Awaas Yojana does not just provide homes to the rural poor but also gives them confidence: PM Modi
Now the houses under the PM Awaas Yojana have water, LPG and electricity connections when they are handed over to the beneficiaries: PM
We need to strengthen the poor to end poverty: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশত ভিডিঅ’ কনফাৰেন্সিংযোগে ‘গৃহ প্ৰৱেশম’ শীৰ্ষক এক অনুষ্ঠানত ভাষণ আগবঢ়ায়, য’ত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ(পিএমএৱাই-জি)ৰ অধীনত ১.৭৫লাখ পৰিয়ালক পকী গৃহ প্ৰদান কৰা হৈছে৷

এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে পিএমএৱাই-জিৰ অধীনৰ মধ্যপ্ৰদেশৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময়ো কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ১.৭৫লাখ পৰিয়াল, যিসকলে আজি নতুন গৃহত প্ৰৱেশ কৰিব, তেওঁলোকে তেওঁলোকৰ সপোনৰ ঘৰ পোৱাই নহয় তেওঁলোকৰ সন্তানৰ ভৱিষ্যতক লৈও বিশ্বাস জন্মিছে৷ তেওঁ লগতে কয় যে এই গৃহ লাভ কৰা হিতাধিকাৰীসকলে আজি বিগত ৬ বছৰত নিজৰ আৱাস লাভ কৰা ২.২৫ কোটি পৰিয়ালৰ তালিকাত অন্তৰ্ভূক্ত হ’ল আৰু তেওঁলোকে এতিয়াৰে পৰা ভাৰা ঘৰ বা জুপুৰী গৃহ অথবা এটা কেঁচা ঘৰত থাকিবলগীয়া নহয়৷ তেওঁ হিতাধিকাৰীসকলক দীপাৱলীৰ শুভেচ্ছা জনাই কয় যে যদি এতিয়া ক’ৰোনা নাথাকিলেহেতেন, তেতিয়া তেওঁ সো-শৰীৰে তেওঁলোকৰ সৈতে সেই আনন্দৰ ভাগ ল’লেহেতেন৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ দিনটো কেৱল ১.৭৫লাখ দুখীয়া পৰিয়ালৰ বাবে স্মৰণীয় মুহূৰ্তই নহয়, বৰঞ্চ দেশৰ প্ৰতিগৰাকী গৃহহীন ব্যক্তিক পকী গৃহ প্ৰদানৰ দিশতো এক ডাঙৰ পদক্ষেপ৷ তেওঁ কয় যে দেশৰ গৃহহীন লোকসকলৰ আশা সজীৱ কৰা এই ব্যৱস্থাই প্ৰমাণ কৰে যে চৰকাৰৰ আঁচনিসমূহ কিমান সঠিক দিশত তথা নিৰ্ধাৰিত হিতাধিকাৰীৰ কাষত পাবলৈ সক্ষম হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ৰোনা কালৰ প্ৰত্যাহ্বানকো নেওচি দেশত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত ১৮লাখ গৃহৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে আৰু ইয়াৰে ১.৭৫লাখ আৱাস কেৱল মধ্যপ্ৰদেশৰ৷ তেওঁ কয় যে সাধাৰণতে পিএমএৱাই-জিৰ এটা গৃহ নিৰ্মাণ কৰিবলৈ ১২৫দিন সময়ৰ প্ৰয়োজন হয়, কিন্তু ক’ৰোনাৰ সময়ত এটা গৃহ ৪৫-৬০দিনতে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ অভিলেখ ৰচনা হৈছে৷ তেওঁ কয় যে চহৰৰ পৰা গাঁৱলৈ প্ৰব্ৰজিত শ্ৰমিকসকল ঘূৰি অহাৰ বাবেই এয়া সম্ভৱ হৈছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰত্যাহ্বানক এক সূযোগলৈ ৰূপান্তৰ কৰাৰ এয়া এক উত্তম উদাহৰণ৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী গৰীৱ কল্যান ৰোজগাৰ যোজনাৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰি প্ৰব্ৰজিত শ্ৰমিকসকলে তেওঁলোকৰ পৰিয়ালৰ তত্বাৱধান কৰাৰ লগতে একেসময়তে দুখীয়া লোকসকলৰ আৱাস নিৰ্মাণৰ কামো কৰিব পাৰে৷

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অভিযানৰ অধীনত মধ্যপ্ৰদেশকে ধৰি বহু ৰাজ্যই ২৩ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে৷ তেওঁ কয় যে এই আঁচনিৰ অধীনত প্ৰতিখন গাঁৱতে দুখীয়াসকলৰ বাবে গৃহ নিৰ্মাণ, প্ৰতিঘৰ লোকক পানী যোগানৰ কাম, অংগনৱাড়ী কেন্দ্ৰ, পঞ্চায়তৰ লগতে গোঁহালি, পুখুৰী আৰু কুঁৱা খনৰ কাম কৰা হৈছে৷

তেওঁ কয় যে ইয়াৰ পৰা দুটা লাভ হৈছে৷ প্ৰথমটো হৈছে চহৰৰ পৰা ঘূৰি অহা লাখ লাখ শ্ৰমিকে উপযুক্ত সংস্থাপন পাইছে৷ দ্বিতীয়তে, নিৰ্মাণৰ সৈতে জড়িত ইটা, চিমেণ্ট, বালি ইত্যাদিৰ বিক্ৰী হৈছে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী গৰীৱ কল্যান ৰোজগাৰ অভিযানে এই জটিল সন্ধিক্ষণত গ্ৰাম্য অৰ্থনীতি ব্যাপক সহায় কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত দুখীয়া লোকসকলৰ গৃহ নিৰ্মাণৰ নামত দশক দশক ধৰি বিভিন্ন আঁচনি গ্ৰহণ হৈছিল৷ কিন্তু তেওঁলোকৰ মৰ্যাদাপূৰ্ণ জীৱন, কোটি কোটি দুখীয়া পৰিয়ালক গৃহ প্ৰদানৰ দৰে কাম হোৱা নাছিল৷ ইয়াৰ মূলতে হৈছে, তেতিয়া চৰকাৰৰ মাজত বৃহৎ ব্যৱধান আছিল, জবাবদিহিতাৰ অভাৱ আছিল আৰু প্ৰকৃত হিতাধিকাৰীক লৈ কোনো ভ্ৰূক্ষেপ নাছিল৷ তেওঁ কয় যে জবাবদিহিতাৰ অভাৱত সেই আৱাসসমূহ একেবাৰে মানসম্পন্ন নাছিল৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ২০১৪ চনত এই আঁচনিখন পূৰ্বৰ অভিজ্ঞতা বিশ্লেষণ কৰি সংশোধন কৰা হয় আৰু এক নতুন কৌশলেৰে প্ৰধানমন্ত্ৰী আৱাস নামেৰে শুভাৰম্ভ কৰা হয়৷ এই সমগ্ৰ প্ৰক্ৰিয়া, হিতাধিকাৰী বাঁছনিৰ পৰা আৱাস হস্তান্তৰ কৰালৈকে সকলো স্বচ্ছ কৰি তোলা হয়৷ তেওঁ কয় যে পূৰ্বতে দুখীয়া লোকসকলে চৰকাৰৰ পিছে পিছে দৌৰিছিল, এতিয়া চৰকাৰ তেওঁলোকৰ ওচৰলৈ যায়৷ তেওঁ কয় যে নিৰ্মাণৰ ক্ষেত্ৰত বিজ্ঞানসন্মত আৰু স্বচ্ছ প্ৰক্ৰিয়া অৱলম্বন কৰা হৈছে৷ কেৱল ইমানেই নহয়, গৃহ নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয়ভাৱে উপলব্ধ সামগ্ৰী ব্যৱহাৰত অগ্ৰাধিকাৰ দিয়া হৈছে৷ তেওঁ কয় যে ঘৰৰ নক্সাও স্থানীয় প্ৰয়োজনীয়তা আৰু ধৰণৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে গৃহ নিৰ্মাণৰ প্ৰতিটো পৰ্যায় সম্পূৰ্ণৰূপে নিৰীক্ষণ কৰা হয়ষ প্ৰতিটো পৰ্যায় অন্ত পৰাৰ পাছতহে আনটো কিস্তি মুকলি কৰি দিয়া হয়৷

তেওঁ কয় যে দুখীয়া লোকসকলে কেৱল আৱাসেই পোৱা নাই, তেওঁলোকে শৌচালয়, উজ্জ্বলা গেছ সংযোগ, সৌভাগ্য যোজনাৰ বিদ্যুৎ সংযোগ, এলইডি বাল্ব আৰু পানী সংযোগো লাভ কৰিছে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা, স্বচ্ছ ভাৰত অভিযানৰ দৰে আঁচনিয়ে গ্ৰামীণ ভগ্নীসকলৰ জীৱন সলনি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে পিএম আৱাস যোজনাৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ২৭খন কল্যানকামী আঁচনিৰ যোগসূত্ৰ স্থাপন কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাপ অধীনত নিৰ্মাণ কৰা অধিকাংশ গৃহ কেৱল মহিলা বা পৰিয়ালৰ মুৰব্বীৰ সৈতে মহিলা এগৰাকীৰ নামত পঞ্জীয়ন কৰা হয়৷ নতুন কৰ্মসূযোগ সৃষ্টি হোৱাৰ লগতে বহু গৃহত ৰাণী মিস্ত্ৰীৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে৷ তেওঁ কয় যে মধ্যপ্ৰদেশত ৫০হাজাৰতকৈ অধিক মিস্ত্ৰীক প্ৰশিক্ষণ দিয়া হৈছে আৰু ইয়াৰে ৯,০০০ৰেই মহিলা৷ যেতিয়া দুখীয়া লোকসকলৰ উপাৰ্জন বৃদ্ধি পায়, তেওঁলোকৰ বিশ্বাসো বৃদ্ধি হয়৷ সেয়েহে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্পও সুদৃঢ় হয়৷ এই বিশ্বাসক সুদৃঢ় কৰাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ পৰা প্ৰতিখন গাঁৱৰ আন্তঃগাঁথনি আধূনিক ৰূপত গঢ়ি তোলা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে ২০২০ৰ ১৫ আগষ্টত লালকিল্লাৰ প্ৰাচীৰ পৰা দিয়া প্ৰতিশ্ৰুতি দোঁহাৰি কয় যে অহা ১,০০০ দিনৰ ভিতৰত দেশৰ ৬,০০০ গাঁৱত অপ্টিকেল ফাইবাৰ নেটৱৰ্ক স্থাপন কৰা হ’ব৷ তেওঁ কয় যে আনকি এই ক’ৰোনা কালত প্ৰধানমন্ত্ৰী গৰীৱ কল্যান ৰোজগাৰ অভিযানৰ অধীনত এই কাম দ্ৰুতগতিত সম্পন্ন কৰি থকা হৈছে৷ তেওঁ কয় যে কেইটসপ্তাহমানতে ৫,০০০ কিলোমিটাৰ অপ্টিকেল ফাইবাৰৰ কাম ১১৬খন জিলাত সম্পন্ন কৰা হৈছে৷ তেওঁ কয় ১,২৫০খনতকৈ অধিক গাওঁ পঞ্চায়তক ১৯ হাজাৰ অপ্টিকেল ফাইবাৰেৰে সংযোগ কৰা হয় আৰু ১৫ হাজাৰ ৱাই-ফাই হটস্পট প্ৰদান কৰা হয়৷ তেওঁ কয় যে যেতিয়া উন্নত আৰু দ্ৰুত ইণ্টাৰনেট সেৱা গাঁৱত উপলব্ধ হ’ব, তেতিয়া গাঁৱৰ সন্তানসকলে শিক্ষাৰ বাবে উন্নত সূযোগ লাভ কৰিব আৰু যুৱক-যুৱতীসকলে ব্যৱসায়ৰ উন্নত সূযোগ লাভ কৰিব৷ তেওঁ কয় যে বৰ্তমান চৰকাৰৰ সকলো সেৱা অনলাইনযোগে কৰা হৈছে, যাতে সুবিধা ক্ষিপ্ৰতাৰে লাভ কৰে, দুৰ্নীতিমুক্ত হয় আৰু গাঁওবাসী এটা সৰু কাম বাবে চহৰলৈ যাব লগা নহয়৷ তেওঁ কয় যে গাঁওবাসী আৰু দুখীয়া লোকসকলক সবলীকৰণৰ এই অভিযান দ্ৰুতগতিত সম বিশ্বাসেৰে অগ্ৰগতি লাভ কৰিব৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha

Media Coverage

Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses delight as Sarnath is inscribed on the UNESCO World Heritage List
July 25, 2026

Prime Minister Shri Narendra Modi today expressed that it is a proud moment for every Indian, sharing his delight that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

He noted that Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

Shri Modi highlighted that this recognition celebrates India’s profound civilisational and spiritual heritage. The Prime Minister observed that it will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

In a post on X, the Prime Minister shared:

 "A proud moment for every Indian!

Delighted that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

This recognition celebrates India’s profound civilisational and spiritual heritage. It will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

@UNESCO"