প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হান্নুক্কাহ উত্সৱ উপলক্ষ্যে ইজৰাইলৰ জনসাধাৰণ আৰু বিশ্বৰ সকলো ইহুদী বন্ধু-বান্ধৱীকে শুভেচ্ছা জনাইছে।
এক টুইটযোগে শ্ৰী মোদীয়ে কয়, ‘ইজৰাইলৰ জনসাধাৰণ আৰু বিশ্বৰ সকলো ইহুদী বন্ধু-বান্ধৱীকে চাগ হান্নুক্কাহ চামেছ। এই উত্সৱে আমাৰ জীৱনলৈ শান্তি আৰু আশাৰ বতৰা কঢ়িয়াই আনক আৰু ইয়াৰ জৰিয়তে আমাৰ জনসাধাৰণৰ মাজৰ সম্বন্ধ আৰু অধিক মজবুত হৈ পৰক।’
এই টুইটটো ইজৰাইলৰ প্ৰধানমন্ত্ৰী ব্ৰেঞ্জামিন নেতানয়াহু আৰু ৰাষ্ট্ৰপতি ৰিউভেন ৰিভলিনক টেগ কৰা হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিব্ৰু ভাষাতেই এই টুইট কৰিছে।
Chag Hannukkah Sameach to the friendly people of Israel and Jewish friends all over the world. May the festival bring peace and light in our lives and kindle more warmth to the relationship between our people.@netanyahu @PresidentRuvi
— Narendra Modi (@narendramodi) December 10, 2020




