"মই বংগৰ জনসাধাৰণক অনুৰোধ কৰিম যে বীৰভূমৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িতসকলক আৰু এইসকল অপৰাধীক উৎসাহিত কৰাসকলক যাতে তেওঁলোকে কেতিয়াও ক্ষমা নকৰে"
"আজি দেশে ইয়াৰ ইতিহাস, ইয়াৰ অতীতক শক্তিৰ এক জীৱন্ত উৎস হিচাপে চায়"
"আমাৰ প্ৰাচীন কীৰ্তিচিহ্নবোৰ আগতে বিদেশলৈ চুৰি কৰি নিয়া হৈছিল, যেন এইবোৰৰ কোনো মূল্যই নাছিল; কিন্তু ভাৰতে আজি বিদেশৰ পৰা ইয়াৰ ঐতিহ্য ঘূৰাই আনিছে "
"বিপ্লবী ভাৰত গেলেৰীৰ জৰিয়তে পশ্চিম বংগৰ ঐতিহ্য সংৰক্ষণ আৰু উন্নত কৰাৰ বাবে চৰকাৰৰ অংগীকাৰ প্ৰমাণিত হৈছে"
"ঐতিহ্যশালী পৰ্যটনৰ বিস্তাৰৰ বাবে দেশজুৰি অভিযান চলি আছে"
"ভাৰত-ভক্তিৰ চিৰন্তন অনুভূতি, একতা আৰু ভাৰতৰ অখণ্ডতাক আজিও আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হ'ব লাগে"
"ভাৰতৰ নতুন দৃষ্টিভংগী হৈছে ভাৰতৰ আত্মবিশ্বাস, আত্মনিৰ্ভৰশীলতা, প্ৰাচীন পৰিচয় আৰু ভৱিষ্যতৰ উন্নতিৰ। ইয়াত দায়িত্ববোধ সৰ্বাধিক গুৰুত্বপূৰ্ণ"
"বিপ্লৱ, সত্যাগ্ৰহ আৰু স্বাধীনতা সংগ্ৰামৰ সৃষ্টিশীল আৱেগৰ ঢল ৰাষ্ট্ৰীয় পতাকাৰ গেৰুৱা, বগা আৰু সেউজীয়া ৰঙৰ দ্বাৰা প্ৰতিফলিত হয়"
তেওঁ কেন্দ্ৰৰ পৰা সকলো সহযোগিতাৰ আশ্বাস প্ৰদান কৰে। তেওঁ লগতে কয়, "এনে ঘটনাত জড়িত অপৰাধীসকলক আৰু এনে অপৰাধীসকলক উৎসাহিত কৰা লোকসকলক কেতিয়াও ক্ষমা নকৰিবলৈ মই বংগৰ জনসাধাৰণক অনুৰোধ কৰিম"।
প্ৰধানমন্ত্ৰীয়ে তেখেতৰ ভাষণৰ আৰম্ভণিতে বীৰভূমত সংঘটিত হিংসাত্মক ঘটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰে আৰু এনে জঘন্য অপৰাধৰ অপৰাধীসকলৰ বাবে ৰাজ্য চৰকাৰে শাস্তি নিশ্চিত কৰিব বুলি আশা ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে। এই অনুষ্ঠানত পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰী জগদীপ ধনখৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী উপস্থিত আছিল।

প্ৰধানমন্ত্ৰীয়ে তেখেতৰ ভাষণৰ আৰম্ভণিতে বীৰভূমত সংঘটিত হিংসাত্মক ঘটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰে আৰু এনে জঘন্য অপৰাধৰ অপৰাধীসকলৰ বাবে ৰাজ্য চৰকাৰে শাস্তি নিশ্চিত কৰিব বুলি আশা ব্যক্ত কৰে। তেওঁ কেন্দ্ৰৰ পৰা সকলো সহযোগিতাৰ আশ্বাস প্ৰদান কৰে। তেওঁ লগতে কয়, "এনে ঘটনাত জড়িত অপৰাধীসকলক আৰু এনে অপৰাধীসকলক উৎসাহিত কৰা লোকসকলক কেতিয়াও ক্ষমা নকৰিবলৈ মই বংগৰ জনসাধাৰণক অনুৰোধ কৰিম"।

শ্বহীদ দিৱসত শ্বহীদসকলক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ আত্মবলিদানৰ কাহিনীয়ে আমাক সকলোকে দেশৰ বাবে নিস্বাৰ্থভাৱে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে। "আমাৰ অতীতৰ ঐতিহ্যই আমাক বৰ্তমানক পথ প্ৰদৰ্শন কৰে, আমাক এক উন্নত ভৱিষ্যত গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰে। আৰু সেয়েহে আজি দেশে ইয়াৰ ইতিহাস, ইয়াৰ অতীতক শক্তিৰ এক জীৱন্ত উৎস হিচাপে বিবেচনা কৰে", তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে কয়, আজি নতুন ভাৰতে বিদেশৰ পৰা ইয়াৰ ঐতিহ্য ঘূৰাই আনিছে, আগতে প্ৰাচীন কীৰ্তিচিহ্নবোৰ এনেদৰে বিদেশলৈ চোৰাংকৈ চালান কৰা হৈছিল যে সেইসমূহৰ যেন কোনো মূল্যই নাছিল। ২০১৪ চনৰ আগৰ দশকবোৰত ভাৰতলৈ কেৱল মাত্ৰ এক ডজন ঐতিহাসিক কীৰ্তিচিহ্নহে ঘূৰাই অনা হৈছে। কিন্তু যোৱা ৭ বছৰত এই সংখ্যা ২২৫ তকৈও অধিক হৈছে বুলি তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে কয়, 'নিৰ্ভীক সুভাষ'ৰ পিছত বিপ্লবী ভাৰত গেলেৰীৰ ৰূপত কলকাতাৰ সমৃদ্ধিশালী ঐতিহ্যত আন এক নতুন মুকুতা যোগ হৈছে। তেওঁ কয় যে বিপ্লবী ভাৰত গেলেৰীৰ জৰিয়তে পশ্চিম বংগৰ ঐতিহ্য সংৰক্ষণ আৰু উন্নত কৰাৰ বাবে চৰকাৰৰ অংগীকাৰ প্ৰমাণিত হৈছে। তেওঁ আৰু কয় যে ভিক্টোৰিয়া মেম'ৰিয়েল, ঐতিহ্যপূৰ্ণ গেলেৰী, মেটকাফ হাউচ আদিৰ দৰে ৰাজ্যখনৰ ঐতিহ্যপূৰ্ণ স্থলসমূহৰ পুনৰ নিৰ্মাণৰ কাম প্ৰায় শেষ হৈছে। তেওঁ কয়, "আমাৰ সংস্কৃতি, সভ্যতাৰ এই প্ৰতীকসমূহে ভাৰতৰ বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰি যাওঁক, এই দিশত এয়া এক মহান প্ৰচেষ্টা"।

শ্ৰী মোদীয়ে কয় যে ঐতিহ্যময় পৰ্যটনৰ প্ৰসাৰৰ বাবে দেশজুৰি অভিযান চলি আছে। স্বদেশ দৰ্শনৰ দৰে কেইবাটাও আঁচনিৰ জৰিয়তে ঐতিহ্যময় পৰ্যটনক গতি প্ৰদান কৰা হৈছে, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে দাণ্ডী যাত্ৰাৰ স্মাৰক, জালিয়ানৱালাবাগ স্মাৰক, ষ্টেচু অৱ ইউনিটি, দীনদয়াল স্মাৰক, বাবাচাহেব স্মাৰক, ভগৱান বীৰচা মুণ্ডা স্মাৰক, অযোধ্যা আৰু কাশীৰ ঘাটৰ সৌন্দৰ্যবৰ্ধন বা সমগ্ৰ ভাৰতত মন্দিৰৰ নৱীকৰণৰ দৰে পদক্ষেপে ঐতিহ্যময় পৰ্যটনৰ বাবে নতুন সম্ভাৱনা মুকলি কৰি দিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে শতিকাজুৰি পৰাধীন অৱস্থাত থকাৰ সময়ছোৱাত তিনিটা ধাৰাৰ জৰিয়তে দেশে স্বাধীনতা লাভ কৰে। এই ধাৰাসমূহ হৈছে বিপ্লৱ, সত্যাগ্ৰহ আৰু জনসচেতনতা। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকাৰ তিনিটা ৰঙৰ তাৎপৰ্য বাখ্যা কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় পতাকাৰ তিনিটা ৰঙে তিনিটা ধাৰাক প্ৰতিনিধিত্ব কৰে। গেৰুৱা ৰং বিপ্লৱৰ, বগা ৰং সত্যাগ্ৰহ আৰু সেউজীয়া ৰঙ দেশৰ মানুহৰ সৃষ্টিশীল ভাৱনাৰ প্ৰতীক। তেওঁ কয় যে তেওঁৰ বাবে ৰাষ্ট্ৰীয় পতাকাত থকা নীলা ৰঙে দেশৰ সাংস্কৃতিক চেতনাক প্ৰতিনিধিত্ব কৰে। তেওঁ কয় যে আজি তেওঁ ৰাষ্ট্ৰীয় পতাকাৰ তিনিটা ৰঙত নতুন ভাৰতৰ ভৱিষ্যত দেখিছে। নতুন ভাৰতৰ বাবে গেৰুৱা ৰঙে কৰ্তব্য আৰু ৰাষ্ট্ৰীয় সুৰক্ষা, বগা ৰঙে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসক প্ৰতিনিধিত্ব কৰে; সেউজীয়া ৰঙে পৰিৱেশ সংৰক্ষণ আৰু নীলা ৰঙৰ চক্ৰই দেশৰ মহাসাগৰীয় অৰ্থনীতিক প্ৰতিনিধিত্ব কৰে।

ভগত সিং, সুখদেৱ, ৰাজগুৰু, আজাদ আৰু খুদিৰাম বসুৰ দৰে বিপ্লৱীসকলৰ যুৱ কালৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ যুৱপ্ৰজন্মই কেতিয়াও নিজকে কম বুলি বিবেচনা কৰা উচিত নহয়। তেওঁ কয়, "ভাৰতৰ যুৱপ্ৰজন্মই কৰিব নোৱাৰা একো নাই। এনে কোনো লক্ষ্য নাই যিটো ভাৰতৰ যুৱপ্ৰজন্মই লাভ কৰিব নোৱাৰে"।

প্ৰধানমন্ত্ৰীয়ে ঐক্যৰ বান্ধোনৰ কথা উল্লেখ কৰে। দেশৰ স্বাধীনতা আন্দোলনে বিভিন্ন অঞ্চল, ভাষা আৰু সম্পদক ঐক্যবদ্ধ কৰি দেশাত্মবোধ জাগ্ৰত কৰিছিল।প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰত ভক্তিৰ এই চিৰন্তন অনুভূতি, ভাৰতৰ একতা, অখণ্ডতা আজিও আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হ'ব লাগে। আপোনাৰ ৰাজনৈতিক চিন্তাধাৰা যিয়েই নহওঁক, আপুনি যিকোনো ৰাজনৈতিক দলৰ সদস্য হ'ব পাৰে, কিন্তু ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ সৈতে যিকোনো ধৰণৰ আপোচ ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি আটাইতকৈ ডাঙৰ বিশ্বাসঘাতকতা হ'ব"। প্ৰধানমন্ত্ৰীয়ে আৰু কয়, "আমি নতুন ভাৰতত এক নতুন দৃষ্টিভংগীৰে আগবাঢ়িব লাগিব। এই নতুন দৃষ্টিভংগী হৈছে ভাৰতৰ আত্মবিশ্বাস, আত্মনিৰ্ভৰশীলতা, প্ৰাচীন পৰিচয় আৰু ভৱিষ্যতৰ উন্নতিৰ। ইয়াত সৰ্বাধিক গুৰুত্বপূৰ্ণ হৈছে কৰ্তব্যবোধ।"

আজি অৰ্জন কৰা ৪০০ বিলিয়ন ডলাৰ বা ৩০ লাখ কোটি টকাৰ পণ্য সামগ্ৰী ৰপ্তানিৰ ফলত দেশে যি মাইলৰ খুঁটি অতিক্ৰম কৰিছে সেই কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতৰ ক্ৰমবৰ্দ্ধমান ৰপ্তানি হৈছে আমাৰ উদ্যোগ, আমাৰ অতিক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগ, আমাৰ উৎপাদন ক্ষমতা আৰু আমাৰ কৃষি খণ্ডৰ শক্তিৰ প্ৰতীক।"

এই গেলেৰীটোত স্বাধীনতা সংগ্ৰামত বিপ্লৱীসকলৰ অৱদান আৰু ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে তেওঁলোকৰ সশস্ত্ৰ প্ৰতিৰোধৰ বিভিন্ন ঘটনাৰ ছবিসমূহে স্থান লাভ কৰিছে। স্বাধীনতা আন্দোলনৰ মূলসুঁতিৰ সৈতে জড়িত ঘটনাসমূহ তুলি ধৰাৰ এইধৰণৰ প্ৰয়াস আগতে কাহানিও দেখা পোৱা নাই। এই নতুন গেলেৰীৰ উদ্দেশ্য হৈছে ১৯৪৭ চন পৰ্যন্ত স্বাধীনতা আন্দোলনৰ সামগ্ৰিক চিত্ৰ আৰু বিপ্লৱীসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা দৰ্শকক অৱগত কৰা।

ইয়াৰোপৰি এই গেলেৰীত ৰাজনৈতিক আৰু বৌদ্ধিক পটভূমি দেখুওৱা হৈছে যিয়ে স্বাধীনতা আন্দোলনক প্ৰভাৱিত কৰিছিল। এই গেলেৰীত বিপ্লৱী আন্দোলনৰ আৰম্ভ, বিপ্লৱী নেতাসকলৰ দ্বাৰা গঠিত গুৰুত্বপূৰ্ণ সংগঠন, আন্দোলনৰ প্ৰসাৰ, আজাদ হিন্দ ফৌজ গঠন, নৌ বিদ্ৰোহৰ প্ৰভাৱ আদি বিভিন্ন ঘটনাৱলী দাঙি ধৰা হৈছে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cotton duty relief: Textile industry welcomes import tax waiver, sees boost for exports and MSMEs

Media Coverage

Cotton duty relief: Textile industry welcomes import tax waiver, sees boost for exports and MSMEs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tribute to Lokmata Ahilyabai Holkar on her birth anniversary
May 31, 2026

The Prime Minister, Shri Narendra Modi has paid tributes to Lokmata Ahilyabai Holkar on her birth anniversary.

Shri Modi said that the entire nation remembers Lokmata Ahilyabai Holkar with deep respect and reverence for her wisdom, compassion and unwavering commitment to public welfare.

The Prime Minister noted that her life remains an exemplary model of good governance, patriotism and cultural pride. He said that she always led with courage and a strong sense of duty.

The Prime Minister highlighted her unparalleled contribution to ensuring justice and welfare for all, as well as her efforts towards the reconstruction of sacred temples and pilgrimage sites across the country. He remarked that her work further strengthened India’s cultural consciousness.

The Prime Minister stated that Lokmata Ahilyabai Holkar’s dedication to society, culture and nation-building will continue to inspire every generation of the country.

The Prime Minister wrote on X;

“लोकमाता अहिल्याबाई होल्कर जी को उनकी जयंती पर कोटि-कोटि नमन! बुद्धिमत्ता, करुणा और जनकल्याण के प्रति अटूट निष्ठा को लेकर पूरा देश उन्हें आदर और सम्मान के साथ स्मरण करता है। उनका जीवन सुशासन, राष्ट्रभक्ति और सांस्कृतिक गौरव का एक उत्कृष्ट उदाहरण है। उन्होंने सदैव साहस और कर्तव्यनिष्ठा के साथ नेतृत्व किया। देशभर में पावन मंदिरों और तीर्थस्थलों के पुनर्निर्माण से लेकर सभी के लिए न्याय और कल्याण सुनिश्चित करने में उन्होंने अतुलनीय योगदान दिया। उन्होंने भारत की सांस्कृतिक चेतना को और सशक्त बनाया। समाज, संस्कृति और राष्ट्र निर्माण के प्रति उनका समर्पण भाव देश की हर पीढ़ी को प्रेरित करता रहेगा।”