ভাৰত ৬জি ভিজন ডকুমেণ্ট উন্মোচন আৰু ৬জি গৱেষণা আৰু উন্নয়ন টেষ্ট বেডৰ শুভাৰম্ভ
আৰম্ভ কৰিলে ‘Call before u Dig’ এপ
অৰ্থনীতি বৃদ্ধিৰ বাবে ডিজিটেল ৰূপান্তৰ কৰিব বিচৰা দেশসমূহৰ বাবে ভাৰত এক আদৰ্শ: আইটিইউৰ মহাসচিব
“ভাৰতৰ দুটা মূল শক্তি আছে - বিশ্বাস আৰু পৰিসৰ। বিশ্বাস আৰু পৰিসৰ অবিহনে আমি প্ৰযুক্তিক সকলো কেতিয়াও সকলোতে প্ৰসাৰিত কৰিব নোৱাৰো”
“ভাৰতৰ বাবে দূৰসংযোগ প্ৰযুক্তি শক্তিৰ ধৰণ নহয়, সবলীকৰণৰ এক অভিযান”
“ভাৰতে দ্ৰুতগতিত ডিজিটেল বিপ্লৱৰ পৰৱৰ্তী পদক্ষেপৰ দিশে অগ্ৰসৰ হৈছে”
“আজি উপস্থাপন কৰা ভিজন ডকুমেণ্টখন হৈছে অহা কেইবছৰমানৰ ভিতৰত ৬জি প্ৰৱৰ্তনৰ এক মুল আধাৰ হৈ পৰিব”
“৫জিৰ শক্তিৰে সমগ্ৰ বিশ্বৰ কৰ্ম সংস্কৃতি সলনি কৰিবলৈ ভাৰতে বহু দেশৰ সৈতে কাম কৰি আছে”
“অহা বছৰৰ অক্টোবৰ মাহত দিল্লীত অনুষ্ঠিত হ’ব আইটিইউৰ বিশ্ব দূৰসংযোগ মানক সমাৱেশ”
“এই দশকটো ভাৰতৰ টেক-এড”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞান ভৱনত ভাৰতত নতুন আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ আঞ্চলিক কাৰ্যালয় আৰু উদ্ভাৱন কেন্দ্ৰ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰত ৬জি ভিজন ডকুমেণ্ট উন্মোচন কৰাৰ লগতে ৬জি গৱেষণা আৰু উন্নয়ন টেষ্ট বেড মুকলি কৰে। ইয়াৰ উপৰিও তেওঁ ‘Call before u Dig’ এপ মুকলি কৰে। আইটিইউ হৈছে ৰাষ্ট্ৰসংঘৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি (আইচিটি)ৰ বিশেষ সংস্থা। ভাৰতে ২০২২ চনৰ মাৰ্চ মাহত আইটিইউৰ সৈতে আঞ্চলিক কাৰ্যালয় স্থাপনৰ বাবে আয়োজক দেশৰ চুক্তি স্বাক্ষৰ কৰে। এই কাৰ্যালয়টোৱে ভাৰত, নেপাল, ভূটান, বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, আফগানিস্তান আৰু ইৰাণৰ বাবে সেৱা আগবঢ়াব, দেশসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰিব আৰু অঞ্চলটোত পাৰস্পৰিকভাৱে লাভজনক অৰ্থনৈতিক সহযোগিতাৰ পোষকতা কৰিব।

আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ মহাসচিব ড’ৰিন-বগডান মাৰ্টিনে ভাৰত আৰু আইটিইউৰ দীঘলীয়া ইতিহাসৰ এক নতুন অধ্যায় চিহ্নিত কৰা ভাৰতত নতুন আইটিইউ কাৰ্যালয় আৰু উদ্ভাৱন কেন্দ্ৰ গঢ়ি তোলাত সহায় কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়। তেওঁ আস্থা প্ৰকাশ কৰে যে অঞ্চলটোত আইটিইউৰ উপস্থিতিয়ে উন্নত প্ৰযুক্তিৰ প্ৰৱৰ্তন, সামৰ্থ্য বিকাশৰ উন্নতি আৰু উদ্যোগীকৰণ আৰু অংশীদাৰিত্বক লাভান্বিত কৰাত সহায় কৰিব আৰু লগতে ডিজিটেল সেৱা, দক্ষতা, চাইবাৰ সুৰক্ষা আৰু ডিজিটেল অন্তৰ্ভুক্তিৰ পৰা ক্ষেত্ৰভিত্তিক নেতৃত্বক সঁহাৰি জনাব। “অৰ্থনীতি বৃদ্ধি কৰিবলৈ, চৰকাৰী সেৱাৰ বিষয়ে পুনৰ চিন্তা কৰিবলৈ, বিনিয়োগ আকৰ্ষণ কৰিবলৈ, বাণিজ্য পুনৰ নিৰ্মাণ কৰিবলৈ আৰু দেশৰ জনসাধাৰণক সবল কৰিবলৈ ডিজিটেল ৰূপান্তৰ কৰিব বিচৰা দেশসমূহৰ বাবে ভাৰত এক আদৰ্শ”, তেওঁ কয়। মহাসচিবগৰাকীয়ে লগতে কয় যে ভাৰত বিশ্বৰ অন্যতম বৃহৎ ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰ, ডিজিটেল পেমেণ্ট বজাৰ আৰু প্ৰযুক্তিৰ কৰ্মশক্তিৰ ঘৰ আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্বই ভাৰতক গেম চেঞ্জিঙৰ সৈতে প্ৰযুক্তি উদ্ভাৱন আৰু গ্ৰহণৰ ডিজিটেল ক্ষেত্ৰত অগ্ৰণী স্থানত ৰাখিছে আধাৰ, ইউপিআই আদিৰ দৰে পদক্ষেপ যিয়ে ভাৰতক জ্ঞানভিত্তিক অৰ্থনীতিলৈ ৰূপান্তৰিত কৰিছে।

এই উপলক্ষে আগবঢ়োৱা সভাত ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি হিন্দু পঞ্জিকাৰ নতুন বছৰ উপলক্ষে এটা বিশেষ দিন আৰু বিক্ৰম সমভাত ২০৮০ উপলক্ষে তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে। ভাৰতৰ বৈচিত্ৰ্য আৰু ইয়াৰ বাবে প্ৰচলিত বিভিন্ন কেলেণ্ডাৰৰ উপস্থিতি পৰ্যবেক্ষণ কৰে শতিকাজুৰি প্ৰধানমন্ত্ৰীয়ে মালয়ালম কেলেণ্ডাৰ আৰু তামিল কেলেণ্ডাৰৰ উদাহৰণ দি কয় যে বিক্ৰম সমভাত কেলেণ্ডাৰ ২০৮০ বছৰৰ পৰা চলি আহিছে। তেওঁ উল্লেখ কৰে যে গ্ৰেগৰিয়ান কেলেণ্ডাৰত বৰ্তমান ২০২৩ চন বুলি লিখা আছে যদিও বিক্ৰম সমভাতৰ আৰম্ভণি হৈছিল ৫৭ বছৰ আগতে। আইটিইউৰ আঞ্চলিক কাৰ্যালয় আৰু উদ্ভাৱন কেন্দ্ৰ উদ্বোধন কৰা এই শুভ দিনটোত ভাৰতৰ দূৰসংযোগ খণ্ডত এক নতুন আৰম্ভণি হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে। তেওঁ লগতে উল্লেখ কৰে যে ৬জি টেষ্ট বেড আৰু এই প্ৰযুক্তিৰ সৈতে জড়িত ভিজন ডকুমেণ্ট উন্মোচন কৰা হৈছে যিখনে ডিজিটেল ইণ্ডিয়াত নতুন শক্তিৰ সূচনা কৰাই নহয়, গ্ল’বেল ছাউথৰ বাবেও সমাধান আৰু উদ্ভাৱন প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা ভাৰতৰ উদ্ভাৱক, উদ্যোগ আৰু ষ্টাৰ্টআপৰ বাবে নতুন সুযোগ সৃষ্টি হ’ব। তেওঁ লগতে উল্লেখ কৰে যে এই পদক্ষেপে দক্ষিণ এছিয়াৰ দেশসমূহৰ আইটিখণ্ডত সহযোগিতা আৰু সহযোগিতা শক্তিশালী কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে জি-২০ৰ অধ্যক্ষতাৰ দায়িত্ব পালন কৰি থকাৰ সময়তে আঞ্চলিক বিভাজন হ্ৰাস কৰাটো ইয়াৰ অন্যতম মূল অগ্ৰাধিকাৰ। প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ গ্ল’বেল ছাউথ সন্মিলনৰ কথা উল্লেখ কৰি গ্ল’বেল ছাউথৰ প্ৰয়োজন অনুসৰি প্ৰযুক্তি, ডিজাইন আৰু মানদণ্ডৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে কাৰণ গ্ল’বেল ছাউথে প্ৰযুক্তিগত বিভাজন দ্ৰুতগতিত ভংগ কৰিবলৈ চেষ্টা কৰিছে। “আইটিইউ আঞ্চলিক কাৰ্যালয় আৰু উদ্ভাৱন কেন্দ্ৰ এই দিশত এক বৃহৎ পদক্ষেপ আৰু ই গ্ল’বেল ছাউথত সাৰ্বজনীন সংযোগ প্ৰদানৰ বাবে ভাৰতৰ প্ৰচেষ্টাকো গতি প্ৰদান কৰিব”, তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ বিভাজন দূৰ কৰাৰ প্ৰেক্ষাপটত ভাৰতৰ পৰা আশা থকাটো স্বাভাৱিক। তেওঁ কয় যে ভাৰতৰ সামৰ্থ্য, উদ্ভাৱন সংস্কৃতি, আন্তঃগাঁথনি, দক্ষ আৰু উদ্ভাৱনীমূলক জনশক্তি আৰু ইয়াৰ অনুকূল নীতিগত পৰিৱেশ এই আশাৰ ভেঁটি। “ভাৰতৰ দুটা মূল শক্তি আছে-বিশ্বাস আৰু পৰিসৰ। বিশ্বাস আৰু পৰিসৰ অবিহনে আমি প্ৰযুক্তিক সকলো ঠাইলৈ প্ৰসাৰিত কৰিব নোৱাৰো। সমগ্ৰ বিশ্বই এই দিশত ভাৰতৰ প্ৰচেষ্টাৰ কথা আলোচনা কৰিছে”, তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই দিশত ভাৰতৰ প্ৰচেষ্টা সমগ্ৰ বিশ্বতে আলোচনাৰ বিষয় হৈ পৰিছে। সাফল্যসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে ভাৰত এতিয়া এশ কোটিৰো অধিক মোবাইল সংযোগ থকা বিশ্বৰ সৰ্বাধিক সংযুক্ত গণতন্ত্ৰ আৰু এই ৰূপান্তৰৰ মূলতে হৈছে সস্তীয়া স্মাৰ্টফোন আৰু ডাটা উপলব্ধতা৷ “ভাৰতত ইউপিআইৰ জৰিয়তে প্ৰতিমাহে ৮০০ কোটিতকৈ অধিক ডিজিটেল পেমেণ্ট কৰা হয়”, তেওঁ কয়। তেওঁ লগতে কয় যে ভাৰতত প্ৰতিদিনে ৭ কোটিতকৈ অধিক ই-প্ৰমাণীকৰণ হয়। ভাৰতত কো-উইন প্লেটফৰ্মৰ জৰিয়তে ২২০ কোটিৰো অধিক ভেকচিনৰ ড’জ প্ৰদান কৰা বুলিও তেওঁ অৱগত কৰে। বিগত কিছু বছৰত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে নিজৰ নাগৰিকৰ বেংক একাউণ্টলৈ ২৮ লাখ কোটিতকৈ অধিক টকা হস্তান্তৰ কৰিছে। তেওঁ জনায় যে ভাৰতে জন ধন যোজনাৰ জৰিয়তে আমেৰিকাৰ সমগ্ৰ জনসংখ্যাতকৈ অধিক বেংক একাউণ্ট খুলিবলৈ সফলতাৰে সক্ষম হৈছে যিবোৰ পিছলৈ ইউনিক ডিজিটেল আইডেন্টিটি বা আধাৰৰ জৰিয়তে প্ৰমাণীকৰণ কৰা হয় আৰু মোবাইল ফোনৰ জৰিয়তে এশ কোটিৰো অধিক লোকক সংযোগ কৰাত সহায় কৰে।

“ভাৰতৰ বাবে দূৰসংযোগ প্ৰযুক্তি শক্তিৰ ধৰণ নহয়, বৰঞ্চ সৱলীকৰণৰ এক অভিযান”, প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে ডিজিটেল প্ৰযুক্তি ভাৰতত সাৰ্বজনীন আৰু সকলোৰে বাবে সুলভ। যোৱা কেইবছৰমানৰ পৰা ভাৰতত ডিজিটেল অন্তৰ্ভুক্তি বৃহৎ পৰিসৰত সম্প্ৰসাৰণ বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ২০১৪ চনৰ পূৰ্বে ভাৰতত ব্ৰডবেণ্ড সংযোগৰ ৬ কোটি ব্যৱহাৰকাৰী আছিল যদিও সেই সংখ্যা আজি ৮০ কোটিতকৈও অধিক হৈছে। তেওঁ লগতে কয় যে ভাৰতত ইণ্টাৰনেট সংযোগৰ সংখ্যা ২০১৪ চনৰ পূৰ্বে ২৫ কোটিৰ তুলনাত ৮৫ কোটিতকৈ অধিক।

ভাৰতত ইণ্টাৰনেট ব্যৱহাৰৰ গ্ৰাম্য উত্থানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে গাঁওসমূহত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যাই চহৰ অঞ্চল অতিক্ৰম কৰি ডিজিটেল শক্তি দেশৰ প্ৰতিটো কোণত উপনীত হোৱাৰ ইংগিত দিয়ে। তেওঁ অৱগত কৰে যে বিগত ৯ বছৰত ভাৰতত চৰকাৰী আৰু ব্যক্তিগত খণ্ডই ২৫ লাখ কিলোমিটাৰ অপটিকেল ফাইবাৰ স্থাপন কৰিছে। “২ লাখ গাঁও পঞ্চায়তক অপ্টিকেল ফাইবাৰৰ দ্বাৰা সংযোগ কৰা হৈছে আৰু ৫ লাখ কমন ছাৰ্ভিচ চেণ্টাৰে ডিজিটেল সেৱা প্ৰদান কৰি এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে যে ডিজিটেল অৰ্থনীতি বাকী অৰ্থনীতিতকৈ ডেৰ-দুগুণ বেছি দ্ৰুতগতিত সম্প্ৰসাৰণ হৈছে”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ডিজিটেল ইণ্ডিয়াই অনাডিজিটেল খণ্ডক সমৰ্থন কৰি আছে আৰু তেওঁ এই কথা প্ৰধানমন্ত্ৰী গতিশক্তি মাষ্টাৰপ্লেনৰ উদাহৰণেৰে বুজাই দিয়ে। তেওঁ কয় যে ‘Call before u Dig’ এপটোৱেও একে চিন্তাধাৰাক প্ৰতিফলিত কৰে। ইয়াৰ ফলত অপ্ৰয়োজনীয় খনন আৰু ক্ষতিৰ দৃষ্টান্ত হ্ৰাস পাব।

“আজিৰ ভাৰত দ্ৰুতগতিত ডিজিটেল বিপ্লৱৰ পৰৱৰ্তী পদক্ষেপৰ দিশে আগবাঢ়িছে” বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক দ্ৰুত ৫জি প্ৰৱৰ্তন কৰা দেশ কাৰণ মাত্ৰ ১২৫খনতকৈও অধিক চহৰত ৫জি সেৱা আৰম্ভ হৈছে ১২০দিন আৰু ৫জি সেৱা দেশৰ প্ৰায় ৩৫০খন জিলাত উপনীত হৈছে। ভাৰতৰ আস্থাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৫জি প্ৰৱৰ্তনৰ মাত্ৰ ৬ মাহৰ পিছতে ভাৰতে ৬জিৰ বিষয়ে আলোচনা কৰিছে। “আজি উপস্থাপন কৰা ভিজন ডকুমেণ্টখন অহা কেইবছৰমানৰ ভিতৰত ৬জি প্ৰৱৰ্তনৰ বাবে এক ডাঙৰ আধাৰ হৈ পৰিব”, তেওঁ লগতে কয়।

ভাৰতত সফলতাৰে বিকশিত হোৱা দূৰসংযোগ প্ৰযুক্তিয়ে বিশ্বৰ বহু দেশৰ দৃষ্টি আকৰ্ষণ কৰা বুলি লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰত ৪জিৰ পূৰ্বে কেৱল দূৰসংযোগ প্ৰযুক্তিৰ ব্যৱহাৰকাৰী আছিল, কিন্তু আজি ই বিশ্বৰ দূৰসংযোগ প্ৰযুক্তিৰ সৰ্ববৃহৎ ৰপ্তানিকাৰক হোৱাৰ দিশত আগবাঢ়িছে। “৫জিৰ শক্তিৰে সমগ্ৰ বিশ্বৰ কৰ্ম সংস্কৃতি সলনি কৰিবলৈ ভাৰতে বহু দেশৰ সৈতে কাম কৰি আছে”, ৫জিৰ সৈতে জড়িত সুযোগ, ব্যৱসায়িক আৰ্হি আৰু নিয়োগৰ সম্ভাৱনাক বাস্তৱায়িত কৰাত ই বহুখিনি আগবাঢ়ি যাব বুলি আঙুলিয়াই দি তেওঁ কয়। ‘এই ১০০টা নতুন গৱেষণাগাৰে ভাৰতৰ অনন্য প্ৰয়োজন অনুযায়ী ৫জি এপ্লিকেচন বিকশিত কৰাত সহায় কৰিব। ৫জি স্মাৰ্ট শ্ৰেণীকোঠাই হওক, খেতি, বুদ্ধিমত্তাসম্পন্ন পৰিবহণ ব্যৱস্থাই হওক বা স্বাস্থ্যসেৱাৰ প্ৰয়োগেই হওক, ভাৰতে প্ৰতিটো দিশতে দ্ৰুতগতিত কাম কৰি আছে”, প্ৰধানমন্ত্ৰীয়ে কয়। ভাৰতৰ ৫জি মানক বিশ্বজুৰি ৫জি ব্যৱস্থাৰ অংশ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ভৱিষ্যতৰ প্ৰযুক্তিৰ মানকৰণৰ বাবেও আইটিইউৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব। শ্ৰী মোদীয়ে কয় যে নতুন ভাৰতীয় আইটিইউ আঞ্চলিক কাৰ্যালয়ে ৬জিৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টিতো সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে এই কথা ঘোষণা কৰি আনন্দ প্ৰকাশ কৰে যে অহা বছৰৰ অক্টোবৰ মাহত দিল্লীত আইটিইউৰ বিশ্ব দূৰসংযোগ মানক সমাবেশ অনুষ্ঠিত হ’ব, য’ত সমগ্ৰ বিশ্বৰ প্ৰতিনিধি ভাৰত ভ্ৰমণ কৰিব।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বিকাশৰ গতিৰ ওপৰত আলোকপাত কৰি আইটিইউৰ এই কেন্দ্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি বিশ্বাস কৰে। ‘এই দশকটো ভাৰতৰ টেক-এড। ভাৰতৰ দূৰসংযোগ আৰু ডিজিটেল আৰ্হি মসৃণ, সুৰক্ষিত আৰু স্বচ্ছ আৰু দক্ষিণ এছিয়াৰ সকলো বন্ধুত্বপূৰ্ণ দেশে ইয়াৰ সুবিধা ল’ব পাৰে”, এই মন্তব্যৰে প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে।

এই উপলক্ষে সভাত কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী শ্ৰীযুত অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ সুব্ৰাহ্মণীয়ম জয়শংকৰ, যোগাযোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী দেৱুসিংহ চৌহান আৰু আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ মহাসচিব শ্ৰীমতী ড’ৰিন-ব’গদান মাৰ্টিন আদিৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

পটভূমিঃ

আইটিইউ হৈছে ‘তথ্য আৰু যোগাযোগ প্ৰযুক্তি’ (আইচিটি)ৰ বাবে ৰাষ্ট্ৰসংঘ স্থাপন কৰা এক বিশেষ সংস্থা। জেনেভাত মুখ্য কাৰ্যালয় থকা সংস্থাটোৰ ইয়াত ক্ষেত্ৰীয়, আঞ্চলিক তথা আঞ্চলিক কাৰ্যালয়ৰ নেটৱৰ্ক আছে। ভাৰতে ২০২২ চনৰ মাৰ্চ মাহত আইটিইউৰ সৈতে আঞ্চলিক কাৰ্যালয় স্থাপনৰ বাবে এখন আয়োজক দেশ হিচাপে চুক্তি স্বাক্ষৰ কৰিছিল। ভাৰতৰ আঞ্চলিক কাৰ্যালয়ে ইয়াত এটা উদ্ভাৱন কেন্দ্ৰ অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছিল, যাৰ ফলত ‘আইটিইউ’ৰ অন্যান্য আঞ্চলিক কাৰ্যালয়সমূহৰ ভিতৰত এইটো কাৰ্যালয় অনন্য হিচাপে পৰিগণিত হব। ভাৰতে সম্পূৰ্ণৰূপে পুঁজি যোগান ধৰা আঞ্চলিক কাৰ্যালয়টো নতুন দিল্লীৰ মেহৰৌলীস্থিত ‘টেলিমেটিক্স উন্নয়ন কেন্দ্ৰ’ (চি-ডিঅ'টি)ৰ ভৱনৰ দ্বিতীয়টো মহলাত স্থাপন কৰা হৈছে। ই ভাৰত, নেপাল, ভূটান, বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, আফগানিস্তান আৰু ইৰাণক সেৱা আগবঢ়োৱাৰ উপৰি ৰাষ্ট্ৰসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰিব আৰু অঞ্চলটোত পাৰস্পৰিক ভাৱে লাভজনক অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰিব।

ভাৰত ৬জি ভিজন ডকুমেণ্ট প্ৰযুক্তি উদ্ভাৱন গোটে ৬জি (টিআইজি-৬জি)ত প্ৰস্তুত কৰিছে যিটো ২০২১ চনৰ নৱেম্বৰ মাহত বিভিন্ন মন্ত্ৰালয়/বিভাগ, গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠান, শিক্ষা, মানক সংস্থা, টেলিকম সেৱা প্ৰদানকাৰী আৰু উদ্যোগৰ সদস্যসকলৰ সৈতে ভাৰতত ৬জিৰ বাবে পথনিৰ্দেশনা আৰু কাৰ্য পৰিকল্পনা বিকশিত কৰাৰ বাবে গঠন কৰা হৈছিল। ৬জি টেষ্ট বেড-য়ে শৈক্ষিক প্ৰতিষ্ঠান, উদ্যোগ, ষ্টাৰ্ট-আপ, এমএছএমই, উদ্যোগ আদিৰ বিকশিত আইচিটি প্ৰযুক্তিসমূহৰ পৰীক্ষা আৰু বৈধতা নিৰূপণ কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰিব। ‘ভাৰত ৬জি ভিজন ডকুমেণ্ট’ আৰু ‘৬জি টেষ্ট বে’ড’-য়ে দেশত উদ্ভাৱন, সামৰ্থ্য বৰ্দ্ধন আৰু দ্ৰুত প্ৰযুক্তি গ্ৰহণৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি তুলিব।

‘প্ৰধানমন্ত্ৰী গতি শক্তি’ৰ অধীনত আন্তঃগাঁথনি সংযোগ প্ৰকল্পসমূহৰ একত্ৰিত পৰিকল্পনা আৰু সমন্বিত ৰূপায়ণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ উদাহৰণ স্বৰূপে ‘Call before u Dig’ (চিবিইউডি) এপ’ হৈছে ‘অপ্টিকেল ফাইবাৰ কেবল’ৰ দৰে অন্তৰ্নিহিত সম্পদৰ ক্ষতি প্ৰতিহত কৰাৰ বাবে পৰিকল্পনা কৰা এক সঁজুলি, যিয়ে দেশত প্ৰতি বছৰে হোৱা প্ৰায় ৩০০০ কোটি টকাৰ ক্ষতিৰ পৰা সকাহ দিব। ‘ম'বাইল এপ্’ ‘চিবিইউডি’য়ে ‘এছএমএছ/ইমেইল’ অধিসূচনাৰ জৰিয়তে খননকাৰী আৰু সম্পদসমূহৰ স্বত্বাধিকাৰসকলক সংযুক্ত কৰিব আৰু ‘কল’ কৰিবলৈ ‘ক্লিক’ কৰিব, যাতে ভূগৰ্ভস্থ সম্পদসমূহৰ সুৰক্ষা নিশ্চিত কৰি সময়ত দেশত পৰিকল্পিত খনন কাৰ্য সম্ভৱ কৰিব পৰা যায়।

‘চিবিইউডি’-য়ে, দেশৰ শাসনত 'চৰকাৰৰ সামগ্ৰিক দৃষ্টিভংগী'ৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে স্বাচ্ছন্দ্যৰে কাম-কাজ কৰাৰ বাবে পৰিৱেশ উন্নত কৰি সকলো অংশীদাৰক লাভান্বিত কৰিব। ই সাম্ভাৱ্য ব্যৱসায়িক লোকচান ৰক্ষা কৰিব আৰু পথ, টেলিকম, পানী, গেছ আৰু বিদ্যুতৰ দৰে অত্যাৱশ্যকীয় সেৱাত হোৱা ব্যাঘাত হ্ৰাস কৰি নাগৰিকসকলক স্বস্তি প্ৰদান কৰিব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s gem and jewellery exports surge 26% in June

Media Coverage

India’s gem and jewellery exports surge 26% in June
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends best wishes to Skyroot Aerospace
July 18, 2026
Prime Minister invites citizens to witness launch of Orbital Launch Vehicle, Vikram-1

Prime Minister Shri Narendra Modi, today, extended his best wishes to Skyroot Aerospace ahead of the maiden orbital launch of Vikram-1, India's first privately developed launch vehicle, describing it as a historic milestone in the nation's space journey. Shri Modi said that the launch of Vikram-1 marks the opening of a new frontier for India's space ambitions and reflects the country's growing capabilities in innovation, technology and entrepreneurship.

The Prime Minister also urged citizens, particularly the youth, to witness this landmark mission.

The Prime Minister posted on X:

A historic new frontier for India’s space journey!

At 11:30 AM today, Skyroot Aerospace will undertake the maiden orbital launch of Vikram-1, India’s first privately developed launch vehicle.

This four-stage rocket is designed to provide rapid and on-demand launch services. This mission highlights the talent, determination and entrepreneurial spirit of our youth. It also shows how our space-sector reforms are unlocking new opportunities for innovation and enterprise.

My best wishes to the entire Skyroot Aerospace team for a successful launch. May Vikram-1 soar high, create history and inspire a generation of innovators.

I urge all Indians, especially my young friends, to follow this historic mission and join in wishing Team Skyroot success using #IndiaWithVikram1.

@SkyrootA