‘হিন্দুস্তান উৰ্বৰক আৰু ৰাসায়ন লিমিটেড’ (এইচইউআৰএল)ৰ ‘সিন্দ্ৰি সাৰ প্ৰকল্প’ ৰাষ্ট্ৰলৈ উচৰ্গা কৰে
ঝাৰখণ্ডত ১৭,৬০০ কোটি টকাৰো অধিক মূল্যৰ কেবাটাও ৰে'ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু কেবাটাও ৰে'ল প্ৰকল্প উচৰ্গা কৰে
‘দেওঘৰ– ডিব্ৰুগড় ৰে’লসেৱা’, টাটানগৰ আৰু বদমপাহাৰৰ মাজত ‘মেমু ৰে’ল সেৱা’ (দৈনিক) আৰু শিৱপুৰ ষ্টেশ্যনৰ পৰা তিনিখন দূৰণিবটীয়া মালবাহী ৰে’লৰ যাত্ৰাৰম্ভ ঘোষণা কৰে
চাত্ৰাৰ উত্তৰ কৰণপুৰা ‘ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট’ (এছটিপিপি)ৰ গোট-১ (৬৬০ মেগাৱাট) ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে
ঝাৰখণ্ডত কয়লা খণ্ডৰে সম্পৰ্কিত এলানি প্ৰকল্প উচৰ্গা কৰে
"সিন্দ্ৰি প্ৰকল্প আছিল মোদীয়ে প্ৰদান কৰা ‘গেৰাণ্টী’ আৰু আজি এই ‘গেৰাণ্টী’ পূৰণ কৰা হৈছে"
"৫ টা প্ৰকল্পৰ পুনৰুজ্জীৱিতকৰণ আৰু পুনৰুজ্জীৱিত প্ৰকল্পকেইটাই ৬০ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনৰে এই সংকটজৰ্জৰ খণ্ডটোত ভাৰতক দ্ৰুতগতিত আত্মনিৰ্ভৰশীলতাৰ দিশে লৈ যাব "
সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ঝাৰখণ্ডত ৩৫,৭০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে আৰু ৰাজ্যখনৰ কৃষক, জনজাতীয়সকলৰ লগতে নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰে।
তেওঁৱেই সেই প্ৰকল্পটোও দেশবাসীলৈ উৎসৰ্গা কৰিব বুলি বিশ্বাস ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ৫টা প্ৰকল্পই ৬০ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰিব আৰু ভাৰতক এই সংকটজনক খণ্ডটোত দ্ৰুতগতিত আত্মনিৰ্ভৰতাৰ দিশে লৈ যাব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ধানবাদৰ সিন্দ্ৰীত ৩৫,৭০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এলানি প্ৰকল্প দেশবাসীক উৎসৰ্গা কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে সাৰ, ৰে'ল, বিদ্যুৎ আৰু কয়লাৰ ক্ষেত্ৰসমূহক সামৰি লৈছে। শ্ৰী মোদীয়ে এইচইউআৰএল-ৰ আৰ্হি তথা চিন্দ্ৰি প্ৰকল্পৰ নিয়ন্ত্ৰণ কক্ষ পদব্ৰজে পৰিদৰ্শন কৰে ।

সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ঝাৰখণ্ডত ৩৫,৭০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে আৰু ৰাজ্যখনৰ কৃষক, জনজাতীয়সকলৰ লগতে নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘সিন্দ্ৰি সাৰ প্ৰকল্প’ আৰম্ভ কৰাৰ বাবে তেওঁ উথ্থাপন কৰা প্ৰস্তাৱৰ কথা স্মৰণ কৰে,"এয়া আছিল ‘মোডী কি গেৰাণ্টী’ আৰু আজি এই ‘গেৰাণ্টী’ পূৰণ কৰা হৈছে", তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনত সাৰ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিছিল। তেওঁ কয় যে এই প্ৰকল্পটো আৰম্ভ হোৱাৰ লগে লগে স্থানীয় যুৱক-যুৱতীসকলৰ নিযুক্তিৰ বাবে নতুন পথ মুকলি হব। প্ৰধানমন্ত্ৰীয়ে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ যাত্ৰাত আজিৰ পদক্ষেপৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে প্ৰতি বছৰে ভাৰতক ৩৬০ লাখ মেট্ৰিক টন ইউৰিয়াৰ প্ৰয়োজন হয় আৰু ২০১৪ চনত ভাৰতে মাত্ৰ ২২৫ লাখ মেট্ৰিক টন ইউৰিয়াহে উৎপাদন কৰিছিল। বৃহৎ ব্যৱধান পূৰণ কৰাৰ বাবে বৃহৎ আমদানিৰ প্ৰয়োজন হৈছিল। "আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ ফলত, যোৱা ১০টা বছৰত ইউৰিয়াৰ উৎপাদন ৩১০ লাখ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে", তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰামাগুণ্ডম, গোৰখপুৰ আৰু বাৰাউনি সাৰ প্ৰকল্পৰ পুনৰুজ্জীৱিতকৰণৰ কথা কয়। সিন্দ্ৰীক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে বুলি তেওঁ তথ্যোল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আঙুলিয়াই দি কয় যে ‘তালচেৰ সাৰ প্ৰকল্প’ও অহা ডেৰ বছৰৰ ভিতৰত আৰম্ভ কৰা হ'ব। তেওঁৱেই সেই প্ৰকল্পটোও দেশবাসীলৈ উৎসৰ্গা কৰিব বুলি বিশ্বাস ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ৫টা প্ৰকল্পই ৬০ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰিব আৰু ভাৰতক এই সংকটজনক খণ্ডটোত দ্ৰুতগতিত আত্মনিৰ্ভৰতাৰ দিশে লৈ যাব।

নতুন ৰে'ল পথৰ আৰম্ভণি, বৰ্তমানে থকা ৰে'লপথৰ দ্বৈতকৰণ আৰু আন কেবাটাও ৰে'ল প্ৰকল্প আৰম্ভ কৰা আজিৰ অনুষ্ঠানটোৱে ঝাৰখণ্ডত ৰে'ল-বিপ্লৱৰ বাবে এক নতুন অধ্যায়ৰ আৰম্ভণিকে চিহ্নিত কৰিছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে। তেওঁ অঞ্চলটোক নতুন ৰূপ প্ৰদান কৰা ধনবাদ-চন্দ্ৰপুৰা ৰে'লপথ আৰু বাবা বৈদ্যনাথ মন্দিৰ আৰু মা কামাখ্যা শক্তিপীঠক সংযোগ কৰা দেওঘৰ-ডিব্ৰুগড় ৰে'ল সেৱাৰ কথাও প্ৰসংগক্ৰমে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীত বাৰাণসী-কলকাতা-ৰাঁচী এক্সপ্ৰেছৱে’ৰ আধাৰশিলা স্থাপনৰ কথা স্মৰণ কৰি কয় যে ই চাত্ৰা, হাজাৰীবাগ, ৰামগড় আৰু বোকাৰোৰ দৰে সংযোগী স্থানসমূহৰ পথ-যোগাযোগ ব্যৱস্থাৰ উন্নয়ণ সাধন কৰাৰ লগতে সমগ্ৰ ঝাৰখণ্ডলৈ ভ্ৰমণৰ সময় হ্ৰাস কৰিব আৰু সমগ্ৰ পূৱ ভাৰতৰ সৈতে মালবাহী ৰে’লৰ সংযোগ বৃদ্ধি কৰিব। তেওঁ কয় যে এই প্ৰকল্পসমূহে ঝাৰখণ্ডৰ সৈতে আঞ্চলিক সংযোগ বৃদ্ধি কৰিব আৰু অঞ্চলটোত অৰ্থনৈতিক বিকাশৰ গতি ত্বৰান্বিত কৰিব।

"চৰকাৰে যোৱা ১০টা বছৰত জনজাতীয় সম্প্ৰদায়, দৰিদ্ৰ, যুৱ আৰু মহিলাসকলৰ বিকাশক প্ৰাথমিকতা প্ৰদান কৰি ঝাৰখণ্ডৰ বাবে কাম কৰি আছে", প্ৰধানমন্ত্ৰীয়ে কয়। ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত আজি বিশ্বৰ দ্ৰুততম বিকাশশীল প্ৰধান অৰ্থনীতিসমূহৰ অন্যতম আৰু কালি প্ৰকাশিত শেহতীয়া তিনিটামাহৰ অৰ্থনৈতিক পৰিসংখ্যাৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে অক্টোবৰৰ পৰা ডিচেম্বৰ ২০২৩ লৈ বিত্তীয় বৰ্ষৰ তিনিটামাহত পঞ্জীয়ন কৰা ৮.৪ শতাংশ বৃদ্ধিৰ হাৰে বিকশিত ভাৰতৰ লক্ষ্য বাস্তৱায়িত কৰাৰ দিশত ভাৰতৰ বৰ্ধিত সম্ভাৱনা আৰু দ্ৰুত গতিৰ বিকাশকে প্ৰদৰ্শন কৰে। "বিকশিত ভাৰত গঢ়াৰ বাবে বিকশিত ঝাৰখণ্ড গঢ়ি তোলাটোও সমানেই গুৰুত্বপূৰ্ণ", ৰাজ্যখনক বিকশিত হোৱাৰ প্ৰচেষ্টাত চৰকাৰৰ সৰ্বাংগীন সমৰ্থনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বাস ব্যক্ত কৰে যে ভগৱান বিৰচা মুণ্ডাৰ ভূমি ‘বিকশিত ভৰতৰ সংকল্প’ৰ বাবে শক্তিৰ উৎস হৈ উঠিব।

প্ৰধানমন্ত্ৰীয়ে ধনবাদলৈ যাব লগা হোৱাৰ বাবে এক চমু ভাষণ প্ৰদান কৰে। তেওঁ সপোন আৰু সংকল্পক অধিক শক্তিশালী কৰাৰ দিহা কৰা আশ্বাস প্ৰদান কৰি ঝাৰখণ্ডৰ জনসাধাৰণলৈ শুভেচ্ছা আৰু অভিনন্দনৰে ভাষণৰ সমাৰণি মাৰে।

ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰী চি পি ৰাধাকৃষ্ণণ, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী চম্পাই সোৰেন আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডা এই অনুষ্ঠানত উপস্থিত আছিল।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
What's in a name? Pakistan boxer's hate for 'Narendra'

Media Coverage

What's in a name? Pakistan boxer's hate for 'Narendra'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi shares a Sanskrit Subhashitam highlighting the eight essential qualities that enhance a person’s life and character
August 11, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the eight essential qualities that brighten a person's life and build character.

The Prime Minister wrote on X;

"अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा सुशीलत्वदमौ श्रुतं च।
पराक्रमश्च बहुभाषिता च दानं यथाशक्ति कृतज्ञता च।।"

These eight qualities brighten a person's life. Wisdom shows him the right path. Good conduct keeps his character pure, and self-control keeps him disciplined. Knowledge gives him understanding, courage helps him stand firm in difficult situations, and skillful speech earns him respect in society. Giving according to one's ability and being grateful for kindness make a person complete.