“আমাৰ জনজাতীয় ভাই-ভনীসকলে পৰিৱৰ্তনৰ দায়িত্ব লৈছে আৰু চৰকাৰে সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে”
“গোধৰাৰ গোবিন্দ গুৰু বিশ্ববিদ্যালয় আৰু নৰ্মদাৰ বিৰছা মুণ্ডা বিশ্ববিদ্যালয়ে উচ্চ শিক্ষাৰ উন্নতমানৰ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিছে”
“প্ৰথমবাৰৰ বাবে জনজাতীয় সমাজত উন্নয়ন আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত অংশগ্ৰহণ বৃদ্ধি পোৱাটো অনুভৱ হৈছে”
“জনজাতীয় লোকৰ বাবে গৌৰৱৰ আৰু বিশ্বাসৰ স্থানৰ উন্নয়নে পৰ্যটনক যথেষ্ট গতি প্ৰদান কৰিব”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ পঞ্চমহলৰ জাম্বুঘোডাত প্ৰায় ৮৬০ কোটি টকাৰ প্ৰকল্পৰ দেশবাসীৰ নামত উচৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি গুজৰাটৰ আদিবাসী আৰু জনজাতীয় জনগোষ্ঠীৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। প্ৰধানমন্ত্ৰীয়ে দিনটোৰ পূৰ্বে মংগড় ভ্ৰমণ কৰি ভাৰতৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া গোবিন্দ গুৰু আৰু হাজাৰ হাজাৰ জনজাতীয় স্বাধীনতা সংগ্ৰামীক শ্ৰদ্ধাঞ্জলি জনাই তেওঁলোকক স্মৰণ কৰে।

এই অঞ্চলটোৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জনজাতীয় জনগোষ্ঠীৰ মহান ত্যাগৰ সাক্ষী হৈ অহা জাম্বুঘোডাত উপস্থিত থকাৰ বাবে অতি গৌৰৱবোধ কৰে। “আজি আমি সকলোৱে গৌৰৱেৰে ভৰি পৰিছো যেতিয়া আমি শ্বহীদ যোৰিয়া পাৰ্মেশ্বৰ, ৰূপ সিং নায়ক, গললীয়া নায়ক, ৰাভজিদা নায়ক আৰু বাবৰীয়া গালমা নায়ক আদি অমৰ যোদ্ধাসকলক প্ৰণাম জনাইছো”, প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি সমগ্ৰ অঞ্চলটোৰ স্বাস্থ্য, শিক্ষা আৰু দক্ষতা বিকাশৰ সৈতে জড়িত শ শ কোটি মূল্যৰ প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰা হৈছে। গোবিন্দ গুৰু বিশ্ববিদ্যালয় আৰু কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন প্ৰশাসনিক চৌহদৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পসমূহে আমাৰ জনজাতীয় শিশুসকলক বহুখিনি সহায় কৰিব।

জাম্বুঘোডাক পবিত্ৰ স্থানৰ সৈতে তুলনা কৰি প্ৰধানমন্ত্ৰীয়ে জনজাতীয় বীৰত্ব আৰু স্বাধীনতাৰ যুঁজৰ গৌৰৱময় ইতিহাসৰ কথা স্মৰণ কৰে। তেওঁ ১৮৫৭ চনৰ বিপ্লৱক গতি প্ৰদান কৰা নাইকদা আন্দোলনৰ কথা উল্লেখ কৰে। পৰমেশ্বৰ যোৰিয়াই আন্দোলনটো সম্প্ৰসাৰণ কৰিলে আৰু ৰূপ সিং নায়কেও তেওঁৰ লগত যোগ দিছিল। ১৮৫৭ চনৰ বিদ্ৰোহত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা তান্তিয়া টোপেৰ সৈতে একেলগে যুঁজিছিল বুলি প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে। এই সাহসীযোদ্ধাক ব্ৰিটিছে ফাঁচী দিয়া গছজোপাৰ আগত প্ৰণাম কৰাৰ সুযোগ পোৱাৰ কথা স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে। এই উপলক্ষে ২০১২ চনত এখন গ্ৰন্থও উন্মোচন কৰা হৈছিল।

বহুদিনৰ আগতেই গুজৰাটত আৰম্ভ হোৱা এক পৰম্পৰাৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে শ্বহীদৰ নামেৰে বিদ্যালয়ৰ নামকৰণৰ কথা উল্লেখ কৰে। ভাডেক আৰু দণ্ডিয়াপুৰাৰ প্ৰাথমিক বিদ্যালয়ৰ নাম সন্ত যোৰিয়া পাৰ্মেশ্বৰ আৰু ৰূপ সিং নায়কৰ নামেৰে নামাকৰণ কৰা হয়। প্ৰধানমন্ত্ৰীয়ে জনায় যে আজি এই বিদ্যালয়সমূহে সম্পূৰ্ণ নতুন ৰূপ লাভ কৰিছে। বৰ্তমান শিক্ষা আৰু স্বাধীনতা সংগ্ৰামত জনজাতীয় সমাজৰ অৱদান দুয়োটাৰে গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈ পৰা এই বিদ্যালয়সমূহত দুয়োজন জনজাতীয় বীৰৰ এক ভব্য প্ৰতিমূৰ্তি উদ্বোধন কৰা হৈছে বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে পূৰ্বৰ চৰকাৰখনে সৃষ্টি কৰা উন্নয়নৰ ব্যৱধানৰ কথা স্মৰণ কৰে, যিটো ব্যৱধান তেওঁ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল যেতিয়া তেওঁক দুই দশক পূৰ্বে গুজৰাটত সেৱা আগবঢ়োৱাৰ সুযোগ দিয়া হৈছিল। জনজাতীয় অঞ্চলত শিক্ষা, পুষ্টি আৰু পানীৰ বাবে মৌলিক সা-সুবিধাৰ যথেষ্ট অভাৱ আছিল। “এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আমি সবকা প্ৰয়াসৰ মনোভাৱেৰে কাম কৰিলোঁ”, তেওঁ কয়, “আমাৰ জনজাতীয় ভাই-ভনীসকলে পৰিৱৰ্তনৰ দায়িত্ব ল’লে আৰু চৰকাৰে তেওঁলোকৰ বন্ধু হৈ সকলো সম্ভৱপৰ সহায় আগবঢ়ালে।” প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই পৰিৱৰ্তন এদিনীয়া কামৰ ফল নহয় বৰঞ্চ এয়া লাখ লাখ জনজাতীয় পৰিয়ালৰ ২৪ ঘণ্টাই কৰা প্ৰচেষ্টা। প্ৰধানমন্ত্ৰীয়ে জনজাতীয় এলেকাত আৰম্ভ হোৱা প্ৰাথমিক পৰ্যায়ৰ পৰা মাধ্যমিক পৰ্যায়লৈকে ১০ হাজাৰ নতুন বিদ্যালয়, কেইবা ডজন একলব্য আদৰ্শ বিদ্যালয়, কন্যাৰ বাবে বিশেষ আৱাসিক বিদ্যালয়, আশ্ৰম শালাৰ উদাহৰণ দাঙি ধৰে। প্ৰধানমন্ত্ৰীয়ে কন্যাসকলক প্ৰদান কৰা বাছত বিনামূলীয়া যাত্ৰাৰ সুবিধা আৰু বিদ্যালয়ত পুষ্টিকৰ খাদ্যৰ উপলব্ধতাৰ কথাও উল্লেখ কৰে।

কন্যা শিক্ষাৰথৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে কন্যা সন্তানক স্কুললৈ পঠিয়াবলৈ মানুহক বুজাবলৈ চৰকাৰে কৰা প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। বিদ্যালয়ত বৈজ্ঞানিক শিক্ষাৰ অনুপস্থিতি জনজাতীয় এলেকাত বিনষ্ট কৰা আন এক প্ৰত্যাহ্বান বুলি উল্লেখ কৰি তেওঁ কয় যে বিগত দুটা দশকত জনজাতীয় জিলাত ১১খন বিজ্ঞান মহাবিদ্যালয়, ১১খন বাণিজ্য মহাবিদ্যালয়, ২৩খন কলা মহাবিদ্যালয় আৰু শ শ হোষ্টেল মুকলি কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ২০-২৫ বছৰ পূৰ্বে জনজাতীয় অঞ্চলত বিদ্যালয়ৰ ভয়াৱহ নাটনিৰ ওপৰতো আলোকপাত কৰে৷ “আজি ২খন জনজাতীয় বিশ্ববিদ্যালয়, গোধৰাত গোবিন্দ গুৰু বিশ্ববিদ্যালয় আৰু নৰ্মদাত বিৰছা মুণ্ডা বিশ্ববিদ্যালয় আছে, যিসমূহক উচ্চ শিক্ষাৰ উন্নত প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা হৈছে” তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে অধিক ব্যাখ্যা কৰি কয় যে নতুন চৌহদ উদ্বোধনৰ পিছত গোবিন্দ গুৰু বিশ্ববিদ্যালয়ৰ সুবিধাসমূহ আৰু অধিক সম্প্ৰসাৰণ কৰা হ’ব। তেওঁ লগতে উল্লেখ কৰে যে আহমেদাবাদৰ দক্ষতা বিশ্ববিদ্যালয়ৰ নতুন চৌহদৰ জৰিয়তে পঞ্চমহলকে ধৰি সকলো জনজাতীয় অঞ্চলৰ যুৱক-যুৱতীকো উপকৃত কৰিব। “এইখনেই দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় যিয়ে ড্ৰোন পাইলট লাইচেন্স প্ৰদানৰ স্বীকৃতি লাভ কৰিছে”, শ্ৰী মোদীয়ে আলোকপাত কৰে।

বিগত দশকবোৰত জনবন্ধু কল্যাণ যোজনাই জনজাতীয় জিলাসমূহৰ সৰ্বাংগীন উন্নয়নত যি বৃহৎ ভূমিকা পালন কৰিছে, তাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ১৪-১৫ বছৰত ইয়াৰ অধীনত জনজাতীয় অঞ্চলৰ আঁচনিত এক লাখ কোটিতকৈ অধিক টকা ব্যয় কৰা হৈছে৷ আগন্তুক বছৰবোৰত গুজৰাট চৰকাৰে ১ লাখ কোটি টকা আৰু অধিক ব্যয় কৰাৰ সিদ্ধান্ত লোৱা বুলিও তেওঁ অৱগত কৰে।

অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পাইপযোগে পানীৰ সুবিধা, ক্ষুদ্ৰ জলসিঞ্চন আৰু জনজাতীয় অঞ্চলত দুগ্ধ খণ্ডৰ ওপৰত গুৰুত্ব দিয়াৰ উদাহৰণ দাঙি ধৰে। জনজাতীয় ভগ্নীসকলক সবলীকৰণ আৰু উপাৰ্জন বৃদ্ধিৰ বাবেই সখী মণ্ডল গঠন কৰা বুলিও তেওঁ অৱগত কৰে। গুজৰাটত জনজাতীয় যুৱক-যুৱতীসকলে দ্ৰুত ঔদ্যোগীকৰণৰ সুফল লাভ কৰিব লাগে বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে বৃত্তিমূলক কেন্দ্ৰ, আই টি আই আৰু কিষাণ বিকাশ কেন্দ্ৰৰ দৰে বহু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰাৰ কথা উল্লেখ কৰে যিসমূহে প্ৰায় ১৮ লাখ জনজাতীয় যুৱক-যুৱতীয়ে প্ৰশিক্ষণ আহৰণ আৰু সংস্থাপন লাভ কৰাত সহায় কৰিছে৷

২০-২৫ বছৰ পূৰ্বে ছিকেল চেল ৰোগৰ ভয়াবহতাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জনজাতীয় জিলাসমূহত ঔষধৰ অভাৱ আৰু বৃহৎ চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ৰ বাবে নগণ্য সুবিধা আছে। তেওঁ কয়, “ বৰ্তমান ডাবল ইঞ্জিন চৰকাৰে গাঁও পৰ্যায়ত শ শ সৰু চিকিৎসালয় স্থাপন কৰি জনজাতীয় অঞ্চলত ১৪০০ৰো অধিক স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ মুকলি কৰিছে। তেওঁ উল্লেখ কৰে যে গোধৰা চিকিৎসা মহাবিদ্যালয়ৰ নতুন ভৱনৰ কামে দহোদ, বানাস্কান্ত আৰু ভালছাদত নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয়সমূহৰ ওপৰত বোজা হ্ৰাস কৰিব।

“সকলো প্ৰয়াসৰ বাবে জনজাতি জিলাৰ প্ৰতিখন গাঁৱত ২৪ ঘণ্টাই বিদ্যুতৰ ব্যৱস্থা কৰি ভাল পথ নিৰ্মাণ কৰিছে।” তেওঁ জনায় যে জনজাতীয় জিলা ডাং গুজৰাটৰ প্ৰথমখন জিলা, য’ত ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰা হৈছিল যাৰ ফলত জনজাতীয় অঞ্চলত উদ্যোগৰ সম্প্ৰসাৰণ ঘটিছিল। ‘গুজৰাটৰ গোল্ডেন কৰিড’ৰৰ লগতে টুইন চিটীৰ উন্নয়ন কৰা হৈছে। হালোল-কালোলত ঔদ্যোগিক উন্নয়ন দ্ৰুতগতিত হৈ আছে”, তেওঁ কয়।

ভাৰতৰ জনজাতীয় সমাজৰ উত্থানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে জনায় যে বিজেপি চৰকাৰেই প্ৰথমবাৰৰ বাবে জনজাতীয় সমাজৰ বাবে সুকীয়া মন্ত্ৰালয় সৃষ্টি কৰি বন ধনৰ দৰে সফল আঁচনি ৰূপায়ণ কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে চৰকাৰে ব্ৰিটিছ যুগৰ পৰাই চলি অহা বাঁহৰ খেতি আৰু বিক্ৰী নিষিদ্ধ কৰা আইনখন বিলুপ্ত কৰি বনজ উৎপাদনৰ নিৰন্তৰ অৱহেলাৰ অন্ত পেলাই, জনজাতীয়সকলক এমএছপিৰ অধিক সুবিধা প্ৰদান কৰি ৮০টাতকৈও অধিক বিভিন্ন বনজ উৎপাদন আৰু জনজাতীয়সকলৰ গৌৰৱ বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ জীৱন সহজ কৰি তোলাৰ দিশত কাম কৰাৰ উদাহৰণ দাঙি ধৰে৷ “প্ৰথমবাৰৰ বাবে জনজাতীয় সমাজত উন্নয়ন আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত অংশগ্ৰহণ বৃদ্ধি পোৱাটো অনুভৱ হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ ভগৱান বীৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকীৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰাৰ চৰকাৰে লোৱা সিদ্ধান্তৰ বিষয়েও অৱগত কৰে।

প্ৰধানমন্ত্ৰীয়ে দৰিদ্ৰ, নিপীড়িত, পিছপৰা আৰু জনজাতীয় সম্প্ৰদায়ৰ প্ৰতি ডাবল ইঞ্জিন চৰকাৰৰ অবিৰত প্ৰচেষ্টাকো আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে বিনামূলীয়া ৰেচন আঁচনি, বিনামূলীয়া ক’ভিড ভেকচিন, দৰিদ্ৰ লোকৰ বাবে ৫লাখ টকা পৰ্যন্ত চিকিৎসা, গৰ্ভৱতী মহিলাক পুষ্টিকৰ খাদ্য লাভ কৰিবলৈ সহায় কৰা আৰু ক্ষুদ্ৰ কৃষকে সাৰৰ বাবে ঋণ ল’বলৈ পিএম কিষাণ সন্মান নিধি যোজনাৰ উদাহৰণ দাঙি ধৰে। বীজ, বিদ্যুতৰ বিল আদি “প্ৰত্যক্ষ সহায় হওক বা পকী ঘৰ, শৌচাগাৰ, গেছ সংযোগ আৰু পানীৰ সংযোগৰ দৰে সুবিধাই হওক, ইয়াৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হৈছে জনজাতীয়, দলিত আৰু পিছপৰা পৰিয়াল”, শ্ৰী মোদীয়ে কয়।

ভাৰতৰ সংস্কৃতি আৰু বিশ্বাস ৰক্ষাৰ ক্ষেত্ৰত বৃহৎ ভূমিকা গ্ৰহণ কৰা জনজাতীয় বীৰসকলৰ ইতিহাসৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে চম্পানেৰ, পাৱগধ, সোমনাথ, হালদীঘাটীৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয়, “এতিয়া পাৱগধ মন্দিৰৰ সংস্কাৰ সাধন কৰা হৈছে আৰু পতাকাখন সম্পূৰ্ণ গৌৰৱৰে উত্তোলন কৰা হৈছে। একেদৰে আম্বাজী মাতাৰ ধামেই হওক আৰু দেৱমোগ্ৰা মাৰ মন্দিৰেই হওক, ইয়াৰ উন্নয়নৰ বাবেও নিৰন্তৰ প্ৰচেষ্টা চলি আছে।”

প্ৰধানমন্ত্ৰীয়ে কৰ্মসংস্থাপন বৃদ্ধিৰ বাবে পৰ্যটনৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকাৰ কৰে। তেওঁ পৰ্যটনৰ দৃষ্টিকোণৰ পৰা অতি চহকী পঞ্চমহল, প্ৰাচীন স্থাপত্যৰ বাবে বিখ্যাত চম্পানেৰ-পাৱগধ, জম্বুঘোডাৰ বন্যপ্ৰাণী, হাথনি মাটা জলপ্ৰপাত, ধনপুৰীৰ পৰিৱেশ পৰ্যটন স্থান, কদা বান্ধ, ধনেশ্বৰী মাটা মন্দিৰ, আৰু জান্দ হনুমান জীৰ কথা উল্লএখ কৰি আগন্তুক দিনত এই স্থানসমূহ পৰ্যটন চাৰ্কিট হিচাপে গঢ়ি তোলা হ’ব আৰু নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি উল্লেখ কৰে। “জনজাতীয় লোকৰ বাবে গৌৰৱৰ স্থান আৰু বিশ্বাসৰ স্থানৰ উন্নয়নে পৰ্যটনক বহু গতি প্ৰদান কৰিব”, তেওঁ লগতে কয়।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে ডাবল ইঞ্জিন চৰকাৰৰ উন্নয়নৰ বিস্তৃত পৰিসৰক প্ৰশংসা কৰি উন্নয়নৰ সুফল সকলোৰে মাজলৈ লৈ যোৱাৰ কথা উল্লেখ কৰে। “আমাৰ উদ্দেশ্য স্পষ্ট, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে মাটিত পৰিৱৰ্তন আনিব লাগে। আমি একেলগে এখন উন্নত গুজৰাট গঢ়িম আৰু এখন উন্নত ভাৰত গঢ়িম”, এই মন্তব্যৰে তেওঁ ভাষণ সামৰে।

এই উপলক্ষে অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, সাংসদসকল, গুজৰাট চৰকাৰৰ মন্ত্ৰীসকলো উপস্থিত থাকে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
e-Jagriti: Reimagining consumer justice for a Digital India

Media Coverage

e-Jagriti: Reimagining consumer justice for a Digital India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets President of the United States on the 250th anniversary of the United States' independence
July 04, 2026

The Prime Minister, Shri Narendra Modi, extended greetings to the President of the United States, Mr. Donald J. Trump, and the people of the United States on the historic occasion of the 250th anniversary of the country's independence. Shri Modi underscored the enduring strength of the India–United States partnership. He noted that the relationship between the two democracies extends beyond a strategic partnership and is anchored in shared values of democracy, the rule of law and faith in the limitless potential of their people.

The Prime Minister posted on X:

On behalf of 1.4 billion Indians, I extend my warmest congratulations to President Trump and the people of the United States on the historic 250th anniversary of your Independence.

India and the United States share more than a strategic partnership. Our shared belief in democracy, rule of law and the limitless potential of our people make our friendship a force for global good.

May the next 250 years bring even greater prosperity, peace and progress for America and take the India-US partnership to new heights.

@POTUS
@realDonaldTrump