প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১০০ গিগাৱাট সৌৰ পিভি মডিউল নিৰ্মাণ ক্ষমতা লাভৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ দিশত ভাৰতৰ মাইলৰ খুঁটি অৰ্জন তথা স্বচ্ছ শক্তিক জনপ্ৰিয় কৰাৰ দিশত গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰশংসা কৰে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰলহাদ যোশীয়ে এক্সত দিয়া এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়-
“এয়া আত্মনিৰ্ভৰশীলতাৰ দিশত আন এক মাইলৰ খুঁটি!ই ভাৰতৰ উৎপাদন ক্ষমতাৰ সফলতা আৰু ই স্বচ্ছ শক্তিক জনপ্ৰিয় কৰাৰ দিশত আমাৰ প্ৰচেষ্টাক চিত্ৰিত কৰে।”
This is yet another milestone towards self-reliance! It depicts the success of India's manufacturing capabilities and our efforts towards popularising clean energy. https://t.co/ZLMkhtSx8u
— Narendra Modi (@narendramodi) August 13, 2025


