"নেতাজীয়ে ভাৰতৰ স্বাধীনতাৰ প্ৰৱেশদ্বাৰ বুলি কোৱা উত্তৰ-পূৰ্বাঞ্চল এখনি নৱ্য ভাৰতৰ সপোন পৰিপূৰণৰ প্ৰৱেশদ্বাৰ হৈ পৰিছে"
"আমি উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱনাৰাজি বাস্তৱায়িত কৰিবলৈ কাম কৰি আছো"
"আজি দেশখনৰ যুৱপ্ৰজন্মই মণিপুৰৰ খেলুৱৈসকলৰপৰা অনুপ্ৰেৰণা লভিছে"
"এখনি ‘অৱৰোধ ৰাজ্য'ৰপৰা মণিপুৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যক প্ৰোৎসাহিত কৰা এখন ৰাজ্য হৈ পৰিছে"
"আমি মণিপুৰতো স্থিৰতা বজাই ৰাখিব লাগিব আৰু মণিপুৰক উন্নয়নৰ নতুন শিখৰলৈ লৈ যাব লাগিব। কেৱল দ্বৈত ইঞ্জিনযুক্ত চৰকাৰেহে এই কাম কৰিব পাৰে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ইম্ফলত প্ৰায় ১৮৫০ কোটি টকা মূল্যৰ ১৩ টা প্ৰকল্প উদ্বোধন আৰু প্ৰায় ২৯৫০ কোটি টকা মূল্যৰ ৯ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰাজি পথ আন্তঃগাঁথনি, খোৱা পানী যোগান, স্বাস্থ্য, নগৰ উন্নয়ন, গৃহ, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ, কলা আৰু সংস্কৃতি আদিৰ দৰে ভিন্ন খণ্ডৰ সৈতে সম্পৰ্কীয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৭০০ কোটি টকাৰোধিক ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। তেখেতে ৭৫ কোটি টকাৰোধিক ব্যয় সাপেক্ষে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৰাক নদীৰ ওপৰত নিৰ্মাণ কৰা ষ্টীল দলং উদ্বোধন কৰে, যাৰ ফলত শিলচৰ আৰু ইম্ফলৰ মাজত যান-বাহনৰ ভিৰ হ্ৰাস পাব। তেখেতে তদুপৰি মণিপুৰৰ জনসাধাৰণলৈ প্ৰায় ১১০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ২৩৮৭ টা ম’বাইল টাৱাৰ উৎসৰ্গা কৰে।

প্ৰধানমন্ত্ৰীয়ে ₹২৮০ কোটি মূল্যৰ 'থৌবাল বহু-মুখী প্ৰকল্পৰ পানী পৰিবহণ ব্যৱস্থা' ৰ উদ্বোধন কৰে, যিয়ে ইম্ফল চহৰক খোৱা পানীৰ যোগান ধৰিব; তামেংলং জিলাৰ দহটা অঞ্চলৰ বাসিন্দাসকলক সুৰক্ষিত খোৱা পানী প্ৰদানৰ বাবে ৬৫ কোটি টকা ব্যয় সাপেক্ষে পানী যোগান আঁচনি প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে আৰু অঞ্চলটোৰ বাসিন্দাসকলক নিয়মীয়াকৈ পানী যোগান ধৰাৰ বাবে ৫১ কোটি টকা ব্যয় সাপেক্ষে 'সম্প্ৰসাৰিত সেনাপতি জিলা হেডকোৱাটাৰ পানী যোগান আঁচনি' নিৰ্মাণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি ইম্ফলত পিপিপি ভিত্তিত প্ৰায় ১৬০ কোটি টকা মূল্যৰ 'ষ্টেট অৱ দ্য আৰ্ট কেন্সাৰ হাস্পতাল' ৰ আধাৰশিলা স্থাপন কৰে। তেখেতে ডিআৰডিঅ'ৰ সহযোগত প্ৰায় ৩৭ কোটি টকা ব্যয় সাপেক্ষে কিয়ামগেইত স্থাপন কৰা '২০০ বিছনাযুক্ত ক’ভিড চিকিৎসালয়' উদ্বোধন কৰে। তেখেতে ১৭০ কোটি টকাৰোধিক ব্যয় সাপেক্ষে ‘ইম্ফল স্মাৰ্ট চিটি মিছন' ৰ অধীনত বিকশিত তিনিটা প্ৰকল্প উদ্বোধন কৰে, ইয়াৰ ভিতৰত আছে ইন্টিগ্ৰেটেড কমাণ্ড এণ্ড কনট্ৰল চেণ্টাৰ (ICCC)', 'ইম্ফল নদীত পশ্চিম ৰিভাৰফ্ৰন্টৰ বিকাশ (প্ৰথম পৰ্য্যায়)' আৰু 'ঠেঙাল বজাৰত মল ৰোডৰ বিকাশ (প্ৰথম পৰ্য্যায়)'।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি ৰাজ্যখনত প্ৰায় ২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া 'ইনভেনশ্যন, ইন’ভেশ্যন, ইনকিউবেশ্যন এণ্ড ট্ৰেইনিং কেন্দ্ৰ (CIIIT)' ৰ আধাৰশিলা স্থাপন কৰে। তেখেতে তদুপৰি হাৰিয়ানাৰ গুৰগাঁৱত মণিপুৰ ইনষ্টিটিউট অৱ পাৰফৰ্মিং আৰ্টছৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে, যাক ২৪০ কোটি টকাৰোধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজিৰেপৰা কেইদিনমানৰ পিছত ২১ জানুৱাৰীত মণিপুৰে ৰাজ্যৰ মৰ্য্যাদা লাভ কৰাৰ ৫০ বছৰ পূৰ্ণ কৰিব। স্বাধীনতাৰ ৭৫ বছৰৰ অমৃত মহোৎসৱ উপলক্ষে এয়া নিজেই এক প্ৰধান অনুপ্ৰেৰণা।

মণিপুৰবাসীৰ সাহসিকতাক শ্ৰদ্ধা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, দেশখনৰ জনসাধাৰণৰ মাজত স্বাধীনতাৰ ওপৰত বিশ্বাস ইয়াতে মৈৰাঙৰ ভূমিৰপৰা আৰম্ভ হৈছিল, য'ত নেতাজী সুভাষৰ সেনাই প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। নেতাজীয়ে ভাৰতৰ স্বাধীনতাৰ প্ৰৱেশদ্বাৰ বুলি কোৱা উত্তৰ-পূৰ্বাঞ্চল এখনি নৱ্য ভাৰতৰ সপোন পৰিপূৰণৰ প্ৰৱেশদ্বাৰ হৈ পৰিছে। তেখেতে ভাৰতৰ পূব আৰু উত্তৰ-পূব অংশ ভাৰতৰ প্ৰগতিৰ উৎস হ'ব বুলি তেখেতৰ বিশ্বাসৰ কথা দোহাৰে আৰু আজি অঞ্চলটোৰ বিকাশত এয়া দৃশ্যমান বুলি কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মণিপুৰৰ জনসাধাৰণক সেই আঁচনিসমূহৰ বাবে অভিনন্দন জ্ঞাপন কৰে যাৰ বাবে আধাৰশিলা স্থাপন কৰা হৈছে আৰু যিসমূহ আজি উদ্বোধন কৰা হয়। তেখেতে মণিপুৰৰ জনসাধাৰণক এখন স্থিৰ চৰকাৰ গঠনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে যিয়ে পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে আৰু সম্পূৰ্ণ প্ৰভাৱেৰে শাসন কাৰ্য্য অব্যাহত ৰাখিছে। তেখেতে গুৰুত্ব আৰোপ কৰি কয় যে এই স্থিৰতা আৰু মণিপুৰৰ লোকসকলৰ পছন্দৰ বাবে কিষাণ সন্মান নিধিৰ অধীনত ৬ লাখ কৃষক পৰিয়ালে শ-শ কোটি টকা লাভ কৰিছে; প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনিৰ অধীনত ৬ লাখ দৰিদ্ৰ পৰিয়ালে লাভা-লাভ অৰ্জন কৰিছে; পিএমএৱাইৰ অধীনত ৮০ হাজাৰ ঘৰ; আয়ুষ্মান যোজনাৰ অধীনত ৪.২৫ লাখ ৰোগীক বিনামূলীয়া চিকিৎসা; ১.৫ লাখ বিনামূলীয়া গেছ সংযোগ; ১.৩ লাখ বিনামূলীয়া বিদ্যুৎ সংযোগ; ৩০ হাজাৰ টয়লেট; ৩০ লাখৰোধিক বিনামূলীয়া ভেকছিন পালি আৰু ৰাজ্যখনৰ প্ৰতিখন জিলাত অক্সিজেন প্ৰকল্প বাস্তৱত পৰিণত হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে স্মৰণ কৰি কয় যে তেখেতে প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বেই বহুবাৰ মণিপুৰ ভ্ৰমণ কৰিছিল। তেখেতে তেওঁলোকৰ বেদনা বুজি পাইছে বুলি উল্লেখ কৰি "সেয়েহে ২০১৪ ৰ পিছত, মই দিল্লী-ভাৰত চৰকাৰক আপোনাসৱৰ দুৱাৰমুখলৈ লৈ আহিছো" বুলি কয়। প্ৰতিজন বিষয়া আৰু মন্ত্ৰীকে অঞ্চলটো ভ্ৰমণ আৰু লোকসকলৰ স্থানীয় প্ৰয়োজনীয়তা অনুসৰি তেওঁলোকক সেৱা কৰিবলৈ কোৱা হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি আঙুলিয়াই দিয়ে, "মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ দপ্তৰসমূহত অঞ্চলটোৰপৰা পাঁচজন গুৰুত্বপূৰ্ণ মুখ থকাটো আপুনি দেখিব।“

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সাত বছৰ ধৰি চৰকাৰখনৰ কঠোৰ পৰিশ্ৰম সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু বিশেষকৈ মণিপুৰত দৃশ্যমান হৈছে। আজি মণিপুৰ পৰিৱৰ্তনৰ এক নতুন কৰ্ম সংস্কৃতিৰ প্ৰতীক হৈ পৰিছে। এই পৰিৱৰ্তনৰাজি মণিপুৰৰ সংস্কৃতি আৰু ইয়াৰ পালনৰ বাবে। এই পৰিৱৰ্তনৰ ক্ষেত্ৰত সংযোগকো অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে আৰু সৃজনশীলতাও সমানে গুৰুত্বপূৰ্ণ, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পথ আৰু আন্তঃগাঁথনি প্ৰকল্পৰাজিৰ লগতে উন্নত ম’বাইল নেটৱৰ্কৰদ্বাৰা যোগাযোগ ব্যৱস্থা শক্তিশালী হ'ব। চিআইআইটিয়ে স্থানীয় যুৱসকলৰ সৃজনশীলতা আৰু উদ্ভাৱনৰ উদ্দীপনাত বৰঙণি যোগাব। আধুনিক কৰ্কট চিকিৎসালয়ে যত্নৰ মাত্ৰা বৃদ্ধি কৰিব আৰু মণিপুৰ ইনষ্টিটিউট অৱ পাৰফৰ্মিং আৰ্ট আৰু গোবিন্দ জী মন্দিৰৰ নৱীকৰণে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেখেতৰ চৰকাৰে উত্তৰ-পূবৰ বাবে 'এক্ট ইষ্ট'ৰ সংকল্প গ্ৰহণ কৰিছে। তেখেতে কয়, ঈশ্বৰে এই অঞ্চলত বহুতো প্ৰাকৃতিক সম্পদ, অপাৰ সম্ভাৱনা প্ৰদান কৰিছে। ইয়াত উন্নয়ন আৰু পৰ্যটনৰ বহু সম্ভাৱনা আছে। তেখেতে লগতে কয় যে উত্তৰ-পূৰ্বাঞ্চলত এই সম্ভাৱনাৰাজি বাস্তৱায়িত কৰিবলৈ এতিয়া কাম কৰা হৈছে। উত্তৰ-পূব এতিয়া ভাৰতৰ উন্নয়নৰ প্ৰৱেশদ্বাৰ হৈ পৰিছে বুলি তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, মণিপুৰে দেশখনৰ বাবে অতিশয় বিৰল ৰত্নসমূহ প্ৰদান কৰি আহিছে। মণিপুৰৰ যুৱক-যুৱতীসকলে আৰু বিশেষকৈ ইয়াৰ জীয়ৰীসকলে সমগ্ৰ বিশ্বতে দেশখনক গৌৰৱান্বিত কৰিছে। বিশেষকৈ আজি দেশখনৰ যুৱপ্ৰজন্মই মণিপুৰৰ খেলুৱৈসকলৰপৰা অনুপ্ৰেৰণা লভিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি কয়, দ্বৈত ইঞ্জিনযুক্ত চৰকাৰখনৰ নিৰন্তৰ প্ৰচেষ্টাত এই অঞ্চলত উগ্ৰবাদ আৰু নিৰাপত্তাহীনতাৰ ৰেশ নোহোৱাৰ পৰিৱৰ্তে শান্তি আৰু উন্নয়নে বিৰাজ কৰিছে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ শ-শ যুৱক-যুৱতীয়ে অস্ত্ৰ সম্বৰণ আৰু উন্নয়নৰ মূল সুঁতিত যোগদান কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, কেইবা দশক ধৰি স্থগিত হৈ থকা ঐতিহাসিক চুক্তিসমূহক বৰ্তমানৰ চৰকাৰখনে ৰূপায়ণ কৰিছে। 'অৱৰোধ ৰাজ্য'ৰপৰা, মণিপুৰে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে পথ প্ৰশস্তকাৰী এখন ৰাজ্য হৈ পৰিছে।

তেখেতে কয়, একবিংশ শতিকাৰ এই দশকটো মণিপুৰৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। তেখেতে পূৰ্বে হেৰাই যোৱা সময়ৰ বাবে খেদ প্ৰকাশ কৰে। এতিয়া এটা মুহূৰ্তও নাই বুলি তেখেতে লগতে কয়। "আমি মণিপুৰতো স্থিৰতা বজাই ৰাখিব লাগিব আৰু মণিপুৰকো উন্নয়নৰ নতুন উচ্চতালৈ লৈ যাব লাগিব। আৰু কেৱল দ্বৈত ইঞ্জিন চৰকাৰেহে এই কাম কৰিব পাৰে", তেওঁ গুৰুত্ব আৰোপ কৰে। “আমি মণিপুৰতো স্থিৰতা বজাই ৰাখিব লাগিব আৰু মণিপুৰক উন্নয়নৰ নতুন শিখৰলৈ লৈ যাব লাগিব। কেৱল দ্বৈত ইঞ্জিনযুক্ত চৰকাৰেহে এই কাম কৰিব পাৰে”, বুলি তেখেতে গুৰুত্ব আৰোপ কৰে।

 

 

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12

Media Coverage

Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 আগষ্ট 2026
August 12, 2026

India Rising on Every Front: Economic Strength, Global Recognition & Self-Reliance Under PM Modi’s Vision