ৰে'লৰ নতুন শাখাৰ বৈদ্যুতিকীকৰণ জাতিৰ উদ্দেশ্যে উৎসর্গা আৰু উত্তৰাখণ্ডক ১০০ শতাংশ বৈদ্যুতিক ৰে'ল লাইনৰ ৰাজ্য হিচাপে ঘোষণা কৰে
“দিল্লী-দেৰাদুন বন্দে ভাৰত এক্সপ্রেছে নাগৰিকসকলৰ ভ্রমণৰ স্বাচ্ছন্দ্য তথা আৰাম নিশ্চিত কৰিব”
“অর্থনীতিক মজবুত কৰা আৰু দাৰিদ্র্যৰ বিৰুদ্ধে যুঁজৰ ক্ষেত্রত বিশ্বৰ সন্মুখত ভাৰত আশাৰ ৰেঙণি”
“বর্তমান দশকটো উত্তৰাখণ্ডৰ দশক হৈ উঠিবলৈ গৈছে”
“দেৱভূমি বিশ্বৰ আধ্যাত্মিক চেতনাৰ কেন্দ্র হৈ উঠিব”
“চৰকাৰৰ দৃষ্টি উত্তৰাখণ্ডৰ বাবে নৱৰত্ন উন্নয়ন”
“ডবল ইঞ্জিন চৰকাৰে ডবল শক্তি আৰু ডবল গতিৰে কাম কৰিছে”
“একবিংশ শতাব্দীৰ ভাৰতে পৰিকাঠামোৰ সম্ভাৱনা সম্পূর্ণ ব্যৱহাৰ কৰি উন্নয়নৰ নতুন মাত্রালৈ উঠিব পাৰে”
“পর্বতমালা প্রকল্পই অনাগত দিনত ৰাজ্যৰ ভাগ্যৰ পৰিৱর্তন কৰিবলৈ গৈ আছে”
“সঠিক উদ্দেশ্য, নীতি আৰু কর্মস্পৃহাই উন্নয়নক আগুৱাই লৈ যায়”
“দেশ ইয়াতেই স্তব্ধ হৈ নাযায়, দেশ গতিৰ ৰথত উঠিছে। সমগ্র দেশ এতিয়া বন্দে ভাৰতৰ গতিত আগুৱাই গৈছে আৰু আগুৱাই গৈ থাকিব”

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিও কনফাৰেন্সিঙৰ মাধ্যমত দেৰাদুনৰ পৰা দিল্লী বন্দে ভাৰত এক্সপ্রেছৰ প্রথম যাত্রাৰ সূচনা কৰিলে। তেওঁ জাতিৰ উদ্দেশ্যে উৎসর্গা কৰিলে নতুনকৈ বৈদ্যুতিকীকৰণ হোৱা ৰে'ল শাখা আৰু উত্তৰাখণ্ডক ১০০ শতাংশ বৈদ্যুতিক ৰে'ল লাইনৰ ৰাজ্য হিচাপে ঘোষণা কৰিছে। 

সমাৱেশত প্রধানমন্ত্রীয়ে দেৰাদুনৰ পৰা দিল্লী প্রথম বন্দে ভাৰত এক্সপ্রেছৰ সূচনাৰ বাবে উত্তৰাখণ্ডৰ প্রতিজন লোকক অভিনন্দন জনায় আৰু কয় যে এই ট্রেইনে দেশৰ ৰাজধানীক উত্তৰাখণ্ডৰ দেৱভূমিৰ সৈতে যুক্ত কৰিব। তেওঁ জনায় যে এই দুয়োখন চহৰৰ মাজত ভ্রমণৰ সময় আৰু কমিব আৰু এই ট্রেইনৰ ফলত যাত্রা অধিক সুখকৰ তথা স্বাচ্ছন্দ্যমূলক হ'ব।

জাপান, পাপুৱা নিউ গিনি আৰু অষ্ট্ৰেলিয়া - এই তিনিখন দেশ ভ্ৰমণৰ বিষয়ে প্রধানমন্ত্রীয়ে কয় যে বিশ্বই এতিয়া ভাৰতৰ ফালে বহু আশাৰে চাই আছে। শ্রী মোদীয়ে কয়, “অর্থনীতিক মজবুত কৰা আৰু দাৰিদ্র্যৰ বিৰুদ্ধে যুঁজৰ ক্ষেত্রত বিশ্বৰ সন্মুখত ভাৰত আশাৰ ৰেঙণি।” কৰোণা ভাইৰাছ অতিমাৰীৰ মোকাবিলাত ভাৰতৰ সাফল্যৰ উল্লেখ কৰি বিশ্বত সর্ববৃহৎ টীকাকৰণ অভিযান চলোৱাৰ কথা কয় প্রধানমন্ত্রীয়ে। তেওঁ উত্তৰাখণ্ডৰ দৰে ৰাজ্যসমূহৰ ওপৰত জোৰ দিছে যাৰ বাবে সমগ্ৰ বিশ্বৰ পৰা মানুহ ভাৰতলৈ ধপলিয়াই আহিছে। তেওঁ লগতে কয় যে উত্তৰাখণ্ডই যাতে এই সুযোগৰ পূর্ণ সদ্ব্যৱহাৰ কৰিব পাৰে বন্দে ভাৰত ট্রেইনে সেই সহায় কৰিব। 

প্রধানমন্ত্রীয়ে তেওঁৰ কেদাৰনাথ দর্শনৰ কথা কয় আৰু তেওঁৰ এক স্বতঃস্ফূর্ত উক্তিৰ উল্লেখ কৰে যিটো হ'ল - “বর্তমান দশকটো উত্তৰাখণ্ডৰ দশক হৈ উঠিবলৈ গৈছে।” এই ৰাজ্যখনে আইন-শৃঙ্খলা পৰিস্থিতি নিয়ন্ত্রণত ৰাখি যেনেদৰে আগুৱাই গৈছে তাৰ প্রশংসা কৰে প্রধানমন্ত্রীয়ে। তেওঁৰ আশা, “দেৱভূমি বিশ্বৰ আধ্যাত্মিক চেতনাৰ কেন্দ্র হৈ উঠিব।” তেওঁ কয় যে এই সম্ভাৱনাৰ পূর্ণ সদ্ব্যৱহাৰ কৰিবলৈ আমি কাম কৰিব লাগিব। চাৰধাম যাত্রাত তীর্থযাত্রীৰ সংখ্যাই পুৰণি ৰেকর্ড ভাঙি দিছে বুলিও জনায় তেওঁ। বাবা কেদাৰ, কুম্ভ / অর্থ-কুম্ভ আৰু কানোৱাৰ যাত্রাত দলে দলে ভক্তসকল অহাৰ কথাও কয় তেওঁ। শ্রী মোদীয়ে কয় যে বৰ বেছি ৰাজ্যলৈ ইমান ভক্ত নাহে। এইটো এটা উপহাৰৰ দৰে বিশাল কামৰ বিষয়। তেওঁ কয়, “ডবল ইঞ্জিন চৰকাৰে ডবল শক্তি আৰু ডবল গতিৰে কাম কৰিছে এই ‘ভগীৰথ’ কামক সহজ কৰি তুলিবলৈ।”

প্রধানমন্ত্রীয়ে কয় যে চৰকাৰে জোৰ দিছে উন্নয়নৰ বাবে নটা ৰত্নৰ ওপৰত। প্রথম ৰত্নটো হ'ল কেদাৰনাথ-বদ্রীনাথ ধামত ১,৩০০ কোটি টকাৰ পুনৰুজ্জীৱনৰ কাম। দ্বিতীয়টো হ'ল গৌৰীকুণ্ড-কেদাৰনাথ আৰু গোবিন্দঘাট-হেমকুণ্ড চাহিবত ২,৫০০ কোটি টকাৰ ৰোপৱে প্রকল্প। তৃতীয়টো হ'ল মানসখণ্ড মন্দিৰমালা কর্মসূচীত কুমায়ুনত প্রাচীন মন্দিৰসমূহৰ সংস্কাৰ। চতুর্থটো হ'ল সমগ্ৰ ৰাজ্যত হোম-ষ্টেৰ সংখ্যা বঢ়োৱা য'ত ইতিমধ্যেই ৪ হাজাৰৰো অধিক হোম-ষ্টে নথিভুক্ত আছে। পঞ্চমটো হ'ল ১৬টা পৰিৱেশ-বান্ধব পর্যটন স্থলৰ উন্নয়ন। ষষ্ঠটো উত্তৰাখণ্ডত স্বাস্থ্য পৰিষেৱাৰ সম্প্রসাৰণ। এইমছ ছেটেলাইট চেণ্টাৰ নিৰ্মাণ হৈছে উধম সিং নগৰত। সপ্তমটো হ'ল ২ হাজাৰ কোটি টকাৰ তেহৰি লেক উন্নয়ন প্রকল্প। অষ্টমটো যোগ আৰু ৰোমাঞ্চকৰ পর্যটনৰ ৰাজধানী হিচাপে হৰিদ্বাৰ-ঋষিকেশৰ উন্নয়ন আৰু অন্তিমটো টনকপুৰ-বাগেশ্বৰ ৰে'ললাইন। 

তেওঁ কয় যে এই নৱৰত্নসমূহক কামত লগোৱা হৈছে ৰাজ্যৰ পৰিকাঠামো উন্নয়নত নতুন মাত্রা দিবলৈ। তেওঁ জনায় যে ১২ হাজাৰ কোটি টকাৰ চাৰধাম মহাপৰিকল্পনাৰ কাম হৈছে দ্রুতগতিত। দিল্লী-দেৰাদুন এক্সপ্রেছৱেই যাতায়াত অধিক দ্রুত আৰু সহজ কৰিব। তেওঁ উত্তৰাখণ্ডত ৰোপৱে সংযোগৰো কথা কয়। তেওঁ কয়, “পর্বতমালা প্রকল্পই অনাগত দিনত ৰাজ্যখনৰ ভাগ্যৰ পৰিৱর্তন কৰিবলৈ গৈছে।” তেওঁ জনায় যে ১৬ হাজাৰ কোটি টকাৰ ঋষিকেশ-কর্ণপ্রয়াগ ৰে'ল প্রকল্পৰ কাম ২-৩ বছৰত শেষ হৈ যাব। এই প্রকল্পৰ ফলত উত্তৰাখণ্ডৰ অধিকাংশ অঞ্চল সুগম হ'ব আৰু বাঢ়িব লগ্নি, শিল্প আৰু কর্মসংস্থান।

 

প্রধানমন্ত্রীয়ে কয় যে কেন্দ্রীয় চৰকাৰৰ সহায়তাত উত্তৰাখণ্ড পর্যটন, ৰোমাঞ্চকৰ পর্যটন, চলচ্চিত্রৰ শ্বুটিং তথা বিবাহৰ গন্তব্যস্থল হিচাপে পৰিগণিত হ'ব। তেওঁ কয় যে ৰাজ্যখনৰ পর্যটন স্থলবিলাকে সমগ্ৰ বিশ্বৰ পর্যটকসকলক টানি লৈ আহিব আৰু এই বন্দে ভাৰত এক্সপ্রেছ তেওঁলোকৰ বাবে অত্যন্ত সুবিধাজনক হ'ব। প্রধানমন্ত্রীয়ে জনায় যে যিসকলে সপৰিয়ালে যাতায়াত কৰে তেওঁলোকৰ বাবে ট্রেইনত যাতায়াত সুবিধাজনক। বন্দে ভাৰত ক্রমশঃ পৰিবহণৰ গুৰুত্বপূর্ণ মাধ্যম হৈ উঠিছে।

 

আগৰ চৰকাৰে পৰিকাঠামোৰ গুৰুত্ব বুজিব নোৱাৰিলে। তেওঁলোকে দুর্নীতি আৰু পৰিয়ালতন্ত্রক লৈয়েই ব্যস্ত আছিল বুলি মন্তব্য কৰি প্রধানমন্ত্রীয়ে কয়, “একবিংশ শতাব্দীৰ ভাৰতে পৰিকাঠামোৰ সম্ভাৱনা সম্পূর্ণ ব্যৱহাৰ কৰি উন্নয়নৰ নতুন মাত্রাত উপনীত হ'ব পাৰে”। প্রধানমন্ত্রীৰ অভিযোগ যে আগৰ চৰকাৰে দ্রুতগামী ট্রেইন চলোৱাৰ বিষয়ে অজস্র প্রতিশ্রুতি দিছিল। প্রহৰাবিহীন ৰে'লগেট তুলিও দিব নোৱাৰিলে। ৰে'ললাইনৰ বৈদ্যুতিকীকৰণৰ অৱস্থা আছিল আৰু বেয়া। প্রধানমন্ত্রীয়ে জনায় যে ২০১৪-ৰ আগলৈকে দেশৰ ৰে'ল নেটৱৰ্কৰ এক-তৃতীয়াংশ মাত্র বৈদ্যুতিকীকৰণ কৰা হয়। ফলত, দ্রুতগামী ট্রেইনৰ ভাবনা অসম্ভৱ আছিল। শ্রী মোদীয়ে কয় যে ২০১৪-ৰ পাছতে ৰে'লৰ আমূল পৰিৱর্তনৰ কাম আৰম্ভ হৈছে। দেশৰ প্রথম হাইস্পিড ট্রেইন চলোৱাৰ স্বপ্ন ৰূপায়ণৰ কাম আৰম্ভ হৈছে দ্রুতগতিত। তাৰলগতে ছেমি-হাইস্পিড ট্রেইন চলোৱাৰ নেটৱৰ্কো নিৰ্মাণ হৈছে। তেওঁ জনায় যে ২০১৪-ৰ আগতে প্রতি বছৰে গড়ে ৬০০ কিলোমিটাৰ ৰে'ললাইনৰ বৈদ্যুতিকীকৰণ হৈছিল, তাৰ ঠাইত আজি প্রতি বছৰে ৬ হাজাৰ কিলোমিটাৰ ৰে'ললাইন বৈদ্যুতিকীকৰণ কৰা হৈছে। প্রধানমন্ত্রীয়ে জনায়, “বর্তমান দেশৰ ৯০ শতাংশৰ বেছি ৰে'ললাইনৰ বৈদ্যুতিকীকৰণ হৈ গৈছে। উত্তৰাখণ্ডত ১০০ শতাংশ বৈদ্যুতিকীকৰণৰ কাম হৈছে।”

 

প্রধানমন্ত্রীয়ে উন্নয়ন কামৰ কৃতিত্ব দিয়ে সঠিক উদ্দেশ্য, নীতি আৰু কামৰ আগ্রহক। ২০১৪-ৰ তুলনাত বাজেট আৱণ্টন বৃদ্ধি পোৱাত উত্তৰাখণ্ড উপকৃত হৈছে বুলি জনাই প্রধানমন্ত্রীয়ে কয় যে ২০১৪-ৰ পাঁচ বছৰ আগতে এই ৰাজ্যৰ বাবে গড় বাজেট আৱণ্টন আছিল ২০০ কোটি টকাৰো কম, তাৰ ঠাইত আজি ৰে'ল বাজেট হৈছে ৫ হাজাৰ কোটি টকাৰ যি প্রায় ২৫ গুণ বেছি। প্রধানমন্ত্রীয়ে পার্বত্য অঞ্চলত যোগাযোগৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে য'ত গাঁওসমূহৰ পৰা মানুহ যোগাযোগৰ অভাৱত অন্য ঠাইলৈ গুচি যায়। শ্রী মোদীয়ে কয় যে চৰকাৰে বিচাৰে অহা প্রজন্ম যাতে ক্ষতিগ্রস্ত নহয়। তেওঁ কয় যে যোগাযোগ আধুনিক হ'লে সীমান্তত যাতায়াতো সুবিধাজনক হ'ব। ইয়াত দেশক যিসকলে ৰক্ষা কৰিছে সেই সৈন্যসকলে যি অসুবিধা ভোগ কৰিবলগা হয় সেয়া আৰু কৰিব নালাগিব।

ভাষণৰ শেষত প্রধানমন্ত্রীয়ে কয় যে ডবল ইঞ্জিন চৰকাৰ উত্তৰাখণ্ডৰ উন্নয়নত দায়বদ্ধ। উত্তৰাখণ্ডৰ দ্রুত উন্নয়ন হ'লেই ভাৰতৰ দ্রুত উন্নয়ন হ'ব। সৰ্বশেষত প্রধানমন্ত্রীয়ে কয়, “দেশ ইয়াতেই স্তব্ধ হৈ নাযায়, দেশ গতিৰ ৰথত উঠিছে। সমগ্র দেশ এতিয়া বন্দে ভাৰতৰ গতিত আগুৱাই গৈছে আৰু আগুৱাই গৈ থাকিব।” 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s first virtual zoo opens in Indore; offers 14-D cinema, digital safari, and more

Media Coverage

India’s first virtual zoo opens in Indore; offers 14-D cinema, digital safari, and more
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the spirit of selfless service and dedication
August 21, 2026

The Prime Minister, Shri Narendra Modi has said that the continuous flow of rivers teaches us how we can utilise our capabilities for the welfare of humanity. He noted that the spirit of selfless service, dedication and benevolence gives a new direction to the nation.

The Prime Minister shared a Sanskrit Subhashitam-

“जीवनं स्वं परार्थाय नित्यं यच्छत मानवाः।

इति सन्देशमाख्यातुं समुद्रं यान्ति निम्नगाः॥”

The Subhashitam conveys that human beings, dedicate your lives to the service and welfare of others. Just as rivers flow ceaselessly and selflessly, sustaining countless lives with their waters before ultimately merging into the ocean, so should we devote our time, abilities and resources to the well-being of others. The true purpose and fulfilment of human life lie in selfless service, compassion and the welfare of all.

The Prime Minister wrote on X;

“नदियों का अविरल प्रवाह सिखाता है कि हम किस प्रकार अपने सामर्थ्य का उपयोग मानवता की भलाई के लिए कर सकते हैं। निःस्वार्थ सेवा, समर्पण और परोपकार की यही भावना राष्ट्र को नई दिशा देती है।

जीवनं स्वं परार्थाय नित्यं यच्छत मानवाः।

इति सन्देशमाख्यातुं समुद्रं यान्ति निम्नगाः॥”