অনাগত সময়তো কৃষক ৰাইজৰ কল্যাণ সাধনৰ অৰ্থে আমাৰ প্ৰচেষ্টা অধিক গতিৰে অব্যাহত থাকিবঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে কৃষকৰ কল্যাণৰ অৰ্থে ৰূপায়ণ কৰা পিএম কিষাণ সন্মান নিধি, কিষাণ ফচল বীমা আৰু ৰাইজিং এমএছপি-ৰ দৰে মূল পদক্ষেপসমূহত আলোকপাত কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১১ বছৰত চৰকাৰৰ কৃষক-অনুকূল পদক্ষেপৰাজিৰ সুদূৰপ্ৰসাৰী প্ৰভাৱত আলোকপাতেৰে ইয়াক কৃষি নিৰ্ভৰ সমাজখনৰ বাবে মৰ্য্যাদা আৰু সমৃদ্ধিৰ এক উল্লেখযোগ্য পৰ্য্যায় বুলি অভিহিত কৰে।

তেখেতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আৰু কিষাণ ফচল বীমাৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপসমূহত আলোকপাতেৰে ইয়াক চৰকাৰে কৃষকৰ কল্যাণৰ বাবে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ প্ৰচেষ্টা বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ন্যূনতম সহায়ক মূল্য (MSP) ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ ফলশ্ৰুতিত দেশৰ খাদ্য উৎপাদকসকলে কেৱল তেওঁলোকৰ শস্যৰ উচিত মূল্য লাভেই নহয়, বৰঞ্চ তেওঁলোকৰ আয়ো বৃদ্ধি পাইছে।

শ্ৰী মোদীয়ে কয় যে দেশৰ কঠোৰ পৰিশ্ৰমী কৃষক ৰাইজক সেৱা আগবঢ়াবলৈ পোৱাটো তেখেতৰ চৰকাৰৰ বাবে এক সৌভাগ্যৰ কথা। বিগত ১১ বছৰৰ কথা উল্লেখেৰে তেখেতে কয় যে চৰকাৰৰ একাধিক পদক্ষেপে কৃষকসকলৰ সমৃদ্ধি বৃদ্ধিয়েই নহয়, বৰঞ্চ কৃষি খণ্ডৰ সামগ্ৰিক পৰিৱৰ্তন সাধনতো অৰিহণা যোগাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে মাটিৰ গুণাগুণ আৰু জলসিঞ্চনৰ দৰে মূল দিশসমূহৰ প্ৰতি গভীৰ দৃষ্টি ৰাখিছে।

শ্ৰী মোদীয়ে অনাগত সময়তো কৃষক ৰাইজৰ কল্যাণ সাধনৰ অৰ্থে আমাৰ প্ৰচেষ্টা অধিক গতিৰে অব্যাহত থাকিব বুলি আৰু কয়। তেখেতে কয় যে আমি আমাৰ কৃষকসকলৰ মৰ্য্যাদা আৰু সমৃদ্ধিৰ বাবেও কাম কৰিছোঁ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছে;

"পূৰ্বে আমাৰ কৃষক ভাই-ভনীসকলে সৰু-সৰু প্ৰয়োজনৰ বাবেও ঋণ ল’বলৈ বাধ্য হৈছিল যদিও যোৱা ১১ বছৰত আমাৰ চৰকাৰৰ সিদ্ধান্তই তেওঁলোকৰ জীৱনযাত্ৰাক বহুত সহজ কৰি তুলিছে। পিএম কিষাণ সন্মান নিধিয়েই হওঁক বা কিষাণ ফচল বীমাই হওঁক, আমি তেওঁলোকৰ কল্যাণ সাধনৰ বাবে একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছোঁ। এতিয়া ধাৰাবাহিকভাৱে এমএছপি বৃদ্ধিৰ লগে-লগে দেশৰ খাদ্য উৎপাদকসকলে কেৱল তেওঁলোকৰ শস্যৰ উচিত মূল্য লাভেই নহয়, বৰঞ্চ তেওঁলোকৰ আয়ো বৃদ্ধি পাইছে।

11YearsOfKisanSamman"

 

"দেশৰ কঠোৰ পৰিশ্ৰমী কৃষক ৰাইজক সেৱা আগবঢ়াবলৈ পোৱাটো আমাৰ চৰকাৰৰ বাবে এক সৌভাগ্যৰ কথা। বিগত ১১ বছৰত চৰকাৰৰ একাধিক পদক্ষেপে কৃষকসকলৰ সমৃদ্ধিৰ বৰ্ধনেই নহয়, বৰঞ্চ কৃষি খণ্ডৰ সামগ্ৰিক পৰিৱৰ্তন সাধনতো অৰিহণা যোগাইছে। আমাৰ চৰকাৰে মাটিৰ গুণাগুণ আৰু জলসিঞ্চনৰ দৰে মূল দিশসমূহৰ প্ৰতি গভীৰ দৃষ্টি ৰাখিছোঁ। অনাগত সময়তো কৃষক ৰাইজৰ কল্যাণ সাধনৰ অৰ্থে আমাৰ প্ৰচেষ্টা অধিক গতিৰে অব্যাহত থাকিব।

11YearsOfKisanSamman"

 

"আমি আমাৰ কৃষক ৰাইজৰ মৰ্য্যাদা আৰু সমৃদ্ধিৰ বাবে কৰা কামৰ আভাস পাবলৈ এই থ্ৰেডটো পঢ়ক।

11YearsOfKisanSamman"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PLI 2.0: India bets big on making more of the smartphone at home

Media Coverage

PLI 2.0: India bets big on making more of the smartphone at home
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মে’ 2026
May 29, 2026

Every Sector, Every Citizen: How PM Modi’s Vision is Transforming India Across All Fronts