প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বাক্ষৰিত ঐতিহাসিক বড়ো চুক্তিক আদৰণি জনাই কয় যে চুক্তিখনে বড়ো লোকসকলৰ জীৱনলৈ যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই আনিব৷

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, ‘শান্তি, সম্প্ৰীতি আৰু একতাৰ এক নতুন প্ৰভাতৰ আৰম্ভণি হ’ল৷ ভাৰতৰ বাবে আজি এক বিশেষ দিন৷ বড়ো গ্ৰুপৰ সৈতে আজি সম্পাদিত চুক্তিয়ে বড়ো জনসাধাৰণলৈ যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই আনিব৷’
আজি স্বাক্ষৰিত বড়ো চুক্তিয়ে কেইবাটাও কাৰণত গুৰুত্ব বহন কৰিছে৷ ইয়ে আগশাৰীৰ ষ্টেকহ’ল্ডাৰসকলক সফলতাৰে এটা ফ্ৰেমৱৰ্কৰ অধীনলৈ আনিলে৷ সশস্ত্ৰ বিৰোধী গোটৰ সৈতে পূৰ্বে জড়িতসকল এতিয়া মূলসূতলৈ উভতি আহিব আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ ধাৰাত সন্নিৱিষ্ট হ’ব৷

বড়ো গ্ৰুপৰ সৈতে চুক্তিয়ে বড়ো লোকসকলৰ অনন্য কলা-সংস্কৃতিক অধিক সুৰক্ষিত আৰু জনপ্ৰিয় কৰিব৷ তেওঁলোকে ব্যাপক উন্নয়নমূলক আঁচনিৰ সুবিধা লাভ কৰিব৷ বড়ো লোকসকলৰ আশা-আকাংক্ষা অনুধাৱন কৰি আমি তেওঁলোকক সহায় কৰিবলৈ যথাসম্ভৱ সকলো প্ৰচেষ্টা হাতত ল’বলৈ সংকল্পবদ্ধ৷”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth