Awards 100 ‘5G Use Case Labs’ to educational institutions across the country
Industry leaders hail the vision of PM
“The future is here and now”
“Our young generation is leading the tech revolution”
“India is not only expanding the 5G network in the country but also laying emphasis on becoming a leader in 6G”
“We believe in the power of democratization in every sector”
“Access to capital, access to resources and access to technology is a priority for our government”
“India's semiconductor mission is progressing with the aim of fulfilling not just its domestic demands but also the global requirements”
“In the development of digital technology, India is behind no developed nation”
“Technology is the catalyst that expedites the transition from a developing nation to a developed one”
“The 21st century marks an era of India's thought leadership”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ইণ্ডিয়া ম'বাইল কংগ্ৰেছ ২০২৩ৰ সপ্তম  সংস্কৰণ উদ্বোধন কৰে। ইণ্ডিয়া ম'বাইল কংগ্ৰেছ (আইএমচি) হৈছে এছিয়াৰ সৰ্ববৃহৎ টেলিকম, মিডিয়া আৰু প্ৰযুক্তি মঞ্চ আৰু ই  ২৭ ৰ পৰা ২৯ অক্টোবৰ ২০২৩ লৈ 'গ্লোবেল ডিজিটেল ইনোভেশন'ৰ বিষয়বস্তুৰে অনুষ্ঠিত হৈছে। আইএমচি ২০২৩-ৰ লক্ষ্য হৈছে মুখ্য অত্যাধুনিক প্ৰযুক্তিৰ বিকাশক, নিৰ্মাতা আৰু ৰপ্তানিকৰ্তা হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰা। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ শিক্ষানুষ্ঠানসমূহক ১০০ খন '৫জি ইউজ কেছ লেব' প্ৰদান কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ৫ নং হলত প্ৰদৰ্শনীখন উদ্বোধন কৰে । উদ্যোগৰ নেতৃবৃন্দয়ো অনুষ্ঠানটোত তেওঁলোকৰ বক্তব্য আগবঢ়ায়। ৰিলায়েন্স জিঅ' ইনফোকম লিমিটেডৰ অধ্যক্ষ শ্ৰী আকাশ এম আম্বানীয়ে ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিক শক্তি প্ৰদান কৰি শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰ তৰান্বিত কৰাৰ জড়িয়তে   যুৱ প্ৰজন্মৰ জীৱন উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীক অন্তৰ্ভুক্ত, উদ্ভাৱনীমূলক আৰু বহনক্ষম কৰি তোলাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী দেশৰ লাখ লাখ যুৱক-যুৱতীৰ বাবে এক অনুপ্ৰেৰণা স্বৰূপ হৈ পৰিছে। তেওঁ জনায় যে জিঅ'ই ভাৰতৰ  ২২ টা বৰ্তনীত ১০ লাখতকৈও অধিক ৫জি চেল স্থাপন কৰিছে, যি সামগ্ৰিক ৫জি বিতৰণত ৮৫ শতাংশ অৱদান আগবঢ়াইছে ।এই  ৫জি ষ্টেকৰ ৰোলআউট ভাৰতীয় প্ৰতিভাৰ দ্বাৰা ডিজাইন, বিকশিত আৰু নিৰ্মাণ কৰা হৈছে। তেওঁ কয় "১২৫ নিযুত ব্যৱহাৰকাৰী থকা শীৰ্ষ ৩৫ খন জি-সক্ষম দেশৰ ভিতৰত ভাৰত উন্নত  স্থানত আছে।’’ তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশক একত্ৰিত কৰিছে আৰু জিএছটি, ভাৰতৰ ডিজিটেল বিপ্লৱৰ জড়িয়তে বিশেষ উদাহৰণ দাঙি ধৰিছে। তেওঁ লগতে কয় "আপোনাৰ প্ৰচেষ্টাই আমাৰ সকলোকে অনুপ্ৰাণিত কৰিছে"। সকলো ডিজিটেল উদ্যোগী, উদ্ভাৱক আৰু ষ্টাৰ্টআপৰ হৈ শ্ৰী আম্বানীয়ে ভাৰতৰ অমৃত কালত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ আশ্বাস দিয়ে।

ভাৰতী এণ্টাৰপ্ৰাইজেছৰ অধ্যক্ষ শ্ৰী সুনীল ভাৰতী মিট্টালে ডিজিটেল ইণ্ডিয়াৰ ৰূপত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা দৃষ্টিভংগীৰ কথা স্মৰণ কৰে। যাৰ ফলত ডিজিটেল আন্তঃগাঁথনিৰ বিকাশ তীব্ৰতৰ হৈ পৰিছে । তেওঁ প্ৰধানমন্ত্ৰীৰ জেএএম ত্ৰিনিটি ভিজনৰ জড়িয়তে অনা পৰিৱৰ্তন আৰু বিশ্বই কেনেদৰে ভাৰতৰ ডিজিটেল খণ্ডৰ  পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখিছে সেই বিষয়ত  গুৰুত্ব আৰোপ কৰি ব্যক্তব্য আগবঢ়ায়। তেওঁ কয় যে ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই) বহু দেশৰ বাবে ঈৰ্ষাৰ বিষয় হৈ পৰিছে। শ্ৰী মিট্টালৰ মতে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ দ্বিতীয় মুখ্য স্তম্ভ হৈছে মেক ইন ইণ্ডিয়া। তেওঁ বিগত  এবছৰত উৎপাদনৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ কথাও উল্লেখ কৰে। তেওঁ কয় "প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতে অতি গভীৰভাবে শিপাবলৈ সক্ষম হৈছে। এপলৰ পৰা ডিক্সন, চেমচাঙৰ পৰা টাটা, প্ৰতিটো কোম্পানী, সৰু, ডাঙৰ বা ষ্টাৰ্টআপৰ দৰে কোম্পানী উৎপাদনৰ সৈতে জড়িত হৈ পৰিছে  আৰু ভাৰতে এখন উৎপাদনৰ আগশাৰীৰ  ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে, বিশেষকৈ ডিজিটেল আন্তঃগাঁথনিৰ বাবে এক বৃহৎ বিশ্ব নেতা হৈ পৰিছে"। তেওঁ জানিবলৈ দিয়ে যে ৫০০০ খন চহৰ আৰু ২০,০০০ গাঁৱত এয়াৰটেল ৫জি ৰোলআউট ইতিমধ্যে কৰা হৈছে । তেওঁ লগতে জানিবলৈ দিয়ে যে ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত তেওঁলোকে সমগ্ৰ দেশক সামৰি ল'ব আৰু প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত কৰা আহ্বানক এই পদক্ষেপে সফল কৰি তুলিব। এয়া সঁচাকৈয়ে বিশ্বৰ যিকোনো স্থানত দ্ৰুততম ৫জি ৰোলআউট হ'ব, তেওঁ কয়।

 

আদিত্য বিৰলা গোটৰ অধ্যক্ষ শ্ৰী কুমাৰ মংগলম বিৰলাই ভাৰতৰ ডিজিটেল পৰিৱৰ্তনৰ ক্ষেত্ৰত দূৰদৰ্শী নেতৃত্বৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু তেওঁৰ প্ৰতিশ্ৰুতিৰ প্ৰশংসা কৰে।  ডিজিটেল অন্তৰ্ভুক্তিৰ দিশত ভাৰতৰ  'অন্ত্যোদয়'ৰ নীতি নিহিত হৈ আছে, য'ত সকলোৰে বাবে লাভালাভ নিশ্চিত কৰা হৈছে। তেওঁ ডিজিটেল বিৱৰ্তনত ভাৰতৰ বিকাশৰ  এই পদ্ধতিক কৃতিত্ব দিয়ে,  যিয়ে বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে। তেওঁ কয় "প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতে বিশ্ব চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰিছে"।  শ্ৰী বিৰলাই লগতে কয় যে বহু দেশে পৰিচয়, পৰিশোধ আৰু তথ্য ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভাৰতৰ পথপ্ৰদৰ্শক ৰাজহুৱা আন্তঃগাঁথনিৰ আৰ্হি গ্ৰহণ কৰিবলৈ আগ্ৰহী হৈ পৰিছে। তেওঁ পুনৰ কয় যে ভোডাফোন আইডিয়া প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী সাকাৰ  কৰাৰ ক্ষেত্ৰত এক দায়িত্বশীল অংশীদাৰ হ'বলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাত ভাৰতে ৬জিৰ দৰে ক্ষেত্ৰত ভৱিষ্যত প্ৰযুক্তিৰ মানৰ বিকাশৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে। তেওঁ চৰকাৰক এনে বোৰ ক্ষেত্ৰত কৰা  সমৰ্থনৰ বাবে ধন্যবাদ জনায়।

 সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে একবিংশ শতিকাৰ পৰিৱৰ্তনশীল সময়ত এই অনুষ্ঠানৰ কোটি কোটি লোকৰ জীৱন সলনি কৰাৰ ক্ষমতা আছে। প্ৰযুক্তিবিদ্যাৰ দ্ৰুত অগ্ৰগতিৰ কথা উল্লেখ কৰি  প্ৰধানমন্ত্ৰীয়ে কয়, "ভৱিষ্যত এতিয়া আৰু ইয়াতেই  আছে"। তেওঁ টেলিকম, প্ৰযুক্তি আৰু সংযোগৰ ক্ষেত্ৰত ভৱিষ্যতৰ আভাস  দাঙি ধৰাৰ  বাবে এই অনুষ্ঠানৰ প্ৰদৰ্শনীৰো প্ৰশংসা কৰে। তেওঁ ৬জি, এআই, চাইবাৰ নিৰাপত্তা, অৰ্ধপৰিবাহী, ড্ৰোন বা মহাকাশ খণ্ড, গভীৰ সাগৰ অধ্যয়ন, সেউজ প্ৰযুক্তি বা আন যিকোনো খণ্ডৰ ক্ষেত্ৰৰ কথা উল্লেখ কৰি কয়, "ভৱিষ্যত সম্পূৰ্ণ বেলেগ হ'বলৈ গৈ আছে আৰু আমাৰ যুৱ প্ৰজন্মই প্ৰযুক্তি বিপ্লৱৰ নেতৃত্ব দিয়াটো সুখৰ বিষয় হৈ পৰিছে"।

 

 শ্ৰী মোদীয়ে স্মৰণ কৰে যে যোৱা বছৰ ভাৰতত অনুষ্ঠিত হোৱা ৫জি ৰোলআউটে বিশ্বৰ বাকী অংশক আচৰিত কৰি তুলিছিল। তেওঁ জোৰ দি কয় যে ৫জিৰ সফলতাৰ পিছত ভাৰত ৰৈ যোৱা নাছিল আৰু ইয়াক প্ৰতিজন ব্যক্তিৰ ওচৰলৈ লৈ যোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁ কয়, "ভাৰতে ৫জি ৰোলআউট পৰ্যায়ৰ পৰা আৰম্ভ কৰি এতিয়া  ৫জিৰ উপলব্ধতাৰ  স্তৰলৈ  আগবাঢ়িছে"। ৫জি ৰোলআউটৰ এবছৰৰ ভিতৰত প্ৰধানমন্ত্ৰীয়ে ৪ লাখ ৫জি বেচ ষ্টেচনৰ উন্নয়নৰ বিষয়ে অৱগত কৰে । যিয়ে ৯৭ শতাংশতকৈ অধিক চহৰ আৰু ৮০ শতাংশ লোকক সামৰি হৈছে। তেওঁ উল্লেখ কৰে যে এবছৰৰ ভিতৰত মধ্যমীয়া ম'বাইল ব্ৰডবেণ্ড গতি ৩ গুণলৈ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে ব্ৰডবেণ্ডগতিৰ ক্ষেত্ৰত ভাৰত ১১৮ সংখ্যক  স্থানৰ পৰা ৪৩ সংখ্যক  স্থানলৈ আগবাঢ়িছে। "ভাৰত কেৱল সম্প্ৰসাৰিত হোৱাই নহয়  দেশৰ ৫জি নেটৱৰ্কৰ  লগতে ৬জিত নেতৃত্ব প্ৰদানৰ  বিষয়ত  গুৰুত্ব আৰোপ কৰিছে", তেওঁ মন্তব্য কৰে। ২জিৰ সময়ত সংঘটিত কেলেংকাৰীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান চৰকাৰৰ কাৰ্যকালত সংঘটিত হোৱা ৪জি ৰোলআউট কলঙ্কৰ পৰা মুক্ত। তেওঁ লগতে বিশ্বাস ব্যক্ত কৰে যে ভাৰতে ৬জি প্ৰযুক্তিৰ নেতৃত্ব ল’ব  পাৰিব।  

তেওঁ কয়, ইণ্টাৰনেট সংযোগ আৰু গতিৰ ক্ষেত্ৰত ৰেংকিং আৰু সংখ্যাৰ উন্নতিৰ উপৰি জীৱনধাৰণৰ সহজতা বৃদ্ধি পাইছে । তেওঁ শিক্ষা, ঔষধ, পৰ্যটন আৰু কৃষিক্ষেত্ৰত উন্নত সংযোগ আৰু গতিৰ লাভালাভৰ বিষয়েও বৰ্ণনা কৰে।

 

"আমি গণতান্ত্ৰিককৰণৰ শক্তিত বিশ্বাস কৰো। উন্নয়নৰ লাভালাভ প্ৰতিটো শাখা আৰু অঞ্চলত উপনীত হ'ব লাগে, ভাৰতৰ সম্পদৰ পৰা সকলোৱে লাভান্বিত হ'ব লাগে, সকলোৰে মৰ্যাদাপূৰ্ণ জীৱন থাকিব লাগে আৰু প্ৰযুক্তিৰ লাভালাভ সকলোৰে ওচৰলৈ যাব লাগে। আমি এই দিশত দ্ৰুতগতিত কাম কৰি আছো", প্ৰধানমন্ত্ৰীয়ে কয়। "মোৰ বাবে এয়া হৈছে আটাইতকৈ ডাঙৰ সামাজিক ন্যায়", তেওঁ লগতে কয়। তেওঁ লগতে কয় যে "মূলধনৰ প্ৰৱেশাধিকাৰ, সম্পদৰ প্ৰৱেশাধিকাৰ আৰু প্ৰযুক্তিৰ প্ৰৱেশাধিকাৰ আমাৰ চৰকাৰৰ বাবে এক অগ্ৰাধিকাৰ।’’ তেওঁ উল্লেখ কৰে যে মুদ্ৰা আঁচনিৰ অধীনত বন্ধকী-মুক্ত ঋণ, শৌচালয়ৰ প্ৰৱেশাধিকাৰ আৰু জেএএম ট্ৰিনিটিৰ জৰিয়তে ডিবিটিয়ে এটা কথা স্পষ্ট কৰিছে  যে এইবোৰে  সাধাৰণ নাগৰিকৰ বাবে পূৰ্বতে সহজলভ্য নোহোৱা অধিকাৰ নিশ্চিত কৰি আছে। তেওঁ এই ক্ষেত্ৰত টেলিকম প্ৰযুক্তিৰ ভূমিকাৰ বিষয়তো  আলোকপাত কৰে আৰু ভাৰত নেটৰ কথা উল্লেখ কৰে, যিটোৱে  প্ৰায় ২ লাখ গাঁও পঞ্চায়তক ব্ৰডবেণ্ডৰ সৈতে সংযোগ কৰিছে। ১০,০০০ অটল টিঙ্কাৰিং পৰীক্ষাগাৰে প্ৰায় ৭৫  লাখ শিশুক অত্যাধুনিক প্ৰযুক্তিৰ অভিজ্ঞতা প্ৰদান কৰিছে। তেওঁ আশা ব্যক্ত কৰে  যে আজি মুকলি কৰা ৫জিৰ পৰীক্ষাগাৰসমূহে একে ধৰণৰ প্ৰভাৱ পেলাব। "এই পৰীক্ষাগাৰবোৰে যুৱসকলক ডাঙৰ সপোন দেখিবলৈ আৰু সেইবোৰ প্ৰাপ্ত কৰাৰ আত্মবিশ্বাস প্ৰদান কৰিবলৈ প্ৰেৰণা যোগাব", তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে ভাৰতৰ ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰই যোৱা কেইবছৰমানত বিশ্বত নিজৰ বাবে এক গুৰুত্বপূৰ্ণ স্থান উলিয়াই ল’বলৈ সক্ষম হৈছে। "ভাৰতে যথেষ্ট কম সময়ত ইউনিকৰ্ণৰ এটা শতক গঢ়ি তুলিছে আৰু এতিয়া বিশ্বৰ শীৰ্ষ ৩ টা ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰৰ ভিতৰত এটা হৈ পৰিছে", শ্ৰী মোদীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ পূৰ্বে  ভাৰতত মাত্ৰ কেইশমানহে  ষ্টাৰ্টআপ আছিল।  সেই সংখ্যা আজি প্ৰায় এক লাখলৈ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় ম'বাইল কংগ্ৰেছৰ দ্বাৰা দেশৰ ষ্টাৰ্টআপসমূহক পৰামৰ্শ দিয়াৰ এক প্ৰচেষ্টা 'এস্পায়াৰ' কাৰ্যসূচীৰ কথাও উল্লেখ  কৰে আৰু এই পদক্ষেপে ভাৰতৰ যুৱপ্ৰজন্মক যথেষ্ট লাভাৱান্বিত কৰিব বুলি বিশ্বাস ব্যক্ত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে ভাৰতৰ এই যাত্ৰা মনত ৰাখিব লাগিব। পুৰণি প্ৰযুক্তিৰ ক্ষেত্ৰত  সন্মুখীন হোৱা অসুবিধাৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে অতীতৰ চৰকাৰসমূহো একে ধৰণৰ অৱস্থাতে আছিল। প্ৰধানমন্ত্ৰীয়ে পূৰ্বৰ চৰকাৰসমূহৰ পুৰণি পদ্ধতিসমূহৰ বিষয়ে উল্লেখ কৰি হিমায়িত ম'বাইল ডিভাইচৰ সৈতে এক উপমা দাঙি ধৰে,  য'ত কমাণ্ডবোৰে কাম নকৰে। "২০১৪ চনৰ পিছত, মানুহে পুৰণি প্ৰযুক্তি ব্যৱহাৰ কৰা বন্ধ কৰিছে।  য'ত বেটাৰি সলনি কৰা বা প্ৰণালীটো পুনৰ আৰম্ভ কৰাটো এক বিৰক্তিকৰ  চেষ্টা  হৈ পৰিছিল", তেওঁ কয়।  তেওঁ স্মৰণ কৰে যে ভাৰত মোবাইল ফোনৰ আমদানিকৰ্তা আছিল।  আনহাতে আজি ভাৰত   বিশ্বৰ সৰ্ববৃহৎ মোবাইল নিৰ্মাতা হিচাবে দ্বিতীয় স্থানত উপবিষ্ট হৈছে।  পূৰ্বৰ চৰকাৰৰ সময়ত ইলেক্ট্ৰনিক্স উৎপাদনৰ ক্ষেত্ৰত দূৰদৃষ্টিৰ অভাৱৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতে আজি দেশত নিৰ্মিত প্ৰায় ২ লাখ কোটি টকাৰ ইলেক্ট্ৰনিক্স ৰপ্তানি কৰি আহিছে। তেওঁ গুগলে ভাৰতত পিক্সেল ফোন নিৰ্মাণৰ শেহতীয়া ঘোষণাৰ  বিষয়েও  আলোকপাত কৰে। "চেমচাং ফ'ল্ড ফাইভ আৰু এপল আইফোন ১৫  ইতিমধ্যে ভাৰতত নিৰ্মাণ কৰা হৈছে", তেওঁ লগতে কয়।

 

প্ৰধানমন্ত্ৰীয়ে মোবাইল আৰু ইলেক্ট্ৰনিক্স উৎপাদনৰ ক্ষেত্ৰত এই সফলতাক আৰু অধিক আগুৱাই নিয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় "প্ৰযুক্তি পৰিস্থিতিতন্ত্ৰত হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ দুয়োটাৰ সফলতাৰ বাবে, আমি এক শক্তিশালী অৰ্ধপৰিবাহী উৎপাদনখণ্ড নিৰ্মাণ কৰাটো গুৰুত্বপূৰ্ণ।’’

ভাৰতত অৰ্ধপৰিবাহীৰ বিকাশৰ বাবে ৮০ হাজাৰ কোটি টকাৰ পিএলআই আঁচনি চলি আছে বুলিও মোদীয়ে  অৱগত কৰে। আজি, সমগ্ৰ বিশ্বৰ অৰ্ধপৰিবাহী কোম্পানীবোৰে ভাৰতীয় কোম্পানীবোৰৰ সহযোগত অৰ্ধপৰিবাহীৰ সংযোগীকৰণ আৰু পৰীক্ষাৰ ক্ষেত্ৰত  বিনিয়োগ কৰি আছে। ভাৰতৰ অৰ্ধপৰিবাহী অভিযানে কেৱল ইয়াৰ ঘৰুৱা চাহিদাই নহয়, বিশ্বৰ প্ৰয়োজনীয়তা পূৰণৰ লক্ষ্যৰে আগবাঢ়িছে, তেওঁ লগতে কয়।

উন্নয়নশীল ৰাষ্ট্ৰ এখনক বিকশিত কৰিব পৰা কাৰকসমূহত প্ৰযুক্তিৰ প্ৰাধান্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ডিজিটেল প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত ভাৰত কোনো উন্নত ৰাষ্ট্ৰতকৈ  পিছ পৰি থকা নাই। বিভিন্ন খণ্ডক প্ৰযুক্তিৰ সৈতে সংযুক্ত কৰাৰ পদক্ষেপসমূহৰ কথা উল্লেখ  কৰি প্ৰধানমন্ত্ৰীয়ে লজিষ্টিক, ৰাষ্ট্ৰীয় স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী গতিশক্তিৰ দৰে মঞ্চৰ কথা উল্লেখ কৰে।

তেওঁ  স্বাস্থ্য আৰু কৃষি খণ্ডত হোৱা উন্নয়নৰ কথাও ব্যক্ত কৰে। তেওঁ বৈজ্ঞানিক গৱেষণা, কোৱাণ্টাম মিছন আৰু ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যন তথা  থলুৱা ডিজাইন আৰু প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত  বৃহৎ বিনিয়োগৰ কথাও উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে চাইবাৰ নিৰাপত্তা আৰু নেটৱৰ্ক আন্তঃগাঁথনিৰ সুৰক্ষাৰ গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে আৰু জি-২০ সন্মিলনত 'চাইবাৰ নিৰাপত্তাৰ গোলকীয় ভাবুকি' সন্দৰ্ভত হোৱা আলোচনাৰ কথা স্মৰণ কৰে। সমগ্ৰ উৎপাদন প্ৰমূল্য শৃংখলাত আত্মনিৰ্ভৰশীলতা চাইবাৰ নিৰাপত্তাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰমূল্য শৃংখলাৰ সকলো বোৰ ৰাষ্ট্ৰীয় ক্ষেত্ৰৰ হ'লে নিৰাপত্তা বজাই ৰখাটো সহজ হৈ পৰে।

শ্ৰী মোদীয়ে বিশ্বৰ গণতান্ত্ৰিক সমাজক সুৰক্ষিত কৰি ৰখাৰ বিষয়ে ইণ্ডিয়া ম'বাইল কংগ্ৰেছত আলোচনা কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়তো  গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে অতীতত নতুন প্ৰযুক্তি গ্ৰহণৰ ক্ষেত্ৰত দেশে  হেৰুওৱা সুযোগৰ বাবে দুখ প্ৰকাশ কৰে। তেওঁ ভাৰতৰ তথ্য প্ৰযুক্তি খণ্ডৰ কথা উল্লেখ কৰে য'ত ভাৰতে ইতিমধ্যে বিকশিত প্ৰযুক্তিত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। "একবিংশ শতিকাৰ এই সময়ছোৱা হৈছে ভাৰতৰ চিন্তাৰ নেতৃত্ব প্ৰদানৰ সময়", শ্ৰী মোদীয়ে   চিন্তাশীল নেতাসকলক নতুন ক্ষেত্ৰ সৃষ্টি কৰিবলৈ আহ্বান জনায় এনেদৰে কয়। তেওঁ লগতে কয় যে এয়া এনে হ’ব লাগে যাক আনসকলে অনুসৰণ কৰিব পাৰে। তেওঁ ইউপিআইৰ উদাহৰণ দাঙি ধৰে।  যিয়ে আজি ডিজিটেল পৰিশোধ প্ৰণালীত সমগ্ৰ বিশ্বক নেতৃত্ব দি আছে। "ভাৰতৰ যুৱ জনগাঁথনিৰ শক্তি আৰু জীৱন্ত গণতন্ত্ৰৰ শক্তি আছে", প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।  ইণ্ডিয়া ম'বাইল কংগ্ৰেছৰ সদস্যসকলে, বিশেষকৈ যুৱ সদস্যসকলে এই দিশত আগবাঢ়িব বুলি তেওঁ আশা ব্যক্ত কৰে। "আজি যেতিয়া আমি উন্নত ভাৰত হোৱাৰ লক্ষ্য উপলব্ধি কৰিছো, চিন্তাধাৰাৰ নেতা হিচাপে আগবাঢ়ি যোৱাৰ পৰিৱৰ্তনে সমগ্ৰ খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে", প্ৰধানমন্ত্ৰীয়ে এনেদৰে কৈ তেওঁৰ ভাষণৰ  সামৰণি মাৰে।

কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় যোগাযোগ ৰাজ্যিক মন্ত্ৰী শ্ৰী দেৱুসিংহ চৌহান, ৰিলায়েন্স জিঅ' ইনফোকম লিমিটেডৰ অধ্যক্ষ শ্ৰী আকাশ এম আম্বানী, ভাৰতী এণ্টাৰপ্ৰাইজেছৰ অধ্যক্ষ শ্ৰী সুনীল ভাৰতী মিট্টাল আৰু আদিত্য বিৰলা গোটৰ অধ্যক্ষ শ্ৰী কুমাৰ মংগলম বিৰলা এই অনুষ্ঠানত উপস্থিত থাকে।

পৃষ্ঠভূমি

'১০০ ৫জি পৰীক্ষাগাৰৰ উদ্যোগ', হৈছে ৫জি এপ্লিকেশ্বনৰ বিকাশত উদগনি যোগাই  ৫জি প্ৰযুক্তিৰ সৈতে সম্পৰ্কিত সুযোগবোৰ উপলব্ধি কৰাৰ এক প্ৰয়াস । যি ভাৰতৰ অনন্য প্ৰয়োজনীয়তাৰ লগতে বিশ্বব্যাপী চাহিদা দুয়োটা পূৰণ কৰিব। এই অনন্য পদক্ষেপে শিক্ষা, কৃষি, স্বাস্থ্য, শক্তি, পৰিবহন আদিৰ দৰে বিভিন্ন আৰ্থ-সামাজিক ক্ষেত্ৰত উদ্ভাৱনী শক্তি  বৃদ্ধি কৰিব আৰু দেশক ৫জি প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত আগুৱাই নিব । দেশত ৬জি-প্ৰস্তুত শৈক্ষিক আৰু ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাৰ বাবেও এই পদক্ষেপ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাবে বিবেচিত হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, এই পদক্ষেপটো হৈছে থলুৱা টেলিকম প্ৰযুক্তিৰ বিকাশৰ দিশত এক পদক্ষেপ, যি ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবেও গুৰুত্বপূৰ্ণ।

ইণ্ডিয়া ম'বাইল কংগ্ৰেছ (আইএমচি) হৈছে এছিয়াৰ সৰ্ববৃহৎ টেলিকম, মিডিয়া আৰু প্ৰযুক্তি মঞ্চ আৰু ২৭ ৰ পৰা ২৯ অক্টোবৰ, ২০২৩ লৈ এয়া অনুষ্ঠিত হৈছে। এই অনুষ্ঠানটোৱে দূৰসংযোগ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অবিশ্বাস্য অগ্ৰগতিৰ বিষয়ত আলোকপাত কৰি গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়োৱা আৰু ষ্টাৰ্ট-আপসমূহক তেওঁলোকৰ উদ্ভাৱনী সামগ্ৰী  প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে এক মঞ্চ হিচাপে কাম কৰিব।

'গ্লোবেল ডিজিটেল ইনোভেশন'ৰ বিষয়বস্তুৰ সৈতে, আইএমচি ২০২৩-ৰ লক্ষ্য হৈছে মুখ্য অত্যাধুনিক প্ৰযুক্তিৰ বিকাশক, নিৰ্মাতা আৰু ৰপ্তানিকৰ্তা হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰা।  তিনিদিনীয়া কংগ্ৰেছে ৫জি, ৬জি আৰু কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ দৰে প্ৰযুক্তিৰ বিষয়ত আলোকপাত কৰিব আৰু অৰ্ধপৰিবাহী উদ্যোগ, সেউজ প্ৰযুক্তি, চাইবাৰ নিৰাপত্তা আদি সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰিব।

এই বছৰ, আই.এম.চি.-য়ে এটা ষ্টাৰ্টআপ কাৰ্যসূচী আৰম্ভ কৰিছে - 'এস্পায়াৰ'। ই ষ্টাৰ্টআপ, বিনিয়োগকাৰী আৰু প্ৰতিষ্ঠিত ব্যৱসায়ৰ মাজত সম্পৰ্ক গঢ়ি তুলিব। যাৰ উদ্দেশ্য হৈছে নতুন উদ্যোগী পদক্ষেপ আৰু সহযোগিতাক অনুপ্ৰাণিত কৰা।

আইএমচি ২০২৩-ত প্ৰায় ২২ খন দেশৰ এক লাখৰো অধিক অংশগ্ৰহণকাৰীয়ে অংশ লৈছে । যাৰ ভিতৰত আছে প্ৰায় ৫০০০ মুখ্য কাৰ্যবাহী বিষয়া পৰ্যায়ৰ প্ৰতিনিধি, ২৩০ গৰাকী প্ৰদৰ্শক, ৪০০ ষ্টাৰ্টআপ আৰু অন্যান্য অংশীদাৰ।

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why The SHANTI Bill Makes Modi Government’s Nuclear Energy Push Truly Futuristic

Media Coverage

Why The SHANTI Bill Makes Modi Government’s Nuclear Energy Push Truly Futuristic
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to visit Assam on 20-21 December
December 19, 2025
PM to inaugurate and lay the foundation stone of projects worth around Rs. 15,600 crore in Assam
PM to inaugurate New Terminal Building of Lokapriya Gopinath Bardoloi International Airport in Guwahati
Spread over nearly 1.4 lakh square metres, New Terminal Building is designed to handle up to 1.3 crore passengers annually
New Terminal Building draws inspiration from Assam’s biodiversity and cultural heritage under the theme “Bamboo Orchids”
PM to perform Bhoomipujan for Ammonia-Urea Fertilizer Project of Assam Valley Fertilizer and Chemical Company Limited at Namrup in Dibrugarh
Project to be built with an estimated investment of over Rs. 10,600 crore and help meet fertilizer requirements of Assam & neighbouring states and reduce import dependence
PM to pay tribute to martyrs at Swahid Smarak Kshetra in Boragaon, Guwahati

Prime Minister Shri Narendra Modi will undertake a visit to Assam on 20-21 December. On 20th December, at around 3 PM, Prime Minister will reach Guwahati, where he will undertake a walkthrough and inaugurate the New Terminal Building of Lokapriya Gopinath Bardoloi International Airport. He will also address the gathering on the occasion.

On 21st December, at around 9:45 AM, Prime Minister will pay tribute to martyrs at Swahid Smarak Kshetra in Boragaon, Guwahati. After that, he will travel to Namrup in Dibrugarh, Assam, where he will perform Bhoomi Pujan for the Ammonia-Urea Project of Assam Valley Fertilizer and Chemical Company Ltd. He will also address the gathering on the occasion.

Prime Minister will inaugurate the new terminal building of Lokapriya Gopinath Bardoloi International Airport in Guwahati, marking a transformative milestone in Assam’s connectivity, economic expansion and global engagement.

The newly completed Integrated New Terminal Building, spread over nearly 1.4 lakh square metres, is designed to handle up to 1.3 crore passengers annually, supported by major upgrades to the runway, airfield systems, aprons and taxiways.

India’s first nature-themed airport terminal, the airport’s design draws inspiration from Assam’s biodiversity and cultural heritage under the theme “Bamboo Orchids”. The terminal makes pioneering use of about 140 metric tonnes of locally sourced Northeast bamboo, complemented by Kaziranga-inspired green landscapes, japi motifs, the iconic rhino symbol and 57 orchid-inspired columns reflecting the Kopou flower. A unique “Sky Forest”, featuring nearly one lakh plants of indigenous species, offers arriving passengers an immersive, forest-like experience.

The terminal sets new benchmarks in passenger convenience and digital innovation. Features such as full-body scanners for fast, non-intrusive security screening, DigiYatra-enabled contactless travel, automated baggage handling, fast-track immigration and AI-driven airport operations ensure seamless, secure and efficient journeys.

Prime Minister will visit the Swahid Smarak Kshetra to pay homage to the martyrs of the historic Assam Movement, a six-year-long people’s movement that embodied the collective resolve for a foreigner-free Assam and the protection of the State’s identity.

Later in the day, Prime Minister will perform Bhoomipujan of the new brownfield Ammonia-Urea Fertilizer Project at Namrup, in Dibrugarh, Assam, within the existing premises of Brahmaputra Valley Fertilizer Corporation Limited (BVFCL).

Furthering Prime Minister’s vision of Farmers’ Welfare, the project, with an estimated investment of over Rs. 10,600 crore, will meet fertilizer requirements of Assam and neighbouring states, reduce import dependence, generate substantial employment and catalyse regional economic development. It stands as a cornerstone of industrial revival and farmer welfare.