৰে’লসমূহৰ স্থানান্তৰ সহজ হৈ উঠিব৷

তেওঁ কয় যে বিগত ৬টা বছৰত ভাৰতীয় ৰে’লৱেক আত্মনিৰ্ভৰ ভাৰতৰ প্ৰত্যাশা পূৰণ কৰিব পৰাকৈ গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে৷ তেওঁ কয় যে ভাৰতীয় ৰে’লৱে পূৰ্বতকৈ অধিক স্বচ্ছ হৈছে৷ তেওঁ কয় যে ভাৰতীয় ৰে’লৰ গতিও বৃদ্ধি কৰা হৈছে৷ বন্দে ভাৰতৰ দৰে আধুনিক ৰে’ল ৰে’ল নেটৱৰ্কত সংযোজিত হৈছে৷

বিগত কেইটামান বৰ্ষত মেক ইন ইণ্ডিয়াক প্ৰসাৰিত কৰাৰ বাবে মাধেপুৰাত বৈদ্যুতিক লক’ কাৰখানা আৰু মাৰহাওৰাত ডিজেল লক’ কাৰখানা স্থাপন কৰা হৈছে৷ দুয়োটা প্ৰকল্পত প্ৰায় ৪৪০০০ কোটি টকা বিনিয়োগ কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বিহাৰৰ প্ৰায় ৯০% ৰে’ল নেটৱৰ্ক বৈদ্যুতিকীকৰণ কৰা হৈছে৷ বিহাৰত বিগত ছটা বৰ্ষত ৩০০০তকৈ অধিক কিলোমিটাৰ পথ বৈদ্যুতিকীকৰণ কৰা হৈছে৷ তেওঁ কয় যে অন্য ১০০০ কিলোমিটাৰ নতুন ৰে’ল পথ নিৰ্মাণৰ কাম চলি আছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে হাজিপুৰ-ঘোশ্বৰ-বৈশালী ৰে’ল পথ, দিল্লী আৰু পাটনা প্ৰত্যক্ষ ৰে’ল সেৱাৰে সংযোজিত কৰা হ’ব৷ এই সেৱাৰ দ্বাৰা বৈশালীৰ পৰ্যটনৰ নতুন সুবিধা বিকশিত হ’ব আৰু ন ন কৰ্ম সংস্থাপনৰ সৃষ্টি হ’ব৷ এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত যাত্ৰীবাহী ৰে’লৰ বিলম্ব হ্ৰাস হ’ব আৰু সামগ্ৰী পৰিবহণতো সহায়ক হ’ব৷

ক’ৰোনাৰ সময়ছোৱাত ভাৰতীয় ৰে’লৱেয়ে আগবঢ়াই অহা নিৰৱচ্ছিন্ন সেৱাক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷ তেওঁ কয় যে প্ৰব্ৰজিত শ্ৰমিকৰ নিয়োজন তথা তেওঁলোকক ঘূৰাই অনাত শ্ৰমিক বিশেষ ৰে’লৰ ব্যৱস্থাৰ দ্বাৰা ৰে’লৱেয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ তেওঁ কয় যে ক’ৰোনাৰ সময়ছোৱাতে দেশৰ প্ৰথমখন কিষাণ ৰে’ল বিহাৰ আৰু মহাৰাষ্ট্ৰৰ মাজত চলোৱা হৈছিল৷

ক’ৰোনাৰ সময়ছোৱাত ভাৰতীয় ৰে’লৱেয়ে আগবঢ়াই অহা নিৰৱচ্ছিন্ন সেৱাক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷ তেওঁ কয় যে প্ৰব্ৰজিত শ্ৰমিকৰ নিয়োজন তথা তেওঁলোকক ঘূৰাই অনাত শ্ৰমিক বিশেষ ৰে’লৰ ব্যৱস্থাৰ দ্বাৰা ৰে’লৱেয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ তেওঁ কয় যে ক’ৰোনাৰ সময়ছোৱাতে দেশৰ প্ৰথমখন কিষাণ ৰে’ল বিহাৰ আৰু মহাৰাষ্ট্ৰৰ মাজত চলোৱা হৈছিল৷

কৃষি সংস্কাৰ বিধেয়ক

প্ৰধানমন্ত্ৰীয়ে কয় যে কালি দেশত কৃষি সংস্কাৰমূলক এখন ঐতিহাসিক বিধেয়ক মুকলি কৰা হৈছে৷ এই কৃষি সংস্কাৰমূলক বিধেয়কখনৰ দ্বাৰা আমাৰ কৃষকসকলে সন্মুখীন হোৱা বিভিন্ন বাধা আঁতৰিব৷ এই সংস্কাৰমূলক বিধেয়কখনৰ দ্বাৰা আমাৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ বিভিন্ন সুবিধা লাভ কৰিবলৈ সমৰ্থ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ তেওঁ কয় যে এই সংস্কাৰসমূহে কৃষকসকলক মধ্যভোগীৰ পৰা ৰক্ষা কৰিব৷

কৃষি সংস্কাৰমূলক বিধেয়ক সন্দৰ্ভত উত্থাপন হোৱা বিভিন্ন সমালোচনা আৰু ভ্ৰান্তিসমূহৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে কিছুমান লোকে দশকজুৰি দেশৰ কৃষকসকলক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰি আছে৷ তেওঁ কয় যে এপিএমচি আইনত কৃষিজাত বজাৰত পৰিৱৰ্তনৰ সুবিধাসমূহ বিৰোধী দলেও তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছিল৷ তেওঁ কয় যে এপিএমচি আইনৰ দ্বাৰা হোৱা ক্ষতি অনুধাৱন কৰি বিহাৰৰ মুখ্যমন্ত্ৰীয়ে এই আইন বিহাৰৰ পৰা প্ৰত্যাহাৰ কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে৷ পশুধনক ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ ৰাষ্ট্ৰজোৰা অভিযানৰো সূচনা কৰা হৈছে৷ ভাষণত তেও স্পষ্ট ভাষাৰে কৃষকসকলক বিচলিত কৰিব পৰা লোকসকলক সাৱধান হ’বলৈ সকীয়াই দিয়ে৷

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
On Puri’s Grand Road, a devotee’s submission

Media Coverage

On Puri’s Grand Road, a devotee’s submission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the Amir of Qatar
July 16, 2026
PM conveys heartfelt condolences on the passing of the Father Amir of Qatar
PM recalls the Father Amir’s visionary leadership and his contribution to strengthening India-Qatar relations
The two leaders reaffirm their resolve to carry forward the Father Amir’s legacy

Prime Minister Shri Narendra Modi had a telephone conversation today with the Amir of the State of Qatar, H.H. Sheikh Tamim bin Hamad Al Thani.

Prime Minister conveyed his heartfelt condolences on the passing of H.H. Sheikh Hamad bin Khalifa Al Thani, the Father Amir of Qatar.

Recalling the Father Amir’s significant contributions as the chief architect of modern Qatar, Prime Minister paid tribute to his visionary leadership, and recalled his pivotal role in strengthening India-Qatar relations over the years as well as his deep affection for India and the Indian community in Qatar.

The Amir of Qatar thanked Prime Minister for his call and conveyed his appreciation for the words of support in this difficult hour.

The two leaders reaffirmed their resolve to carry forward the Father Amir’s legacy and further strengthen the India-Qatar Strategic Partnership and people-to-people ties.

They agreed to remain in close touch.