সুভাষ চন্দ্ৰ বসু আপদা প্ৰৱন্ধন পুৰস্কাৰ বঁটা বিজয়ীসকলক সম্বৰ্ধনা
তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্পৰ পাছত, বিশ্বই ভাৰতৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰচেষ্টাৱলীৰ স্বীকৃতি দিয়াৰ লগতে প্ৰশংসা কৰিছে
“দুৰ্যোগ ব্যৱস্থাপনাৰ সৈতে জড়িত প্ৰযুক্তি আৰু মানৱ সম্পদৰ সম্প্ৰসাৰণ ভাৰতে যিদৰে দেশক ভাল সেৱা আগবঢ়াইছে”
“আমি স্থানীয় পৰ্যায়ত গৃহ নিৰ্মাণ বা চহৰ পৰিকল্পনাৰ আৰ্হি প্ৰস্তুত কৰিব লাগিব। আমি এই খণ্ডসমূহত উন্নত প্ৰযুক্তিৰ ব্যৱহাৰক উৎসাহিত কৰিব লাগিব।”
“দুৰ্যোগ ব্যৱস্থাপনা শক্তিশালী কৰাৰ বাবে স্বীকৃতি আৰু সংস্কাৰ দুটা মূল উপাদান”
“স্থানীয় লোকৰ অংশগ্ৰহণেৰে স্থানীয় সুস্থিৰতাৰ মন্ত্ৰ অনুসৰণ কৰিলেহে আপুনি সফলতা লাভ কৰিব”
“ঘৰৰ বয়স, নিষ্কাশন, আমাৰ বিদ্যুৎ আৰু পানীৰ আন্তঃগাঁথনিৰ সুস্থিৰতা আদি দিশৰ ওপৰত জ্ঞানে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰাত সহায় কৰিব”
“এম্বুলেন্স নেটৱৰ্ক ভৱিষ্যত সাজু কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা, ৫জি আৰু ইণ্টাৰনেট অৱ থিংছ (আইঅ’টি)ৰ ব্যৱহাৰৰ অন্বেষণ কৰা”
“পৰম্পৰা আৰু প্ৰযুক্তি আমাৰ শক্তি আৰু এই শক্তিৰে আমি কেৱল ভাৰতৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ বাবে দুৰ্যোগ সুস্থিৰতাৰ সৈতে জড়িত শ্ৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দুৰ্যোগ ক্ষতিশংকা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় মঞ্চ(এনপিডিআৰআৰ)ৰ তৃতীয় পৰ্ব উদ্বোধন কৰে৷ এই মঞ্চৰ তৃতীয় পৰ্বৰ মুল বিষয়বস্তু হৈছে পৰিৱৰ্তিত জলবায়ুত স্থানীয় সুস্থিৰতা গঢ়ি তোলা’৷

অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সুভাষ চন্দ্ৰ বসু আপদা প্ৰৱন্ধন পুৰস্কাৰ বঁটা বিজয়ীসকলক সম্বৰ্ধনা জনায়। ২০২৩ চনৰ পুৰস্কাৰৰ বিজয়ী হৈছে ওড়িশা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (অ’এছডিএমএ) আৰু মিজোৰামৰ লুংলেই অগ্নিনিৰ্বাপক বাহিনীৰ কেন্দ্ৰ। প্ৰধানমন্ত্ৰীয়ে দুৰ্যোগৰ আশংকা হ্ৰাসৰ ক্ষেত্ৰত উদ্ভাৱনী ধাৰণা, পদক্ষেপ, সঁজুলি আৰু প্ৰযুক্তি প্ৰদৰ্শনৰ বাবেও এই প্ৰদৰ্শনী উদ্বোধন কৰে। এই উপলক্ষে অনুষ্ঠানত গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ, ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায় উপস্থিত থাকে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে তুৰস্ক আৰু ছিৰিয়াত ভাৰতীয় উদ্ধাৰকাৰী দলৰ কামৰ বিশ্বজুৰি কৰা প্ৰশংসাৰ কথা উল্লেখ কৰে, যিটোলে প্ৰতিগৰাকী ভাৰতীয়ক গৌৰৱান্বিত কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে দুৰ্যোগ ব্যৱস্থাপনাৰ সৈতে জড়িত প্ৰযুক্তি আৰু মানৱ সম্পদৰ সম্প্ৰসাৰণ কৰিছে, যিবোৰে দেশৰ ভাল সেৱা কৰিছে। তেওঁ কয় যে এই বঁটাসমূহ দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থাক শক্তিশালী আৰু প্ৰসাৰিত কৰাৰ লগতে সুস্থ প্ৰতিযোগিতাৰো সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে বঁটাপ্ৰাপক প্ৰতিষ্ঠান দুটাৰ প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে অনুষ্ঠানৰ বিষয়বস্তু “পৰিৱৰ্তিত জলবায়ুত স্থানীয় সুস্থিৰতা গঢ়ি তোলা” ভাৰতীয় পৰম্পৰাৰ বাবে চিনাকি কাৰণ এই উপাদানটো কূপ, স্থাপত্য আৰু পুৰণি চহৰত স্পষ্টভাৱে দেখা যায়। তেওঁ কয় যে ভাৰতত দুৰ্যোগ ব্যৱস্থাপনাৰ ব্যৱস্থা, সমাধান আৰু কৌশল সদায় স্থানীয় ভাৱে গ্ৰহণ কৰি অহা আহিছে। তেওঁ কচ্চৰ ভুংগা ঘৰৰ উদাহৰণ দিয়ে যিবোৰ ভূমিকম্পৰ পৰা বহু পৰিমাণে ৰক্ষা পৰিছিল। প্ৰধানমন্ত্ৰীয়ে নতুন প্ৰযুক্তি অনুসৰি গৃহ নিৰ্মাণ আৰু নগৰ পৰিকল্পনাৰ স্থানীয় আৰ্হি বিকশিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। “নতুন প্ৰযুক্তিৰে স্থানীয় প্ৰযুক্তি আৰু সামগ্ৰী সমৃদ্ধ কৰাটো সময়ৰ আহ্বান৷ যেতিয়া আমি স্থানীয় সুস্থিৰতাৰ উদাহৰণসমূহক ভৱিষ্যতৰ প্ৰযুক্তিৰ সৈতে সংযোগ কৰিম, তেতিয়াহে আমি দুৰ্যোগৰ সুস্থিৰতাৰ দিশত ভাল কাম কৰিবলৈ সক্ষম হ’ম,” তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰি কয় যে কালিৰ জীৱনশৈলী অতি আৰামদায়ক আছিল আৰু অভিজ্ঞতাই আমাক শিকাইছিল যে খৰাং, বানপানী আৰু অবিৰত বৰষুণৰ প্ৰাকৃতিক দুৰ্যোগৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে। তেওঁ আঙুলিয়াই দিয়ে যে পূৰ্বৰ চৰকাৰসমূহে দুৰ্যোগ সাহায্য কৃষি বিভাগৰ ওচৰত ৰখাটো স্বাভাৱিক। তেওঁ স্মৰণ কৰি কয় যে যেতিয়া ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগ আহিছিল, তেতিয়া স্থানীয় সম্পদৰ সহায়ত স্থানীয় পৰ্যায়ত ইয়াৰ মোকাবিলা কৰা হৈছিল। অৱশ্যে প্ৰধানমন্ত্ৰীয়ে কয় যে আজি আমি বাস কৰা এখন সৰু পৃথিৱী য’ত ইজনে সিজনৰ অভিজ্ঞতা আৰু পৰীক্ষা-নিৰীক্ষাৰ পৰা শিকিব পৰাটো এটা নিয়ম হৈ পৰিছে। আনহাতে, প্ৰাকৃতিক দুৰ্যোগৰ প্ৰাদুৰ্ভাৱৰ সংখ্যাও বৃদ্ধি পোৱাৰ কথাও তেওঁ উল্লেখ কৰে। গাঁৱৰ এগৰাকী চিকিৎসকৰ সৈতে উপমা দি প্ৰধানমন্ত্ৰীয়ে এই কথাৰ আলোকপাত কৰে যে আজিৰ যুগত প্ৰতিটো ৰোগৰ বাবে আমাৰ বিশেষজ্ঞ চিকিৎসক আছে। একেদৰে প্ৰধানমন্ত্ৰীয়ে প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ গতিশীল ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বিগত শতিকাৰ প্ৰাকৃতিক দুৰ্যোগসমূহ অধ্যয়ন কৰি সঠিক ধাৰণা এটা ল’ব পৰা যায় আৰু লগতে এই পদ্ধতিসমূহ সময়মতে সংশোধন কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব পাৰি, সেয়া বস্তুগত হওক বা ব্যৱস্থাই হওক।

“দুৰ্যোগ ব্যৱস্থাপনা শক্তিশালী কৰাৰ বাবে স্বীকৃতি আৰু সংস্কাৰ দুটা মূল উপাদান”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ ব্যাখ্যা কৰে যে স্বীকৃতিয়ে প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা সৃষ্টি হোৱা সম্ভাৱ্য ভাবুকি আৰু ভৱিষ্যতে কেতিয়া আহিব সেইটো চিনাক্ত কৰাত সহায় কৰিব, আনহাতে সংস্কাৰ হৈছে এনে এক ব্যৱস্থা য’ত সম্ভাৱ্য প্ৰাকৃতিক দুৰ্যোগৰ ভাবুকি কম কৰা হয়। তেওঁ ব্যৱস্থাটোক সময় নিৰ্ধাৰিতভাৱে অধিক সক্ষম কৰি উন্নত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল আৰু শ্বৰ্টকাটৰ পৰিৱৰ্তে দীৰ্ঘম্যাদী চিন্তাৰ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ বিগত বছৰবোৰত পশ্চিমবংগ আৰু ওড়িশাত ঘূৰ্ণীবতাহৰ ফলত হোৱা শ শ লোকৰ মৃত্যুৰ কথা স্মৰণ কৰে যদিও সময় আৰু কৌশলৰ পৰিৱৰ্তনৰ লগে লগে ভাৰত এতিয়া এনে ঘূৰ্ণীবতাহৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হৈছে য’ত জীৱন আৰু সম্পত্তিৰ ক্ষতি কম হয়। “আমি প্ৰাকৃতিক দুৰ্যোগ ৰোধ কৰিব নোৱাৰো কিন্তু আমি নিশ্চিতভাৱে উন্নত কৌশল আৰু ব্যৱস্থা স্থাপন কৰি ইয়াৰ প্ৰভাৱ কম কৰিব পাৰো”, প্ৰধানমন্ত্ৰীয়ে প্ৰতিক্ৰিয়াশীল পদ্ধতিৰ পৰিৱৰ্তে সক্ৰিয় পন্থা গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰি মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীয়ে স্বাধীনতাৰ পিছৰ বছৰবোৰত দুৰ্যোগ ব্যৱস্থাপনাৰ দুৰ্বল অৱস্থাৰ কথা উল্লেখ কৰে। পাঁচ দশকৰ পাছতো দুৰ্যোগ ব্যৱস্থাপনা সন্দৰ্ভত কোনো আইন নাই বুলি তেওঁ জনায়। ২০০১ চনত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা আইন প্ৰণয়ন কৰা গুজৰাট আছিল দেশৰ প্ৰথমখন ৰাজ্য। তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰে এই আইনৰ আধাৰত দুৰ্যোগ ব্যৱস্থাপনা আইন প্ৰণয়ন কৰিছিল। ইয়াৰ পিছত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ প্ৰতিষ্ঠা হ’ল।

প্ৰধানমন্ত্ৰীয়ে স্থানীয় সংস্থাসমূহত দুৰ্যোগ ব্যৱস্থাপনা শাসন ব্যৱস্থা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। “আমি পৰিকল্পনাক প্ৰতিষ্ঠানিকৰণ কৰিব লাগিব আৰু স্থানীয় পৰিকল্পনাৰ পৰ্যালোচনা কৰিব লাগিব। সম্পূৰ্ণ ব্যৱস্থাটোৰ উন্নীতকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে দুটা স্তৰত কাম কৰিবলৈ আহ্বান জনায়। প্ৰথমতে দুৰ্যোগ ব্যৱস্থাপনা বিশেষজ্ঞসকলে জনসাধাৰণৰ অংশগ্ৰহণৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব। তেওঁ ভূমিকম্প, ঘূৰ্ণীবতাহ, জুই আৰু অন্যান্য দুৰ্যোগৰ বিপদৰ বিষয়ে মানুহক সজাগ কৰাৰ এক নিৰন্তৰ প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত সঠিক প্ৰক্ৰিয়া, ড্ৰিল আৰু নিয়মৰ বিষয়ে সজাগতা প্ৰদান কৰাটো গুৰুত্বপূৰ্ণ। “স্থানীয় লোকৰ অংশগ্ৰহণেৰে স্থানীয় সুস্থিৰতা মন্ত্ৰ অনুসৰণ কৰিলেহে আপুনি সফলতা লাভ কৰিব”, গাঁও আৰু চুবুৰী পৰ্যায়ত ৰে’ল ‘যুৱক মণ্ডল’ আৰু ‘সখী মণ্ডল’ ব্যৱহাৰ কৰিবলৈ অংশীদাৰসকলক কয়। তেওঁ অপদা মিত্ৰ, এনএছএছ-এনচিচি, সেনাবাহিনীৰ প্ৰবীণ সৈনিকৰ ব্যৱস্থা আৰু অধিক শক্তিশালী কৰিবলৈ কয় আৰু প্ৰথম সঁহাৰিৰ বাবে কমিউনিটি চেণ্টাৰত সঁজুলি নিশ্চিত কৰাৰ প্ৰয়োজন কাৰণ উদ্ধাৰ কাম সময়মতে আৰম্ভ কৰিলে বহু লোকৰ জীৱন ৰক্ষা পৰিব পাৰে।

দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তি ব্যৱহাৰ কৰি বাস্তৱ সময়ৰ পঞ্জীয়ন আৰু নিৰীক্ষণ ব্যৱস্থাৰ বাবে অনুৰোধ জনায়। তেওঁ কয়, “ঘৰৰ বয়স, নিষ্কাশন, আমাৰ বিদ্যুৎ আৰু পানীৰ আন্তঃগাঁথনিৰ সুস্থিৰতা আদি দিশৰ জ্ঞানে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰাত সহায় কৰিব।” প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ প্ৰচণ্ড উষ্ণতাৰ ওপৰত কৰা পৰ্যালোচনা বৈঠকত চিকিৎসালয়ৰ অগ্নিকাণ্ডৰ সন্দৰ্ভত আলোচনা আৰু চিকিৎসালয়খনৰ অগ্নিকাণ্ড মোকাবিলা কৰাৰ নিয়মীয়া পৰ্যালোচনাই কেনেদৰে জীৱন ৰক্ষা কৰিব পাৰে সেই বিষয়ে আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে বিশেষকৈ ক্ৰমাৎ বৃদ্ধি পোৱা গৰমৰ লগে লগে যোৱা কেইবছৰমানৰ পৰা চিকিৎসালয়, কাৰখানা, হোটেল বা বহুমহলীয়া আৱাসিক ভৱনৰ দৰে ঘন চহৰ অঞ্চলত অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱা ঘটনা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে। তেওঁ ঘন জনবসতিপূৰ্ণ অঞ্চলত অতি পদ্ধতিগতভাৱে কাম কৰিবলগীয়া হোৱাৰ প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰে য’ত এখন বাহনৰ সহায়ত উপনীত হোৱাটো এক কঠিন কাম আৰু ইয়াৰ সমাধান বিচাৰি উলিওৱাত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে ওখ অট্টালিকাত জুই নিৰ্বাপনৰ স্বাৰ্থত আমাৰ অগ্নিনিৰ্বাপক বাহিনীৰ দক্ষতা অহৰহ বৃদ্ধি কৰাৰ লগতে আৰম্ভ হোৱা ঔদ্যোগিক জুই নিৰ্বাপনৰ বাবে পৰ্যাপ্ত সম্পদ থকাটোও নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে স্থানীয় দক্ষতা আৰু সঁজুলিৰ নিৰন্তৰ আধুনিকীকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ আত্মসহায়ক গোটৰ মহিলাসকলক তেওঁলোকৰ আয় বৃদ্ধি আৰু অগ্নিকাণ্ডৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰিবলৈ বন ইন্ধনক জৈৱ ইন্ধনলৈ সলনি কৰা সঁজুলি প্ৰদান কৰাৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ কয়। গেছ নিৰ্গত হোৱাৰ সম্ভাৱনা বেছি থকা উদ্যোগ আৰু চিকিৎসালয়ৰ বাবে বিশেষজ্ঞৰ শক্তি গঢ় দিয়াৰ কথাও তেওঁ কয়। একেদৰে এম্বুলেন্স নেটৱৰ্কক ভৱিষ্যত সাজু কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা, ৫জি আৰু ইন্টাৰনেট অৱ থিংছ (আইঅ’টি)ৰ ব্যৱহাৰৰ বিষয়ে অন্বেষণ কৰিবলৈ কয়। তেওঁ অংশীদাৰসকলক ড্ৰ’ন, সতৰ্কতা প্ৰদানৰ বাবে গেজেট আৰু ধ্বংসাৱশেষৰ তলত পোত খাই থকা লোকসকলক বিচাৰি উলিওৱাত সহায় কৰিব পৰা ব্যক্তিগত গেজেটৰ ব্যৱহাৰৰ বিষয়েও চাবলৈ কয়। তেওঁ বিশেষজ্ঞসকলক নতুন ব্যৱস্থা আৰু প্ৰযুক্তি সৃষ্টি কৰা বিশ্বজোৰা সামাজিক সংস্থাসমূহৰ কাম-কাজ অধ্যয়ন কৰি উত্তম পদ্ধতি গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বিশ্বজুৰি হৈ থকা দুৰ্যোগৰ দ্ৰুত মোকাবিলা কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু লগতে সুস্থিৰ আন্তঃগাঁথনিৰ বাবেও ইয়াৰ প্ৰতি সঁহাৰি জনায় আৰু উদ্যোগ লয়। তেওঁ জনায় যে ভাৰতৰ নেতৃত্বত গঠিত কোৱালিচন ফৰ ডিজেষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰত বিশ্বৰ শতাধিক দেশে যোগদান কৰিছে। আজিৰ আলোচনাই বহুতো পৰামৰ্শ আৰু সমাধানৰ সূচনা কৰিব আৰু তাৰ দ্বাৰা ভৱিষ্যতৰ বাবে কাৰ্য্যকৰী কেন্দ্ৰ বিন্দুৰ উত্থান ঘটাব বুলি প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে৷ “পৰম্পৰা আৰু প্ৰযুক্তি আমাৰ শক্তি আৰু এই শক্তিৰে আমি কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবেও দুৰ্যোগ সুস্থিৰতাৰ সৈতে জড়িত শ্ৰেষ্ঠ আৰ্হি প্ৰস্তুত কৰিব পাৰো,” এই মন্তব্যৰে প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে।

এনপিডিআৰআৰ হৈছে ভাৰত চৰকাৰে আলোচনা, অভিজ্ঞতা, মতামত, ধাৰণা, কাৰ্য্যমুখী গৱেষণা আৰু দুৰ্যোগৰ আশংকা হ্ৰাসৰ ক্ষেত্ৰত সুযোগসমূহ অন্বেষণৰ সুবিধাৰ বাবে গঠন কৰা এক বহু-অংশীদাৰী মঞ্চ।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Inc's $3.4-trillion club: AI, IPL, defence are new wealth creators

Media Coverage

India Inc's $3.4-trillion club: AI, IPL, defence are new wealth creators
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in mishap in Kolkata
June 25, 2026
PM announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has condoled the loss of lives due to a mishap in Kolkata.

Shri Modi assured that the state government is working round the clock to ensure that those affected receive all possible assistance.

The Prime Minister announced an ex-gratia from PMNRF of Rs. 2 lakh to the next of kin of each deceased and Rs. 50,000 for those injured.

Shri Modi posted on X;

The mishap in Kolkata yesterday is saddening. An ex-gratia of Rs. 2 lakh each will be given from PMNRF to the next of kin of those who lost their lives in the mishap. The injured would be given Rs. 50,000. The state government is working round the clock to ensure that those affected receive all possible assistance: PM @narendramodi