৩ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন
ছটা নতুন ষ্টেচন ভৱনৰ লগতে সনাথনগৰ - মৌলা আলী ৰেল লাইনৰ দ্বৈতকৰণ আৰু বৈদ্যুতীকৰণৰ শুভাৰম্ভ
মৌলা আলী - সনাথনগৰ হৈ ঘাটকেছাৰ - লিংগামপল্লী প্ৰথম এমএমটিএছ ৰেল সেৱাৰ ফ্লেগ-অফ
ইণ্ডিয়ান অইল পাৰাদ্বীপ-হায়দৰাবাদ প্ৰডাক্ট পাইপলাইন উদ্বোধন
হায়দৰাবাদত অসামৰিক বিমান পৰিবহণ গৱেষণা সংস্থাৰ (CARO) কেন্দ্ৰ উদ্বোধন
“আমি ৰাজ্যসমূহৰ বিকাশৰ জৰিয়তে ৰাষ্ট্ৰৰ বিকাশ সাধনৰ মন্ত্ৰত বিশ্বাস কৰোঁ”
“আজিৰ প্ৰকল্পসমূহে বিকশিত তেলেংগানাৰ জৰিয়তে বিকশিত ভাৰত গঢ়াত সহায় কৰিব”
কেন্দ্ৰীয় চৰকাৰেও একেই মনোভাৱেৰে তেলেংগানাক সেৱা আগবঢ়াবলৈ কাম কৰি আছে।“ তেখেতে আজিৰ উন্নয়নমূলক কামসমূহৰ বাবে নাগৰিকসকলক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ সাংগাৰেডীত ৬,৮০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। এই প্ৰকল্পসমূহে পথ, ৰেল, পেট্ৰলিয়াম, বিমান পৰিবহণ আৰু প্ৰাকৃতিক গেছৰ দৰে মূল খণ্ডসমূহক সামৰি লৈছে।

ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি তেখেতৰ ৰাজ্যসমূহ ভ্ৰমণৰ দ্বিতীয় দিন। কেন্দ্ৰীয় চৰকাৰে তেলেংগানাৰ উন্নয়নত সহায়ৰ বাবে নিৰন্তৰভাৱে কাম কৰি আহিছে। তেখেতে কালি আদিলাবাদত শক্তি, জলবায়ু আৰু আন্তঃগাঁথনি খণ্ডৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গাৰ কথা স্মৰণেৰে আজিৰ এই অনুষ্ঠানৰ কথা উল্লেখ কৰে য’ত প্ৰায় ৭ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে। এই প্ৰকল্পসমূহে ঘাইপথ, ৰেলপথ, বিমানপথ আৰু পেট্ৰলিয়ামৰ খণ্ডসমূহক সামৰি লৈছে। চৰকাৰৰ কৰ্ম-সংস্কৃতি সন্দৰ্ভত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “মই ৰাজ্যসমূহৰ বিকাশৰ জৰিয়তে ৰাষ্ট্ৰৰ বিকাশ সাধনৰ মন্ত্ৰত বিশ্বাস কৰোঁ। কেন্দ্ৰীয় চৰকাৰেও একেই মনোভাৱেৰে তেলেংগানাক সেৱা আগবঢ়াবলৈ কাম কৰি আছে।“ তেখেতে আজিৰ উন্নয়নমূলক কামসমূহৰ বাবে নাগৰিকসকলক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে হায়দৰাবাদৰ বেগুম্পেট বিমানবন্দৰত অসামৰিক বিমান পৰিবহণ গৱেষণা সংস্থাৰ (CARO) কেন্দ্ৰ উদ্বোধনক তেলেংগানাৰ বাবে বিমান খণ্ডত এক ডাঙৰ উপহাৰ বুলি অভিহিত কৰে। এই কেন্দ্ৰটো এই ধৰণৰ প্ৰথমটো কেন্দ্ৰ আৰু এই কেন্দ্ৰটোৱে তেলেংগানাক নতুন স্বীকৃতি প্ৰদান কৰিব। ইয়াৰদ্বাৰা দেশৰ বিমান পৰিবহণ ষ্টাৰ্টআপসমূহে গৱেষণা আৰু উন্নয়নৰ মঞ্চ লাভ কৰিব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়।

 

বিকশিত ভাৰতৰ সংকল্পত আধুনিক আন্তঃগাঁথনিৰ গুৰুত্ব সম্পৰ্কে ব্যক্তকৰণেৰে প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰৰ বাজেটত ১১ লাখ কোটি টকা আবন্টন জনোৱাৰ কথা উল্লেখ কৰে। তেলেংগানাক ইয়াৰ সৰ্বাধিক সুবিধা প্ৰদানৰ প্ৰয়াসৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ১৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাণ্ডিৰপৰা ৰামছনপল্লে অংশ আৰু ১৬৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মিৰিয়ালাগুডাৰপৰা কোদাদ অংশৰ জৰিয়তে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ মাজত পৰিবহণৰ সুবিধা উন্নত হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “তেলেংগানা দক্ষিণ ভাৰতৰ দুৱাৰমুখ হিচাপে পৰিচিত”, আৰু দ্ৰুত গতিত ৰেল লাইনৰ বৈদ্যুতীকৰণ আৰু দ্বৈতকৰণৰ জৰিয়তে ৰাজ্যখনত ৰেল সংযোগ আৰু সেৱাৰ অগ্ৰগতি সাধনৰ অৰ্থে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টা সম্পৰ্কে আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি ছটা নতুন ষ্টেচন ভৱনৰ লগতে সনাথনগৰ - মৌলা আলী পথৰ দ্বৈতকৰণ আৰু বৈদ্যুতীকৰণৰ কথা উল্লেখ কৰে। আজি মৌলা আলী - সনাথনগৰ হৈ ঘাটকেছাৰ - লিংগামপল্লী প্ৰথম এমএমটিএছ ৰেল সেৱাৰ ফ্লেগ-অফৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে হায়দৰাবাদ আৰু ছেকেন্দ্ৰাবাদৰ বহু অঞ্চল এতিয়া সংযোজিত হোৱাৰ ফলশ্ৰুতিত যাত্ৰীসকলৰ বাবে সুবিধা হ’ব।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি ইণ্ডিয়ান অইল পাৰাদীপ-হায়দৰাবাদ প্ৰডাক্ট পাইপলাইন উদ্বোধন কৰে, যিয়ে পেট্ৰলিয়াম সামগ্ৰীসমূহ সুলভ আৰু পৰিবেশ-বহনক্ষম পদ্ধতিৰে পৰিবহণ কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰদ্বাৰা বিকশিত তেলেংগানাৰ জৰিয়তে বিকশিত ভাৰতে উদ্দীপনা লাভ কৰিব।

এই অনুষ্ঠানত তেলেংগানাৰ ৰাজ্যপাল ডাঃ তামিলিছাই সুন্দৰৰাজন আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

পটভূমি

প্ৰধানমন্ত্ৰীগৰাকীয়ে তিনিটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প দুটাৰ ভিতৰত আছে ১৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাণ্ডিৰপৰা ৰামছনপল্লে অংশৰ চাৰি লেনিং। ইন্দোৰ - হায়দৰাবাদ ইকনমিক কৰিডৰৰ অংশস্বৰূপ এই প্ৰকল্পৰ জৰিয়তে তেলেংগানা, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ মাজত যাত্ৰী আৰু মালবাহী যাতায়াতৰ নিৰৱচ্ছিন্নতা সাধন হ’ব। এই অংশই হায়দৰাবাদ আৰু নন্দদৰ মাজত যাত্ৰাৰ সময়ো প্ৰায় ৩ ঘন্টা হ্ৰাস কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৬৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ মিৰিয়ালাগুডাৰপৰা কোদাদ অংশলৈ পকী কান্ধেৰে দুটা লেনলৈ উন্নীতকৰণৰ শুভাৰম্ভ কৰে। এনে উন্নত যোগাযোগ ব্যৱস্থাৰ ফলত পৰ্যটনৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক কাৰ্য্যকলাপ আৰু উদ্যোগসমূহৰো বৰ্ধন ঘটিব।

 

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীগৰাকীয়ে ৬৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ২৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ পুনে-হায়দৰাবাদ খণ্ডৰ ছয় লেনিঙৰ আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সনাথনগৰ - মৌলা আলী ৰেল লাইনৰ দ্বৈতকৰণ আৰু বৈদ্যুতীকৰণৰ লগতে ছটা নতুন ষ্টেচন ভৱনৰ শুভাৰম্ভ কৰে। প্ৰকল্পটোৰ সমগ্ৰ ২২ ৰুট কিলোমিটাৰ অটমেটিক চিগনেলিঙৰ সৈতে আৰম্ভ কৰা হৈছে আৰু এমএমটিএছ (মাল্টি মডাল ট্ৰেন্সপ’ৰ্ট চাৰ্ভিচ) পৰ্য্যায় - দ্বিতীয় প্ৰকল্পৰ অংশ হিচাপে সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ অংশ হিচাপে ফিৰোজগুডা, সুচিত্ৰা চেন্টাৰ, ভূদেৱী নগৰ, আম্মুগুডা, নেৰেডমেট আৰু মৌলা আলী হাউছিং ব’ৰ্ড ষ্টেচনত ছটা নতুন ষ্টেচন বিল্ডিং হৈছে। দ্বৈতকৰণ আৰু বৈদ্যুতীকৰণৰ কামে এই খণ্ডত প্ৰথমবাৰৰ বাবে যাত্ৰীবাহী ৰেল প্ৰৱৰ্তনৰ পথ মুকলি কৰে। ই অঞ্চলটোৰ ৰেলৰ সময়োপযোগিতা আৰু সামগ্ৰিক গতি উন্নতকৰণত সহায় কৰিব।

 

ঘাটকেছাৰ - লিংগামপল্লীৰপৰা মৌলা আলী - সনাথনগৰ হৈ প্ৰথম এমএমটিএছ ৰেল সেৱাৰ ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই ৰেল সেৱাই হায়দৰাবাদ - ছেকেন্দ্ৰাবাদ অঞ্চলৰ জনপ্ৰিয় উপনগৰীয়া ৰেল সেৱাক প্ৰথমবাৰৰ বাবে নতুন অঞ্চললৈ সম্প্ৰসাৰিত কৰে। ই চহৰৰ পূব অংশৰ নতুন অঞ্চল যেনেঃ চেৰলাপল্লী আৰু মৌলা আলীক পশ্চিম অংশৰ সৈতে সংযোগ কৰে। এই নিৰাপদ, দ্ৰুত আৰু সাশ্ৰয়ী পৰিবহণ পদ্ধতি যাত্ৰীসকলৰ বাবে অত্যন্ত উপকাৰী হ’ব।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীগৰাকীয়ে ইণ্ডিয়ান অইল পাৰাদ্বীপ-হায়দৰাবাদ প্ৰডাক্ট পাইপলাইন উদ্বোধন কৰে। ৪.৫ এমএমটিপিএ ক্ষমতাৰে ১,২১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰডাক্ট পাইপলাইনে ওড়িশা (৩২৯ কিলোমিটাৰ), অন্ধ্ৰপ্ৰদেশ (৭২৩ কিলোমিটাৰ) আৰু তেলেংগানা (১৬০ কিলোমিটাৰ) ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে। এই পাইপলাইনে পাৰাদীপ শোধনাগাৰৰপৰা বিশাখাপট্টনম, আচুটাপুৰম, বিজয়াৱাদা (অন্ধ্ৰ প্ৰদেশ) আৰু হায়দৰাবাদৰ ওচৰৰ মালকাপুৰ (তেলেংগানা) ডেলিভাৰী ষ্টেচনলৈ পেট্ৰলিয়াম সামগ্ৰীৰ নিৰাপদ আৰু সাশ্ৰয়ী পৰিবহণ নিশ্চিত কৰিব।

 

হায়দৰাবাদত অসামৰিক বিমান পৰিবহণ গৱেষণা সংস্থাৰ (CARO) কেন্দ্ৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। হায়দৰাবাদৰ বেগুম্পেট বিমানবন্দৰত ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই অসামৰিক বিমান পৰিবহণ খণ্ডৰ গৱেষণা আৰু উন্নয়ন (R&D) কাৰ্য্যকলাপৰ অগ্ৰগতি সাধনৰ বাবে ইয়াৰ স্থাপন কৰিছে। থলুৱা আৰু উদ্ভাৱনীমূলক সমাধান প্ৰদানৰ বাবে অভ্যন্তৰীণ আৰু সহযোগিতামূলক গৱেষণাৰ জৰিয়তে এক বিশ্বব্যাপী গৱেষণা মঞ্চ প্ৰদানৰ পৰিকল্পনা কৰা হৈছে। ৩৫০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে স্থাপিত এই অত্যাধুনিক সুবিধাটোৱে ৫-ষ্টাৰ-গৃহ ৰেটিং আৰু শক্তি সংৰক্ষণ বিল্ডিং কোড (ECBC)ৰ নীতি-নিয়ম মানি চলিছে। ভৱিষ্যতৰ গৱেষণা আৰু উন্নয়নৰ পদক্ষেপসমূহক সমৰ্থন কৰিবলৈ ই বিস্তৃত পৰীক্ষাগাৰৰ ক্ষমতাৰ এটা গোট ব্যৱহাৰ কৰিব।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s contribution to BRICS: Nari Shakti moves from promise to delivery

Media Coverage

India’s contribution to BRICS: Nari Shakti moves from promise to delivery
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the President of Iran
June 30, 2026
President Pezeshkian briefs PM on the recent developments in West Asia.
PM welcomes the understanding reached and reiterates the need for continued efforts for lasting peace and stability.

Prime Minister Shri Narendra Modi had a telephone conversation today with the President of the Islamic Republic of Iran, H.E. Dr. Masoud Pezeshkian.

President Pezeshkian briefed the Prime Minister on the recent developments in West Asia and the way forward.

Prime Minister welcomed the understanding reached, and reiterated India’s consistent position that all issues must be resolved through dialogue and diplomacy.

Prime Minister reiterated the need for continued efforts to ensure lasting peace and stability in the region, and for safeguarding freedom of navigation and commerce.