ভাৰতে বৈচিত্ৰ্যক গণতন্ত্ৰৰ শক্তিলৈ ৰূপান্তৰিত কৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে দেখুৱাইছে যে গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াসমূহে গণতন্ত্ৰক স্থিৰতা, গতি আৰু পৰিসৰ প্ৰদান কৰেঃ প্ৰধানমন্ত্ৰী
ভাৰতত গণতন্ত্ৰৰ অৰ্থ হৈছে অন্তিম স্থানলৈও সেৱা প্ৰদানঃ প্ৰধানমন্ত্ৰী
আমাৰ গণতন্ত্ৰ হৈছে গভীৰ শিপাৰে সমৰ্থিত এক বৃহৎ গছৰ দৰে; আমাৰ বিতৰ্ক, আলোচনা আৰু সামূহিক সিদ্ধান্ত গ্ৰহণৰ এক দীঘলীয়া পৰম্পৰা আছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে প্ৰতিখন গোলকীয় মঞ্চত গোলকীয় দক্ষিণৰ উদ্বেগ দৃঢ়ভাৱে উত্থাপন কৰিছে; জি-২০ৰ সভাপতিত্বৰ সময়ছোৱাতো ভাৰতে গোলকীয় দক্ষিণৰ অগ্ৰাধিকাৰসমূহক গোলকীয় কার্যসূচীত ৰাখিছিলঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সংসদ ভৱন চৌহদৰ সংবিধান সদনৰ কেন্দ্ৰীয় হলত কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াসকলৰ ২৮ সংখ্যক সন্মিলন (চিএছপিঅ’চি) উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে সংসদীয় গণতন্ত্ৰত অধ্যক্ষৰ ভূমিকা অনন্য। তেওঁ উল্লেখ কৰে যে অধ্যক্ষই বেছি কথা ক’ব নোৱাৰে, কিন্তু তেওঁলোকৰ দায়িত্ব হ’ল আনৰ কথা শুনা আৰু সকলোৱে যাতে নিজৰ মত প্ৰকাশ কৰাৰ সুযোগ পায় সেয়া নিশ্চিত কৰা। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ধৈৰ্য্য হৈছে অধ্যক্ষসকলৰ অন্যতম বৈশিষ্ট্য, যিসকলে আনকি কোলাহল আৰু অতি-উৎসাহী সদস্যসকলক হাঁহিৰে পৰিচালনা কৰে।

এই বিশেষ অনুষ্ঠানত অতিথিসকলক উষ্ম আদৰণি জনাই শ্ৰী মোদীয়ে তেওঁলোকক উপস্থিত থকাৰ বাবে সন্মান জনায়। তেওঁ উল্লেখ কৰে যে ভাৰতৰ গণতান্ত্ৰিক যাত্ৰাত সকলোৱে বহি থকা ঠাইখিনিয়ে অপৰিসীম গুৰুত্ব বহন কৰে। তেওঁ স্মৰণ কৰে যে ঔপনিবেশিক শাসনৰ অন্তিম বছৰবোৰত যেতিয়া ভাৰতৰ স্বাধীনতা নিশ্চিত আছিল, সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ এই কেন্দ্ৰীয় হলতে সংবিধান সভাৰ বৈঠক অনুষ্ঠিত হৈছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে স্বাধীনতাৰ পিছত ৭৫ বছৰ ধৰি এই ভৱনটোৱে ভাৰতৰ সংসদ হিচাপে কাম কৰিছে, য’ত দেশৰ ভৱিষ্যতক গঢ় দিয়া বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু আলোচনা অনুষ্ঠিত হৈছে। শ্ৰী মোদীয়ে লগতে মন্তব্য কৰে যে ভাৰতে এতিয়া এই ঐতিহাসিক স্থানটোক সংবিধান সদন নামেৰে নামকৰণ কৰি গণতন্ত্ৰৰ প্ৰতি উৎসৰ্গা কৰিছে। তেওঁ উল্লেখ কৰে যে শেহতীয়াকৈ ভাৰতে ইয়াৰ সংবিধান ৰূপায়ণৰ ৭৫ বছৰ উদযাপন কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে সংবিধান সদনত সকলো বিশিষ্ট অতিথিৰ উপস্থিতি ভাৰতৰ গণতন্ত্ৰৰ বাবে এক বিশেষ মুহূৰ্ত।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে ভাৰতত চতুৰ্থবাৰৰ বাবে কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াসকলৰ সন্মিলন অনুষ্ঠিত হৈছে। তেওঁ উল্লেখ কৰে যে এই সন্মিলনৰ মূল বিষয় হৈছে সংসদীয় গণতন্ত্ৰৰ ফলপ্ৰসূ ৰূপায়ণ। শ্ৰী মোদীয়ে স্মৰণ কৰে যে যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল, তেতিয়া আশংকা প্ৰকাশ কৰা হৈছিল যে এনে বৈচিত্ৰ্য থকা দেশত গণতন্ত্ৰ জীয়াই থাকিব নোৱাৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতে এই বৈচিত্ৰ্যক ইয়াৰ গণতন্ত্ৰৰ শক্তিলৈ ৰূপান্তৰিত কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে আন এটা গুৰুত্বপূৰ্ণ চিন্তা আছিল যে ভাৰতত কোনোমতে গণতন্ত্ৰ জীয়াই থাকিলেও উন্নয়ন সম্ভৱ নহ’ব। ‘ভাৰতে প্ৰমাণ কৰিছে যে গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াসমূহে গণতন্ত্ৰক স্থিৰতা, গতি আৰু পৰিসৰ প্ৰদান কৰে’, প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে আজি ভাৰত হৈছে বিশ্বৰ দ্ৰুততম বিকাশশীল মুখ্য অৰ্থনীতি, ইউপিআইৰ জৰিয়তে ভাৰতৰ বিশ্বৰ সৰ্ববৃহৎ ডিজিটেল পৰিশোধ ব্যৱস্থা আছে, সৰ্ববৃহৎ ভেকচিন উৎপাদক, দ্বিতীয় সৰ্ববৃহৎ ইস্পাত উৎপাদক, তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ পৰিবেশতন্ত্ৰ, তৃতীয় সৰ্ববৃহৎ বিমান পৰিবহণ বজাৰ, চতুৰ্থ সৰ্ববৃহৎ ৰে’ল নেটৱৰ্ক, তৃতীয় সৰ্ববৃহৎ মেট্ৰ’ ৰে’ল নেটৱৰ্ক, সৰ্ববৃহৎ গাখীৰ উৎপাদক আৰু দ্বিতীয় সৰ্ববৃহৎ চাউল উৎপাদক।

‘ভাৰতত গণতন্ত্ৰৰ অৰ্থ হৈছে অন্তিম পৰ্যায়লৈ সেৱা প্ৰদান’, শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতে জনসাধাৰণৰ কল্যাণৰ মনোভাৱেৰে কাম কৰে, যাতে বৈষম্য অবিহনে প্ৰতিজন ব্যক্তিৰ কাষ চাপিব পাৰে। তেওঁ উল্লেখ কৰে যে এই কল্যাণমূলক মনোভাবৰ ফলত শেহতীয়া বছৰবোৰত ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে। তেওঁ দৃঢ়তাৰে কয়, ‘ভাৰতত গণতন্ত্ৰ সম্ভৱ হৈছে’।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰতত গণতন্ত্ৰ সম্ভৱ হৈছে, কাৰণ ইয়াত জনসাধাৰণেই সৰ্বোচ্চ। তেওঁ উল্লেখ কৰে যে তেওঁলোকৰ আকাংক্ষা আৰু সপোনবোৰক অগ্ৰাধিকাৰ দিয়া হৈছে আৰু তেওঁলোকৰ পথত কোনো বাধা নাহে বুলি নিশ্চিত কৰিবলৈ প্ৰক্ৰিয়াৰ পৰা প্ৰযুক্তিলৈকে সকলোখিনি গণতান্ত্ৰিক কৰা হৈছে। তেওঁ কয় যে এই গণতান্ত্ৰিক চেতনা ভাৰতৰ শৰীৰ আৰু মনত চলি আছে। শ্ৰী মোদীয়ে ক’ভিড-১০ মহামাৰীৰ উদাহৰণ দাঙি ধৰে, যেতিয়া সমগ্ৰ বিশ্বই সংগ্ৰাম কৰি আছিল। তেওঁ উল্লেখ কৰে যে দেশৰ ভিতৰত প্ৰত্যাহ্বান সত্বেও ভাৰতে ১৫০ৰো অধিক দেশক ঔষধ আৰু ভেকচিন প্ৰদান কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে জনসাধাৰণৰ স্বাৰ্থ, কল্যাণ আৰু ভালৰ বাবে সেৱা কৰাটো ভাৰতৰ নীতি আৰু এই নীতি ভাৰতৰ গণতন্ত্ৰৰ দ্বাৰা প্ৰতিপালন কৰা হৈছে।

 

সমগ্ৰ বিশ্বৰ বহুতে ভাৰতক সৰ্ববৃহৎ গণতন্ত্ৰ বুলি জানে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে ভাৰতৰ গণতন্ত্ৰৰ পৰিসৰ সঁচাকৈয়ে অসাধাৰণ বুলি উল্লেখ কৰে। ২০২৪ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ কথা উল্লেখ কৰি তেওঁ উল্লেখ কৰে যে সেইবোৰ মানৱ ইতিহাসৰ্ববৃহৎ গণতান্ত্ৰিক অনুশীলন আছিল। প্ৰায় ৯৮ কোটি নাগৰিকে ভোটদানৰ বাবে পঞ্জীয়ন কৰিছিল, যিটো সংখ্যা কিছুমান মহাদেশৰ জনসংখ্যাতকৈ অধিক। তেওঁ উল্লেখ কৰে যে ৮,০০০ৰো অধিক প্ৰাৰ্থী আৰু ৭০০ৰো অধিক ৰাজনৈতিক দলে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু নিৰ্বাচনত মহিলা ভোটাৰসকলেও অভিলেখসংখ্যক অংশগ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে আজি ভাৰতীয় মহিলাসকলে কেৱল অংশগ্ৰহণ কৰাই নহয়, পথ প্ৰদৰ্শন কৰিছে। তেওঁ উল্লেখ কৰে যে দেশৰ প্ৰথম নাগৰিক ভাৰতৰ ৰাষ্ট্ৰপতি এগৰাকী মহিলা আৰু সন্মিলন অনুষ্ঠিত হোৱা চহৰ দিল্লীৰ মুখ্যমন্ত্ৰীও এগৰাকী মহিলা। তেওঁ লগতে উল্লেখ কৰে যে গ্ৰাম্য আৰু স্থানীয় চৰকাৰী সংস্থাসমূহত ভাৰতত প্ৰায় ১৫ লাখ নিৰ্বাচিত মহিলা প্ৰতিনিধি আছে, যিয়ে তৃণমূল পৰ্যায়ৰ নেতাসকলৰ প্ৰায় ৫০ শতাংশক প্ৰতিনিধিত্ব কৰে, যি গোলকীয় হিচাপত অতুলনীয়। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰতীয় গণতন্ত্ৰ বৈচিত্ৰ্যৰে সমৃদ্ধ। তেওঁ উল্লেখ কৰে যে শ ভাষা কোৱা হয়, বিভিন্ন ভাষাত ৯০০ৰো অধিক টেলিভিছন চেনেল আছে আৰু হাজাৰ হাজাৰ বাতৰি কাকত তথা সাময়িক পত্ৰিকা প্ৰকাশ কৰা হয়। তেওঁ উল্লেখ কৰে যে অতি কমসংখ্যক সমাজে এনে পৰিসৰত বৈচিত্ৰ্য পৰিচালনা কৰে, আৰু ভাৰতে এই বৈচিত্ৰ্য উদযাপন কৰে, কাৰণ ইয়াৰ গণতন্ত্ৰৰ এক শক্তিশালী ভেটি আছে। ভাৰতৰ গণতন্ত্ৰক গভীৰ শিপাৰ দ্বাৰা সমৰ্থিত এক বৃহৎ গছৰ সৈতে তুলনা কৰি শ্ৰী মোদীয়ে ভাৰতৰ বিতৰ্ক, আলোচনা আৰু সামূহিক সিদ্ধান্ত গ্ৰহণৰ দীঘলীয়া পৰম্পৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ভাৰতক গণতন্ত্ৰৰ মাতৃ বুলি কোৱা হয় বুলি স্মৰণ কৰে। তেওঁ উল্লেখ কৰে যে ৫,০০০ বছৰতকৈও অধিক পুৰণি ভাৰতৰ পৱিত্ৰ গ্ৰন্থ বেদবোৰে সেই সভাবোৰক বুজায়, য’ত জনসাধাৰণে সমস্যাবোৰ আলোচনা কৰিবলৈ মিলিত হৈছিল আৰু আলোচনা আৰু চুক্তিৰ পিছত সিদ্ধান্ত লৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰত হৈছে ভগৱান বুদ্ধৰ ভূমি, য’ত বৌদ্ধ সংঘই সন্মতি বা ভোটদানৰ জৰিয়তে লোৱা সিদ্ধান্তসমূহৰ সৈতে মুকলি আৰু গঠনমূলক আলোচনা কৰিছিল। তেওঁ তদুপৰি তামিলনাডুৰ দশম শতিকাৰ এখন শিলালিপিৰ কথা উল্লেখ কৰে, য’ত দায়বদ্ধতা আৰু সিদ্ধান্ত গ্ৰহণৰ স্পষ্ট নিয়মৰ সৈতে গণতান্ত্ৰিক মূল্যবোধৰ সৈতে কাম কৰা এখন গাঁও বিধানসভাক বৰ্ণনা কৰা হৈছে। ‘ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধসমূহ সময়ৰ দ্বাৰা পৰীক্ষা কৰা হৈছে, বৈচিত্ৰ্যৰ দ্বাৰা সমৰ্থিত আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম শক্তিশালী কৰা হৈছে’, প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেদৰে গুৰুত্ব আৰোপ কৰে।

শ্ৰী মোদীয়ে মন্তব্য কৰে যে কমনৱেলথৰ মুঠ জনসংখ্যাৰ প্ৰায় ৫০ শতাংশ ভাৰতত বাস কৰে। তেওঁ উল্লেখ কৰে যে ভাৰতে সকলো ৰাষ্ট্ৰৰ উন্নয়নত যিমান পাৰি সিমান অৰিহণা যোগাবলৈ নিৰন্তৰভাৱে চেষ্টা কৰি আহিছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে স্বাস্থ্য, জলবায়ু পৰিবৰ্তন, অৰ্থনৈতিক বিকাশ বা উদ্ভাৱনৰ ক্ষেত্ৰতেই হওক, কমনৱেলথৰ বহনক্ষম উন্নয়ন লক্ষ্যত ভাৰতে সম্পূৰ্ণ দায়িত্বৰে ইয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰি আছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতে সহযোগী অংশীদাৰসকলৰ পৰা শিকিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলায় আৰু লগতে ভাৰতৰ অভিজ্ঞতাই যাতে অন্যান্য কমনৱেলথ ৰাষ্ট্ৰসমূহক উপকৃত কৰে সেয়া নিশ্চিত কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এনে এক সময়ত যেতিয়া বিশ্ব অভূতপূৰ্ব পৰিবৰ্তনৰ মাজেৰে পাৰ হৈছে, ই গোলকীয় দক্ষিণৰ বাবেও নতুন পথ প্ৰস্তুত কৰাৰ সময়। তেওঁ মন্তব্য কৰে যে ভাৰতে প্ৰতিখন গোলকীয় মঞ্চত গোলকীয় দক্ষিণৰ উদ্বেগৰ কথা দৃঢ়ভাৱে প্ৰকাশ কৰিছে। তেওঁ স্মৰণ কৰে যে জি-২০ৰ সভাপতিত্বৰ সময়ত ভাৰতে গোলকীয় দক্ষিণৰ চিন্তাক গোলকীয় কার্যসূচীৰ কেন্দ্ৰত ৰাখিছিল। শ্ৰী মোদীয়ে সমগ্ৰ গোলকীয় দক্ষিণ আৰু কমনৱেলথ দেশসমূহক উদ্ভাৱনে যাতে উপকৃত কৰে, সেয়া নিশ্চিত কৰাৰ বাবে ভাৰতৰ ধাৰাবাহিক প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে ভাৰতে মুক্ত-উৎস প্ৰযুক্তি মঞ্চও নিৰ্মাণ কৰি আছে, যাতে গোলকীয় দক্ষিণৰ অংশীদাৰ ৰাষ্ট্ৰসমূহে ভাৰতত প্ৰতিষ্ঠিত প্ৰণালীৰ দৰে প্ৰণালী বিকশিত কৰিব পাৰে।

 

সংসদীয় গণতন্ত্ৰৰ জ্ঞান আৰু বোধগম্যতাৰ প্ৰচাৰৰ বিভিন্ন উপায় অন্বেষণ কৰাটো এই সন্মিলনৰ অন্যতম মুখ্য উদ্দেশ্য বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে যে এই প্ৰচেষ্টাত অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়া দুয়োৰে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে, কিয়নো ই জনসাধাৰণক তেওঁলোকৰ দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ সৈতে অধিক ঘনিষ্ঠভাৱে সংযোগ কৰে। তেওঁ উল্লেখ কৰে যে ভাৰতীয় সংসদে ইতিমধ্যে এনে পদক্ষেপ গ্ৰহণ কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে শিক্ষামূলক ভ্ৰমণ, স্বনিৰ্ধাৰিত প্ৰশিক্ষণ কাৰ্যসূচী আৰু শিক্ষানবিচীৰ জৰিয়তে নাগৰিকসকলক সংসদক অধিক ঘনিষ্ঠভাৱে বুজি পোৱাৰ সুযোগ দিয়া হৈছে। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতে বিতৰ্ক আৰু সদনৰ কাৰ্য্যকলাপবোৰ বাস্তৱ সময়ত আঞ্চলিক ভাষালৈ অনুবাদ কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা (এ আই) ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে সংসদৰ সৈতে জড়িত সম্পদসমূহকো এআইৰ সহায়ত অধিক ব্যৱহাৰকাৰী-অনুকূল কৰি তোলা হৈছে। তেওঁ উল্লেখ কৰে যে ই যুৱ প্ৰজন্মক সংসদৰ কাম-কাজ বুজাৰ এক উন্নত সুযোগ প্ৰদান কৰিছে।

তেওঁ কমনৱেলথৰ সৈতে জড়িত ২০ খনৰো অধিক সদস্য দেশ ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁৰ কেইবাখনো সংসদত ভাষণ দিয়াৰ সৌভাগ্য লাভ কৰিছে। তেওঁ উল্লেখ কৰে যে তেওঁ য’লৈকে গৈছে, বহুত কথা শিকিছে। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে তেওঁ দেখা পোৱা প্ৰতিটো শ্ৰেষ্ঠ অনুশীলন লোকসভাৰ অধ্যক্ষৰ লগতে ৰাজ্যসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ সৈতে ভাগ-বাটোৱাৰা কৰা হয়। তেওঁ আস্থা প্ৰকাশ কৰে যে এই সন্মিলনখনে শিক্ষণ আৰু ভাগ-বাটোৱাৰাৰ প্ৰক্ৰিয়াটো অধিক সমৃদ্ধ কৰিব। মন্তব্যৰ সামৰণি মাৰি তেওঁ সকলো অংশগ্ৰহণকাৰীক শুভেচ্ছা জ্ঞাপন কৰে।

 

লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা, ৰাজ্যসভাৰ উপাধ্যক্ষ শ্ৰী হৰিবংশ, আন্তঃসংসদীয় সংঘৰ সভাপতি ড টুলিয়া একছন, কমনৱেলথ সংসদীয় সংস্থাৰ অধ্যক্ষ ড০ ক্ৰিষ্টোফাৰ কালিলাৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকলে এই অনুষ্ঠানত উপস্থিত আছিল।

 

পটভূমি

২৮ সংখ্যক চিএছপিঅ’চিৰ সভাপতিত্ব কৰিব লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাই আৰু ইয়াত ৪২ খন কমনৱেলথ দেশৰ ৬১ জন অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়া তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৪ খন অৰ্ধ-স্বায়ত্তশাসিত সংসদ উপস্থিত থাকিব।

এই সন্মিলনত শক্তিশালী গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ বৰ্তাই ৰখাত অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াসকলৰ ভূমিকা, সংসদীয় কাম-কাজত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ, সংসদৰ সদস্যসকলৰ ওপৰত ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ, ভোটদানৰ বাহিৰেও সংসদ আৰু নাগৰিকৰ অংশগ্ৰহণৰ বিষয়ে জনসাধাৰণৰ বোধগম্যতা বৃদ্ধিৰ বাবে উদ্ভাৱনীমূলক কৌশল আদি সমসাময়িক সংসদীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi apologises to women after Lok Sabha rejects 33% quota bill, vows to ‘remove every obstacle’ to ensure representation

Media Coverage

PM Modi apologises to women after Lok Sabha rejects 33% quota bill, vows to ‘remove every obstacle’ to ensure representation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of prolific writer, thinker and public intellectual, Shri Balbir Punj
April 19, 2026

The Prime Minister, Shri Narendra Modi has expressed grief over the demise of prolific writer, thinker and public intellectual Shri Balbir Punj.

Shri Modi said that Shri Balbir Punj Ji was a prolific writer, thinker and public intellectual who made a rich contribution to the world of media. His writings were widely read and reflected his strong passion towards national regeneration. He noted that Shri Punj’s Parliamentary interventions were rich in facts and theory.

The Prime Minister wrote on X;

“Shri Balbir Punj Ji was a prolific writer, thinker and public intellectual. He made a rich contribution to the world of media. His writings were widely read, reflecting his strong passion towards national regeneration. His Parliamentary interventions were rich in facts and theory.

Shri Balbir Punj Ji worked tirelessly to strengthen the BJP, especially among students, professionals, scholars and intellectuals. He was in-charge of various states, including Gujarat. Fondly remember our interactions from those times. Pained by his passing. Condolences to his family and friends. Om Shanti.”

“बलबीर पुंज जी एक प्रसिद्ध लेखक होने के साथ-साथ प्रखर विचारक और सम्मानित बुद्धिजीवी थे। मीडिया के क्षेत्र में उनका योगदान बहुत सराहनीय रहा है। लोग उनकी लेखनी के कायल थे, जिससे राष्ट्र निर्माण के प्रति उनकी गहरी प्रतिबद्धता परिलक्षित होती थी । उनके संसदीय भाषणों में तथ्यों और मानवीय मूल्यों का भरपूर समावेश रहता था।

बलबीर पुंज जी ने भाजपा को सशक्त बनाने के लिए अथक प्रयास किए। विद्यार्थियों, पेशेवरों, विद्वतजनों और बुद्धिजीवियों को उन्होंने पार्टी से जोड़ने में उल्लेखनीय भूमिका निभाई। वे गुजरात सहित कई राज्यों के प्रभारी रहे। उस दौर में उनसे हुए संवाद मेरे लिए अविस्मरणीय रहेंगे। उनके निधन से अत्यंत दुख हुआ है। शोक की इस घड़ी में उनके परिजनों और मित्रों के प्रति मेरी हार्दिक संवेदनाएं। ओम शांति!”