প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ বিত্তীয় স্থাপত্য আৰু বিশ্বব্যাপী অৱস্থানক নতুন ৰূপ দিয়া সাহসী অৰ্থনৈতিক সংস্কাৰৰ প্ৰতি চৰকাৰৰ দশকজোৰা প্ৰতিশ্ৰুতিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। বিনিয়োগৰ ক্ষেত্ৰত  অনুঘটক হিচাপে কাম কৰা কৰ্পৰেট কৰ হ্ৰাসৰ পৰা আৰম্ভ কৰি, ৰাষ্ট্ৰীয় বজাৰক একত্ৰিত কৰা জি এছ টি ৰূপায়ণলৈকে আৰু জীৱন-যাপনৰ সহজতা বৃদ্ধি কৰা ব্যক্তিগত আয়কৰ সংস্কাৰলৈকে—সংস্কাৰৰ এই গতি  সামঞ্জস্যপূৰ্ণ আৰু নাগৰিককেন্দ্ৰিক হৈ আহিছে।

 

তেওঁ #নেক্সটজেন জি এছ টি  সংস্কাৰৰ শেহতীয়া পৰ্যায়টোক প্ৰশংসা কৰে,  যিয়ে কৰ গাঁথনি সৰল কৰি, হাৰ যুক্তিসংগত কৰি, আৰু ব্যৱস্থাটোক অধিক সমতাপূৰ্ণ আৰু বৃদ্ধিমুখী কৰি এই যাত্ৰা অব্যাহত ৰাখিছে। এই ব্যৱস্থাসমূহৰ পৰিপূৰক হৈছে ভাৰতৰ শক্তিশালী বিত্তীয় অনুশাসন, যিয়ে বিশ্বব্যাপী আস্থা অৰ্জন কৰিছে আৰু ৰাষ্ট্ৰীয় ঋণ ৰেটিং উন্নত কৰিছে।

 

এক্সত শ্ৰী বিজয়ৰ এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়-

 

“যোৱা দশকটো ভাৰতৰ অৰ্থনৈতিক পৰিৱেশক ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে সাহসী সংস্কাৰৰ বিষয়ে, বিনিয়োগক প্ৰেৰণা দিয়া কৰ্পৰেট কৰ কৰ্তনৰ পৰা আৰম্ভ কৰি, জিএছটিয়ে এক ঐক্যবদ্ধ বজাৰ সৃষ্টি কৰালৈকে, ইজ অৱ লিভিং বৃদ্ধি কৰা ব্যক্তিগত আয়কৰ সংস্কাৰলৈকে সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে।

 

#নেক্সটজেন জি এছ টি  সংস্কাৰে এই যাত্ৰা অব্যাহত ৰাখিছে, ব্যৱস্থাটোক সহজ, ন্যায্য আৰু অধিক বৃদ্ধিমুখী কৰি তুলিছে, আনহাতে আমাৰ বিত্তীয় অনুশাসনে বিশ্বব্যাপী আস্থা তথা উন্নত ক্ৰেডিট ৰেটিং লাভ কৰিছে।

 

এই প্ৰচেষ্টাৰে আমি এখন  বিকশিত ভাৰতৰ বাবে এক সুদৃঢ় ভেটি স্থাপন কৰিছো।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership