ইউক্ৰেইনৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ বাবে শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত মত বিনিময় নেতাদ্বয়ৰ
বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ ইতিবাচক উন্নয়নক আদৰণি দুয়োগৰাকী নেতাৰ
এআই ইমপেক্ট ছামিটত ভাৰতত ৰাষ্ট্ৰপতি মেক্ৰনক আদৰণি জনাবলৈ আগ্ৰহী প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

দুয়োগৰাকী নেতাই অৰ্থনৈতিক, প্ৰতিৰক্ষা, বিজ্ঞান, প্ৰযুক্তি আৰু মহাকাশকে ধৰি বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতাৰ উন্নয়নৰ পৰ্যালোচনা আৰু ইতিবাচক মূল্যায়ন কৰে। হৰাইজন ২০৪৭ ৰোডমেপ, ইণ্ডো-পেচিফিক ৰোডমেপ আৰু প্ৰতিৰক্ষা ঔদ্যোগিক ৰোডমেপৰ সৈতে সংগতি ৰাখি ভাৰত-ফ্ৰান্স কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ দিশতো দুয়োগৰাকী নেতাই নিজৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

ইউক্ৰেইনৰ সংঘাতৰ অন্ত পেলোৱাৰ দিশত শেহতীয়াকৈ কৰা প্ৰচেষ্টাৰ ওপৰত তেওঁলোকে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সংঘাতৰ শান্তিপূৰ্ণ সমাধান আৰু শান্তি আৰু সুস্থিৰতা যিমান পাৰি সোনকালে পুনৰুদ্ধাৰৰ বাবে ভাৰতৰ ধাৰাবাহিক সমৰ্থন পুনৰ দোঁহাৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতে আয়োজন কৰা এআই ইমপেক্ট ছামিটৰ আমন্ত্ৰণ গ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰপতি মেক্ৰনক ধন্যবাদ জনায় আৰু ভাৰতত ৰাষ্ট্ৰপতি মেক্ৰনক আদৰণি জনোৱাৰ বাবে আগ্ৰহী বুলি কয়।

দুয়োগৰাকী নেতাই যোগাযোগ অব্যাহত ৰাখিবলৈ আৰু বিশ্ব শান্তি আৰু সুস্থিৰতা বৃদ্ধিৰ বাবে একেলগে ঘনিষ্ঠভাৱে কাম কৰিবলৈ সন্মত হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report

Media Coverage

India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 জুলাই 2026
July 20, 2026

Yuva to Global Stage: How PM Modi’s Policies Are Turning India’s Youth, Farms & Factories into Growth Engines