“সমগ্ৰ ভাৰতক আকোৱালি লৈ কাশী ভাৰতৰ সাংস্কৃতিক ৰাজধানী হোৱাৰ বিপৰীতে তামিলনাডু আৰু তামিল সংস্কৃতি ভাৰতৰ প্ৰাচীনত্ব আৰু গৌৰৱৰ কেন্দ্ৰবিন্দু”
“কাশী আৰু তামিলনাডু আমাৰ সংস্কৃতি আৰু সভ্যতাৰ কালজয়ী কেন্দ্ৰ”
“অমৃত কালত আমাৰ সংকল্পসমূহ সমগ্ৰ দেশৰ একতাৰ দ্বাৰাহে পূৰণ হ’ব”
“তামিল ভাষাৰ উত্তৰাধিকাৰ সংৰক্ষণ আৰু সমৃদ্ধিৰ দায়িত্ব ১৩০ কোটি ভাৰতীয়ৰ”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত আয়োজিত মাহজোৰা ‘কাশী তামিল সংগমম’ কাৰ্যসূচী উদ্বোধন কৰে। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে দেশৰ দুখন গুৰুত্বপূৰ্ণ আৰু প্ৰাচীন শিক্ষণ আসন তামিলনাডু আৰু কাশীৰ মাজৰ যুগ যুগ ধৰি চলি অহা সংযোগক উদযাপন, পুনৰ দৃঢ়তাপূৰ্ণ কৰি তোলা আৰু নতুনকৈ আৱিষ্কাৰ কৰা। এই উপলক্ষে তামিলনাডুৰ ২৫০০ৰো অধিক প্ৰতিনিধিয়ে কাশী ভ্ৰমণ কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ১৩টা ভাষালৈ অনুবাদ কৰা ‘তিৰুক্কুৰাল’ নামৰ এখন গ্ৰন্থও উন্মোচন কৰে। তেওঁ সাংস্কৃতিক অনুষ্ঠানৰ লগতে আৰতিও প্ৰত্যক্ষ কৰে৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ আটাইতকৈ প্ৰাচীন জীৱন্ত চহৰখনত অনুষ্ঠিত এই সমাৱেশক লৈ আনন্দ প্ৰকাশ কৰে। নদীৰ সংগমেই হওক বা মতাদৰ্শ, বিজ্ঞান বা জ্ঞানৰ সংগমেই হওক, দেশত সংগমৰ গুৰুত্ব সন্দৰ্ভত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতিটো সংগম ভাৰতত উদযাপন আৰু শ্ৰদ্ধা কৰা হয়। তেওঁ কয় যে বাস্তৱত এয়া ভাৰতৰ শক্তি আৰু বৈশিষ্ট্যৰ উদযাপন, যিটোৱে কাশী-তামিল সংগমক অনন্য কৰি তুলিছে।

কাশী আৰু তামিলনাডুৰ সংযোগৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এফালে কাশী ভাৰতৰ সাংস্কৃতিক ৰাজধানী হোৱাৰ বিপৰীতে তামিলনাডু আৰু তামিল সংস্কৃতি ভাৰতৰ প্ৰাচীনত্ব আৰু গৌৰৱৰ কেন্দ্ৰবিন্দু। গংগা আৰু যমুনা নদীৰ সংগমস্থলীৰ উপমা দি প্ৰধানমন্ত্ৰীয়ে কয় যে কাশী-তামিল সংগম সমানে পবিত্ৰ যিয়ে নিজৰ মাজতে অন্তহীন সুযোগ আৰু শক্তিক আগুৰি ধৰে। প্ৰধানমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ সমাৱেশৰ বাবে শিক্ষা মন্ত্ৰালয় আৰু উত্তৰ প্ৰদেশ চৰকাৰক অভিনন্দন জনোৱাৰ লগতে আইআইটি মাদ্ৰাজ, বিএইচইউৰ দৰে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ক এই কাৰ্যসূচীত সহায় আগবঢ়োৱাৰ বাবে ধন্যবাদ জনায়৷ প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে কাশী আৰু তামিলনাডুৰ ছাত্ৰ-ছাত্ৰী আৰু পণ্ডিতসকলক ধন্যবাদ জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে কাশী আৰু তামিলনাডু আমাৰ সংস্কৃতি আৰু সভ্যতাৰ কালজয়ী কেন্দ্ৰ। তেওঁ জনায় যে সংস্কৃত আৰু তামিল দুয়োটা ভাষা অস্তিত্ব থকা অন্যতম প্ৰাচীন ভাষা। প্ৰধানমন্ত্ৰীয়ে কয়, “কাশীত আমাৰ বাবা বিশ্বনাথ আছে, আনহাতে তামিলনাডুত আছে ভগৱান ৰামেশ্বৰমৰ আশীৰ্বাদ। কাশী আৰু তামিলনাডু দুয়োটা স্থান শিৱৰ দ্বাৰা ধন্য হৈ আছে।” প্ৰধানমন্ত্ৰীয়ে কয় যে সংগীতেই হওক, সাহিত্যই হওক বা শিল্পই হওক, কাশী আৰু তামিলনাডু সদায় শিল্পৰ উৎস হৈ আহিছে।

ভাৰতৰ চহকী সংস্কৃতি আৰু পৰম্পৰাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই দুয়োটা স্থান ভাৰতৰ উৎকৃষ্ট আচাৰ্যসকলৰ জন্মস্থান আৰু কৰ্মক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছে। তেওঁ কয়  যে কাশী আৰু তামিলনাডুতো একেধৰণৰ শক্তি অনুভৱ কৰিব পাৰি। তেওঁ কয়, “আজিও পৰম্পৰাগত তামিল বিবাহৰ শোভাযাত্ৰাৰ সময়ত কাশী যাত্ৰাৰ প্ৰাসংগিকতা পৰিলক্ষিত হয়৷” তেওঁ  কয় যে তামিলনাডুৰ পৰা অহা কাশীৰ প্ৰতি অন্তহীন প্ৰেমে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অনুভৱক চিহ্নিত কৰে যিটো আমাৰ পূৰ্বপুৰুষৰ জীৱন-ধাৰণৰ পদ্ধতি আছিল।

প্ৰধানমন্ত্ৰীয়ে কাশীৰ উন্নয়নত তামিলনাডুৰ অৱদানৰ সন্দৰ্ভত উল্লেখ কৰি তামিলনাডুত জন্মগ্ৰহণ কৰা ড০ সৰ্বপল্লী ৰাধাকৃষ্ণন বিএইচইউৰ উপাচাৰ্য আছিল বুলি স্মৰণ কৰে। লগতে তেওঁ শিপা তামিলনাডুত থাকিও কাশীত বসবাস কৰা বৈদিক পণ্ডিত ৰাজেশ্বৰ শাস্ত্ৰীৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে কাশীৰ হনুমান ঘাটত বসবাস কৰা পট্টাবীৰাম শাস্ত্ৰীকো কাশীবাসীয়ে স্মৰণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কাশী কাম কোটেশ্বৰ পঞ্চায়তন মন্দিৰ, যিটো হৰিশচন্দ্ৰ ঘাটৰ পাৰৰ তামিলীয়া মন্দিৰ, আৰু কেদাৰ ঘাটৰ দুশ বছৰীয়া কুমাৰস্বামী মঠ আৰু মাৰ্কাণ্ডে আশ্ৰমৰ বিষয়ে অৱগত কৰে। তেওঁ লগতে উল্লেখ কৰে যে তামিলনাডুৰ বহু লোকে কেদাৰ ঘাট আৰু হনুমান ঘাটৰ পাৰৰ ওচৰত বাস কৰি আহিছে আৰু কেইবা প্ৰজন্ম ধৰি কাশীৰ প্ৰতি অপৰিসীম অৱদান আগবঢ়াই আহিছে। প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ পৰা অহা কিন্তু বহু বছৰ কাশীত বসবাস কৰা মহান কবি আৰু বিপ্লৱী শ্ৰী সুব্ৰমণিয়া ভাৰতীৰ কথাও উল্লেখ কৰে। তেওঁ সুব্ৰমণীয়া ভাৰতীৰ নামত উচৰ্গিত আসনখন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিএইচইউৰ গৌৰৱ আৰু সৌভাগ্যৰ বিষয়ে অৱগত কৰে।

প্ৰধানমন্ত্ৰীয়ে আজাদী কা অমৃত কালৰ সময়ত কাশী-তামিল সংগম চলি আছে বুলি উল্লেখ কৰে। তেওঁ কয়, “অমৃত কালত আমাৰ সংকল্পসমূহ সমগ্ৰ দেশৰ একতাৰ দ্বাৰাহে পূৰণ হ’ব।” তেওঁ উল্লেখ কৰে যে ভাৰত এনে এখন দেশ, যিখনে হাজাৰ হাজাৰ বছৰ ধৰি এক স্বাভাৱিক সাংস্কৃতিক ঐক্যতা অৱলম্বন কৰি আহিছে। ৰাতিপুৱা সাৰ পাই ১২টা জ্যোতিৰ্লিংগ স্মৰণ কৰাৰ পৰম্পৰাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমি দেশৰ আধ্যাত্মিক ঐক্যক স্মৰণ কৰি আমাৰ দিনটো আৰম্ভ কৰোঁ। শ্ৰী মোদীয়ে হাজাৰ হাজাৰ বছৰৰ এই পৰম্পৰা আৰু ঐতিহ্যক শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ অভাৱৰ বাবেও দুখ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে কাশী-তামিল সংগম এতিয়া সংকল্পৰ মঞ্চ হৈ পৰিব আৰু লগতে আমাৰ কৰ্তব্যসমূহ উপলব্ধি কৰা আৰু জাতীয় ঐক্য শক্তিশালী কৰাৰ বাবে শক্তিৰ উৎস হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাষা ভাঙি বৌদ্ধিক দূৰত্ব অতিক্ৰম কৰাৰ এই মনোভাৱৰ জৰিয়তেহে স্বামী কুমাৰগুৰুপাৰে কাশীলৈ আহি ইয়াক নিজৰ কৰ্মভূমি কৰি কাশীত কেদাৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল। পিছলৈ তেওঁৰ শিষ্যসকলে কাবেৰী নদীৰ পাৰত থাঞ্জাভুৰত কাশী বিশ্বনাথ মন্দিৰ নিৰ্মাণ কৰে। প্ৰধানমন্ত্ৰীয়ে তামিল ৰাজ্যৰ গীত ৰচনা কৰা মনোনমনিয়াম সুন্দৰনাৰৰ দৰে ব্যক্তিত্ব আৰু কাশীৰ সৈতে তেওঁৰ গুৰুজনাৰ সম্পৰ্কৰ কথা উল্লেখ কৰি তামিল পণ্ডিত আৰু কাশীৰ মাজৰ সম্পৰ্ক পুনৰবাৰ দোঁহাৰে৷ প্ৰধানমন্ত্ৰীয়ে ৰাজাজীয়ে ৰচনা কৰা ৰামায়ণ আৰু মহাভাৰতৰ জৰিয়তে উত্তৰ আৰু দক্ষিণৰ সংযোগ স্থাপনৰ ক্ষেত্ৰতো লোৱা ভূমিকাক স্মৰণ কৰে। “এইটো মোৰ অভিজ্ঞতা যে ৰামানুজাচাৰ্য্য, শংকৰাচাৰ্য, ৰাজাজী, সৰ্বপল্লী ৰাধাকৃষ্ণন আদিৰ দৰে দক্ষিণ ভাৰতৰ পণ্ডিতসকলক বুজি নোপোৱাকৈ আমি ভাৰতীয় দৰ্শনক সৰলভাৱে বুজিব নোৱাৰো”, শ্ৰী মোদীয়ে কয়।

‘পঞ্চ পণ’ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এখন চহকী ঐতিহ্য থকা দেশে নিজৰ উত্তৰাধিকাৰক লৈ গৌৰৱ কৰিব লাগে। তেওঁ কয় যে বিশ্বৰ অন্যতম পুৰণি জীৱন্ত ভাষা অৰ্থাৎ তামিল থকাৰ পিছতো ইয়াক সম্পূৰ্ণৰূপে সন্মান জনোৱাৰ আমাৰ সদ্দিচ্চাৰ অভাৱ। প্ৰধানমন্ত্ৰীয়ে কয়, “তামিল ভাষাৰ উত্তৰাধিকাৰ সংৰক্ষণ আৰু সমৃদ্ধিৰ দায়িত্ব ১৩০ কোটি ভাৰতীয়ৰ৷ যদি আমি তামিল ভাষাক আওকাণ কৰো তেন্তে আমি দেশৰ প্ৰতি এক বৃহৎ অৱহেলা কৰাটোকে বুজাব আৰু যদি আমি তামিল ভাষাক নিষেধাজ্ঞাতে ৰাখোঁ তেন্তে আমি ইয়াৰ বহুত ক্ষতি কৰিম। ভাষিক পাৰ্থক্য দূৰ কৰি আৱেগিক ঐক্য প্ৰতিষ্ঠা কৰিবলৈ আমি মনত ৰাখিব লাগিব”।

প্ৰধানমন্ত্ৰীয়ে সংগমম অনুষ্ঠানটো কথাতকৈও অধিক অনুভৱ কৰাৰ বিষয় বুলি উল্লেখ কৰি কাশীবাসীয়ে স্মৰণীয় আতিথ্য প্ৰদানৰ ক্ষেত্ৰত কোনো ত্ৰুটী নাৰাখে বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে তামিলনাডু আৰু দক্ষিণৰ অন্যান্য ৰাজ্যসমূহত এনেধৰণৰ অনুষ্ঠান আয়োজন কৰা আৰু দেশ অন্যান্য প্ৰান্তৰ যুৱক-যুৱতীসকলে সেই স্থান ভ্ৰমণ কৰি ইয়াৰ সংস্কৃতি গ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে। এই সংগমমৰ লাভ গৱেষণাৰ জৰিয়তে আগুৱাই নিয়াৰ লগতে এই বীজটো এডাল বৃহৎ গছ হ’ব লাগে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাষণৰ সামৰণি মাৰে।

এই উপলক্ষে অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল, কেন্দ্ৰীয় মন্ত্ৰী ড° এল মুৰুগান, শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু সাংসদ শ্ৰী ইলায়াৰাজাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷

প্ৰধানমন্ত্ৰীয়ে সংগমম অনুষ্ঠানটো কথাতকৈও অধিক অনুভৱ কৰাৰ বিষয় বুলি উল্লেখ কৰি কাশীবাসীয়ে স্মৰণীয় আতিথ্য প্ৰদানৰ ক্ষেত্ৰত কোনো ত্ৰুটী নাৰাখে বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে তামিলনাডু আৰু দক্ষিণৰ অন্যান্য ৰাজ্যসমূহত এনেধৰণৰ অনুষ্ঠান আয়োজন কৰা আৰু দেশ অন্যান্য প্ৰান্তৰ যুৱক-যুৱতীসকলে সেই স্থান ভ্ৰমণ কৰি ইয়াৰ সংস্কৃতি গ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে। এই সংগমমৰ লাভ গৱেষণাৰ জৰিয়তে আগুৱাই নিয়াৰ লগতে এই বীজটো এডাল বৃহৎ গছ হ’ব লাগে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাষণৰ সামৰণি মাৰে।

এই উপলক্ষে অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল, কেন্দ্ৰীয় মন্ত্ৰী ড° এল মুৰুগান, শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু সাংসদ শ্ৰী ইলায়াৰাজাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt

Media Coverage

Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister visits L&T complex at Hazira, Gujarat
June 05, 2026

Prime Minister Shri Narendra Modi today visited the Larsen & Toubro (L&T) complex at Hazira, Gujarat, where he witnessed pioneering innovations being developed by the company across various sectors.

The Prime Minister highly commended the significant role played by L&T in furthering self-reliance in India's defence sector. Sharing glimpses from the visit, Shri Modi appreciated the engineering achievements and advancements being spearheaded at the facility.

In a series of posts on X, the Prime Minister shared:

"This afternoon, went to the L&T complex at Hazira. Witnessed some of their pioneering innovations across different sectors. The role played by L&T in furthering self-reliance in the defence sector is commendable.
@larsentoubro"

"Here are some more glimpses from the visit to the L&T complex in Hazira, Gujarat."