প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত ‘অ'এনজিচি ইনষ্টিটিউট’ৰ ‘ইণ্টিগ্ৰেটেড ছী ছাৰ্ভাইভেল ট্ৰেইনিং চেণ্টাৰ’টো আনুষ্ঠানিক ভাবে উদ্বোধন কৰে। শ্ৰী মোদীয়ে কেন্দ্ৰটোৱে অনুষ্ঠিত কৰা পানীৰ তলৰ উদ্ধাৰ অনুশীলন আৰু প্ৰশিক্ষণ সম্পৰ্কীয় এক চমু প্ৰদৰ্শনীও প্ৰত্যক্ষ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:

"গোৱাত ‘অ'এনজিচি’ৰ ‘ইণ্টিগ্ৰেটেড ছী ছাৰ্ভাইভেল ট্ৰেইনিং চেণ্টাৰ’টো দেশবাসীলৈ উচৰ্গা কৰিবলৈ পাই আনন্দিত হৈছো। এই অত্যাধুনিক কেন্দ্ৰটোৰ উদ্বোধনৰ মুহূৰ্তটো ভাৰতৰ বাবে সাগৰত জীৱন ৰক্ষা সম্পৰ্কীয় প্ৰশিক্ষণ পৰিস্থিতিতন্ত্ৰত প্ৰভাৱ পেলাব পৰা এক পট-পৰিৱৰ্তনকাৰী মুহূৰ্ত। কঠোৰ আৰু অতীব জৰুৰীকালীন  পৰিস্থিতি চম্ভলাৰ বাবে প্ৰদান কৰিব প্ৰশিক্ষণেৰে কেন্দ্ৰটোৱে সময় সাপেক্ষভাবে বহুতো জীৱন ৰক্ষাৰ নিশ্চয়তা প্ৰদান কৰিব।"

 

 

অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্ত আৰু কেন্দ্ৰীয় পেট্ৰ'লিয়াম, তেল আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীও উপস্থিত থাকে।

 

এনজিচি ছী ছাৰ্ভাইভেল চেণ্টাৰ

ভাৰতীয় ‘ছী ছাৰ্ভাইভেল পৰিস্থিতি’তন্ত্ৰক বিশ্বমানৰ কৰি গঢ়ি তোলাৰ বাবে ‘অ'এনজিচি ছী ছাৰ্ভাইভেল চেণ্টাৰ’টোক এই ধৰণৰ এক মাত্ৰ ‘ইণ্টিগ্ৰেটেড ছী ছাৰ্ভাইভেল ট্ৰেইনিং চেণ্টাৰ’ হিচাপে বিকশিত কৰা হৈছে। ইয়াত বছৰি ১০,০০০-১৫,০০০ কৰ্মচাৰীক প্ৰশিক্ষণ দিব পৰা যাব বুলি আশা কৰা হৈছে। এই কেন্দ্ৰই কৃত্ৰিম ভাবে গঢ়ি তোলা আৰু নিয়ন্ত্ৰিত ৰূপত সৃষ্টি কৰা বতৰৰ কঠোৰ পৰিস্থিতিত অনুশীলনৰ জৰিয়তে সাগৰাঞ্চলত প্ৰশিক্ষাৰ্থীসকলৰ জীয়াই থকাৰ দক্ষতা বৃদ্ধি কৰিব আৰু এনেদৰে বাস্তৱ জীৱনৰ দুৰ্যোগসমূহৰ পৰা সুৰক্ষিত ভাৱে ওলাই অহাৰ সম্ভাৱনাও বৃদ্ধি কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
One App For 2,400-Plus Government Services: How UMANG Is Changing Access In India

Media Coverage

One App For 2,400-Plus Government Services: How UMANG Is Changing Access In India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 মাৰ্চ 2026
March 27, 2026

Relief, Revival & Rise: How PM Modi is Building a Modern, Rooted & Self-Reliant India