ৰাজস্থানত চাৰিখন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
“মহামাৰীৰ সময়ত ভাৰতে আত্মনির্ভৰতা আৰু শক্তি বৃদ্ধিৰ সংকল্প গ্রহণ কৰিছে”
“আমি দেশৰ স্বাস্থ্য খণ্ডত পৰিৱর্তন অনাৰ বাবে এক ৰাষ্ট্ৰীয় দৃষ্টিভংগী গ্রহণ কৰিছো আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিৰ লক্ষ্যৰে কাম কৰিছো”
বিগত ৬-৭ বছৰত ১৭০খনতকৈও অধিক নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে আৰু শতাধিক নতুন চিকিৎসা মহাবিদ্যালয়ত দ্রুতগতিত কাম আৰম্ভ হৈছে
২০১৪ চনত দেশত চিকিৎসাশাস্ত্ৰৰ স্নাতক আৰু স্নাতকোত্তৰত মুঠ আসনৰ সংখ্যা আছিল ৮২ হাজাৰ৷ বৰ্তমান এই সংখ্যা বৃদ্ধি কৰি ১.৪০লাখ কৰা হৈছে
“ৰাজস্থানৰ উন্নয়নে দেশৰ উন্নয়নত গতি প্ৰদান কৰিব”

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে জয়পুৰত চিপেট : ইনষ্টিটিউট অফ পেট্র’কেমিকেলছ টেকন’ল’জি উদ্বোধন কৰে৷ তেওঁ ৰাজস্থানৰ বাঁশৱাড়া, ছিৰোহি, হনুমানগড় আৰু দৌছা জিলাত ৪খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে৷ প্রধানমন্ত্রীয়ে ৰাজস্থানৰ এই ৪খন চিকিৎসা মহাবিদ্যালয় আৰু চিপেট প্রতিষ্ঠানৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনায়৷ তেওঁ কয় যে ২০১৪ চনৰ পাছত ৰাজস্থানৰ বাবে ২৩খন চিকিৎসা মহাবিদ্যালয় অনুমোদন দিছে কেন্দ্রীয় চৰকাৰে আৰু ৭খন চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে আৰম্ভ কৰা হৈছে।

অনুষ্ঠানত ভাষণ প্ৰসংগত প্রধানমন্ত্রীয়ে কয় যে ১০০ বছৰৰ ভিতৰত সৰ্ববৃহৎ মহামাৰীয়ে বিশ্বৰ স্বাস্থ্য খণ্ডক এক শিক্ষা দি গৈছে। বিশ্বৰ সকলো দেশেই এই সংকটৰ সৈতে মোকাবিলা কৰিছে৷ এই দুৰ্যোগৰ পৰা ভাৰতে আত্মনির্ভৰতা আৰু শক্তি বৃদ্ধিৰ সংকল্প গ্রহণ কৰিছে৷

প্রধানমন্ত্রীয়ে উল্লেখ কৰে যে কৃষি-কাৰ্য ৰাজ্যৰ বিষয় হ’লেও গুজৰাটৰ মুখ্যমন্ত্রী হিচাপে তেওঁ দেশৰ স্বাস্থ্য খণ্ডৰ ত্রুটিসমূহ বুজিব পাৰিছিল। সেয়েহে, প্রধানমন্ত্রী হিচাপে সেই সমস্যা সমাধানত ধাৰাবাহিকভাৱে প্রচেষ্টা চলাই গৈছে৷ প্ৰধানমন্ত্ৰীয়ে কয়, “আমি দেশৰ স্বাস্থ্য খণ্ডত পৰিৱর্তন অনাৰ বাবে এক ৰাষ্ট্ৰীয় দৃষ্টিভংগী গ্রহণ কৰিছো আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিৰ লক্ষ্যৰে কাম কৰিছো৷ স্বচ্ছ ভাৰত অভিযান, আয়ুষ্মান ভাৰত আৰু এতিয়া আয়ুষ্মান ভাৰত ডিজিটেল মিচন আদি এই ধৰণৰ প্রয়াসৰ অংশ”৷ তেওঁ কয় যে ৰাজস্থানত প্রায় ৩.৫ লাখ লোকে আয়ুষ্মান ভাৰত যোজনাৰ অধীনত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছে আৰু ৰাজ্যখনত প্রায় ২,৫০০ স্বাস্থ্য আৰু আৰোগ্য কেন্দ্রত কাম আৰম্ভ হৈছে৷

প্রধানমন্ত্রীয়ে কয় যে চিকিৎসা মহাবিদ্যালয় বা অতি বিশিষ্ট চিকিৎসালয়ৰ কাম-কাজ দেশৰ চাৰিওফালে সম্প্ৰসাৰিত কৰিব লাগিব। তেওঁ কয়, “আজি আমি সন্তুষ্টিৰে ক’ব পাৰো যে ভাৰতে এতিয়া ২২খন এইমছৰ শক্তিশালী কাম-কাজৰ গঢ় দিয়াৰ দিশত আগুৱাই গৈছে”৷

প্রধানমন্ত্রীয়ে কয় যে বিগত ৬-৭ বছৰত ১৭০খনতকৈও অধিক নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে আৰু শতাধিক নতুন চিকিৎসা মহাবিদ্যালয়ত দ্রুতগতিত কাম আৰম্ভ হৈছে৷ ২০১৪ চনত দেশত চিকিৎসাশাস্ত্ৰৰ স্নাতক আৰু স্নাতকোত্তৰত মুঠ আসনৰ সংখ্যা আছিল ৮২ হাজাৰ৷ বৰ্তমান এই সংখ্যা বৃদ্ধি কৰি ১.৪০লাখ কৰা হৈছে৷ বিধি আৰু পৰিচালন ব্যৱস্থা প্রসংগত প্রধানমন্ত্রীয়ে কয় যে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ গঠন কৰাৰ ফলত অতীতৰ বিভিন্ন সমস্যাৰ সমাধান কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাস্থ্য সেৱাৰ সৈতে জড়িত দক্ষ মানৱসম্পদে কার্যকৰী স্বাস্থ্য খণ্ডৰ ওপৰত পোনপটীয়া প্রভাৱ পেলায়। ক’ৰোনাকালত ইয়াৰ গুৰুত্ব অনুভৱ কৰা হৈছে। কেন্দ্রীয় চৰকাৰে ‘বিনামূলীয়া টিকাকৰণ, সকলোৰে বাবে টিকা’ প্রচাৰ অভিযানৰ লাভ কৰা সাফল্য ইয়াৰে প্রতিফলন। তেওঁ কয় যে বৰ্তমান ভাৰতত ৮৮ কোটিতকৈও অধিক ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে৷

প্রধানমন্ত্ৰীয়ে কয় যে আজাদি কা অমৃত মহোৎসৱৰ সময়ত উচ্চমানসম্পন্ন দক্ষতাই কেৱল ভাৰতকে শক্তিশালী নকৰে, বৰঞ্চ আত্মনির্ভৰ ভাৰতৰ সংকল্প অর্জনত প্রধান ভূমিকা পালন কৰিব৷ পেট্র’কেমিকেল উদ্যোগৰ দৰে দ্রুত ক্রমৱর্ধমান উদ্যোগৰ বাবে দক্ষ মানৱসম্পদ এতিয়া প্রয়োজন হৈছে৷ তেওঁ কয় যে নতুন এই ইনষ্টিটিউট অফ পেট্র’কেমিকেল টেকন’ল’জিয়ে লাখ লাখ তৰুণক নতুন সম্ভাৱনাৰ সৈতে যুক্ত কৰিব৷ মুখ্যমন্ত্রী হৈ থকাৰ সময়ত তেওঁ গুজৰাটত পণ্ডিত দীনদয়াল পেট্র’লিয়াম বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰিছিল৷ এতিয়া এই বিশ্ববিদ্যালয় শক্তি বিশ্ববিদ্যালয়ত পৰিণত হৈছে৷ তেওঁ কয় যে এই ধৰণৰ প্রতিষ্ঠানে স্বচ্ছ শক্তি উদ্ভাৱনৰ ক্ষেত্রত তৰুণ প্ৰজন্মক পথ দেখুৱাব৷

প্রধানমন্ত্রীয়ে বাৰমেৰত ৰাজস্থান তৈল শোধনাগাৰ প্রকল্পৰ কথা উল্লেখ কৰে কয় যে তাত ৭০ হাজাৰ কোটি টকাতকৈও অধিক বিনিয়োগ হৈছে৷ ইয়াৰ ফলত এই প্রকল্পৰ কাম দ্রুতগতিত আগুৱাই গৈছে৷ ৰাজ্যখনত নগৰ গেছ বিতৰণ ব্যৱস্থাপনা প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে ২০১৪চনলৈকে ৰাজ্যস্থানৰ মাত্র এখন চহৰত নগৰ গেছ বিতৰণ ব্যৱস্থাপনা আছিল। এতিয়া ১৭খন জিলাত এই ব্যৱস্থাপনা অনুমোদন জনোৱা হৈছে৷ অনাগত দিনত ৰাজ্যৰ প্রতিখন জিলাত পাইপসংযোগী গেছ নেটৱর্ক গঢ় লৈ উঠিব৷ শৌচাগাৰ, বিদ্যুৎ, গেছ সংযোগৰ জৰিয়তে জীৱন ধাৰণৰ মন উন্নয়নৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷ প্রধানমন্ত্রীয়ে কয় যে এতিয়া ৰাজ্যত জল জীৱন মিচনৰ জৰিয়তে ২১লাখতকৈও অধিক পৰিয়ালক পাইপসংযোগী পানী যোগান দিয়া হৈছে। তেওঁ কয়, “ৰাজস্থানৰ উন্নয়নে দেশৰ উন্নয়নত গতি প্ৰদান কৰিব”৷ প্রধানমন্ত্রীয়ে কয় যে ৰাজস্থানত দৰিদ্র পৰিয়ালসমূহৰ বাবে ১৩লাখ পকী গৃহ নির্মাণ কৰা হ’ব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PM Modi’s Auckland Address Celebrated Sikh Legacy And Diaspora Strength | Exclusive Details

Media Coverage

How PM Modi’s Auckland Address Celebrated Sikh Legacy And Diaspora Strength | Exclusive Details
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of legendary playback singer S. Janaki Amma
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of distinguished playback singer S. Janaki Amma.

The Prime Minister said that her passing is an irreparable loss to the world of music and culture. He noted that her songs in various languages were popular across generations and gave voice to every emotion with unparalleled grace and versatility.

Shri Modi said that her melodies will continue to enchant listeners in the years to come.

The Prime Minister wrote on X;

“The passing of the distinguished playback singer S. Janaki Amma is an irreparable loss to the world of music and culture. Her songs in various languages were popular across generations. They gave voice to every emotion with unparalleled grace as well as versatility. Her melodies will continue to enchant listeners in the years to come. My heartfelt condolences to her family, countless admirers and the entire music fraternity in this hour of grief. Om Shanti.”