প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হেগত থকা ডাচ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ (Catshuis)ত নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাননীয় ৰব জেটেনৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হয়।
ভাৰত-নেদাৰলেণ্ডৰ সম্পৰ্ক সুদৃঢ় কৰাৰ সন্দৰ্ভত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ব্যাপক আলোচনা কৰে। বিশেষকৈ ভাগ-বতৰা কৰা মূল্যবোধ আৰু পাৰস্পৰিক বিশ্বাসৰ লগতে দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান একমুখিতা আৰু সহযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি নেতাদ্বয়ে দ্বিপাক্ষিক সম্পৰ্কক “কৌশলগত অংশীদাৰিত্ব”ৰ স্তৰলৈ উন্নীত কৰাৰ সিদ্ধান্ত লয়। বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, উদীয়মান আৰু জটিল প্ৰযুক্তি, সামুদ্ৰিক খণ্ড, নৱীকৰণযোগ্য শক্তি আৰু শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে এক অভিলাষী কৌশলগত অংশীদাৰিত্ব ৰূপৰেখা গ্ৰহণ কৰিবলৈও সন্মত হয়। ক্ৰমবৰ্ধমান বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি আৰু উদ্ভাৱনৰ অংশীদাৰিত্বলৈ লক্ষ্য কৰি নেতাদ্বয়ে উল্লেখ কৰে যে ভাৰতৰ বিকাশৰ কাহিনীয়ে সৃষ্টি কৰা সুযোগসমূহে ডাচ কোম্পানীসমূহৰ বাবে অধিক ব্যৱসায়িক সম্ভাৱনা প্ৰদান কৰিছে।
দুয়োগৰাকী নেতাই নিৰৱচ্ছিন্ন উচ্চস্তৰৰ আদান-প্ৰদানৰ জৰিয়তে দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে। পানী, কৃষি আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁলোকে বৃহৎ পৰিসৰৰ জল প্ৰকল্পৰ সহযোগিতাৰ জৰিয়তে পানীৰ কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰিবলৈ সন্মত হয়। প্ৰধানমন্ত্ৰীদ্বয়ে স্বাস্থ্যসেৱা গৱেষণা, ডিজিটেল স্বাস্থ্য, কৃষি, খাদ্য সুৰক্ষাকে ধৰি মূল ক্ষেত্ৰসমূহত ক্ৰমবৰ্ধমান সহযোগিতাক আদৰণি জনায়।

এই বৈঠকৰ সময়ত নেতাদ্বয়ে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তি (ভাৰত-ইউৰোপীয় ইউনিয়নৰ এফটিএ)ৰ পৰিৱৰ্তনশীল সম্ভাৱনাক স্বীকাৰ কৰি তেওঁলোকে ইয়াক আগতীয়াকৈ স্বাক্ষৰ আৰু কাৰ্যকৰী কৰাৰ আহ্বান জনায়। জটিল খনিজ খণ্ডত ভাৰত-নেদাৰলেণ্ডৰ সহযোগিতাই শক্তিশালী যোগান শৃংখলক সহায় কৰিব বুলিও তেওঁলোকে দৃঢ়তা প্ৰকাশ কৰে।
কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু অৰ্ধপৰিবাহীকে ধৰি উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰতো অধিক সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায় দুয়োগৰাকী নেতাই। দুয়োখন দেশৰ যুৱক-যুৱতীসকলৰ অংশগ্ৰহণেৰে হেকাথন আয়োজনতো উৎসাহিত কৰে। নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দি তেওঁলোকে বহনক্ষম ভৱিষ্যত নিশ্চিত কৰিবলৈ সেউজ হাইড্ৰজেন, জৈৱ ইন্ধন, সেউজ জাহাজ পৰিবহণ আৰু সামুদ্ৰিক লজিষ্টিকছৰ ক্ষেত্ৰত সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে প্ৰব্ৰজন আৰু নাগৰিকৰ গতিবিধিৰ অংশীদাৰিত্ব তথা উচ্চ শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ নতুন পদক্ষেপৰ প্ৰতি সমৰ্থন ব্যক্ত কৰে। এই সন্দৰ্ভত তেওঁলোকে বিশেষভাৱে নালান্দা বিশ্ববিদ্যালয় আৰু গ্ৰ’নিনজেন বিশ্ববিদ্যালয়ৰ মাজত স্বাক্ষৰিত চুক্তিৰ কথা উল্লেখ কৰে।

দুয়োখন দেশৰ মাজত শক্তিশালী সাংস্কৃতিক সম্পৰ্কৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে একাদশ শতিকাৰ সোলা তামৰ ফলি ঘূৰাই অনাৰ ক্ষেত্ৰত ডাচ চৰকাৰে আগবঢ়োৱা সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। এই সন্দৰ্ভত দুয়োগৰাকী নেতাই লেইডেন বিশ্ববিদ্যালয় পুথিভঁৰাল আৰু ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (ASI)ৰ সহযোগিতাকো আদৰণি জনায়, যিয়ে এই ঐতিহাসিক শিল্পকৰ্মসমূহৰ জ্ঞান প্ৰসাৰত সহায় কৰিব।
এই আনুষ্ঠানিক বৈঠকৰ পিছত প্ৰযুক্তি, সেউজ শক্তি, বাণিজ্য, গতিশীলতা, পানী, কৃষি আৰু স্বাস্থ্য, শিক্ষা [Link] আৰু সংস্কৃতিৰ ক্ষেত্ৰত ১৪খন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই ভ্ৰমণ উপলক্ষে এক যৌথ বিবৃতি[Link] আৰু কৌশলগত অংশীদাৰিত্বৰ ওপৰত এক ৰূপৰেখা [Link]ও গ্ৰহণ কৰা হয়।

এই আনুষ্ঠানিক বৈঠকৰ পিছত প্ৰযুক্তি, সেউজ শক্তি, বাণিজ্য, গতিশীলতা, পানী, কৃষি আৰু স্বাস্থ্য, শিক্ষা [Link] আৰু সংস্কৃতিৰ ক্ষেত্ৰত ১৪খন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই ভ্ৰমণ উপলক্ষে এক যৌথ বিবৃতি[Link] আৰু কৌশলগত অংশীদাৰিত্বৰ ওপৰত এক ৰূপৰেখা [Link]ও গ্ৰহণ কৰা হয়।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী জেটেনক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায় আৰু তেওঁ এই প্ৰস্তাৱত সন্মতি দিয়ে।
ভাৰত আৰু নেদাৰলেণ্ডৰ মাজত ভাগ-বতৰা কৰা গণতান্ত্ৰিক মূল্যবোধ আৰু বিভিন্ন ক্ষেত্ৰত বহুমুখী সহযোগিতাৰ ভিত্তিত শক্তিশালী দ্বিপাক্ষিক সম্পৰ্ক গঢ় লৈ উঠিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেদাৰলেণ্ড ভ্ৰমণ এই অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।
My talks with Prime Minister Rob Jetten were extensive, covering a wide range of topics. One such area is defence and security-related. I spoke about the possibility of defence industrial roadmap at the earliest. We can also work together in sectors such as space, marine systems… pic.twitter.com/sMgKLOdmL8
— Narendra Modi (@narendramodi) May 16, 2026
Economic cooperation is a key pillar of the India-Netherlands friendship. The India-EU FTA offers infinite possibilities. There is immense scope to work together in fintech, critical minerals, semiconductors, green hydrogen and AI. We also discussed ways to enhance cultural… pic.twitter.com/AEskHlVIgz
— Narendra Modi (@narendramodi) May 16, 2026
Mijn gesprekken met premier Rob Jetten waren uitgebreid en bestreken een breed scala aan onderwerpen. Een daarvan was defensie en veiligheid. Ik sprak over de mogelijkheid om zo snel mogelijk een stappenplan voor de defensie-industrie op te stellen. We kunnen ook samenwerken in… pic.twitter.com/hwgrBZzCsC
— Narendra Modi (@narendramodi) May 16, 2026
Economische samenwerking is een belangrijke pijler van de vriendschap tussen India en Nederland. De vrijhandelsovereenkomst tussen India en de EU biedt oneindige mogelijkheden. Er is enorm veel ruimte voor samenwerking op het gebied van fintech, kritieke mineralen, halfgeleiders,… pic.twitter.com/IQxBFrdClL
— Narendra Modi (@narendramodi) May 16, 2026


