প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ ছেপ্টেম্বৰ, ২০২৩ত দিল্লীত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনৰ একাষৰীয়াকৈ ক’মৰ’ছ সংঘৰ সভাপতি মহানুভৱ আজালি আছৌমানী ডাঙৰীয়াৰে মিলিত হয়।

ৰাষ্ট্ৰপতি আছৌমানীয়ে আফ্ৰিকান ইউনিয়নক জি-২০ৰ স্থায়ী সদস্য হিচাপে গঢ়ি তোলাৰ পদক্ষেপ আৰু প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়। ভাৰতৰ ভূমিকা আৰু আফ্ৰিকাৰ সৈতে সম্পৰ্ক বিবেচনা কৰি ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সময়ত এনে হোৱা বুলি তেওঁ বিশেষ আনন্দৰ কথা ব্যক্ত কৰে। তেওঁ অনুভৱ কৰে যে ইয়াৰ দ্বাৰা ভাৰত - ক’মৰ’ছৰ সম্পৰ্কৰো এক উত্থান হ’ব। তেওঁ ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে আফ্ৰিকান ইউনিয়ন আৰু ক’ম’ৰ’ছক জি-২০ত যোগদান কৰাৰ বাবে অভিনন্দন জনায় আৰু ভইচ অৱ গ্ল’বেল ছাউথক আৰ্টিকুলেট কৰাৰ বাবে ভাৰতে কৰা প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে আৰু ২০২৩ চনৰ জানুৱাৰী মাহত ভাৰতে আহ্বান কৰা ভইচ অৱ গ্ল’বেল ছাউথ শীৰ্ষ সন্মিলনৰ কথা মনত পেলায়।

দুয়োগৰাকী নেতাই নিজৰ দ্বিপাক্ষিক অংশীদাৰিত্বৰ বিষয়েও আলোচনা কৰাৰ সুযোগ লাভ কৰে। তেওঁলোকে চলি থকা অসংখ্য পদক্ষেপৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে, আৰু সামুদ্ৰিক সুৰক্ষা, সামৰ্থ্য বিকাশ আৰু উন্নয়ন অংশীদাৰিত্বৰ দৰে ক্ষেত্ৰত সহযোগিতাৰ সুযোগৰ বিষয়ে আলোচনা কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation

Media Coverage

Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 09 আগষ্ট 2026
August 09, 2026

Vikas Bhi, Virasat Bhi: PM Modi’s Blueprint for a Rooted Yet Future-Ready Bharat