প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহামহিম অনুৰা কুমাৰা দিছানায়কাৰ সৈতে অনুৰাধাপুৰাত ভাৰতৰ সহায়ত নিৰ্মিত দুটা ৰে'লৱে প্ৰকল্পৰ উদ্বোধন আৰু শুভাৰম্ভ সমাৰোহত অংশগ্ৰহণ কৰে।

 

নেতাসকলে ৯১.২৭ মিলিয়ন মাৰ্কিন ডলাৰৰ ভাৰতীয় সাহায্যৰে সংস্কাৰ কৰা ১২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ মাহো-ওমান্থাই ৰে’লপথ মুকলি কৰে। ইয়াৰ পিছতে মাহোৰ পৰা অনুৰাধাপুৰালৈ ১৪.৮৯ মিলিয়ন মাৰ্কিন ডলাৰৰ ভাৰতীয় অনুদান সাহায্যৰে নিৰ্মাণ কৰি থকা এটা উন্নত সংকেত ব্যৱস্থা নিৰ্মাণৰ শুভাৰম্ভ কৰে।

 

ভাৰত-শ্ৰীলংকা উন্নয়ন অংশীদাৰিত্বৰ অধীনত ৰূপায়িত এই ঐতিহাসিক ৰে’লৱে আধুনিকীকৰণ প্ৰকল্পসমূহ শ্ৰীলংকাত উত্তৰ-দক্ষিণ ৰে'ল সংযোগ শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। ইয়াৰ দ্বাৰা সমগ্ৰ দেশতে যাত্ৰী আৰু মালবাহী উভয় যাতায়ত দ্ৰুত আৰু কাৰ্যক্ষমভাৱে চলাচলৰ সুবিধা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence

Media Coverage

India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুন 2026
June 27, 2026

Appreciation for PM Modi's Development-Focused and People-Centric Governance