"দেশত ‘বন্দে ভাৰত ৰে'ল’ৰ আধুনিকীকৰণ আৰু সেৱা সম্প্ৰসাৰণৰ সৈতে ‘বিকশিত ভাৰত’ৰ লক্ষ্যৰ দিশে আগবাঢ়িছে ৰাষ্ট্ৰ"।
"বিকাশিত ভাৰত’ৰ লক্ষ্য পূৰণৰ বাবে দক্ষিণৰ ৰাজ্যসমূহৰ দ্ৰুত বিকাশ হৈছে অপৰিহাৰ্য"
"আধুনিক ৰে'ল, ‘এক্সপ্ৰেছৱে’ নেটৱৰ্ক’ আৰু বিমান সেৱাৰ সম্প্ৰসাৰণেৰে দেশৰ আন্তঃগাঁথনি সলনি কৰাৰ বাবে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী গীতিশক্তি দৃষ্টিভংগীৰ এক নিদৰ্শন হৈ উঠিছে ‘ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল’ (এনচিআৰ)"।
"বন্দে ভাৰত’ হৈছে ভাৰতীয় ৰে'লৰ আধুনিকীকৰণৰ নতুন মুখ"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে তিনিখন ‘বন্দে ভাৰত ৰে'ল’ৰ যাত্ৰাৰম্ভ ঘোষণা কৰে। প্ৰধানমন্ত্ৰীৰ 'মে’ক ইন ইণ্ডিয়া' আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৃষ্টিভংগী উপলব্ধি কৰা অত্যাধুনিক ‘বন্দে ভাৰত এক্সপ্ৰেছ’-য়ে তিনিটা পথত যোগাযোগ উন্নত কৰিব: ‘মিৰাট-লক্ষ্ণৌ’, ‘মাদুৰাই-বেংগালুৰু’, আৰু ‘চেন্নাই-নাগৰকইল’। এই ৰে'লকেইখনে উত্তৰ প্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটকত পথ-যোগাযোগৰ পৰিসৰ বৃদ্ধি কৰিব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰৰ পৰা দক্ষিণলৈ ভাৰতৰ উন্নয়নীযাত্ৰাত এক নতুন অধ্যায় লিখা হৈছে, কিয়নো মাদুৰাই-বেংগালুৰু, চেন্নাই-নাগৰকইল আৰু মীৰাট-লক্ষ্ণৌ ‘বন্দে ভাৰত ৰে'ল’ৰ শুভাৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ‘বন্দে ভাৰত ৰে'ল’ৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণেৰে দেশে বিকশিত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়িছে। আজি তিনিখন নতুন বন্দে ভাৰত ৰে'লৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ৰেলসমূহে দেশৰ গুৰুত্বপূৰ্ণ চহৰসমূহৰ লগতে ঐতিহাসিক চহৰসমূহলৈ সংযোগ স্থাপন কৰিছে। "টেম্পল চিটী মাদুৰাই এতিয়া ‘আইটি চিটী’ বেংগালুৰুৰ সৈতে সংযুক্ত হৈ আছে", প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এনেবোৰ সেৱাই কেৱল সংযোগকে সহজসাধ্য নকৰে বৰঞ্চ, বিশেষকৈ সপ্তাহান্ত বা উৎসৱৰ সময়ছোৱাত তীৰ্থযাত্ৰীসকলৰ বাবেও যথেষ্ট লাভজনক হ'ব। ‘চেন্নাই-নাগৰকইল’ পথটোৰে চলিব লগা ৰে’লখনে শিক্ষাৰ্থী, কৃষক আৰু তথ্য প্ৰযুক্তি বৃত্তিধাৰীসকলক যথেষ্ট উপকৃত কৰিব। শ্ৰী মোদীয়ে ‘বন্দে ভাৰত ৰে'ল’ৰ সৈতে সম্পৰ্কিত ঠাইসমূহত পৰ্যটনৰ বিকাশৰ কথা উল্লেখ কৰি কয় যে ই অঞ্চলটোত ব্যৱসায় আৰু নিযুক্তিৰ সুযোগৰ বিকাশকো সূচিত কৰে। তেওঁ তিনিখন নতুন ‘বন্দে ভাৰত ৰে’ল’ৰ সেৱা আৰম্ভ হোৱা বাবে নাগৰিকসকলক অভিনন্দন জনায়।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ বাবে দক্ষিণৰ ৰাজ্যসমূহৰ দ্ৰুত বিকাশ অতিকে প্ৰয়োজনীয়। "দক্ষিণ ভাৰত হৈছে অপৰিসীম প্ৰতিভা, সম্পদ আৰু সুযোগৰ ক্ষেত্ৰ", প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰি কয় যে সমগ্ৰ দক্ষিণ ভাৰতৰ সৈতে তামিলনাডুৰ উন্নয়ন হৈছে চৰকাৰৰ প্ৰাথমিকতা। তেওঁ কয় যে ৰে'লৱেৰ উন্নয়নীযাত্ৰা হৈছে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ এক নিদৰ্শন। তেওঁ কয় যে এই বছৰ তামিলনাডুৰ ৰে'ল বাজেটৰ বাবে ৬০০০ কোটি টকাৰো অধিক পুঁজিৰ আৱণ্টন দিয়া হৈছে, যিটো পৰিমাণ ২০১৪ চনৰ তুলনাত ৭ গুণ অধিক। তেওঁ লগতে কয় যে তামিলনাডুত ‘বন্দে ভাৰত ৰে’ল’ৰ মুঠ সংখ্যা আজিৰে পৰা ৮খনলৈ বৃদ্ধি পাব। একেদৰে, এই বছৰৰ বাজেটত কৰ্ণাটকৰ বাবে ৭০০০ কোটি টকাৰো অধিক পুঁজি আৱণ্টিত কৰা হৈছে, যিটো পৰিমাণ ২০১৪ চনৰ তুলনাত ৯ গুণৰো অধিক। ৮ খন ‘বন্দে ভাৰত’ ৰে'লে আজি কৰ্ণাটকক সংযুক্ত কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে অতীতৰ বাজেটসমূহৰে তুলনা কৰি কয় যে বহুগুণে বৃদ্ধিয়ে তামিলনাডু আৰু কৰ্ণাটককে ধৰি দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত ৰে'লৰ চলাচল অধিক শক্তিশালী কৰিছে। এই ৰাজ্যসমূহত ৰে'লপথ উন্নত কৰা হৈছে, ৰে'লপথৰ বৈদ্যুতিকীকৰণ হৈছে, আৰু ৰে'ল ষ্টেশ্যনসমূহৰ আধুনিকীকৰণ কৰা হৈছে। তেওঁ আৰু এখোজ আগবাঢ়ি কয় যে ই মানুহৰ স্বাচ্ছন্দ্যৰে জীৱনধাৰণ আৰু স্বাচ্ছন্দ্যৰে ব্যৱসায় কৰাৰ পথো প্ৰস্তুত কৰিছে।

‘মীৰাট-লক্ষ্ণৌ’ পথত নতুন ‘বন্দে ভাৰত ৰে'ল’সেৱা প্ৰৱৰ্তনৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে পশ্চিম উত্তৰ প্ৰদেশৰ জনসাধাৰণক ইয়াৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ লগতে কয় যে বিপ্লৱৰ ভূমি মিৰাট আৰু পশ্চিম উত্তৰ প্ৰদেশ অঞ্চলত আজি উন্নয়নৰ এক নতুন বিপ্লৱৰ সূচনা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যদিও ‘আৰআৰটিএছ’-য়ে মিৰাটক ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ সৈতে সংযোগ কৰাত সহায় কৰিছে, এতিয়া ‘বন্দে ভাৰত’ৰ সেৱা প্ৰৱৰ্তনৰ লগে লগে ৰাজ্যৰ ৰাজধানী লক্ষ্ণৌৰ দূৰত্বও হ্ৰাস পাইছে। "প্ৰধানমন্ত্ৰী গীতিশক্তি দৃষ্টিভংগীয়ে আধুনিক ৰে'ল, এক্সপ্ৰেছৱে’ নেটৱৰ্ক আৰু বিমান সেৱাৰ সম্প্ৰসাৰণেৰে দেশৰ আন্তঃগাঁথনি কেনেদৰে সলনি কৰিব ‘ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল’ (এনচিআৰ) তাৰ এক নিদৰ্শন হৈ উঠিছে", শ্ৰী মোদীয়ে কয়।

 

"বন্দে ভাৰত’ হৈছে ভাৰতীয় ৰে'লৰ আধুনিকীকৰণৰ নতুন মুখ", প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে। তেওঁ প্ৰতিখন চহৰ আৰু প্ৰতিটো পথতে বন্দে ভাৰতৰ চাহিদা সন্দৰ্ভত আলোকপাত কৰি কয় যে উচ্চ গতিসম্পন্ন ৰে'লৰ আগমনে তেওঁলোকৰ ব্যৱসায় আৰু নিযুক্তি আৰু লগতে তেওঁলোকৰ সপোনবোৰ সম্প্ৰসাৰিত কৰাৰ বাবে জনসাধাৰণৰ মনত আস্থা জাগ্ৰত কৰিছে। "আজি সমগ্ৰ দেশতে ১০২ খন ‘বন্দে ভাৰত ৰে'লে’ সেৱা আগবঢ়াই আছে আৰু এতিয়ালৈকে ৩ কোটিতকৈয়ো অধিক লোকে এই ৰে'লসমূহত ভ্ৰমণ কৰিছে" বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ গুৰুত্ব দি কয় যে এই সংখ্যাবোৰ কেৱল বন্দে ভাৰত ৰেলৰ সফলতাৰ প্ৰমাণেই নহয়, ভাৰতৰ আশা-আকাংক্ষা আৰু সপোনৰো প্ৰতীক।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আধুনিক ৰে'ল আন্তঃগাঁথনি হৈছে ‘বিকাশিত ভাৰত’ৰ দৃষ্টিভংগীৰ এক শক্তিশালী স্তম্ভ। এইক্ষেত্ৰত দ্ৰুত গতিত হোৱা অগ্ৰগতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৰে'লপথৰ দ্বৈতকৰণ আৰু বৈদ্যুতিকীকৰণ, নতুন ৰে'লৰ প্ৰৱৰ্তন আৰু নতুন পথ নিৰ্মাণৰ কথা উল্লেখ কৰে। তেওঁ জানিবলৈ দিয়ে যে এই বছৰৰ বাজেটত ৰে'লৱেক ২.৫ লাখ কোটি টকাৰো অধিক পুঁজিৰ আৱণ্টন দিয়া হৈছে আৰু চৰকাৰে ভাৰতীয় ৰে'লৱেক ইয়াৰ পুৰণি ভাবমূৰ্তি সলনি কৰিবলৈ উচ্চ-প্ৰযুক্তিৰ সেৱাৰ সৈতে সংযুক্ত কৰিছে। সম্প্ৰসাৰণ পৰিকল্পনা সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘বন্দে ভাৰত’ৰ লগতে ‘অমৃত ভাৰত ৰে'ল’সমূহৰ সেৱাও সম্প্ৰসাৰিত কৰা হৈছে। তেওঁ আৰু কয় যে বন্দে ভাৰতৰ ‘স্লিপাৰ সংস্কৰণ’টোৰ অতি সোনকালেই ‘ফ্লেগ অফ’ কৰা হ’ব। তেওঁ ৰাইজৰ সুবিধাৰ বাবে ‘নমো ভাৰত ৰে’ল’ চলোৱাৰ প্ৰসংগ উল্লেখ কৰাৰ লগতে চহৰসমূহৰ ভিতৰত যান-বাহনৰ সমস্যা চম্ভালিবলৈ ‘বন্দে মেট্ৰ' শীঘ্ৰেই আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰতীয় চহৰসমূহক তেওঁলোকৰ ৰে'ল ষ্টেশ্যনসমূহৰ দ্বাৰা সদায় চিনাক্ত কৰা হৈছে। তেওঁ লগতে কয় যে ‘অমৃত ভাৰত ষ্টেশ্যন যোজনা’ৰ দ্বাৰা ৰে'ল ষ্টেশ্যনসমূহৰ উন্নতি হৈছে আৰু চহৰসমূহক এক নতুন পৰিচয় প্ৰদান কৰা হৈছে। শ্ৰী মোদীয়ে কয়, "দেশৰ ১৩০০ টাতকৈয়ো অধিক ৰে'ল ষ্টেশ্যনৰ পুনৰ নিৰ্মাণ কৰা হৈছে আৰু কিছুমানক বিমানবন্দৰসমূহৰ দৰে নিৰ্মাণ কৰা হৈছে"। তদুপৰি, তেওঁ লগতে কয় যে আনকি সৰু ষ্টেশ্যনবোৰো অত্যাধুনিক সা-সুবিধাৰে বিকশিত কৰা হৈছে, যাৰ ফলত ভ্ৰমণৰ স্বাচ্ছন্দ্য বৃদ্ধি পাব।

"যেতিয়া ৰে'ল, পথ আৰু জলপথৰ দৰে সংযোগ আন্তঃগাঁথনিসমূহ শক্তিশালী কৰা হয়, তেতিয়া দেশ শক্তিশালী হয়", প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰি কয় যে ই দেশৰ সাধাৰণ নাগৰিকসকলক লাভান্বিত কৰে সেয়া দৰিদ্ৰই হওক বা মধ্যবিত্ত শ্ৰেণীয়েই হওক। তেওঁ উল্লেখ কৰে যে দেশখনে আধুনিক আন্তঃগাঁথনিসমূহৰ বিকাশৰ সাক্ষী হৈ থকাৰ বাবে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক আজি সামৰ্থ্য প্ৰদান কৰা হৈছে। তেওঁ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণৰ সৈতে গাঁওসমূহত নিযুক্তিৰ সুযোগ বৃদ্ধি আৰু নতুন সুযোগৰ উদাহৰণ দাঙি ধৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে গাঁওসমূহত নতুন সম্ভাৱনাৰ আগমনৰ বাবে সস্তা দৰৰ তথ্য আৰু ‘ডিজিটেল আন্তঃগাঁথনি’কো কৃতিত্ব প্ৰদান কৰে। "যেতিয়া চিকিৎসালয়, শৌচালয় আৰু পকীঘৰ বোৰ অভিলেখ সংখ্যাত নিৰ্মাণ কৰা হয়, তেতিয়া আনকি দৰিদ্ৰতম লোকসকলেও দেশৰ উন্নয়নৰ সুবিধা লাভ কৰে। যেতিয়া মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু উদ্যোগৰ দৰে আন্তঃগাঁথনিসমূহ বৃদ্ধি পায়, ই যুৱপ্ৰজন্মৰ প্ৰগতিৰ সম্ভাৱনাও বৃদ্ধি কৰে", প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয়। তেওঁ লগতে কয় যে এনে ধৰণৰ বহুতো প্ৰচেষ্টাৰ বাবে যোৱা ১০টা বছৰত ২৫ কোটি লোক দৰিদ্ৰতাৰ গৰাহৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰে'লৱে’ই বিগত বছৰবোৰত দশকজুৰি চলি অহা সমস্যা সমাধানৰ আশা বৃদ্ধি কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে। তেওঁ স্বীকাৰ কৰে যে ভাৰতে এই দিশত আৰু বহুদূৰ আগবাঢ়িব লাগিব আৰু ভাৰতীয় ৰে'লৱেই সকলোৰে বাবে, সেয়া লাগিলে দৰিদ্ৰই হওক বা মধ্যবিত্ত শ্ৰেণীয়েই হওক এক আৰামদায়ক যাত্ৰাৰ নিশ্চয়তা নিদিয়ালৈকে ক্ষান্ত হব নালাগিব। তেওঁ বিশ্বাস ব্যক্ত কৰে যে দেশৰ আন্তঃগাঁথনিগত উন্নয়নে দৰিদ্ৰতা দূৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। "তিনিখন নতুন ‘বন্দে ভাৰত ৰে'ল’ৰ বাবে মই তামিলনাডু, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশৰ জনসাধাৰণক আকৌ এবাৰ অভিনন্দন জনাইছো", শ্ৰী মোদীয়ে ভাষণৰ সামৰণি মাৰি কয়।

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী আনন্দী বেন পেটেল, তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ ‘ভাৰ্চুৱেল’ মাধ্যমেৰে অনুষ্ঠানটোত  উপস্থিত আছিল।

পটভূমি

‘মীৰাট চহৰ-লক্ষ্ণৌ’ ‘বন্দে ভাৰতে’ দুয়োখন চহৰৰ মাজত চলা বৰ্তমানৰ দ্ৰুততম ৰে’লসমূহৰ তুলনাত যাত্ৰীসকলৰ প্ৰায় ১ ঘণ্টা সময় ৰাহি কৰাত সহায় কৰিব। একেদৰে, ‘চেন্নাই এগম'ৰ– নাগৰকইল বন্দে ভাৰত’ আৰু ‘মাদুৰাই-বেংগালুৰু বন্দে ভাৰত’ ৰে'লকেইখনে ক্ৰমে ২ ঘণ্টা আৰু ১ ঘণ্টা ৩০ মিনিটতকৈয়ো অধিক সময় ৰাহি কৰিব।

এই নতুন ;বন্দে ভাৰত ৰে'ল;কেইখনে অঞ্চলকেইটাৰ লোকসকলক দ্ৰুত আৰু আৰামেৰে ভ্ৰমণ কৰাৰ বাবে বিশ্বমানৰ সুবিধা প্ৰদান কৰিব আৰু তিনিখন ৰাজ্য- উত্তৰ প্ৰদেশ, তামিলনাডু আৰু কৰ্ণাটকক সেৱা আগবঢ়াব। এই ‘বন্দে ভাৰত এক্সপ্ৰেছ ৰে'ল’ৰ প্ৰৱৰ্তনৰ ফলত নিয়মীয়া ভ্ৰমণকাৰী, পেছাদাৰী, ব্যৱসায়িক আৰু ছাত্ৰ সম্প্ৰদায়ৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে ৰে'ল সেৱাৰ এক নতুন মানকো প্ৰতিষ্ঠা কৰিব।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ছেপ্টেম্বৰ 2026
September 10, 2026

Beyond Metros, Beyond Borders: How India Is Rewriting Its Growth Story Under PM Modi