প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৱিত্ৰ ৰাম নৱমী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে কয় যে ত্যাগ, তপস্যা আৰু আত্মসংযমৰ দ্বাৰা চিহ্নিত মৰ্যাদা পুৰুষোত্তম ভগৱান ৰামৰ জীৱনে মানুহক সামৰ্থ্য আৰু সংকল্পৰে প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ অনুপ্ৰাণিত কৰি আহিছে।

ভগৱান ৰামৰ আদৰ্শসমূহৰ স্থায়ী প্ৰাসংগিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই মূল্যবোধসমূহ কেৱল ভাৰতৰ জনসাধাৰণৰ বাবেই নহয়, সমগ্ৰ মানৱতাৰ বাবে আহি থকা সকলো সময়ৰ বাবে এক পথ প্ৰদৰ্শক শক্তি হৈ থাকিব।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

"সমগ্ৰ দেশৰ মোৰ পৰিয়ালক ৰাম নবমীৰ শুভেচ্ছা জনাইছো। ত্যাগ, তপস্যা আৰু ধৈৰ্যৰে পূৰ্ণ মৰ্যাদা পুৰুষোত্তমৰ জীৱনে আমাক প্ৰতিটো পৰিস্থিতিৰ সম্পূৰ্ণ সামৰ্থ্যৰে মোকাবিলা কৰিবলৈ অনুপ্ৰাণিত কৰে। তেওঁৰ আদৰ্শবোৰ অনন্তকাললৈকে ভাৰতীয়সকলৰ লগতে সমগ্ৰ মানৱতাৰ পথ প্ৰদৰ্শক হৈ থাকিব। মই কামনা কৰোঁ যে ভগৱান ৰামৰ অনুগ্ৰহৰে সকলোৰে কল্যাণ হওক, যাৰ ফলত বিকশিত আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ সংকল্পৰ সাফল্যৰ পথ প্ৰশস্ত হওক।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How India brought the lion back from the brink: In Union minister Bhupender Yadav's words

Media Coverage

How India brought the lion back from the brink: In Union minister Bhupender Yadav's words
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 09 আগষ্ট 2026
August 09, 2026

Vikas Bhi, Virasat Bhi: PM Modi’s Blueprint for a Rooted Yet Future-Ready Bharat